সৃষ্টিশীল পৰিৱৰ্তন
প্ৰকাশ: ১৭ অক্টোবৰ, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১
শান্তিকামী জনতাৰ সদাজাগ্ৰত প্ৰহৰী আমি
হত্যা হিংসা ভাতৃঘাতী সংঘৰ্ষৰ অৱসান বিচাৰি
গান্ধীৰ অহিংসবাণীৰে ৰাম-ৰাজ্য পাতিবলৈ
অনাগত দিনৰ সৃষ্টিশীল পৰিৱৰ্তন বিচাৰোঁ আমি।
মহাযোগী গিৰিৰাজ হিমালয়ৰ বক্ষত বহি
কত ঋষি মুনি মনীষীৰ
অন্তৰৰ পৰা ওলাই আহিল
সত্য অহিংসা ন্যায়
আৰু প্ৰেমৰ অমৰ বাণী;
ৰামকৃষ্ণ পৰমহংস, বিবেকানন্দ, দয়ানন্দ,
গান্ধী, মহাত্মাৰ অমৰ বাণীৰে উদ্বুদ্ধ হৈ
শংকৰ-আজানৰ দেশত পৰিৱৰ্তন আনিবলৈ,
আমি পৰিৱৰ্তিত হৈ সুদৰ্শন ঘূৰাবলৈ,
শংখ নিনাদ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।
জ্যোতিৰ জেউতি, ৰাভাৰ আভা, ভূপেনৰ সুধাকন্ঠ
মামণিৰ জ্ঞানপীঠেৰে বোৱাই আনিম
অলকানন্দাৰ এধাৰি জলৰাশি
মিলাই দিবলৈ মহাবাহু ব্ৰহ্মপুত্ৰত
আনিবলৈ সৃষ্টিশীল পৰিৱৰ্তন
জ্যোতিষ্মতী আই অসমীৰ বুকুত।
শুভাকাংক্ষীৰ শুভেচ্ছাত হয়তো হ’ব পাৰে
পৰিৱৰ্তন,
আমি বিচৰা সৃষ্টিশীল পৰিৱৰ্তন।
নীল চৰাই . কাতি . ১৮ অক্টোবৰ ২০১২
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply