ঘূণ

কেৰাহীটোৰ পৰা পোৰা পোৰা গোন্ধ ওলাওঁতেহে তাইৰ ভাবত যতি পৰিল। এতিয়াই যদি তেল দি দিয়া যায়, জুই উঠি যাব পাৰে। সেয়েহে তাই চৌকাটোৰ ওপৰৰ পৰা অলপ সময়ৰ বাবে ঢালাই কেৰাহীটো নমাই থ’লে। তাইৰ মগজুটোও দিনে দিনে তপত কেৰাহীটোৰ দৰেই হৈ পৰিছে। মনটো জোৰকৈ বান্ধি ৰাখিছে বাবেহে জুই উঠা নাই। বেছি দিন হয়তো নোৱাৰিব। আজিকালি প্ৰায়েই এনে হয়। কিবা এটা কৰিবলৈ ল’লেই লাহে লাহে তাই চকুৰ আগত থকা কামটো নেদেখা হৈ এটা এটা কৈ তাইৰ চমু অতীতৰ কথাবোৰ মনলৈ আহে। সৰুতে স্কুলত যাদু খেল দেখুওৱা মানুহ এটাই মুখৰ পৰা কিছুমান কাগজ উলিয়াইছিল,— শেষ নহয় হে নহয়। এসময়ত কাগজৰ ফিটাবোৰে দ’ম বান্ধিছিল। তাইৰো সেই একেই অৱস্থা হৈছে। শেষ হ’ব নজনা চিন্তাৰ ফিটা এডালে তাইক অনবৰতে মেৰিয়াই থাকিবলৈ লৈছে। সেই খেল দেখুওৱা মানুটোৰ কাগজৰ ফিটাবোৰ ৰঙীণ আছিল। তাইৰ চিন্তাৰ ফিটাডাল বেৰঙী।

বটলটোত তেল অকণমানহে আছে। কেৰাহীটো অলপ ঠাণ্ডা হেৱাত তাই পুনৰ জুইত দি তেল অকণ বাকিলে। তাই প্ৰথম যেতিয়া এইখন ঘৰলৈ আহিছিল, তেতিয়া সকলো কথাই বেলেগ আছিল। ঘৰখনৰ গেছ কেতিয়া শেষ হ’ব সেই হিচাপ ঘৰৰ মানুহতকৈ গেছ দিয়া ল’ৰাটোৱে বেছি ভালকৈ জানিছিল। আজিকালি নহা হ’ল। এইখন ঘৰ তাৰ ভাল লাগিছিল বুলি কিবাকৈ মিলাই আগৰ দুটা চিলিণ্ডাৰ দিলে। সেইবুলি সদায় বাকীত দিব যে নোৱাৰে সেই কথা অণিমাই বুজি পায়। ঘৰৰ মূল মানুহজনৰে যেতিয়া কোনো দায়িত্ববোধ নেথাকিব, বেলেগে আৰু কিমান তৰিব? তেলখিনি পকি উঠাত তাই কেৰাহীটোত কেঁচা জলকীয়া দুটা ফালি দিলে। নামত মচুৰ দাইলখিনি অলপ লৰাই-মেলি চম্ভাৰ কৰিলে। পাঁচফোৰণ, তেজপাত, শুকান জলকীয়া, পিয়াঁজ আটাইবোৰৰ জোগাৰো নাই আৰু থাকিলেও বিধে বিধে গোটাই ল’বলৈ তাইৰ আগ্ৰহো নাই। খৰিৰ এই চৌকাটো ঠাণ্ডা দিনত পানী গৰম কৰিবলৈ, গাইজনী জগিলে দানা সিজাবলৈ আৰু কেতিয়াবা পাকঘৰত ৰান্ধিব নোৱৰা মাংস ৰান্ধিবলৈহে ব্যৱহাৰ হৈছিল। বাৰান্দাৰ এই চৌকাটোত সিমান আঁৰ-বেৰ নাই। খৰিখিনি হওঁতে শুকানেই, পিছে বতাহে জুইকুৰা কোৱাই থকাত কেৰাহীটোৱে তাপটো ভালদৰে পোৱা নাই।

সৰুতে তাই পঢ়াত বেয়া নাছিল। এবাৰ মাষ্টৰক সুধিছিল, ‘চাৰ, ফুৱাই দিলে জুই জ্বলে আৰু ফুৱাই দিলে জুই নুমাইও যায়। কিয় চাৰ?’ বিজ্ঞানৰ শিক্ষকজনে সেই সময়ত কি উত্তৰ দিছিল অণিমাৰ এতিয়া মনত নাই। কিন্তু এটা কথা তাই ভালদৰে বুজি পাইছে যে কিছুমান গিৰীয়েকে ঘৈণীয়েকবোৰৰ আশাৰ চাকিটো ফু-মাৰি নুমুৱাই দিবলৈ ভাল পায়। তাইৰ গিৰীয়েকটো তেনেধৰণৰ এটা গিৰীয়েক। শাহুৱেকে গলহেঁকাৰি এটা মাৰি কাষেদি পাৰ হৈ গ’ল। অনিমাই ভালদৰে জানে, শাহুৱেকৰ এই সময়ত বাথৰুমলৈ যোৱাৰ প্ৰয়োজন হোৱা নাই, অলপ আগতে গৈছিলহে। তাইনো কি কৰিছে, তাকে চিআইডি কৰিবলৈ মানুহজনী বিচনাৰ পৰা উঠি আহিছে। অণিমাই ক’লে, ‘মা, আৰু বিচনালৈ যাব নালাগে। ভাত হৈছেই’। অণিমাই কথাকেইটা ক’লে যদিও তাই ভালদৰে জানে, পুতেক নহালৈকে শাহুৱেক ভাতৰ পাতলৈ নাযায়। ইতিমধ্যে অণিমাই দাইলৰ কেৰাহীটো জুইৰ পৰা নমাই আঙঠাত দিয়া বেঙেনাটো এবাৰ লুটিয়াই দিলে।

মাকৰ ঘৰতো তাই বৰ লাহ-বিলাহত উঠা নাই। সিহঁতৰ ঘৰখন দুখীয়াৰ শাৰীতেই পৰে। কিন্তু তাৰ মাজতো যেন ঘৰখনত কিবা এটা ঐশ্বৰ্য আছিল। দেউতাকে মাকক দেখুৱাই মৰম নকৰিলেও তাই বুজি পাইছিল যে দেউতাক আৰু মাকৰ মাজত আছিল এক নেদেখা জৰী। সেই অদৃশ্য জৰীৰে মাক-দেউতাক বান্ধ খাই আছিল। গিৰীয়েক আৰু ঘৈণীয়েকৰ মাজৰ সম্পৰ্কৰ এক চিত্ৰ তাই মাক-দেউতাকক দেখিয়েই অংকন কৰিছিল। বেঙেনাটো জুইৰ পৰা উলিয়াই অণিমাই কাঁহী এখনত থ’লে। ডেক্চিটো গৰম চৌকাটোৰ ওপৰত থ’লে। শাহুৱেকক বাৰ মাহে গৰম পানী লাগে। পিটিকিবলৈ লৈ তাই বেঙেনাটোলৈ চালে। অলপ আগলৈকে নিপোটল বেঙেনাটোৱে জুইৰ পৰা উলিয়াই অনাৰ পিছত কিম্ভুত-কিম্বাকাৰ ৰূপ লৈছে। তাইৰ নিজকে এটা পোৰা বেঙেনাৰ দৰে লাগিল। এতিয়া তাইক দেখিলে কোনে ক’ব, এইজনী অণিমাকে ভাল পাবলৈ এসময়ত কিমান ল’ৰাই কিমান ধৰণে চেষ্টা কৰিছিল। তাৰে দুটামানক অৱশ্যে তাইৰো ভাল লাগিছিল।

সিহঁতৰ গাঁওখনৰ উত্তৰে এখন সৰু নৈ আছিল। ওচৰৰ পাহাৰৰ পৰা নামি অহা নদীখনৰ দুয়োটা পাৰে দুটা মথাউৰি। বাৰিষা সেই মথাউৰি দুটাই সৰু নদীখনৰ বাঢ়নি পানী পাৰ ভাঙিব নোৱাৰাকৈ ভেটা দি আছিল। অণিমাৰ ককায়েক আৰু ভায়েক আছিল তাইৰ গাভৰু কালৰ দুটা মথাউৰি। অৱশ্যে ঘৰখনৰ মৰম চেনেহে তাইক আৰু বেলেগ মৰমৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিল। অণিমাৰ ভালদৰে মনত আছে, পেহীয়েকে যেতিয়া তাইৰ বিয়াৰ বাবে প্ৰস্তাৱটো লৈ আহিছিল, তেতিয়া এইখন ঘৰৰ জয়জয় ময়ময় অৱস্থাৰ কথা মুখেৰে আখৈ ফুটাদি ফুটিছিল। পেহীয়েকৰ কথাত অবিশ্বাস কৰিবলগীয়া একো নাছিল। তাই কিন্তু এটা কথা সোধোঁ বুলিও সুধিব পৰা নাছিল। সেই বয়সত টকা-পইছাৰ কথাটোৱে তাইক বেছি চুই যাব পৰা নাছিল। পিছে এইখন ঘৰৰ স্বচ্ছলতাৰ ছবি দেখি তাইৰ অভাৱগ্ৰস্ত ঘৰখনে পেহীয়েকৰ প্ৰস্তাৱত লগে লগে হয়ভৰ দিছিল।

কাষৰ বাগানত সময় সলনিৰ ঘণ্টা বাজিল। এটা এটাকৈ ঘণ্টাটোত পৰা নটা কোব তাই গণি গ’ল। লাহে লাহে অণিমাই সকেলাবোৰ কথা গণিবলৈ লৈছে। তাইৰ জীৱনত গণনা কৰাৰ বাহিৰে এতিয়া আৰু একো নতুন কথা নাই। বিয়া হোৱা কিমান বছৰ হ’ল? হয়, যোৱা আহিনত তিনি বছৰ হৈ গ’ল। খোবা-খুবীৰ ৰাতি তাই গাভৰু কালৰে পৰাই মনতে পুহি ৰখা ছবিখনৰ বিপৰীত এখন ছবি দেখি আতংকিত হৈ উঠিছিল। সেইদিনা কিন্তু গিৰীয়েকে অতি লঘুভাৱে কৈছিল, ‘লগৰ গাড়ী মালিক দুটামান আহিছিল। সিহঁতৰ লগত অলপ ধৰিব লগা হ’ল।’ অণিমাই কথাটো সৰলভাৱে বিশ্বাস কৰিছিল। শহুৰেকক তাই দেখা নাই। চুবুৰীয়াৰ মুখেৰে গম পাইছিল যে শহুৰেক বৰ অমায়িক মানুহ আছিল। তাইৰ বিয়াৰ দুবছৰ আগতেই শহুৰেক ঢুকাইছে।
জুইকুৰা কেতিয়াবাই নুমাই পানী হ’ল। শাহুৱেকৰ সাৰ-সুৰ নাই যদিও তাই জানে, বুঢ়ী টলকা মাৰি আছে। পুতেক অহালৈ বাট চাই আছে। নিজে ভাত খাই শুই থাকিলে কিজানি বোৱাৰীয়েকে পুতেকক ভাত বাঢ়ি নিদিয়ে! শাহুৱেকে ভালদৰে জানে, ভাতকেইটা মুখৰ আগত নিদিলে আলাসত উঠা পুতেকে কেতিয়াও নিজে লৈ নাখায়। কেৰাহী ধৰিবলৈ ব্যৱহাৰ কৰা কাগজৰ সোপাদুটাৰ এটা অনিমাই চৌকাটোত সুমুৱাই দিলে। অলপ সময় ধোৱাই কাগজৰ সোপাটো ভমক্কৈ জ্বলি উঠিল। তাইৰো খঙটো কেতিয়াবা এনেদৰে জ্বলি উঠে। সেই খঙত তাই বহু কাম কৰিব বুলি ভাবে। কিন্তু এতিয়ালৈকে একো কৰিব পৰা নাই। অণিমা লাহে লাহে বহাৰ পৰা উঠিল। সকলোবোৰ সামৰি-সুতৰি ভিতৰলৈ লৈ আহিল। আগতে এনেদৰে অকলে অকলে মাইকী মানুহ দুজনী থাকিবলৈ তাইৰ ভয় লাগিছিল। আজিকালি নলগা হ’ল। আচলতে আজিকালি তাই মনে-প্ৰাণে বিচাৰে, ডাঙৰ কিবা এটা হওক। সকলো তচনচ হৈ যাওক। কিন্তু তাই ভবাৰ দৰে একো ঘটা নাই। সকলো ঢাকি-ঢুকি থৈ অণিমা অলপ সময়ৰ বাবে বিচনালৈ গ’ল। যাওঁতে নিৰ্দিষ্ট গাম্লাটো লগতে লৈ গ’ল। আজিকালি গিৰীয়েকে প্ৰায়েই বমি কৰে। কেইদিনমান তাই ফটা বস্তা তিয়াই চাফা কৰিছিল, সদায় আৰু কিমান কৰিব? সেয়েহে ৰাতি বিচনাৰ দাঁতিতে গাম্লাটো থৈ দিয়ে। এইটো কথাত গিৰীয়েকে লাজ পায়। তাইক অশ্লীল গালি-গালাজ দিয়ে। তথাপিও তাই থয়। গালি খালে এসময়ত তাইৰ বৰ দুখ লাগিছিল। আজিকালি নালাগে। কিন্তু ভিতৰি মানুহজনী জ্বলি উঠে। অণিমাৰ চকুৰ পতাদুটা লাহে লাহে জাপ খাই আহিছে যদিও টোপনি অহা নাই। আজিকালি প্ৰায়েই এনে হয়। যেতিয়াই তেতিয়াই চিন্তাবোৰ উভতি যায় আগৰ দিনবোৰলৈ। তাইৰ বিয়াৰ খবৰ কৰিবলৈ অহা মানুহবোৰে তাইৰ মুখৰ আগতে কৈছিল, ‘ধুনু, তোৰ কপাল ভাল। ধনী ঘৰ, তাতে এটা ল’ৰা।’ সেই সময়ত তায়ো ভাবিছিল, মাক-পুতেকৰ সৰু সংসাৰখনক তাই নিজৰ হেঁপাহৰ ঘৰখন কৰি ল’ব। গাঁৱত তাইৰ কেইবাটাও নাম আছিল; কোনোবাই ধুনু, দেউতাকে মাজনী, মাকে কলিজা, ককায়েকেতো কেতিয়া কি বুলি মাতে, হিচাবেই নাথাকে— টিক্লি, ফুলা লুচি, নাচনী…, কিমানবোৰ যে নাম! এইখন ঘৰত লাট-চাহাবৰ জীয়েক, ভিকহুৰ জীয়েক আদি নামবোৰ শুনি শুনি তাই লাহে লাহে নিজৰ নামটোকে পাহৰি গৈছে।

শাহুৱেকে প্ৰয়োজনত বেছি জোৰকৈ দুৱাৰখন খুলি বাৰান্দালৈ ওলাই আহিছে। প্ৰথমে প্ৰথমে তায়ো গিৰীয়েকটোলৈ ৰাতি বাট চাই আছিল। মতা মানুহ, বাহিৰত কিবা কামত দেৰি হোৱা বুলি ভাবিছিল। লাহে লাহে তাইৰ বুজিবলৈ বাকী নাথাকিল যে গিৰীয়েক একো কাম নকৰে। ৰাতিপুৱা গাড়ীখন লাইনত যোৱাৰ সময়ত ওলাই যায়। অলপ দেউতাকৰ পেঞ্চনৰ টকা আৰু বাকীখিনি বেংকৰ পৰা ধাৰ লৈ গাড়ী এখন কিনি তাইৰ গিৰীয়েকটো গাড়ীৰ মালিক। ড্ৰাইভাৰ-হেণ্ডিমেনৰ হাতত গাড়ীখন গটাই বজাৰতে দুপৰীয়ালৈকে আড্ডা মাৰি ভাত খোৱাৰ সময়ত ঘৰ ওলায়। ভাত খাই দুপৰীয়া এঘুমতি মাৰি সন্ধিয়া ওলাই যায়। গাড়ীৰ হিচাপ লয় আৰু সেইভাগেই ৰাতি ঘৰ সোমায়। টেঁটুলৈকে মদ এগাল গিলি ঢলংপলঙকৈ ঘৰ সোমোৱা গিৰীয়েকৰ সেই ৰূপটো দেখি অণিমাৰ পেটতে হাত-ভৰি লুকায়। কথাবোৰ মাক-দেউতাকক কওঁ কওঁ বুলিও তাই ক’ব পৰা নাছিল। মাক-দেউতাকৰ মনত দুখ দিব বিচৰা নাছিল। তথাপিও কথাবোৰ লুকাই থকা নাছিল। ককায়েকে তাইক কথাবোৰ সুধিছিল। তাই লঘু কৰি কথাবোৰ কৈছিল। সদায় পৰৰ হাতত গাড়ীখন এৰি দিয়াত গাড়ীৰ বেংকৰ ধাৰ সেইদৰেই আছিল। আৰু এদিন গাড়ীখন টানি লৈ গৈছিল। তাইক কথাবোৰ জনোৱা নাছিল যদিও তাই সকলো গম পাই গৈছিল।

অণিমাই অনুমান কৰিলে, আজি গিৰীয়েকে বেছি দেৰি কৰিছে। গাড়ীখন নিবৰ দিনাও দেৰি কৰিছিল। সেইদিনা গিৰীয়েকে ৰুমৰ ভিতৰতে বমি কৰি দিছিল। সেই দুৰ্গন্ধময় ৰুমটোত তাইৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। নাকত গামোচা বান্ধি ৰুমটো চাফা কৰি কৰি এটা কথাত তাই সান্ত্বনা লভিছিল;— গাড়ীৰ ব্যৱসায়টো গ’ল যেতিয়া এতিয়া মানুহটোৱে বেলেগ কিবা এটা ভাল কাম কৰিব। হয়তো নতুন পৰিৱেশত মানুহটোৱে লাহ লাহে মদ খোৱাটো এৰিব। সৰুতে অসমীয়াৰ চাৰে এটা বাক্য ৰচনা কৰিব দিছিল; ‘আকাশত চাং পতা’ বাক্যাংশ ব্যৱহাৰ কৰি সেই সময়ত হয়তো তাই তৃতীয় পুৰুষত এটা বাক্য লিখিছিল। পিছলৈ তাইৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে এই বাক্যাংশৰ শুদ্ধ প্ৰয়োগ হৈছিল।

বিচনাতে পৰি থকা অণিমাই ৰৈ ৰৈ হোৱা তীক্ষ্ণ শব্দটো শুনিবলৈ পালে। প্ৰথম প্ৰথম শব্দটোৰ উৎস তাই ধৰিব পৰা নাছিল। পিছলৈ ধৰিব পাৰিলে। সিহঁতৰ ৰুমত থকা পুৰণি আলনাখনত থকা ঘূণ পোকটোৱে ভিতৰি ভিতৰি কাঠবোৰ খাই থাকোঁতে হোৱা শব্দটো শুনিবলৈ তাই ৰৈ থকা হ’ল। আজি পোকটোৱে বেছি খৰকৈ খাবলৈ লৈছে। হয়তো আজি কাঠডাল খাই শেষেই কৰি দিব। কিছু সময় পোকটো নিতাল মাৰি আছে। অণিমা চঞ্চল হৈ উঠিল, ক’লৈ গ’ল? ইমান দিনে পোকটোৰ লগত তাইৰ এটা বন্ধুত্ব হৈ গৈছে। তাইৰ একাকী জীৱনত ঘূণ পোকটোৱে সংগ দি আহিছে। অণিমা অধৈৰ্য হৈ উঠিল। উঠি গৈ আলনাখন লৰাই চালে, ঠেকেচা মাৰি চালে; নাই কোনো সাৰ-সুৰ নাই। এক বিধস্ত ৰূপত অণিমা ৰূমটোৰ এটা চুকত কুচিমুচি সোমাই বহি পৰিল। লাহে লাহে তাই ফেঁকুৰিবলৈ ধৰিলে। শেষত সিও তাইক এৰি গ’ল। অণিমাই সকলো গণিবলৈ এৰি দিলে। মগজুটো খালি হৈ যোৱাৰ এক অদ্ভুত অনুভূতি হ’ল। লাহে লাহে তাই সেই তীক্ষ্ণ শব্দ পুনৰ শুনিবলৈ পালে। এইবাৰ শব্দটো তাইৰ দেহটোৰ ভিতৰত হোৱা যেন লাগিল। তাৰমানে ঘূণপোকটো আঁতৰি যোৱা নাই। সি আহি অণিমাৰ ভিতৰত সোমাই ল’লে। অণিমাই কান্দিবলৈ এৰি লাহে লাহে হাঁহিবলৈ ধৰিলে। হাঁহিৰ শব্দটো লাহে লাহে বাঢ়িবলৈ ধৰিলে। বুকুৰ ভিতৰত ঘূণপোকটো লৈ অণিমাই জোৰেৰে দুৱাৰখন খুলি দৌৰি ওলাই গ’ল।

অংকনঃ পল্লৱী শৰ্মা

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

9 Comments on "ঘূণ"

avatar
newest oldest most voted
Guest

Dont know how to comment, but liked a lot

Guest

বাস্তবিক জীৱনৰ সুন্দৰ প্ৰতিফলন হৈছে গল্পটোত | ভাল লাগিল | লগতে পল্লৱী শৰ্মাৰ অংকন ভাল লাগিল

Guest

ঠিক কি বুলি ক'লে সঠিক হ'ব ভাবিব নোৱাৰিলোঁ !
খুবেই ভাল লাগিল…।
ভাল লগাবোৰ আৰম্ভণিতে আৰম্ভ হৈ শেষলৈ বেছি ভাল লগা হ'ল ।
ভাল লগাবোৰ শেষ নহৈ ৰৈ গ'ল…

Guest

মন পৰশা গল্প

Guest

..pohi bhal lagil:)