স্থানীয়কৰণ

স্থানীয়কৰণ
  • 14 Jan, 2012

উনিকোড পদ্ধতিৰ বিকাশে অনা-ইংৰাজী তথা লেটিন লিপি ব্যৱহাৰ নকৰা ভাষাসমূহৰ আগত ইণ্টাৰনেটৰ জগতত এক বিশাল সম্ভাৱনীয়তাৰ দুৱাৰ খুলি দিছে। এটা সময়লৈ মাথোঁ লেটিন লিপিৰ একাধিপত্যত থকা ইণ্টাৰনেটৰ জগত এতিয়া পৃথিৱীৰ (প্ৰায়) সকলো লিপিৰ বাবে উন্মুক্ত। (ইউনিকোড সম্পৰ্কীয় প্ৰবন্ধ ‘নীলা চৰাই’ত প্ৰকাশিত হৈছে।)

প্ৰায় কুৰি বছৰ আগতেই অসমীয়া (আচলতে বাংলা) লিপি ইউনিকোডৰ ভিতৰুৱা হ’ল যদিও যোৱা ডেৰ-দুই বছৰ মানৰ পৰাহে ই অসমীয়া ৰাইজৰ লাগী হোৱা দেখা পোৱা গৈছে। অৱশ্যে ইণ্টাৰনেট ব্যৱস্থাৰ অসূচলতাও ইয়াৰ এটা কাৰণ হ’ব পাৰে। কিছু সীমাৱদ্ধতা থাকিলেও যথেষ্ট সংখ্যক (অন্যৰ তুলনাত কম) অসমীয়া ব্লগ আৰু ৱেবছাইট বৰ্তমানে চাইবাৰ-বিশ্বত পোৱা গৈছে। ‘সীমাৱদ্ধতা’ বোলোঁতে বিশেষকৈ কাৰিকৰী আৰু নেপথ্য (Backend)ৰ কথা বুজোৱা হৈছে।

কথাটো এনেকুৱা হৈছে— প্ৰান্তীয় ব্যৱহাৰকাৰীসকল অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক আৰু ব্যৱহাৰ কৰিছেও; কিন্তু যিখিনি তেওঁলোকে কৰিব নোৱাৰে, সেইখিনিৰ ক্ষেত্ৰত কি হ’ব? উদাহৰণ স্বৰূপে, এজন অসমীয়া ব্লগাৰ, যিজনে তেওঁৰ লেখাৰ ওপৰত (বা তলত) অহা তাৰিখটোও অসমীয়াতে অহা বিচাৰে, কিন্তু সেইখিনি কৰি ল’বলৈ প্ৰয়োজনীয় কাৰিকৰী অৰ্হতা নাই, তেওঁ কি কৰিব? অসমীয়া ৱেবছাইট এটাৰ সদস্য পঞ্জীয়নৰ প্ৰ-পত্ৰখন অসমীয়াতে কিয় নাহে? আৰু এনেকুৱা অলেখ উদাহৰণ।প্ৰান্তীয় ব্যৱহাৰকাৰীজনে নজনা এনেকুৱা কাৰিকৰী বিষয়বোৰ ইংৰাজী ভাষা আৰু লিপিতে ৰৈ গৈছে। তেনেহ’লে কৰণীয় কি?

সাম্প্ৰতিক সময়ত প্ৰায় সকলোবোৰ আগবঢ়া ভাষাতে বিভিন্ন ছফটৱেৰৰ স্থানীয়কৰণ (Localization) হৈ গৈছে বা হৈ আছে। যথেষ্ট ভ্ৰান্তিৰে সৈতে দুবিধমান ছফটৱেৰ অসমীয়াতো উপলব্ধ হৈছে। কিন্তু ৱেব-ছফটৱেৰৰ ক্ষেত্ৰত অসমীয়াত এতিয়ালৈকে একোৱেই পোৱা হোৱা নাই। সাম্প্ৰতিক সময়ত বেৱছাইট নিৰ্মাণৰ বাবে বহুলভাৱে ব্যৱহাৰ হোৱা— চিএমএছ (Content Management System) জুমলা, ড্ৰুপল আৰু ৱৰ্ডপ্ৰেছৰ স্থানীয়কৰণে পূৰ্ণাংগ অসমীয়া বেৱছাইট একোটা পোৱাত সিংহভাগ প্ৰয়োজনীয়তা অনায়াসে পূৰণ কৰিব বুলি সহজে ধাৰণা কৰিব পাৰি। কাৰিকৰীভাৱে আগবঢ়া আৰু সক্ষম সকলৰ এই ক্ষেত্ৰত দৃঢ় আৰু লক্ষ্য-নিৰ্দিষ্ট পদক্ষেপে চাইবাৰ-বিশ্বত অসমীয়া ভাষাক এক সন্মানীয় স্থানত উপৱিষ্ট কৰাব বুলি আমি আশাবাদী।

‘নীলা চৰাই’ৰ যাত্ৰাৰম্ভত উৎসাহ-উদ্দীপনা যোগোৱা প্ৰতিজন শুভাকাংক্ষী, লেখক আৰু সুজন পাঠকলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু আমাৰ যাত্ৰাপথত আপোনালোকৰ আশিস কামনা কৰিছোঁ।

স্থানীয়কৰণ | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook