শিশু সাহিত্যিকৰূপে ড° ভবেন্দ্ৰ নাথ শইকীয়া

শিশু সাহিত্যিকৰূপে ড° ভবেন্দ্ৰ নাথ শইকীয়া
  • 17 Feb, 2022

ঙ্কৰদেৱ-মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা আৰু জ্যোতিপ্রসাদ-বিষ্ণুপ্ৰসাদৰ পিছতে অসমীয়া সাহিত্য-সংস্কৃতিৰ যি দিশতে হাত দিছে, সেই সকলো দিশতে সফলতাৰ স্বর্ণ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা ব্যক্তিগৰাকী হ’ল ড° ভবেন্দ্ৰ নাথ শইকীয়া। তেখেতৰ হাতত যেন এডাল যাদুদণ্ডহে আছিল, যাৰ পৰশত কাঠৰ টুকুৰা এটাও সোণৰ টুকুৰা এটালৈ পৰিৱৰ্তন হৈ গৈছিল। অৱশ্যে ছাৰে এই যাদুদণ্ডডাল কাৰো অনুগ্রহত লাভ কৰা নাছিল। তেখেতে এই যাদুদণ্ডডাল নিজেই গঢ়ি লৈছিল তেখেতৰ অতুলনীয় প্রতিভাৰ লগতে নিৰলস সাধনা, কঠোৰ নিয়মানুৱর্তিতা, সঠিক সময়ানুৱর্তিতা আদি গুণবোৰৰ সমাহাৰত— যিবোৰ গুণ একোজন মহাপুৰুষ বা যুগপুৰুষৰ ব্যক্তিত্বতহে প্রতিভাত হোৱা দেখিবলৈ পোৱা যায়।

বিশ্বৰ শিশু সাহিত্যতো দূৰৰে কথা, ভাৰতৰ আন আন প্রাদেশিক শিশু সাহিত্যৰ তুলনাতে আমাৰ শিশু সাহিত্য তেনেই চালুকীয়া অৱস্থাতে আছে। আমাৰ সৰহভাগ সাহিত্যিকেই শিশু সাহিত্য সৃষ্টিৰ পৰা বিৰত থাকে। এই ক্ষেত্ৰত ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ সম্পূর্ণ ব্যতিক্রম আছিল। তেখেতে গল্প, উপন্যাস, প্রবন্ধ, নাটক, চলচ্চিত্ৰ, সাংবাদিকতা, সাংস্কৃতিক কর্ম আদিৰ লগতে শিশু সাহিত্যৰ ওপৰতো সমানে গুৰুত্ব দি আহিছিল, যাৰ সুমিষ্ট ফল আমি একালত ভোগ কৰিবলৈ পাইছিলো, এতিয়াৰ শিশু-কিশোৰহঁতেও ভোগ কৰি আছে আৰু উত্তৰ কালৰ শিশুসকলেও ভোগ কৰিবলৈ পাব। ড° শইকীয়া ছাৰৰ প্রকাশিত শিশু সাহিত্যসমূহ হ’ল—

  • শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট
  • তোমালোকৰ ভাল হওক
  • মৰমৰ দেউতা
  • আমাৰ আখৰ
  • মহাদুষ্টৰ দুষ্টবুদ্ধি
  • মৰম
  • মোৰ শৈশৱ মোৰ কৈশোৰ।

এই শিশুগ্ৰন্থকেইখনৰ উপৰিও শইকীয়া ছাৰৰ সম্পাদনাত ১৯৮৪ চনত জন্ম পোৱা ‘সঁফুৰা’ নামৰ আলোচনীখনৰ শিশু সাহিত্যৰ প্ৰতি অৱদান প্ৰচুৰ। লগতে শিশুৰ বাবে ভবেন্দ্ৰ নাথ শইকীয়াৰ উদ্যোগত জন্ম পোৱা ‘আৰোহণ’ আৰু ‘শিশুবন’ নামৰ প্ৰকল্পৰো শিশুসকলৰ প্ৰতি গভীৰ বৰঙণি আছে।

শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট

‘শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’ নামৰ সাতটা খণ্ডৰ অনাতাঁৰ নাটকখন ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে ১৯৭৯ চনত ৰচনা কৰিছিল। প্ৰথমবাৰ গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত এই নাটকখনে ইমানেই জনপ্রিয়তা লাভ কৰিছিল যে শ্ৰোতাৰ উপর্যুপৰি অনুৰোধত পাছলৈ নাটকখন গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ পৰা কেইবাবাৰো প্ৰচাৰ হৈছিল। ৰুণি, বাপু, মনু আৰু ভুলু নামৰ চাৰিটা কিশোৰ- কিশোৰীৰ কিছুমান দুষ্টালি, বুদ্ধি, ধেমালি, চিন্তা আদিক তেখেতে এই নাটকখনত প্রকাশ কৰিছে। এই নাটকখন যিসকল শ্রোতাই শুনিছে, তেওঁলোকে বাপু, মনু, ভুলু আৰু ৰুণিৰ মাতকেইটা জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। এই নাটকখন প্রথম প্রচাৰ হোৱাৰ সময়ত সকলো ঠাইতে ঘৰে ঘৰে ৰেডিঅ’ নাছিল। ক’ৰবাত হয়তো চুবুৰিটোৰ ভিতৰত এটা, ক’ৰবাত হয়তো গাঁওখনৰ ভিতৰতে এটাহে ৰেডিঅ’ আছিল। গতিকে নাটকখন প্ৰচাৰ হোৱাৰ দিনা, দেওবাৰে দুপৰীয়া ৰেডিঅ’ থকা মানুহঘৰৰ চোতাল ওচৰ-চুবুৰিয়াৰে ভৰি পৰিছিল। শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’ৰ পাছত এনেকুৱা দ্বিতীয় এখন শিশু উপযোগী অথচ ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে শুনি ভাল পোৱা নাটক আমি আৰু ৰেডিঅ’ত শুনিবলৈ পোৱা নাই।

অনাতাঁৰ কেন্দ্ৰযোগে নাটকখন প্ৰচাৰ হওঁতে শুনি যিমান আনন্দ পোৱা গৈছিল, কিতাপ আকাৰে প্ৰকাশ পোৱাৰ পাছত নাটকখন পঢ়িও সিমানেই আনন্দ পাব পাৰি। অৱশ্যে কিতাপ আকাৰে প্ৰকাশ কৰোঁতে শইকীয়া ছাৰে পঢ়ুৱৈৰ সুবিধাৰ কাৰণে ঠায়ে ঠায়ে কিছুমান বর্ণনামূলক বাক্য যোগ দি দিছে। তেখেতে কিতাপখনৰ আৰম্ভণিতে বাপু, মনু, ভুলু আৰু ৰুণিৰ পৰিচয়সূচক যিখিনি কথা লিখিছে, সেইখিনি কথাই নাটকখন শুনিবলৈ নোপোৱা পাঠকসকলক চৰিত্ৰকেইটাৰ লগত একাত্ম হোৱাত যথেষ্ট সহায় কৰিছে।

‘শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’ৰ প্ৰথম খণ্ডত ৰুণিহঁতে বন্ধৰ দিনত এটা নতুন খেল হিচাপে গাড়ীৰ নম্বৰ লিখিবলৈ গৈ হোৱা পয়মালৰ কাহিনী, দ্বিতীয় খণ্ডত সিহঁতে মাকহঁতৰ নামত কাঠৰ চলিৰে ৰন্ধা এখন বিশেষ মোৰাব্বাৰ ৰন্ধন প্রণালী আলোচনীত প্ৰকাশ কৰি বিপদত পৰাৰ কাহিনী, তৃতীয় খণ্ডত সিহঁতৰ ঘৰলৈ ফুৰিবলৈ অহা পেহীয়েকৰ হেৰোৱা মানিবেগটো (আচলতে বেগটো পেহীয়েকেই লুকুৱাই থৈছিল— ককায়েক-নবৌয়েকৰ পৰা পইচা সৰকাবলৈ) সিহঁতেই বুদ্ধি কৰি বিচাৰি উলিওৱাৰ কাহিনী, চতুর্থ খণ্ডত সিহঁতে সৰস্বতী পূজাৰ পৰিকল্পনা কৰি অৱশেষত দুটামান দুষ্ট ল’ৰাৰ কাৰণে পূজাখন পাতিব নোৱৰাৰ কাহিনী, পঞ্চম খণ্ডত এদিন ঘটনাবশতঃ সিহঁতে নিশা ঘৰত অকলে থাকিবলগা হোৱাত সিহঁতৰ ভূতলৈ ভয় লগাৰ কাহিনী, ষষ্ঠ খণ্ডত বাপু, মনু আৰু ভুলুৱে বৰশী বাবলৈ গৈ শ’ল মাছ এটা ধৰি আনি মাক-দেউতাকৰ পৰা লুকুৱাবলৈ গৈ হোৱা পয়মালৰ কাহিনী আৰু সপ্তম খণ্ডত মনুৱে অঁকা ছবি এখন টনা-আঁজোৰাত ফাটি যোৱা কথাটোক কেন্দ্ৰ কৰি ভুলুৰ লগত মনুৰ মনোমালিন্য হোৱা আৰু পাছত ৰুণিৰ বুজনিত, মধ্যস্থতাত সিহঁতৰ পুনর্মিলন হোৱাৰ কাহিনী শইকীয়া ছাৰে খুবেই মনোৰমভাৱে বৰ্ণনা কৰিছে।

“সৰু ল’ৰা-ছোৱালীহঁতৰ কাৰ স্বভাৱ কেনেকুৱা, কোনে কেতিয়া কি কাণ্ড কৰে, কাৰ মনত কেতিয়া কি ধান্দা সোমায়,— সেইবোৰৰ উৱাদিহ পোৱাই টান। সিহঁতৰ দুষ্টালিয়ে, সিহঁতৰ উৎপাতে ডাঙৰক আমনি কৰে, ডাঙৰৰ খং তোলে; কেতিয়াবা তেওঁলোকৰ সিহঁতক দুচাটমান দিবলৈকে মন যায়। দিয়েও। কিন্তু সেই ল’ৰা-ছোৱালীহঁতৰ কোমল মনৰ বহু কথাই ডাঙৰক জ্ঞানীও কৰে।

ল’ৰা-ছোৱালীহঁতৰ হাঁহি-কান্দোন, চিঞৰ-বাখৰ, মাৰপিট, অতপালি, মৰম-চেনেহ,— এইবোৰ আমাৰ সংসাৰখনৰ আঁতৰ কৰিব নোৱৰা সম্পত্তি। সেই সম্পত্তিৰ চিনাকি পোৱা যায় ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্রখ্যাত ৰচনা ‘শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’ত।” সমালোচকৰ এই কথাখিনিয়েই শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’ৰ চৰিত্ৰ উন্মোচনৰ কাৰণে নিশ্চয় যথেষ্ট হ’ব।

তোমালোকৰ ভাল হওক

ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে ‘সঁফুৰা’ত ‘আশাকৰোঁ তোমালোক সকলো ভালে আছা’ শিৰোনামেৰে কণমানিহঁতক সম্বোধন কৰি যিবোৰ কথা লিখিছিল, সেইবোৰ কথাৰে সংকলিত ৰূপ হ’ল ‘তোমালোকৰ ভাল হওক’ কিতাপখন। এই কিতাপখন ১৯৯৮ চনৰ জুন মাহত প্রথম প্রকাশ হয়। কিতাপখনত মুঠতে ৭৫টা প্রবন্ধ আছে। ‘সঁফুৰা’ত প্রকাশ হওঁতে তেখেতে এই প্রবন্ধবোৰৰ বেলেগে বেলেগে শিৰোনাম দিয়া নাছিল। কিন্তু কিতাপ আকাৰে প্ৰকাশ কৰোঁতে তেখেতে পাঠকৰ সুবিধার্থে প্রতিটো প্ৰবন্ধৰে বেলেগ বেলেগ একোটা শিৰোনাম দিছে। যেনে— ‘যিমান লিখিবা, তাতকৈ বেছিকৈ পঢ়িবা’, ‘বিৰাট মানে কি’, ‘আমাক যুদ্ধ নালাগে’, ‘হাতৰ আখৰ’, ‘শাস্ত্রীয় সংগীত’, ‘টান টান শব্দ’ ইত্যাদি। শইকীয়া ছাৰ সকলো ক্ষেত্রতে ব্যতিক্রম হোৱাৰ দৰে এই প্রবন্ধলানিৰ ক্ষেত্ৰতো ব্যতিক্রম হ’ব পাৰিছে। প্ৰবন্ধলানিৰ শিৰোনামবোৰেই প্রতিপন্ন কৰে, তেখেতে কেনেকুৱা কেনেকুৱা বিষয়ৰ ওপৰত, কিমান সৰু-সৰু বিষয়ৰ ওপৰত, আনে গুৰুত্বহীন বুলি ভবা বিষয়ৰ ওপৰত আলোকপাত কৰি শিশুহঁতক নানা তৰহৰ জ্ঞান দিবলৈ চেষ্টা কৰিছিল।

মৰমৰ দেউতা

মৰমৰ দেউতা

ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে ‘মৰমৰ দেউতা’ নামৰ উপন্যাসখন ‘সঁফুৰা’ত প্ৰকাশৰ কাৰণে লিখিছিল। ১৯৮৯ আৰু ১৯৯০ চনৰ ভিতৰত তেখেতে এই সোতৰটা খণ্ডৰ উপন্যাসখন লিখি শেষ কৰিছিল। “সকলো মানুহৰে কিবা নহয় কিবা এটা গুণ আছেই; কিবা নহয় কিবা এটা দোষ আছেই। যাৰ গুণ বেছি, তেওঁলোকৰ দোষখিনি তল পৰি যায় আৰু তেওঁলোকক আমি গুণী মানুহ বুলি শ্রদ্ধা কৰোঁ, আদৰ কৰোঁ। কিন্তু যাৰ দোষ বেছি বুলি আমি ভাবোঁ, তেওঁলোকৰ গুণখিনিক একেবাৰে তল পৰিবলৈ এৰি দিব নালাগে। কেৱল দোষখিনিকে সাবটি লৈ জীৱনটো কটাই দিম বুলি কোনেও ঠিক কৰি নলয়; কোনেও তেনেকৈ প্ৰতিজ্ঞা নকৰে; কিন্তু সেই দোষবিলাকৰ পৰা এবিধ উপৰুৱা আনন্দ পাই থাকে কাৰণে তেওঁলোকে দোষবোৰকে লাই দি ভুল কৰি থাকে। পিছে সেই ভুল আঁতৰাব নোৱৰা ভুল নহয়।“— ‘মৰমৰ দেউতা’ত ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে এই কথাখিনিকে প্রকাশ কৰিব খুজিছে।

শোৱাৰ পৰা পলমকৈ উঠা, পঢ়িবলৈ মন নকৰা, স্কুললৈ যাবলৈ মন নকৰা, লাগ বুলিলেই কিবা এটা বস্তু লগা, সংগদোষত পৰি ছিগাৰেট হুপিবলৈ শিকা, মাকক দুর্ব্যৱহাৰ কৰা বিপুল নামৰ খটাসুৰ ল’ৰাটোৰ কাৰণে সিহঁতৰ গোটেই ঘৰখনেই অশান্তিত ভুগি থাকে। মাক-দেউতাকে অশেষ চেষ্টা কৰিও তাক সৎ পথলৈ আনিব পৰা নাই—মৰমেৰে বুজাই, ধমকি দি, আনকি পূজা-পাতল কৰিও। উপন্যাসখনৰ সাত নম্বৰ খণ্ডলৈকে বিপুলৰ কাণ্ড-কাৰখান কিছুমানেৰে লেখকে তাৰ অসৎ স্বভাৱ-চৰিত্ৰৰ উন্মোচন ঘটাইছে। কিন্তু আঠ নম্বৰ খণ্ডৰ পৰা উপন্যাসখন ডিটেকটিভ উপন্যাসৰ লেখীয়া হৈ পৰিছে। কিয়নো সাত নম্বৰ খণ্ডৰ শেষৰ পিনে আন্ধাৰৰ সুযোগ লৈ বিপুলক কোনো ‘দুৰ্বৃত্ত’ই প্ৰহাৰ কৰিছে আৰু আঠ নম্বৰ খণ্ডৰ পৰা সেই দুর্বৃত্তৰ অনুসন্ধানৰ কাম আৰম্ভ হৈছে। লগে লগে বিপুলৰ চিকিৎসাৰ কামো আৰম্ভ হৈছে। বিপুলৰ আঘাত বৰ গুৰুতৰ নাছিল। কিন্তু তাক চিকিৎসা কৰা ডাঃ অৰবিন্দ চৌধুৰীয়ে বিপুলক ভয় খুৱাবলৈকে তাৰ ভৰিখন ভাগিল বুলি কৈ আছিল। ডাঃ চৌধুৰীৰ ইতিকিং, বিপুলে সদায় বেয়া ব্যৱহাৰ কৰা মাক-দেউতাক, বায়েক ৰাণী, ৰাণীৰ বান্ধৱী মৃণালিনীয়ে তাক কৰা শুশ্রূষা, তাৰ প্রতি দেখুওৱা মৰম আদি কথাবোৰে বিপুলৰ মন অনুশোচনাৰে ভৰাই তোলে।

পৰোপকাৰী কনকৰ সহযোগত চোৰাংচোৱা বিভাগৰ ইন্সপেক্টৰ নিকুঞ্জই বিভিন্ন পর্যায়ৰ অনুসন্ধানৰ পাছত বিপুলক প্ৰহাৰ কৰা ‘দুৰ্বৃত্ত’জন বিচাৰি উলিয়াইছে। দুৰ্বৃত্তজন আন কোনো নহয়, বিপুলৰে দেউতাক। নিজৰ সন্তান কিমান অত্যাচাৰী হ’লে, কিমান অসৎ হ’লে, কিমান অশান্তিদায়ক হ’লে পিতৃয়ে সেই সন্তানৰ মৃত্যু কামনা কৰি প্ৰহাৰ কৰিব পাৰে, সেই কথা উপন্যাসখন পঢ়িলেহে বুজিব পাৰি। উপন্যাসখন পঢ়ি যাওঁতে বিপুলৰ কাণ্ড-কাৰখানা দেখি একেবাৰে খং নুঠা মানুহজনৰ খঙে মূৰৰ চুলিৰ আগ পাবগৈ। অৱশ্যে উপন্যাসখনৰ শেষত বিপুলে দেউতাকৰ ভৰিত পৰি হুৰাওৰাৱে কন্দা কথাটোৱে সি সৎ পথলৈ ঘূৰি অহাৰ প্রতিশ্রুতি বহন কৰিছে। ‘মৰমৰ দেউতা’ত বিপুলৰ কাহিনীৰ উপৰিও অসমীয়া মধ্যবিত্ত পৰিয়াল এটাৰ এখন সঁচা ছবি অংকিত হৈছে।

আমাৰ আখৰ

১৯৯১ চনত প্ৰথম আৰু ২০০২ চনৰ জানুৱাৰীত দ্বিতীয় সংস্কৰণ (Revised Edition) প্রকাশ পোৱা, অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ দ্বাৰা মনোনীত ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ‘আমাৰ আখৰ’ নামৰ কিতাপখন আখৰ শিকিবলৈ লোৱা শিশুসকলৰ কাৰণে এখন অতি অপৰিহাৰ্য হাতপুথি। এইখন কিতাপতো ছাৰৰ সুকীয়া, ব্যতিক্রমী, মৌলিক চিন্তাৰ সমাবেশ ঘটিছে। এই কিতাপখনৰ প্রধান বৈশিষ্ট্য দুটা হ’ল—

  • প্ৰতিটো পাঠৰ লগতে শিক্ষক তথা অভিভাৱকলৈ দিয়া নির্দেশ,
  • আখৰ শিকাৰ শিশুসকললৈ দিয়া বিজ্ঞানসম্মত পদ্ধতি।

শিশুসকলৰ মানসিক স্তৰ, মতি-গতি, আগ্রহ আদিলৈ লক্ষ্য ৰাখিহে শিক্ষকসকলে এওঁলোক আখৰ লিখিবলৈ আৰু পঢ়িবলৈ শিকাব লাগে বুলি কিতাপখনত উল্লেখ কৰিছে। শিশুসকলে যিমানে অনুশীলন কৰিব, সিমানে তেওঁলোকৰ হস্তাক্ষৰ ভাল হ’ব। কিন্তু এইখিনিতে কাগজ-কলমৰ খৰচৰ কথাটো আহি পৰে। গতিকে মিতব্যয়িতাৰ কাৰণে তেখেতে ছিলট-পেনছিল, এপিঠিত লিখা, অদৰকাৰী কাগজ ব্যৱহাৰ কৰিবলৈ উপদেশ দিছে। আকৌ তেখেতে কৈছে,— প্ৰথম অৱস্থাত ল’ৰা-ছোৱালীক পেনছিলবোৰ বৰ জোঙাকৈ কাটি দিব নালাগে। সেইবোৰ বৰ জোঙা হ’লে আঁক-বাকবোৰো ভাল নহয় আৰু দুৰ্ঘটনাৰো ভয় থাকে। শইকীয়া ছাৰে এই কিতাপখনত শিশুসকলে আখৰ লিখিবলৈ শিকাৰ আগতে বিভিন্ন প্ৰকাৰৰ— দীধলীয়া, পথালি, ধনুভিৰীয়া আঁচ টানিবলৈ আৰু নক্সা আঁকিবলৈ শিকাৰ কথাটোতহে গুৰুত্ব দিছে। তেখেতৰ মতে এনেকৈ বিভিন্ন প্ৰকাৰৰ আঁচ টানিবলৈ আৰু নক্সা আঁকিবলৈ শিকাৰ পাছত আখৰ লিখিবলৈ শিকিলে আখৰবোৰ অধিক ভাল হোৱাৰ থল থাকে। আনকি তেখেতে ল’ৰা-ছোৱালীক ‘ফুট’ বা ‘গোল’ আঁকিবলৈ শিকাওঁতেও শিক্ষকসকলে একোটা নিয়ম মানি চলিব লাগে বুলি অভিমত দিছে আৰু সেই নিয়মো দেখুৱাই দিছে।

কিতাপখনত শইকীয়া ছাৰে শিক্ষকসকললৈ আগবঢ়োৱা আন এটা উপদেশ হৈছে,— আখৰ লিখাৰ সময়ত শিশুসকলে প্ৰতিটো আখৰ, প্ৰতিটো শব্দৰে উচ্চাৰণ নির্ভুলভাৱে কৰিছেনে নাই সেই কথালৈ লক্ষ্য ৰখা। কিতাপখনৰ শেহৰ ফালে সন্নিৱিষ্ট হোৱা— “চৰাই চোৱা/ ইমান চৰাই,/ চালি ধৰি নাচি আছে ধুনীয়া মৰাই“, “আমাৰ ঘৰত আছে/ কুকুৰ মেকুৰী,/ পৰুৱা পঁইতাচোৰা/ নিগনি দুকুৰি“, “ফুল ফুল ফুল ফুল/ গুটিমালি ফুল,/ গধূলিগোপাল জবা/ পদুম বকুল“ ইত্যাদি সৰু সৰু পদ্যকেইটা পঢ়িলে আমাৰ বোধ হয়— শইকীয়া ছাৰে হাত দিয়াহেঁতেন পদ্যৰ ক্ষেত্ৰতো নিশ্চয় সমানেই ব্যুৎপত্তি লাভ কৰিব পাৰিলেহেঁতেন।

মহাদুষ্টৰ দুষ্টবুদ্ধি

মহাদুষ্টৰ দুষ্টবুদ্ধি

১৯৯৯ চনৰ ডিছেম্বৰ মাহত প্রথম প্রকাশ পোৱা ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’ নামৰ গল্প পুথিখন ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ আন এখন জনপ্রিয় শিশুগ্ৰন্থ। এই কিতাপখনত তেখেতৰ আঠসত্তৰটা গল্প সংকলিত হৈছে। গল্পবোৰৰ মূল উপজীব্য বিষয় হ’ল— শিশু-কিশোৰহঁতৰ কিছুমান দুষ্টালি, বুদ্ধি। সকলো শিশু-কিশোৰৰে চিন্তাশক্তি, বুদ্ধি, ৰসবোধ অভিন্ন নহয়। ইহঁতবোৰৰ কিছুমান শৈশৱৰে পৰা শান্ত-শিষ্ট, চিধাচিধি মনৰ; কিছুমান আকৌ এঠাইত কাটিলে সাত ঠাইত গজা, মনত অনবৰতে কিবা নহয় কিবা এটা দুষ্টবুদ্ধিয়ে ক্রিয়া কৰি থকা বিধৰ হয়। প্রথম শ্ৰেণীটোৰ পৰা ইহঁতৰ বন্ধু-বান্ধৱ, বাই-ভনী, মাক-দেউতাকহঁতে একো অশান্তি নাপায়, কিন্তু দ্বিতীয় শ্রেণীটোৰ পৰা ইহঁতৰ বন্ধু-বান্ধৱ, বাই-ভনী, মাক-দেউতাকহঁতে প্রায়ে অশান্তি পাই থাকে। অৱশ্যে ইহঁতে দিয়া অশান্তিবোৰ নির্দোষ ধেমালিৰ বাহিৰে আন একো নহয়। কেতিয়াবা আকৌ ইহঁতৰ দুষ্টবুদ্ধিবোৰে সকলোকে বিমল আনন্দও যোগায়।

গল্পবোৰ পঢ়াৰ পাছত আমাৰ মনলৈ অহা প্রথম কথাটো হ’ল,—শৈশৱ আৰু কৈশোৰ কালত শইকীয়া ছাৰৰ মনতো বাৰু এনেকুৱা কিছুমান ‘দুষ্টবুদ্ধি’য়ে ক্রিয়া কৰি আছিল নে কি? কিন্তু ছাৰৰ ‘জীৱন-বৃত্ত’ পঢ়িলে এই কথাৰ উমান পোৱা নাযায়। তদুপৰি কিতাপখনৰ আৰম্ভণিতে তেখেতে এই গল্পবোৰ ‘নিজৰ মনৰ পৰা উলিয়াই’ (কল্পনা কৰি!) লিখা বুলি উল্লেখ কৰিছে। গতিকে ছাৰৰ কল্পনা শক্তি আমি বিস্ময়কৰ বুলিয়েই ক’ব পাৰোঁ। দ্বিতীয় কথাটো হ’ল— ছাৰে যিবোৰ কথাৰে গল্পবোৰ সজাইছে, সেইবোৰ কথাৰে এনেধৰণৰ গল্প সজোৱাটো ছাৰৰ দৰে অতুলনীয় প্রতিভাশালী লেখকৰ দ্বাৰাহে সম্ভৱ। এই গল্পবোৰৰ যোগেদি তেখেতে কোনো ধৰণৰ মেছেজ দিব খোজা নাই। অৱশ্যে ‘যেন কুকুৰ তেন টাঙোন’, ‘তুই বাৰেৰে মই তেৰেৰে’ জাতীয় কথা কিছুমান দুই-এটা গল্পৰ মূল কথা বুলি আমি ধৰিব পাৰোঁ।

মৰম

ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ২০০২ চনত প্রকাশ পোৱা ‘মৰম’নামৰ শিশুগ্ৰন্থখনত সৰ্বমুঠ পাঁচটা লেখা সংকলিত হৈছে। ইয়াৰে ‘ঘৰুৱা সাঁথৰ’, ‘ভয়’ আৰু ‘মৰম’ নামৰ গল্প তিনিটা তেখেতে ১৯৬৯ আৰু ১৯৭০ চনত, সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হৈ থকা সুৰেশ চন্দ্ৰ ৰাজখোৱা ডাঙৰীয়াই সম্পাদনা ‘ৰ’দালি’ নামৰ আলোচনীখনৰ বাবে লিখিছিল। ‘আমি বহুত কথা নাজানো’ নামৰ গল্পটো আৰু ‘ভোজ’ নামৰ নাটিকাখন লিখিছিল ‘সঁফুৰা’ৰ বাবে। প্রথম তিনিটা গল্পত মনু আৰু তনু নামৰ দুটা যঁজা ল’ৰাৰ কাহিনী বর্ণিত হৈছে।

‘মৰম’ৰ আটাইকেইটা কাহিনীতে শইকীয়া ছাৰে বিভিন্ন ঘটনাই শিশুৰ মনত সৃষ্টি কৰা ক্রিয়া-প্রতিক্রিয়াৰ কথা প্রকাশ কৰিবলৈ চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত তেখেত ষোল অনাই সফল হৈছে। কাহিনীকেইটাত অন্তর্নিহিত হৈ থকা মূল কথাকেইটা হ’ল—

  • শিশুহঁতে মিছা কথা কোৱা উচিত নহয়, কিন্তু সিহঁতে কেতিয়াবা জ্যেষ্ঠসকলৰ কিছুমান কথা-কাণ্ডৰ পৰাই মিছা কথা ক’বলৈ শিকে।
  • শিশুহঁতে ভাললৈ বুলি কৰা কামেও কেতিয়াবা অজানিতে কাৰোবাৰ অপকাৰ কৰিব পাৰে।
  • মানুহে অন্যায়ক কেতিয়াও প্রশ্রয় দিব নালাগে।
  • ‘মৰম’ৰ কাহিনীকেইটাৰ তলত সংযোজন কৰা টোকাকেইটা মন কৰিবলগীয়া। প্ৰতিটো টোকাতে তেখেতে বানান আৰু উচ্চাৰণৰ ক্ষেত্ৰত সকলোৱে ল’ব লগা সাৱধানতাৰ কথা সোঁৱৰাই দিছে।

মোৰ শৈশৱ মোৰ কৈশোৰ

২০০২ চনত প্ৰকাশ পোৱা ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ‘মোৰ শৈশৱ মোৰ কৈশোৰ’ নামৰ কিতাপখন শিশু আৰু কিশোৰ-কিশোৰীহঁতৰ কাৰণে আন এখন প্ৰয়োজনীয় কিতাপ। এই কিতাপখন আচলতে তেখেতৰ আত্মজীৱনী ‘জীৱন-বৃত্ত’ৰ শৈশৱ আৰু কৈশোৰৰ কথাখিনি। শইকীয়া ছাৰৰ কৈশোৰ কালটো ইমান স্বচ্ছল নাছিল। পঢ়া-শুনাৰ মাজতে তেখেতে দেউতাকক আৰ্থিক উপার্জনৰ বিভিন্ন কামত সহায় কৰি দিছিল। তথাপি তেখেত আচল লক্ষ্যৰ পৰা আঁতৰি অহা নাছিল। এই কিতাপখন প্রকাশ পোৱাৰ পাছত এতিয়া আৰু আমি দুর্যোগপূর্ণ জীৱনৰ উদাহৰণ পাবলৈ বেঞ্জামিন ফ্রেংকলিন, ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ, লাল বাহাদুৰ শাস্ত্ৰী আদি ব্যক্তিসকলৰ জীৱন-কাহিনী বিচাৰি ফুৰাৰ কোনো প্রয়োজন নাই। লক্ষ্য স্থিৰ হ’লে, ইচ্ছাশক্তি-আত্মবিশ্বাস প্রবল হ’লে, জীৱনবোধ সৎ হ’লে হাজাৰ সমস্যায়ো যে সফলতাৰ বাটত হেঙাৰ সাজিব নোৱাৰে, তাৰ জ্বলন্ত প্রমাণ শইকীয়া ছাৰৰ শৈশৱ আৰু কৈশোৰ কালৰ কাহিনী বর্ণিত এই কিতাপখন। জীৱন গঢ়াৰ প্ৰেৰণাৰ উৎস হিচাপে এই কিতাপখনে সকলো শিশু, কিশোৰ-কিশোৰীকে উপকৃত কৰিব। উল্লেখযোগ্য যে পুথিখন ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে অসমৰ স্কুলসমূহৰ নৱম শ্ৰেণীৰ দ্ৰুতপাঠ হিচাপে মনোনীত কৰি এটা আদৰ্শনীয় কাম কৰিছে।

সঁফুৰা

১৯৮২ চনৰ এপ্রিল মাহত ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ সম্পাদনাত ‘সঁফুৰা’ নামৰ আলোচনীখনৰ প্রথম সংখ্যাটো প্রকাশ পোৱাৰ লগে লগে অসমীয়া শিশু সাহিত্যৰ জগতখনত এক নতুন দিগন্তৰ সূচনা হয়। তেখেতৰ অসামান্য প্রতিভা, কল্পনা শক্তি, দূৰদৰ্শিতা, বৈজ্ঞানিক চিন্তাৰ সমাহাৰত আলোচনীখন অতি কম দিনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছিল। ‘সঁফুৰা’খন সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ তেখেতে কিমান কষ্ট কৰিছিল, সেই কথা তেখেতৰ আত্মজীৱনী ‘জীৱন-বৃত্ত’ আৰু ‘জীৱন-ৰেখা’ত পোৱা যায়।

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু সাহিত্যৰ বৈশিষ্ট্য

ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ শিশু সাহিত্যসমূহৰ প্রধান বৈশিষ্ট্যকেইটা হ’ল—

  • শিশু আৰু কিশোৰ-কিশোৰীহঁতে বুজিব পৰা সহজ-সৰল, নিৰহ-নিপানী ভাষা
  • বানান, বাক্যৰ গাঁথনি, ব্যাকৰণৰ শুদ্ধতা
  • শিশুৱে নকৰা বা কৰিব নোৱৰা কাম একোটাক কাহিনীৰ খাতিৰত বৰ্ণনা কৰি জোৰ-জুলুমকৈ একোটা নীতিকথা দিয়াৰ পৰা বিৰত থকা
  • শিশু, কিশোৰ-কিশোৰীৰ লগতে জ্যেষ্ঠসকলেও এই সাহিত্যসমূহ সমানে ভাল পোৱা আৰু
  • অতি কাল্পনিক, আজব, অবাস্তৱ কাহিনীৰ পৰিবৰ্তে আমাৰ দৈনন্দিন জীৱনত ঘটি থকা অতি সাধাৰণ যেন লগা ঘটনাবোৰকে কাহিনীৰ ৰূপত প্ৰকাশ কৰা।

ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে সদায় ভাষাৰ সৰলতাৰ ওপৰত গুৰুত্ব দি আহিছিল। তেখেতে লিখোঁতে কেতিয়াও টান শব্দ ব্যৱহাৰ কৰা নাছিল। শুদ্ধতাত বাক্যৰ গাঁথনি, ব্যাকৰণৰ আৰু অধিক গুৰুত্ব দিছিল। তেখেতৰ মতে যিবোৰ কোমল শব্দ ব্যৱহাৰ কৰিলে বাক্যবোৰ সহজ-সৰল হয় অথচ অর্থৰ একো সালসলনি নহয়, তেনে ক্ষেত্ৰত টান শব্দ ব্যৱহাৰ কৰি বাক্যবোৰ জটিল কৰাৰ কোনো অর্থ নাই। এনেকৈ সহজ, কোমল শব্দবোৰ ব্যৱহাৰ কৰিলে জিভাই উচ্চাৰণ কৰিবলৈও সহজ পায়। সেইবুলি তেখেতে টান শব্দবোৰ শিকিবলৈ কেতিয়াও মানা কৰা নাছিল।

বানান, বাক্যৰ গাঁথনি, ব্যাকৰণৰ শুদ্ধতাত ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে আৰু অধিক গুৰুত্ব দিছিল। কিয়নো শিশু এটাই যদি এইবোৰ কথা সৰুতেই ভুলকৈ শিকি যায়, তেনেহ’লে ডাঙৰ হৈ তেওঁ সেই ভুলবোৰকে ব্যৱহাৰ কৰি থাকিব আৰু পাছত এইবোৰ ভুল শুধৰাবলৈ তেওঁৰ কাৰণে কঠিন হৈ পৰিব। শইকীয়া ছাৰে এইবোৰৰ শুদ্ধতাৰ বিষয়ে ‘আমাৰ আখৰ’ আৰু ‘তোমালোকৰ ভাল হওক’ কিতাপ দুখনত বিশদভাৱে আলোচনা আগবঢ়াইছে। তেখেতে কাহিনীত বর্ণিত শিশু চৰিত্ৰটোৱে যি কাম কৰিব পাৰে, যিমানখিনি চিন্তা কৰিব পাৰে, সেইখিনিহে বর্ণনা কৰিছিল। শিশুৰ মন কোমল, বোধশক্তি কম। কাহিনীত তেওঁলোকৰ বয়সৰ শিশু এটাই অসম্ভৱ কাম এটাও সম্ভৱ কৰা দেখিলে তেওঁলোকে বাস্তৱতো তেনেকুৱা কাম এটা কৰিবলৈ আগবাঢ়ি যাব পাৰে আৰু তেতিয়া শিশুটোৰ বিপদ ঘটিবগৈও পাৰে।

শইকীয়া ছাৰৰ শিশুগ্ৰন্থসমূহৰ ৰুণি, বাপু, মনু, ভুলু, তনু, বিপুল, বৰবাপু, সৰুবাপু, ৰাতুল আদি শিশুকেইটাৰ কামকাজ, দুষ্টালি, বুদ্ধিবৃত্তি, চিন্তা, উপলব্ধি আদি কোনো কাৰণতে অতি কাল্পনিক বা সম্পূর্ণ কাল্পনিক নহয়, তেনেই স্বাভাৱিক, বাস্তৱিক। ফেণ্টম, স্পাইডাৰ মেন, এলিছ ইন ৱাণ্ডাৰলেণ্ড, হেৰি পটাৰ আদিৰ দৰে কাহিনী লিখাটো তেখেতৰ বাবেও সম্ভৱ আছিল, কিন্তু শইকীয়া ছাৰে এনে ধৰণৰ সাহিত্য সৃষ্টিত কোনোদিনেই হাত নিদিলে। কিয়নো তেখেতে শিশু সাহিত্যত একেবাৰে বাস্তৱৰ ছবিহে প্রতিফলিত হোৱাটো বিচাৰিছিল; বিচাৰিছিল শিশুসকলে বাস্তৱৰ সঁচা কাহিনীবোৰৰ পৰাই জ্ঞান লাভ কৰাটো।

আৰোহণ আৰু শিশুবন

উপৰ্যুক্ত সাহিত্যিক কৰ্মৰাজিৰ উপৰিও ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে নিজৰ ঘৰৰ লগতে প্রায় একক প্রচেষ্টাৰে ‘আৰোহণ’ নামৰ যি শিশু প্রকল্প স্থাপন কৰিলে, সেয়াও এক বিৰল দৃষ্টান্তই। এখন চৰকাৰে কৰিব নোৱৰা কাম এটা তেখেতে অকলে কৰি দেখুৱালে। তদ্রুপ ‘শিশুবন’ নামৰ শিশু প্রকল্প এটা শইকীয়া ছাৰে শঙ্কৰদেৱ কলাক্ষেত্ৰতো স্থাপন কৰি থৈ গৈছে। এই দুয়োটা প্রকল্প সম্পূর্ণ হোৱাৰ পাছত প্রকল্প দুটাই যে শিশুসকলৰ মানসিক আৰু শাৰীৰিক উৎকর্ষ সাধনত যথেষ্ট সহায় কৰিব সেইকথা ধুৰুপ। শইকীয়া ছাৰে শিশুসকলৰ কাৰণে আয়োজিত বিজ্ঞান আৰু সাহিত্যৰ বিভিন্ন কর্মশালাত ভাগ লৈয়ো এওঁলোকৰ কাৰণে যথেষ্ট উপকাৰ কৰি থৈ গৈছে।

ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে ভালদৰেই উপলব্ধি কৰিব পাৰিছিল,— আমি শিশুসকলক ভাল পালেই, মৰম কৰিলেই নহ’ব। নিজৰ সামর্থ্য অনুযায়ী কৰিব পৰাসকলে তেওঁলোকৰ কাৰণে কিছু ভাল কামো কৰি যাব লাগিব। শিশুসকলক শৈশৱৰ পৰাই সাহিত্য, সংস্কৃতি, বিজ্ঞান, সমাজনীতি, ৰাজনীতি আদি বিষয়বোৰৰ সঠিক জ্ঞান দিয়া উচিত। তেতিয়াহে তেওঁলোকে ভৱিষ্যতে এইবোৰ দিশত সফলতা লাভ কৰিব পাৰিব, আমাৰ জাতিটোক সঠিক ৰূপত প্রতিনিধিত্ব কৰিব পাৰিব।

📚 | আৰু পঢ়ক:

শিশু সাহিত্যিকৰূপে ড° ভবেন্দ্ৰ নাথ শইকীয়া | ধ্ৰুৱজ্যোতি শৰ্মা