অংকীয়া নাটৰ গদ্য: এটি চমু আলোচনা

অংকীয়া নাটৰ গদ্য: এটি চমু আলোচনা
  • 08 May, 2021

শ্ৰী কৃষ্ণৰ ভক্তি ধৰ্মৰ গুণ কীৰ্তনৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সৃষ্টি কৰা অংকীয়া নাটসমূহ অসমীয়া নাট্যকলাত এক অভিনৱ সংযোজন। মুখ্যতঃ ভগৱানৰ লীলা-মাহাত্ম্য জনসাধাৰণৰ মাজত সৰবৰহী কৰিবৰ কাৰণে, সৰ্বসাধাৰণ লোকসকলক নৃত্য-গীত-অভিনয়েৰে আকৰ্ষিত কৰিবৰ কাৰণে, লগতে তেওঁলোকৰ মনত এক বিমল আৰু পৱিত্ৰ আনন্দ দিবৰ কাৰণেই এই শ্ৰেণীৰ নাটৰ উদ্ভাৱন। বৈষ্ণৱ আন্দোলনে সৃষ্টি কৰা শঙ্কৰদেৱৰ এই অংকীয়া নাটৰ নাটকীয় গদ্যই হৈছে অসমীয়া গদ্য সাহিত্যৰ প্ৰথম নিদৰ্শন।

অংকীয়া নাট ৰচনাৰ আৰ্হি হৈছে সংস্কৃত নাটক। সংস্কৃত নাটকৰ ‘পূৰ্ব-ৰংগ’ৰ অনুৰূপ ‘ধেমালি’, ‘নান্দীশ্লোক’, ‘প্ৰস্তাৱনা’ আৰু ‘ভৰত বাক্য’ৰ অনুৰূপ— ‘মুক্তি মংগল ভটিমা’ আৰু সূত্ৰধাৰৰ বিপৰীতে অংকীয়া নাটৰ সূত্ৰধাৰত ‘ওজাপালি’ আৰু ‘পুতলা নাচ’ৰ ওজাৰ লক্ষণ বিদ্যমান। এই নাটসমূহত এটা মাত্ৰ অংক থকা এই বাবে এই নাটসমূহক ‘অংক’ বা ‘অংকীয়া নাট’ বোলে। মহাপুৰুষজনাই এই নাটসমূহক ‘নাটক’ আৰু স্থান বিশেষে ‘যাত্ৰা’ বুলিছে।

অংকীয়া নাটসমূহ মূলতে চাৰিটা উপাদানৰ সমষ্টি— শ্লোক, গীত, কথা আৰু সংলাপ। নাটবোৰৰ ভাষা হৈছে ‘ব্ৰজাৱলী’, যিটো বৈষ্ণৱসকলে সৃষ্টি কৰা এটি কৃত্ৰিম সাহিত্যিক ভাষা। ই মৈথিলী ভাষাৰ লগত অসমীয়া ভাষাৰ সংমিশ্ৰণ।

অংকীয়া নাটৰ গদ্য সন্দৰ্ভত অসমৰ বিশিষ্ট সাহিত্যিকসকলে মন্তব্য আগবঢ়াইছে। ড° মহেশ্বৰ নেওগে ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ত কৈছে— “নাটকীয় কথাক দুভাগে ভগাব পাৰি— কথা-সূত্ৰ আৰু ভাৱৰীয়াৰ বচন। গীত আৰু ভটিমাৰ দৰেই কথাৰ ভাষা ব্ৰজবুলি। ই স্বৰূপতে কবিতাৰ ভাষা। অসমীয়া গদ্যৰ প্ৰথম নিদৰ্শন এই নাটকীয় গদ্য প্ৰকৃততে ছন্দোময়, কাব্যময়।” (পৃঃ ৯২) ঠিক সেইদৰে ড° সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত লেখিছে— “এই নাটবোৰৰ গীতৰ কবিত্ব গুণ আৰু সুৰৰ সাঙ্গীতিক মাধুৰ্যৰ উপৰিও সংলাপৰ গদ্য আৰু সূত্ৰধাৰীৰ বৰ্ণনাত্মক গদ্যৰ স্বকীয় সৌন্দৰ্য আছে। এই গদ্যই অসমীয়া গদ্যৰ প্ৰাচীনতম নিদৰ্শন।” (পৃঃ ১২৭) একেদৰে, ‘অসমীয়া কথা সাহিত্য’ত ড° বিৰিঞ্চি কুমাৰ বৰুৱাই লেখিছে— “অংকীয়া নাটসমূহত প্ৰথমে অসমীয়া গদ্যৰ সাহিত্যিক ৰূপৰ পৰিচয় ঘটিছে। শঙ্কৰদেৱে গতানুগতিক পদ্য ভাষাৰ পৰা আঁ‌তৰি আহি অংকীয়া নাটত এটি সহজ-সৰল গদ্যৰ ৰূপ দিলে; লগে লগে কথ্য ভাষা আৰু ভংগীক সাহিত্যৰ শাৰীলৈ তুলিলে।” (পৃঃ ৩)

অংকীয়া নাটৰ গদ্যৰ বৈশিষ্ট্য তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—

(ক) অংকীয়া নাটসমূহ সংস্কৃত নাটকৰ আদৰ্শত ৰচনা কৰা হোৱা বাবে ইয়াৰ গঠন ৰীতি সংস্কৃত নাটকৰ আৰ্হিৰ আৰু বিষয়বস্তুও সংস্কৃতমূলক। সেই কাৰণে অংকীয়া নাটৰ কথাত সংস্কৃতৰ প্ৰভাৱ বিৰাজমান। সংস্কৃতত ৰচিত নান্দীশ্লোকৰ বাহিৰেও নাটৰ গদ্যত সংস্কৃত বাক্য আৰু অনেক তৎসম শব্দৰ ব্যৱহাৰ দেখা গৈছে। যেনে— ইতি জ্ঞাতা সৱে সাৱধানে থাক, পুনঃ সুত্ৰধাৰঃ অকাশে কৰ্ণং দত্তা সঙ্গীক বোল, দৈৱকী পুত্ৰ নাহি নাহি, স্বকী স্বকী স্থান, মত্ত মাতঙ্গ তদ্বং, ইতি সঙ্গী নিস্ক্ৰান্তাঃ ইত্যাদি।

(খ) অংকীয়া নাট আকৃতিৰ বিচাৰত ‘নাটক’ আৰু প্ৰকৃতিৰ বিচাৰত গীতিকাব্য। সেইবাবে ইয়াৰ কথোপকথনৰ ভাষাৰ মাজত সুৰৰ সংযোজন ঘটাটো স্বাভাৱিক। গতিকে অংকীয়া নাটৰ অভিনয়ৰ মাজতো গীত-পদ-নৃত্যৰ প্ৰাচুৰ্য পৰিলক্ষিত হয়। নাটৰ প্ৰতিজন ভাৱৰীয়াই নাচি নাচি জাত লগাই বচন মতাৰ বাবে নাটৰ লয়ৰ লগত সংগতি সাধিবলৈ সংগীতপ্ৰাণ গদ্য ভাষাৰ প্ৰয়োজন হৈ পৰিছিল।

(গ) বিশেষকৈ কৃষ্ণ মাহাত্ম্যৰ আখ্যানেৰে সৃষ্টি হোৱা অংকীয়া নাটসমূহত সংস্কৃত শ্লোকৰ গদ্য অনুবাদ সংযোজিত হৈছে। যেনে— ‘ৰুক্মিণী হৰণ’ নাটত ব্যৱহাৰ হোৱা গদ্যৰ বহুখিনিয়ে সংস্কৃত শ্লোকৰ অসমীয়া গদ্যানুবাদ। এই ক্ষেত্ৰত ‘কেলি গোপাল’ নাটৰ উদাহৰণ ল’ব পাৰি— “বাম বাহুত বাম কপোল মিলায়া, কেলি কদম্ব মোহন বেণু বাই। শুনি বেণু ধেনু ধৰত তৃণ দৰ্শন। বাহে নীৰ নয়ন ঝুৰায়ি।।” কথা— “শ্ৰীকৃষ্ণ বাম বাহু কপোলে থামি কোমল আঙ্গলিচয় চালি বেণু বজাৱয়, তা শুনি সুৰ সুন্দৰী সব মুৰুচি পড়ায়। ধেনুসৱ তৃণদন্তে নীৰ ঝুৰে”… ইত্যাদি।

(ঘ) অংকীয়া নাটত অনুপ্ৰাস আদি শব্দালংকাৰৰ বহুল প্ৰয়োগে নাটকীয় গদ্য পদ্যধৰ্মী কৰি তুলিছে। উদাহৰণ স্বৰুপে— জগতক পৰম গুৰু পৰম পুৰুষ পুৰুষোত্তম সনাতন ব্ৰহ্ম মহেশ সেৱিত চৰণ পংকজ নাৰায়ণ শ্ৰীশ্ৰীকৃষ্ণ; আপদ ঔষধি পাই সৰ্প দৰ্প ভেল ইত্যাদি।

(ঙ) অংকীয়া নাটৰ গদ্যত কথ্য ভাষাৰ ৰীতিৰ পৰিচয় পোৱা যায়। কথ্য ভংগীমাৰ লগত খাপ খোৱাকৈ সাধাৰণ প্ৰচলিত শব্দ, খণ্ডবাক্য, উপমা অলংকাৰাদিৰ ব্যৱহাৰ কৰা দেখা গৈছে। উদাহৰণ স্বৰূপে, ঘৰুৱা অসমীয়া উপমাৰ চানেকি হিচাপে দেখা পোৱা যায়— কাচক চহিতে মানিক হৰায়; যৈচে কলহ ভাগল; কদলিত বাতে উপাৰল (ৰুক্মিণী হৰণ); যৈচে শিশিৰ পৰি পদ্ম সঙ্কোচিত ভেল; যৈচনে বনাগ্নি বৃষ্টি জলে নিৰ্বাণ ভেল (কালীয় দমন); যৈচে সিংহক আগু বালক হৰিণ ৰাম (ৰাম বিজয়) ইত্যাদি। কথ্য ৰীতিৰ সুন্দৰ প্ৰয়োগ হোৱা ‘পাৰিজাত হৰণ’ নাটৰ শচী আৰু সত্যভামাৰ কথোপকথনৰ মাজতো দেখা পোৱা যায়—

“শচী: অয়ে সত্যভামা, তোহাৰি স্বামী মাধৱক কথা সব হামু জানি। ওহি গোপী বৈ প্ৰাণ গোপাল। ওনিকৰ আগু গোকুলৰ স্ত্ৰী নাহি ৰহল।…
সত্যভামা: অয়ে ইন্দ্ৰাণী, জগতক পৰম গুৰু হামাৰি স্বামী, যাহেৰ নাম সুমৰণে মহা মহা পাপীসবো সংসাৰ নিস্তাৰে, তাহেক অতয়ে নিন্দা কৰহ? অয়ে নিলাজী মৰিতে নাজানস। তোহাক স্বামী ইন্দ্ৰক কথা কহিতে ঘিণেসে উপজে। দেখো অমৰাৱতীক যত নটী তোহোক স্বামীক সে নাহি আটল।”

সেইদৰে, মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’ নাটৰ কথাত পোৱা যায়—

“যশোদা: আহে বুঢ়িয়া; তোহাৰি ভাৱনা চুৰ কৰব। তোহু হামাৰি ৰাখোৱাল।… ধেনু ৰাখিবি, গাই দুহিবি, দধিক ভাৰ বহিবি।”

‘ৰুক্মিণী হৰণ’ নাটত ৰুক্মিণীয়ে কৃষ্ণলৈ পঠোৱা প্ৰেমপত্ৰখনিত প্ৰাচীন পত্ৰ লিখা পদ্ধতিৰ পৰিচয় পোৱা যায়—

“স্বস্তি শ্ৰীপৰমেশ্বৰ সুৰাসুৰ বন্দিত পাদপদ্ম প্ৰপন্ন জন তাৰণ নাৰায়ণ শ্ৰীশ্ৰীকৃষ্ণচৰণ সৰোজেষু।”… “হে স্বামী, ভিক্ষুক মুখে তব গুণ ৰূপ শুনিয়ে কায়বাক্যমনে তোহাক পতি ভাবে বৰইছি।…”

(চ) অংকীয়া নাটৰ গদ্যৰ ভাষাত প্ৰাকৃতৰ প্ৰভাৱ পৰিছে। ধ্বনি-শব্দ-ধাতুৰূপ আৰু পদ প্ৰয়োগত ই প্ৰতিফলিত হৈছে। ভাষা সংগীতধৰ্মী হোৱা বাবে প্ৰাকৃতৰ দৰে পদান্তৰ স্বৰধ্বনি উচ্চাৰিত হৈছে। ‘ঋ-কাৰ’ৰ ঠাইত শুধ স্বৰধ্বনি আথবা ‘ৰ’ যুক্ত স্বৰধ্বনি প্ৰয়োগ দেখা গৈছে। যেনে— ঘৰিণী<গৃহিণী, মাই<মাতৃ। ‘অ’যুক্ত খ, ধ-ধ্বনিৰ ঠাইত ‘হ’, যেনে—মুহ<মুখ, বিহি<বিধি ইত্যাদিৰ প্ৰয়োগ হৈছে। প্ৰাকৃতত পদৰ আদিত থকা যুক্ত ব্যঞ্জন এটিৰ লোপ পায়। যেনে— ৰ, ব, স লোপ হয়; স্বৰ-ভক্তিয়ে যুক্ত ব্যঞ্জনৰ বিচ্ছেদ ঘটায়। নাটকৰ ভাষাত এনে দৃষ্টান্ত হৈছে— তাৰাসে<ত্ৰাস, পৰমাণ<প্ৰমাণ, ভৰময়<ভ্ৰময়, পৰসাদ<প্ৰসাদ, তৱধ<স্তব্ধ আদি। পদৰ মাজত থকা যুক্ত ব্যঞ্জনধ্বনি কেতিয়াবা সমীভূত হৈছে নতুবা কোনো স্থানত স্বৰভক্তিৰ সংযোগত পৃথক হোৱা দেখা গৈছে। যেনে— শবদ<শব্দ, ভকতি<ভক্তি, মলান<ম্লান।

(ছ) আধুনিক অসমীয়াত ব্যৱহৃত বিভক্তিৰ প্ৰায়বোৰেই অংকীয়া নাটৰ ভাষাত লক্ষ্য কৰা যায়। কৰ্তা কাৰকত সংস্কৃত ‘এন’ৰ পৰা উদ্ভৱ হোৱা এ, য়ে, ঞঁ, ঞেঁ, ঞি বিভক্তি যোগ হৈছে। বিশেষ্য পদৰ পিছত অ-আ বা উ হ’লে সাধাৰণতে ‘এ’ বিভক্তি ‘ই’ হয়। কৰ্ম কাৰকত কৃত ৰূপৰ পৰা ওলোৱা ‘ক’ বিভক্তিৰ প্ৰয়োগ হৈছে। সংস্কৃতৰ এন-ভিস্ বিভক্তিৰ পৰা ওলোৱা এ, এৰ, এৰে, কেৰে (আৱল ৰাজ সভাকেৰি কোল) আদি বিভক্তিৰ ৰূপ কৰণ কাৰকত যোগ হৈছে। সম্প্ৰদান কাৰকত ক-কহু-এ আৰু সংস্কৃত লগ্ ধাতুৰ কৰ্মবাচ্যৰ অতীত কৃদন্ত ৰূপ ‘লগ্ন’ (প্ৰাকৃত লগ্ গ,লগয়তি)-ৰ পৰা ওলোৱা লাই, লাগিয়া আদি বিভক্তিৰ প্ৰয়োগ হৈছে। সম্বন্ধ কাৰকত ষষ্ঠী বিভক্তিৰ চিন ৰ, এৰ, ক, কেৰ যোগ হৈছে। অধিকৰণ কাৰকত সংস্কৃত (ত্ত<ত)-ৰ পৰা ওলোৱা ত, তেৰ ব্যৱহৃত হৈছে। অধিকৰণত ‘এ’ বিভক্তিৰ প্ৰয়োগ দেখা যায়; যেনে— “হা হা দৈৱ বিধি কোনো অপৰাধে হামাক বঞ্চল”(ৰাম বিজয়)। আধুনিক অসমীয়াত কবিতাৰ ভাষাত আৰু খণ্ডবাক্যত সপ্তমীত ‘এ’ ব্যৱহাৰ হয়। অংকীয়া নাটত ঘৰে ঘৰে, সুখে দুখে ইত্যাদি ব্যৱহৃত হৈছে। সপ্তমীত ‘হি’ বিভক্তিৰ প্ৰয়োগ— “ঘৰহি ঘৰহি”(ভূষণ হেৰোৱা)।

(জ) অংকীয়া নাটৰ গদ্যত সৰ্বনাম বিভক্তিহীন আৰু বিভক্তিযুক্ত (তীৰ্যক বা সামান্য) দুয়োটা ৰূপৰ প্ৰয়োগ হৈছে। যেনে— উত্তম পুৰুষত ময়ি, মঞি, হামু, হামাৰি, মো, মোৰ, মজু, মুঝ, আমাসা ইত্যাদি। অনুনাসিকৰ ‘মঞি’ প্ৰয়োগ, হামু সংস্কৃতৰ অহং (<হেমুং)-অৰ পৰা আহিছে। হামাৰি, হামাৰ আদি পদৰ সম্বন্ধ প্ৰাকৃত প্ৰত্যয় কৰক— কেৰা, কৰা আদিৰ লগত আছে, যেনে— অম্‌হকৰকো<অম্‌হঅৰও< আস্মাৰাউ<হামাৰো আদি। আত্মবোধক সৰ্বনাম ‘আপোন’ স্বৰ সংগতিৰ ফলত ‘আপুন’ৰ সৃষ্টি হৈ বহু ঠাইত প্ৰয়োগ হৈছে। মধ্যম পুৰুষত তুহু, তযু, তুৱা, তোহাৰ আদি পদৰ ব্যৱহাৰ হৈছে। সম্বন্ধবাচক সৰ্বনামত সংস্কৃত যস্য (প্ৰাকৃত জস্‌স<জি স্ স)ৰ পৰা উদ্ভৱ হোৱা যোহি, সোহি পোৱা যায়। বহুবচন বুজাবলৈ সব, সকল, জন, চয়, গণ, যুথ আদি সমষ্টিবাচক শব্দৰ ব্যৱহাৰ হৈছে। সেইদৰে বিশেষ্য, বিশেষণ, সৰ্বনাম অথবা অসমাপিকা পদ দ্বিত্ব কৰিও বহুবচন কৰিছে, যেনে— সাধু সাধু, জয় জয়, ঘণ ঘণ, পেখু আদি। স্ত্ৰীলিংগ বিশেষ্য পদৰ বিশেষণত স্ত্ৰী প্ৰত্যয়ো মাজে মাজে পোৱা যায়; যেনে— ভক্তা সীতা। যৌগিক বিশেষণ অথবা সমাস বা বাক্যাংশৰে গঠিত হোৱা বিশেষণ, যেনে— “ৰঘুকুল কমল প্ৰকাশ সূৰ্য্য ৰামচন্দ্ৰ”(ৰামবিজয়)।

(ঝ) অংকীয়া নাটৰ গদ্যত ধাতুৰ মৌলিক আৰু যৌগিক দুয়োটা ৰূপেই আছে। অতীত আৰু ভৱিষ্যতত ক্ৰমে ‘ইল’ আৰু ‘ইব’ৰ প্ৰয়োগ হৈছে। অসমাপিকা ৰূপৰ লগত ‘আছ’ ধাতু যোগ হৈ যৌগিক ক্ৰিয়া পদৰ সৃষ্টি হৈছে; যেনে— কহৈছ<কহি+আছ,ৰহৈছ<ৰহি+আছে; আছ-ৰ ঠাইত কেতিয়াবা ‘থিক’ (সংস্কৃত স্থা বা স্থিতৰ পৰা উদ্ভৱ হোৱা) প্ৰয়োগ হৈছে। বৰ্তমান কালত অন্তি আৰু এন্তৰ ব্যৱহাৰ আছে। কৃদন্ত ৰূপ কহুৰ ব্যৱহাৰ আছে। সম্প্ৰদান কাৰক আৰু সম্বন্ধ পদৰ বিভক্তি ৰূপেও কহুৰ প্ৰয়োগ দেখা যায়। অসমাপিকা ক্ৰিয়াৰ বহুল প্ৰয়োগ হৈছে; -ই, -ইয়া, -ইয়ে, -কহু, -কয় আৰু -তে (হামু বিদ্যমান থাকিতে কাহাক ভয় থিক)। সেইদৰে একেটি বাক্যতে একাধিক অসমাপিকা ক্ৰিয়াৰ উদাহৰণ আছে; যেনে— “ৰামক মাতা কৌশল্যা শ্ৰীৰামক বিজয় বৰ বাত শুনিয়ে অনেক স্ত্ৰী সব সহিতে পৰম মংগল গীত আনন্দে বাজনা বজায় বৰ কন্যাক হাত এক ঠাম কৰিকহো মহোৎসৱে গৃহ প্ৰৱেশ কৰাৱল।”(ৰাম বিজয়)

❧ | আৰু পঢ়ক: অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য

লোকনাট্য আৰু শাস্ত্ৰীয় নাট উপাদান সংমিশ্ৰণত সৃষ্ট অংকীয়া নাটসমূহে পোন প্ৰথমে অসমীয়া নাট্য পৰম্পৰাক গঢ় দি এটি মহৎ বৈশিষ্টপূৰ্ণ অৱদান আগবঢ়ালে। চৰিত পুথি আৰু বুৰঞ্জীসমূহৰ আগলৈকে অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত নাটকীয় গদ্য হিচাপেও অংকীয়া নাটৰ ভূমিকা অতুলনীয়।

সহায়ক গ্ৰন্থপঞ্জী:
১. ড° বিৰিঞ্চি কুমাৰ বৰুৱা: অসমীয়া কথা সাহিত্য, দশম সংস্কৰণ, ২০১৬
২. ড° সত্যেন্দ্ৰনাথ শৰ্মা: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, দশম সংস্কৰণ, ২০১১
৩. ড° প্ৰফুল্ল কটকী: ক্ৰমবিকাশত অসমীয়া কথাশৈলী, সপ্তম সংস্কৰণ, ২০১৫
৪. ড° মহেশ্বৰ নেওগ: অসমীয়া সাহিত্যৰ ৰূপৰেখা, ত্ৰয়োদশ তাঙৰণ, ২০১৯

ছবি: সুজিত দাস

অংকীয়া নাটৰ গদ্য: এটি চমু আলোচনা | উৰ্বশী টুমুং

Follow Nilacharai on Facebook