গুইজান ঘাটত এটি সন্ধিয়া

এক

বিচিত্ৰ এই মানৱ জীৱন। যিটো বিচাৰোঁ, সেইটো নাপাওঁ আৰু যিখিনি পাওঁ সেইখিনিক লৈ কেতিয়াও সন্তুষ্ট নহওঁ। নোপোৱাখিনিৰ বাবে হাহাকাৰ কৰোঁ; পোৱাখিনি ধৰি ৰাখিব নোৱাৰোঁ। দুখ-সুখ-হাঁহি-কান্দোন— এয়েতো জীৱন। জীৱনক যিমান সহজ আৰু সৰলতাৰে আঁকোৱালি ল’ব পাৰি, বোধকৰোঁ জীয়াই থকা দিনকেইটা সুকলমে পাৰ কৰি নিয়াটো সিমানেই সহজ হৈ পৰে। কথাতে কয়, জন্ম-মৃত্যু-বিবাহৰ কথা কোনেও কেতিয়াও আগতীয়াকৈ ক’ব নোৱাৰে। আঙুলিৰ ফাঁকেৰে সৰকি যায় সময়। শৈশৱ এৰি কৈশোৰ পালো। কৈশোৰ পাৰ হৈ যৌৱনত ভৰি থলোঁ। যৌৱন পাৰ হৈ এতিয়া জীৱনৰ আদ বয়স। তথাপি খং-ৰাগ-মান-অভিমান-জেদ পাহৰিব নোৱাৰিলো। অলপ সুখ, এমুঠি হাঁহিৰ সন্ধানত জীৱনে কেতিয়া যে বাট এৰি অবাটে খোজ ল’লে গমেই নাপালো। জানি বুজি কোনোদিনে কাৰো অপকাৰ নাই কৰা। সামৰ্থ্য অনুসৰি পৰাপক্ষত সকলোকে সহায় কৰাৰ যত্নই কৰি আহিছোঁ। তথাপি কেতিয়াবা চাগে কাৰোবাক আঘাত কৰোঁ অজানিতে। মানুহে কয়, মই বেয়া। ময়ো জানো, কিছু কিছু ক্ষেত্ৰত মই বেয়া। এক কথাত মই অসম্ভৱ জেদী। অনমনীয়। নাৰীসুলভ কমনীয়তা-কোমলতা নাই মোৰ মাজত। স্পষ্টবাদিতাও মোৰ এটা দোষৰ কাৰণ। বিবেক আৰু যুক্তিৰে অশুদ্ধ বুলি জনা কোনো কথাতেই চকু মুদি সমৰ্থন জনাব নোৱাৰোঁ। পুৰুষক সমৰ্থন কৰিব নোৱাৰোঁ লোলুপতাৰ কাৰণে; নাৰীক সমৰ্থন কৰিব নোৱাৰোঁ দুৰ্বলতাৰ কাৰণে। পুৰুষ-নাৰীৰ মাজত মই যেন এক ক্লীৱ! কিন্তু এয়াও সঁচা নহয়। অহৰহ মনৰ মাজত এক অস্থিৰতা কঢ়িয়াই লৈ ফুৰোঁ। এক অস্তিত্ত্বহীনতা, এক নিৰাপত্তহীনতাই শান্তিত থাকিবলৈ নিদিয়ে মোক।

মনত থকা দিনৰে পৰা কত ৰকমৰ অভিজ্ঞতাৰ সন্মুখীন হ’লো, কত ভাল-বেয়া স্মৃতি বুটলিলো— তাৰ সীমা-সংখ্যা নাই। ভালতকৈ বেয়া স্মৃতিয়েই বেছি। কলিজা শুহি নিয়া দুখে প্ৰতি পলে পলে দি যায় মৃত্যুৰ চুমুক। উঁই পৰুৱাৰ দৰে নি:শব্দে কুটি কুটি খাই শেষ কৰিলে মোৰ জীৱন স্পৃহা। কিছুমান দুখ থাকে, কাৰো সৈতে ভগাব নোৱাৰি। মাথোঁ সংগোপনে হিয়াৰ তলিত লুকুৱাই ৰাখিব পাৰি আৰু মন গলেই নিৰ্জন মুহূৰ্তত তাক লিৰিকি বিদাৰি চাই এটোপ দুটোপকৈ সৰি পৰা তেজৰ ধাৰ অনুভৱ কৰিব পাৰি। অনেক দুখ-কষ্টৰ মাজতো ডাঙৰ হ’লো। পঢ়ি-শুনি এদিন চাকৰি কৰিলো। মা-দেউতাৰ কথামতেই বিয়া হৈ সংসাৰ কৰি দুটা সন্তান জন্ম দিলো। দিনবোৰ গৈ থাকিল গতানুগতিকভাৱে। যান্ত্ৰিকতাত থাওনি নোপোৱা মোৰ ক্ষত-বিক্ষত কলিজাত আৰু নতুন কিছু যন্ত্ৰণা যোগ হ’ল। সহনশীলতাই হাৰ মানিলে। এদিন সকলো শেষ কৰোঁ বুলিয়েই কাকো একো নোকোৱাকৈয়ে গাড়ীখন লৈ ওলাই গ’লো গুইজান ঘাটলৈ অকলে। যাওঁতে ওৰে বাটটো ভাবি গ’লো, গাড়ীৰে সৈতে পানীত পৰি দিম, তেতিয়া আৰু কোনেও মোক তুলি আনিব নোৱাৰিব।

গুইজান পাই দেখোঁ, তাত বহুত মানুহ। বোধকৰোঁ চাৰিটামান পৰিয়াল লগ হৈ ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য চাবলৈ গৈছিল। নিশ্চয় বনভোজ খোৱাৰ আনন্দ। বহুতকেইটা সৰু সৰু ল’ৰা-ছোৱালীৰে সৈতে প্ৰায় ত্ৰিছজন মান মানুহ। মোৰ হিচাপত খেলিমেলি লাগি গ’ল। গাড়ীখন অলপ আঁতৰত ৰখাই গাড়ীতেই বহি থাকিলো বহু সময়। চকু মোৰ নাৱৰ পৰা নমা সেই মানুহখিনিৰ ওপৰত। সকলোৰে মুখবোৰ হাঁহিৰে উজ্জ্বলি আছে। সৰু ল’ৰা-ছোৱালীকেইটাই নাৱৰ পৰা নামিয়েই আকৌ দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰিছে। উকা হৈ গ’ল মনটো। নদীখনলৈ চালো। শান্ত হৈ বৈ গৈছে। নদীৰ বুকুত সৰু-বৰ ঢৌবোৰে হেন্দোলনি তুলিছে। অস্তগামী সুৰুযে নদীৰ পানীত প্ৰতিবিম্ব আঁকিছে। অস্তাচলৰ সূৰুযৰ হেঙুলীয়া ৰহণে আকাশ ৰঙাই তুলিছে। নদীৰ বুকুত তাৰ প্ৰতিফলনে এক অপূৰ্ব দৃশ্যৰ সৃষ্টি কৰিছে। সন্ধিয়া মোৰ প্ৰিয় সময়। তাতে নদীৰ বুকুত বেলি মাৰ যোৱা চাই চাই মোৰ মনৰ উন্মাদনা কব নোৱাৰাকৈয়ে শাম কাটি আহিল। গাড়ীৰ পৰা নামি এখোজ দুখোজকৈ মন্ত্ৰমুগ্ধৰ দৰেই আগবাঢ়িলো নদীৰ কাষলৈ। অকস্মাৎ ম’বাইলটো বাজি উঠিল। অনিচ্ছাকৃতভাৱেই চালো কোনে ফোন কৰিছে বুলি। সঞ্জয়। ৰিচিভ কৰিলো ফোন।
: হেল্ল’। কি মনত পৰিল মোলৈ?
: এনেয়ে। কিয় ভুল হ’ল নেকি?
: ভুল-শুদ্ধ বুলি একো নাই। তুমি কেতিয়াও ফোন নকৰাৰ কাৰণে ক’লো।
: কি কৰিছে? আজি দিনটো কেনে গ’ল?
: কৰিবলৈ একো নাই। মৰিম বুলি গুইজানলৈ আহিছিলো। কিন্তু আহি দেখো ইয়াত ধেৰ মানুহ। গতিকে উপায় নাপায় বালিত খোজ কাঢ়ি আছোঁ।
: মিছা কৈছে আপুনি।
: কি সুখত মিছা ক’বলৈ যাম তোমাক? মিছা কোৱা মোৰ স্বভাৱ নহয়।
: বাৰু মানি লৈছোঁ সঁচা কৈছে বুলি। অলপ ৰ’ব। ময়ো আহোঁ। একেলগে মৰিম।
: তুমি মৰিলে স্মৃতিৰ কি হ’ব?
: যি হ’ব লগা আছে, তাকে হ’ব, ইমান ভাবিব লগা নাই। আপুনি দহমিনিট ৰওক। মই আহি আছোঁ।
: আহাঁ তেনে। মৰোঁ নমৰোঁ পাছৰ কথা এটা সুন্দৰ সন্ধিয়া তোমাৰ সৈতে কটাব পাৰিম।

পোন্ধৰ মিনিটৰ পাছত সঞ্জয় আহি ওলাল। মোক বিচাৰি নাপাব বুলিয়েই মই আহি পকা ৰাস্তাত ৰৈ আছিলো। মোক দেখি ক’লে— আচৰিত মানুহ দেই আপুনি। মই একো নামাতিলো। একেথৰে তালৈ চালো। বাইছ বছৰীয়া এটা ডেকা ল’ৰা। কিন্তু আত্মবিশ্বাসী। মই তাক যিমান দূৰ জানো, কোনো ধৰণৰ প্ৰলোভনৰ প্ৰতি আকৰ্ষণ নাই তাৰ। এটা সহজ-সৰল আৰু সুন্দৰ জীৱন বিচাৰে সি। কোনো উচ্চাকাংক্ষাও নাই। কেতিয়াও কাকো তোষামোদো নকৰে, নিজে কাৰো ওচৰত তল নপৰে। যি পাইছে তাক সদায় যোগাত্মক ভাবেৰে ল’বলৈ চেষ্টা কৰি আহিছে। বয়সত সৰু হ’লেও সঞ্জয়ৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। তাৰ বয়সৰ আন ল’ৰাকেইটাৰ তুলনাত তাক মোৰ ব্যতিক্ৰম যেন লাগে। মোক নিৰৱে ৰোৱা দেখি সি আকৌ ক’লে— কি হ’ল একো নকয় যে?
: ক’বলৈ একো নাই। কি ক’মনো! আহিলা যেতিয়া ব’লা অলপ খোজ কাঢ়োঁ।
: ব’লক তেনে।

আগগুৰি নোহোৱা কথা পাতি পাতি আমি খোজ কাঢ়িছোঁ। শৈশৱৰ পৰা দেশৰ ৰাজনীতিলৈকে, অফিচৰ লেঠাৰ পৰা পাকঘৰৰ ব্যঞ্জনলৈকে, চিনেমাৰ কহিনীৰ পৰা যৌবনৰ ভুললৈকে। দীঘলীয়া পথটোত খোজ কাঢ়োঁতে কাঢ়োঁতে সন্ধিয়াৰ আকাশত এটা দুটা তৰাই ভুমুকি মাৰিবলৈ আৰম্ভ কৰিলে। না সি পুৰুষ হৈ আছে না মই নাৰী হৈ থাকিলো। মাত্ৰ দুটা আত্মা হৈ আমি ইটোৱে সিটোৰ অস্তিত্ত্ব অনুভৱ কৰি গৈ থাকিলো। চাওঁতে চাওঁতে গোটেই আকাশখনকে তৰাই ৰূপোৱালী চাদৰ এখন হৈ ঢাকি ধৰিলে। জোন ওলোৱা নাই তেতিয়াও। বহুদূৰ যোৱাৰ পাছত সি ক’লে— ব’লক উভতোঁ। উভতি আহিলো। মোৰ আত্মহত্যাৰ পৰিকল্পনা ক’ৰবাত হেৰাই থাকিল। গাড়ীত উঠিবলৈ লৈ তাক সুধিলোঁ— তুমি কিয় আহিছিলা ইয়ালৈ? সি একো নামাতিলে। হাত দুখন মেলি মোক তাৰ বুকুৰ মাজত সুমুৱাই ল’লে। কপালত চুমা এটা আঁকি দি ক’লে— এইবাৰ ভাল ছোৱালীজনীৰ দৰে গাড়ীত বহক। আৰু একো কথা নক’ব। মই পাছে পাছে গৈ আছোঁ। মই ক’লো— চোৱাচোন আকাশত ইমান তৰাই লুকাভাকু খেলিছে! জোনবাইৰহে দেখা-দেখি নাই।
: তাত আকৌ জোনক ক’ত পাব। আকাশৰ জোনেই মই হৈ নামি আহি আপোনাৰ লগত আছোঁ দেখোন!
মুকলি মন এটা লৈ গাড়ী ষ্টাৰ্ট কৰি দিলো।

দুই

পাতনিটো দীঘলীয়া হ’ল। ক’ব খুজিছিলো প্ৰত্যেক মানুহৰ জীৱনত কেতিয়াবা এনে একোটা মোৰ আহে য’ত থিয় হৈ মানুহে ভুল-শুদ্ধ বিচাৰ কৰিব নোৱৰা হয়। সুস্থ-সবল মানুহ এজনো কেতিয়াবা অকস্মাৎ আত্মহত্যাৰ দৰে এক প্ৰতাৰণাৰ চিকাৰ হব লগা হয়। বহুতে কয়, আত্মহত্যা হেনো ভীৰুৰ কাম। অথবা পলৰীয়া লোকেহে আত্মহত্যা কৰে। কথাষাৰ কিমান দূৰ সত্য? ৰঙে-ৰসে ভৰা এই সুন্দৰ জীৱন এৰি কোন বলিয়াই কোনোদিনে নেদেখা মৃত্যুৰ সিপাৰৰ দেশখন চাবলৈ ঢাপলি মেলিব? ইমান সহজ জানো মৃত্যুক আঁকোৱালি লোৱা? তেনে চকুৰ আগত অকাল মৃত্যু দেখি কিয় শিঞৰি উঠোঁ বাৰে বাৰে? সৰুৰে পৰা কিছুমান নগ্ন সত্যক জীৱন্ত ৰূপত নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰিছোঁ। থানাৰ কেম্পাচত ডাঙৰ হোৱাৰ বাবেই বস্তাৰে বন্ধা হ’লেও মৃতদেহৰ সাক্ষী হৈছোঁ। সৰুতে বুকুত ভয় ভয় ভাব এটা লৈ দূৰৰ পৰাই চাওঁ আওমৰণে মৰা মৃতদেহবোৰ। আওমৰণে মৰা বুলি এইকাৰণেই কৈছো, থানালৈ স্বাভাৱিকভাবে মৰা মানুহৰ মৃতদেহ সাধাৰণতে নাহে। থানালৈ ডেড্‌বডি অনাৰ দিনা সৰু ল’ৰা-ছোৱালী কোনো বাহিৰলৈ নোলায় ভয়ত। একে পৰিৱেশত ডাঙৰ হ’লেও আমাৰ বাকীকেইটা ল’ৰা-ছোৱালীৰ মাজত মই এক ব্যতিক্ৰম হৈ দেখা দিলো। লোকচক্ষুৰ আঁৰত কিছুমান কথাৰ অৰ্থ মই নিজৰ মাজতেই ভঙা-গঢ়া কৰিবলৈ আৰম্ভ কৰিলো। ডাঙৰ হৈ অহাৰ লগে লগে মাৰ ব্যৱহাৰত ল’ৰা-ছোৱালীক লৈ দেখা দিয়া পাৰ্থক্যই মোক আৰু যুক্তিবাদী কৰি তুলিলে। বয়সতকৈ আগতেই মই বহুত ডাঙৰ হৈ গ’লো। চকুৰ আগত দেখা পৃথিৱীখনক মই আন ধৰণে চাবলৈ ধৰিলো। মনৰ মাজত সংগোপনে কঢ়িয়াই ফুৰোঁ নজনাক জনাৰ এক দুৰন্ত হাবিয়াস। মানুহৰ মনবোৰক চুই চোৱাৰ লোভ। মনস্তত্ব মোৰ প্ৰিয় বিষয় হৈ পৰিল। নিজৰ জীৱনতে পোৱা মানুহৰ প্ৰতাৰণা-প্ৰৱঞ্চনাই মোক জীৱনটো আকৌ নতুনকৈ চাবলৈ বাধ্য কৰিলে। ইমান দিনে ভাবি আছিলো, ময়ে দুখত আছোঁ। কিন্তু নহয়। যাকে লগ পাওঁ, তেৱেঁই দেখোন কয় জীয়াই থকাটো বৰ দুৰূহ। তাতকৈ মৃত্যুৱে শ্ৰেয়!

আচলতে জীৱন কি? পেটে-ভাতে দুবেলা দুসাঁজ সুখেৰে খাই-বই থকাকেই জীৱন বোলে নেকি? অথবা আহাৰ-নিদ্ৰা-মৈথুন— এয়েই জীৱন নেকি? জীৱন মানে আহাৰ-নিদ্ৰা-মৈথুনৰ ধাৰণাটো অতীজতে শুদ্ধ আছিল যদিও আজিৰ পৰিপ্ৰেক্ষিতত সেয়া নিশ্চয় শুদ্ধ নহয়। আজিৰ মানুহে কেবল খাবৰ বাবেই জীয়াই নাথাকে। পেটৰ-দেহৰ ক্ষুধা পূৰণৰ উপৰিও মন নামৰ অশৰীৰী অস্তিত্ত্বটোৰ চাহিদা পূৰণকহে আজিকালি জীয়াই থকাৰ মানদণ্ড হিচাপে গণ্য কৰা হয়। এসময়ত কেঁচা মঙহ, বনৰীয়া ফলমূল খাই উদৰ পূৰোৱা মানুহক আজি বিবিধ ব্যঞ্জনেও সন্তুষ্টি দিব নোৱাৰে কেতিয়াবা। কাৰণ ইয়াতো পেটৰ ভোকৰ লগতে মনৰ সন্তুষ্টিৰ কথা আহি পৰে। মন কি? মনক সন্তুষ্টি কিহে দিয়ে? জীৱন ধাৰণৰ লগত সংযুক্ত সকলো কথা-কাণ্ডই মনক সন্তুষ্টি দিব পাৰে। এতিয়া আহি পৰে ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো বোলা কথাষাৰ। মোৰ মনৰ বাবে আনন্দৰ উত্স হোৱা কথা বা কাৰ্যটো আন এজনৰ বাবে সুখৰ নহবও পাৰে। কোনোবাজন অলপ পালেই সন্তুষ্ট হয়, কোনোবাজন আকৌ বহুত পালেও সন্তুষ্ট নহয়। কাৰোবাৰ খাবৰ বাবে এসাঁজ ভাত নাই, কোনোবাই আকৌ খাই শেষ কৰিব নোৱাৰে। কাৰোবাৰ নিশাটোৰ বাবে মূৰটো গুজিবলৈ এডোখৰ নিৰাপদ আশ্ৰয় নাই, কাৰোবাৰ বিয়াগোম বিয়াগোম অট্টালিকাত থাকিবলৈ মানুহ নাই। নিঃকিন-নিচলাজনো কেতিয়াবা সুখী, ঐশ্বৰ্যশালীজনো কেতিয়াবা সংঘাতিকভাবে অসুখী।

আচলতে নিজৰ নিজৰ সীমাৰ ভিতৰত প্ৰত্যেকজন মানুহেই অসুখী। কোনোবাটো দুৰ্বল মুহূৰ্তত প্ৰতিজন মানুহেই চাগে এবাৰ হ’লেও মৰিব খোজে। মানুহে সময়ক বান্ধিব নোৱাৰে, কিন্তু সময়ে মানুহক ছলনা কৰে। সেইদিনা গুইজানত সেই মুহূৰ্তত কোনো নথকাহ’লে আজি এইবোৰ ক’বলৈ মই নাথাকিলোহেঁতেন চাগে! মৰিম বুলিও মই মৰিব নোৱাৰিলো। ইয়াকে নিয়তি বুলি কয় নেকি? নে আয়ুসত চাউল আছিল মোৰ? এই কথাখিনি মনলৈ আহিল মোৰ কণমানি বন্ধু কিৰণজ্যোতিৰ এটা এচএমএচৰ আঁত ধৰি। সি প্ৰায়েই আজিৰ মানুহৰ ভণ্ডামিৰ কথা পাতে মোৰ লগত। মানুহৰ মাজৰ পৰা হেৰাই যোৱা সঁচা মৰম-চেনেহৰ কথা পাতে। কথা প্ৰসংগতেই কণমানিটোৱে কৈছিল, তাৰ সন্মুখত যদি কোনোবাই আত্মহত্যা কৰিব খোজে, সি হেনো তেওঁক বচোৱাৰ কোনো চেষ্টাই নকৰে। মই উত্তৰত কৈছিলো— এয়া তুমি ভুল কথা কৈছা মুনু। জীৱন সকলোৰে বাবে বৰ মৰমৰ । মৰোঁ বুলি কোনেও মৰিব নোখোজে। যিজন মৰি যায়, তেওঁ ভীৰু বুলি নমৰে। মৰে এক ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈহে। এটা প্ৰতাৰণাৰ বলি হৈহে। আত্মপ্ৰতাৰণা! তেওঁ মৰিব খোজা সেই মুহূৰ্তটো যদি তোমাৰ সামৰ্থ্যৰে সলাই দিব পাৰা, কোনে জানে তেওঁ হয়তো আহিব ধৰা দিনবোৰত এজন সফল মানুহ হৈ উঠিব। এটা মাথোঁ মুহূৰ্ত! কিমান শক্তিশালী! ই জীৱন দিবও পাৰে, জীৱন ল’বও পাৰে। জীয়াই থকাতকৈ মৰিব খোজা মানুহ এজনক বেছি সাহসৰ প্ৰয়োজন। জীৱনৰ সফলতা-বিফলতাৰ জোখ-মাপ মৃত্যুৰে কৰা নাযায়। আজি মৃত্যুমুখী হোৱা আত্মা এটাক যদি অলপ সান্নিধ্য দিয়া, অলপ সহানুভূতি দিয়া, কিজানি কাইলৈ তেওঁও আন এজনৰ জীৱনৰ অবলম্বন হৈ উঠিব পাৰে।

আজিলৈকে অজস্ৰ উপন্যাস পঢ়িছোঁ যাদিও অনুৰাধা শৰ্মা পূজাৰীৰ লিখনি সেইবাবেই মোৰ আটাইতকৈ প্ৰিয় যে তেওঁৰ লিখনিত সদায় এটা যোগাত্মক দিশ থাকে, যিয়ে মোৰ দৰে অঘৰী আত্মাৰ জীৱনলৈকো খন্তেক স্থিৰতা আনি দিয়ে। ‘নাহৰৰ নিৰিবিলি ছাঁ’ পঢ়ি নেদেখাকৈয়ে দেখিছিলো বজ্ৰপাতে পুৰি পেলোৱা গছডালত নতুনকৈ কুঁহি মেলা আগটো! অনুৰাধা শৰ্মা পূজাৰীৰ কবিতা এটাৰেই সামৰণি মাৰোঁ—
মৃত্যু সহজ, সহজ প্ৰেমো
সহজ কাম মোৰ
প্ৰিয় নহয়,
মোক এটুকুৰা হৃদয়
দিয়া,
ধাৰলৈ হ’লেও
কিস্তি কিস্তিকৈ শোধ
কৰিম ঋণ
জীৱনেৰে,
জীৱন মোৰ বাবে
আটাইতকৈ কঠিন
জীয়াই থকাটো
তাতকৈয়ো…।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

2
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
2 Comment threads
0 Thread replies
0 Followers
 
Most reacted comment
Hottest comment thread
2 Comment authors
Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest
Apurba borah

Likhoni bur porhi hosakoyea val lagil

Guest
polash saikia

Bohut bohut bhal lagel pohi.. jeyai thokar parona palu..