শৰৎ বৰকটকীৰ কবিতা

হৃদয়ৰ খোৰোঙত হাত ভৰাওঁতে

হৃদয়ৰ খোৰোঙত হাত ভৰাওঁতেই
বৰষুণৰ মাটিত পিছল খাই
সপোন নদীৰ মাজ পালেগৈ

ইপাৰৰ চাকনৈয়া সিপাৰৰ ঢৌ

পছোৱা বতাহত
পালতৰা নাও এৰিলো
নদীৰ মাজত মাছবোৰেও ক’লে
ইমান অসাৱধান নে

পাহাৰৰ গা ঘঁহি নামি আহিল সন্ধ্যা
চাকিৰ পোহৰত
নাৱৰ আন্ধাৰ সিঁচি খেপিয়াই ফুৰিলো

বসন্তৰ খিৰিকিমুখত
খোপা বান্ধি খিলখিলাই থকা
সপোনৰ সেউজীয়াখিনি

দেহৰ ঘনিষ্ঠ উষ্ণতা
মানকী মধুৰি
এতিয়া স্মৃতি

বাৰ, তিথি, বছৰ পাৰ হ’ল
পাৰ হ’ল উৎসৱ

সপোনৰ সেউজীয়াখিনি
নদীৰ বুকুত জাহ গ’ল
ক’ত দ্ৰৱীভূত কৰোঁ দুখৰ শব্দ

চাৰিওফালে শোকাকুল নদীৰ পানী
হৃদয়ৰ খোৰোঙত হাত ভৰাওঁতেই।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar