অসমীয়া সাহিত্যলৈ চাহ জনজাতি সমাজৰ বৰঙণি

“ফাকি দিয়ে আনিল আসাম” বােলা কথাষাৰ চাহ জনজাতি সমাজখনে পাহৰা নাই। এইখন সমাজৰ পূর্বপুৰুষসকলক প্ৰৰােচনা কৰি কি যন্ত্রণা ভােগাই বগা চাহাবৰ কমিছন খােৱা দালালে অসমলৈ আনিছিল, সেয়া এক দুখৰ অধ্যায়। চাহ শ্ৰমিকৰ অসম আগমনৰ ইতিহাসৰ পাত মেলি চালে সেইসকললৈ পুতৌ জন্মে।

সময়ৰ গতিত অসমক তেওঁলােকে একেবাৰে আপােন কৰি ললে। জনমে-মৰণে অসমেই নিজৰ বুলি ধৰি ল’লে। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি সকলাে আদৰি ল’লে। বাগানীয়া ভাষা তেওঁলােকৰ মাতৃভাষা হ’লেও অসমীয়া ভাষা হ’ল তেওঁলােকৰ ধাতৃ ভাষা বা সংযােগী ভাষা। অসমীয়া ভাষা তেওঁলােকৰ ওপৰত কোনেও জাপি দিয়া নাই। অসমীয়া ভাষা প্ৰসাৰৰ বাবে তেওঁলােকৰ মাজত কোনেও কাম কৰা নাই। এই ভাষা শিকিব লাগে বুলিও কোনেও কোৱা নাই। এই ভাষাৰে কথা পাতিব লাগে বুলিও কোনেও কোৱা নাই। এই ভাষাৰে পঢ়া-শুনা কৰিব লাগে বুলিও কোৱা নাই। এই ভাষাৰে সাহিত্যচর্চা কৰিব লাগে বুলিও কোনেও কাহানি কোৱা নাই। “আসাম মৰলে হামৰাও মৰব” বুলি জয়ধ্বনি দিবলৈকো কোনেও কোৱা নাই। অথচ এই সকলােবােৰ ক’ব নােৱৰাকৈয়ে আপােনা আপুনি তেওঁলােকৰ মাজত আহি পৰিছে। অসমখনক একেবাৰেই আপােন কৰি লােৱাৰ বাবেই এইবােৰ কথা তেওঁলােকৰ মাজত অজানিতে গঢ় লৈ উঠিছে।

সমীৰ তাঁতী | ছবি: আচাম ট্ৰিবিউনৰ সৌজন্যত

অসমখন তেওঁলােকৰ আপােন হৈ পৰিল। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি তেওঁলােকৰ আপােন হৈ পৰিল। শিক্ষা-দীক্ষাত একেবাৰে পিছপৰা এইখন সমাজ। শিক্ষিতৰ হাৰ এপাচি কচু শাকত এটা জলকীয়া স্বৰূপ। য’ত শিক্ষা নাই, তাত সাহিত্য নাই। সাহিত্য কি বস্তু, তেওঁলােকে নাজানে। সাহিত্য খাই নে পিন্ধে, তেওঁলােকে ক’ব নােৱাৰে। এইবােৰ কথা জনাৰ তেওঁলােকৰ আৱশ্যকতা নাই। বাগানত কাম কৰিছে, হাজিৰা পাব লাগে, ৰেচন পাব লাগে, ঘৰ পাব লাগে আৰু দুর্গা পূজাত বােনাচ পাব লাগে; বচ্ সিমানেই৷ তাৰ বাহিৰে আৰু একো নালাগে। যাৰ বর্তমান আছে, কিন্তু ভৱিষ্যৎ নাই। তেনে এখন সমাজত সাহিত্যৰ কথা বহুত দূৰতে থাকি যায়। তাৰ মাজতাে এইখন সমাজৰাে কিছু লােকে সাহিত্যচর্চা কৰিছে, কাকত-আলােচনীত লিখা-মেলা কৰিছে। কিতাপ-পত্রও প্রকাশ পাইছে। লেখক-লেখিকাৰ ৰূপত অসমীয়া সাহিত্য-জগতত পৰিচিত হৈছে। অসম সাহিত্য সভাৰ লগতাে জড়িত হৈ পৰিছে। অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চনাে পাইছে। এতিয়ালৈকে সাহিত্যিক পেঞ্চন দুজনে পাইছে। এজন হ’ল চাবুৱাৰ সু-সাহিত্যিক প্রয়াত নাৰায়ণ ঘাটোৱাৰ আৰু আনজন হ’ল জামিৰাৰ সু-সাহিত্যিক প্রয়াত মেঘৰাজ কর্মকাৰ। দুয়ােজনৰে ভালেমান কিতাপ-পত্র প্রকাশ পাইছে। দুয়ােজনেই অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য আছিল। তাৰ বাহিৰেও বিভিন্ন সময়ত সাহিত্য সভাৰ কার্যনির্বাহক সদস্য আছিল শিৱসাগৰৰ ৰঘূৱা তাঁতী, যােৰহাটৰ দেউৰাম তাছা, জামিৰাৰ প্রহ্লাদ তাছা, তেজপুৰৰ সুশীল কুৰ্মী, বেদেতিৰ গুৰুচৰণ কুৰ্মী, ডিব্ৰুগড়ৰ গণেশ কুৰ্মী আদি ভালেকেইজন চাহ জনজাতি সমাজৰ লেখক।

আমি জনাত যিসকলৰ গ্ৰন্থ এতিয়ালৈকে প্রকাশ পাইছে, তেওঁলােক হ’ল গৌৰ মাহাতাে, নাৰায়ণ ঘাটোৱাৰ, দেউৰাম তাছা, মেঘৰাজ কৰ্মকাৰ, সুশীল কুৰ্মী, গণেশ কুৰ্মী, প্রহ্লাদ তাছা, দীলেশ্বৰ তাঁতী, সনন্ত তাঁতী, সমীৰ তাঁতী, প্রাণেশ্বৰ লােমগা, হৰিপ্ৰসাদ কুৰ্মী, বিপিন মাহাতাে, জয়ৰাম কুৰ্মী, প্রকাশ কুৰ্মী, পদুমী গাজলু, ৰেখা তাছা, ডিম্বেশ্বৰ তাছা, অভিৰাম তাছা আৰু হেমপ্রভা তাছা ইত্যাদি। আমাৰ অজানিতে হয়তাে কোনােবা আৰু থাকি যাব পাৰে। নতুন নতুন প্রতিভাসম্পন্ন লেখক-লেখিকা আজি ওলাই আহিছে। কাকত-আলােচনীত লিখা-মেলা কৰিছে। অসমীয়া সাহিত্যলৈ অৰিহণা যােগাইছে। কবিতাৰ জগতত সনন্ত তাঁতী আৰু সমীৰ তাঁতীয়ে সুকীয়া স্থান দখল কৰিছে। কমল কুমাৰ তাঁতীও সেইখন জগতলৈ আগবাঢ়ি গৈছে।

কবিতাৰ ইংৰাজী অনুবাদকৰ সৈতে সনন্ত তাঁতী | ছবি: Nabina Das (Source: scroll.in)

এইখন সমাজৰ কেইবাজনাে লব্ধপ্রতিষ্ঠ লেখকে জিলা সাহিত্য সভাৰ সভাপতিৰ আসনাে অলংকৃত কৰিছে। শােণিতপুৰ জিলা সাহিত্য সভাৰ আসনত গুৰুচৰণ কুৰ্মী আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ আসনত মেঘৰাজ কৰ্মকাৰ আৰু প্রহ্লাদ তাছা এদিন অধিষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ বােকাখাত অধিৱেশনৰ সাংস্কৃতিক সন্মিলন এইখন সমাজৰে সু-সাহিত্যিক দেউৰাম তাছাই উদ্বোধন কৰিছিল।

অসম চাহ মজদুৰ সংঘৰ দ্বাৰা দীর্ঘদিন ধৰি ‘চাহ মজদুৰ’ নামৰ বার্তালােচনী এখন ডিব্ৰুগড়ৰ পৰা নিয়মিতভাৱে প্ৰকাশ পাই আছে। চাহ জনজাতি ছাত্ৰ সন্থাৰ মুখপত্র ‘সেউজী পাত’ আৰু ইয়াৰ অধিৱেশনবােৰত প্ৰকাশ পাই থকা স্মৃতিগ্রন্থবােৰ উল্লেখযােগ্য। বহুদিনৰ আগতে গণেশ কুৰ্মীৰ সম্পাদনাত আৰু চেনীৰাম কুৰ্মীৰ প্রকাশনাত যােৰহাটৰ পৰা ‘মাদল’ নামৰ এখনি মাহেকীয়া আলােচনী প্রকাশ পাইছিল। এতিয়া সেইখন নাই। বিভিন্ন সময়ত বিভিন্ন জনৰ সম্পাদনাত ভালেমান কাকত-আলােচনী এইখন সমাজৰ পৰা প্রকাশ পাইছে। তাৰ ভিতৰত ‘জননী’, ‘আদিবাসী আৱাজ’, ‘আঙনা’, ‘হামাদেৰ আৱাজ’ আদি লেখত ল’বলগীয়া। সময়ৰ গতিত সকলাে হেৰাল। ‘জননী’হে কেৱল চলি আছে। এসময়ৰ জনপ্রিয় সাপ্তাহিক ‘নীলাচল’খন ১৯৭০ চনত হােমেন বৰগােহাঞিৰ সম্পাদনাত ‘চাহ মজদুৰ বিশেষ সংখ্যা’ হিচাপে প্রকাশ পাইছিল। তাৰ দহ বছৰৰ পাছত ১৯৮০ চনত এই লেখকৰ সম্পাদনাত আকৌ এবাৰ কাকতখন ‘চাহ মজদুৰ বিশেষ সংখ্যা’ হিচাপে প্রকাশ পায়। দুয়ােটা সংখ্যাতে এইখন সমাজৰে লেখক-লেখিকাই কলম চলাইছিল। সেইদৰে কলম চলাইছিল কাকত-আলােচনীত থকা চাহ বাগিচাৰ আছুতীয়া শিতানসমূহত। আছুতীয়া শিতান আছিল— সাপ্তাহিক জনমভূমিত ‘সেউজী পাতৰ আঁৰে আঁৰে’, সাপ্তাহিক নীলাচলত ‘চাহ বাগিচাৰ মজিয়াৰ পৰা’, অগ্রদূতত ‘চাহশ্রমিকৰ কণ্ঠস্বৰ’, মাহেকীয়া কালপুৰুষত ‘চাহ বাগিচাৰ পৰা’, মাহেকীয়া সৃষ্টিত ‘চাহ বাগিচা’, মাহেকীয়া জোনবিৰিত ‘চাহ বাগিচাৰ কলম’, মাহেকীয়া যুগত ‘চাহ বাগিচাৰ প্রতিধ্বনি’ ইত্যাদি। এতিয়া এখনতাে নাই। সেইবােৰ নিয়মিতভাৱে প্ৰকাশ পাইছিল অসম আন্দোলনৰ সময়ত। আন্দোলনাে শেষ হ’ল, চাহ বাগিচাৰ শিতানাে শেষ হ’ল। যিদৰে নির্বাচনো শেষ হয়, চাহ বাগিচাৰ কথাও শেষ হয়! লগা সময়ত বুকুৰ আপােন আৰু নলগা সময়ত বঙাল-কুলী!

| আৰু পঢ়ক: কোচ-ৰাজবংশী লোকগীতত নাৰী-প্ৰসংগ

আছুতীয়া শিতানসমূহ বন্ধ হৈ গ’লেও চাহ জনজাতি সমাজৰ লেখক-লেখিকাসকলৰ কলম বন্ধ হৈ যােৱা নাই। এতিয়াও কলম চলাই আছে। অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি আছে। বিভিন্ন কাকত-আলােচনীত লেখাবােৰ প্ৰকাশ পাই আছে। অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাত সহায় কৰি আছে। সেয়ে ক’বৰ মন যায়— “আসাম হামনিকে, হামনি আসামকে” বুলি।

লেখকৰ ঠিকনা: তেজপুৰ, শোণিতপুৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সুশীল কুৰ্মী

লেখকৰ ঠিকনা: তেজপুৰ

Leave a Reply

Be the First to Comment!

avatar