পৰাণ কুমাৰ বৰুৱাৰ কবিতা

তেওঁৰ হাতৰ পতাকাখন

যৌৱনত পিতায়ে
এজন মানুহৰ সৈতে চিনাকি কৰি দিলে

তেওঁৰ হাতৰ পতাকাখন লৈ
প্ৰৱেশ কৰিলো বহিষ্কৃত ভাৰতত।
কোনোবা এজনে সুধিলে— এওঁক চিনি পোৱানে?
এওঁ আমাৰ পথ প্ৰদৰ্শক
ঘৰ গাঁৱত
তোমাৰ মোৰ দৰে এৱোঁ বৰ দুৰ্ভগীয়া।

এখন সভাত হাজাৰ বছৰীয়া দুৰ্ভাগ্যৰ প্ৰসঙ্গ মেলোঁতে
কেইখোজমান আগবাঢ়ি তেওঁ ক'লে—
ৰ'বা, ইতিহাসৰ চকৰিটো ঘূৰাই দিওঁ।
শেষলৈকে কৈ গ'ল
বঞ্চনাৰ আত্মগাথা।

এদিন কবিৰ সভাত
বহিষ্কৃত ভাৰতৰ আত্মবেদনা আওৰাওঁতে
তেওঁ আনিলে
এখন বৌদ্ধময় জগত
য'ত তুমি, মই, সকলো
কুৰুক্ষেত্ৰৰ একো একোজন চালক।
মোৰ পিঠিত চপৰিয়াই
তেওঁ সুধিলে—
তুমি বাৰু কবি নেকি?
ময়ো কবিতা ভাল পাওঁ
পিছে গান্ধী মোৰ প্ৰিয় কবি নহয়।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz