FAQ

নীলা চৰাই সম্পৰ্কত সঘনে উত্থাপিত প্ৰশ্নসমূহ

নীলা চৰাইৰ প্ৰকাশৰ ধৰণ কি? ই মাহৰ কিবা নিৰ্দিষ্ট তাৰিখে প্ৰকাশ হয় নেকি?

নীলা চৰাইত লেখা মাহৰ যিকোনো দিনতে প্ৰকাশ হ’ব পাৰে। ছপা আলোচনীৰ দৰে ই মাহ বা পষেকৰ মূৰত প্ৰকাশ হোৱা ধৰণটো মানি নচলে।

নীলা চৰাইত নতুন লেখা প্ৰকাশ হ’লে কেনেকৈ গম পাম?

নতুন লেখা প্ৰকাশ হোৱাৰ লগে লগে জানিবলৈ নীলা চৰাইৰ হোৱাটছএপ চেনেল, ফেচবুক পৃষ্ঠা আৰু টুইটাৰ এক্স প্ৰফাইল অনুসৰণ কৰি থওক। নতুন লেখা প্ৰকাশ হ’লেই এই চছিয়েল চেনেলসমূহত সেই বিষয়ে আপডেট দিয়া হয়।

নীলা চৰাইত কেনে ধৰণৰ লেখা প্ৰকাশ হয়?

নীলা চৰাইত প্ৰায় সকলো প্ৰকাৰৰ মৌলিক লেখা (প্ৰবন্ধ, গল্প, কবিতা, ৰস ৰচনা, মননশীল লেখা, উপন্যাস আদি) আৰু অনূদিত লেখা প্ৰকাশ পায়। ইয়াৰ উপৰি সৃজনীমূলক আলোকচিত্ৰ আৰু তথ্যসমৃদ্ধ আলোকচিত্ৰও প্ৰকাশ পায়।

নীলা চৰাইলৈ মই লেখা পঠাব পাৰিমনে?

নিশ্চয় পাৰিব।

কেনে ধৰণৰ লেখা পঠাব পাৰিম?

ওপৰত উল্লেখ কৰা ধৰণৰ সকলো লেখা (প্ৰবন্ধ, গল্প, কবিতা, ৰস ৰচনা, মননশীল লেখা, উপন্যাস আদি) আৰু অনূদিত লেখা পঠাব পাৰিব। অৱশ্যে নতুনত্ব থকা আৰু চিন্তা উদ্ৰেককাৰী লেখা প্ৰকাশত আমি গুৰুত্ব দিওঁ। অনূদিত লেখাৰ ক্ষেত্ৰত মূল লেখাৰ শিৰোনাম আৰু ভাষা, মূল লেখকৰ নাম আৰু চমু পৰিচয় আৰু সম্ভৱ হ’লে মূল লেখাৰ প্ৰতিলিপিও লগতে পঠাব লাগে।

লেখা কি ধৰণে পঠাম?

লেখা ইউনিকোড ফণ্টৰে টাইপ কৰি (মোবাইলত টাইপ কৰিলেও হ’ব) মাইক্ৰচফট .doc/.docx ফৰ্মেট নাইবা .txt ফৰ্মেটত আমালৈ ই-মেইল যোগে প্ৰেৰণ কৰিব। লেখা পঠাবৰ বাবে আমাৰ ই-মেইল ঠিকনা: [email protected]

লেখাৰ লগত ছবি/ফটো পঠাব লাগিব নেকি?

আপোনাৰ লেখাৰ লগত সম্পৰ্ক থকা আলোকচিত্ৰ বা অঁকা ছবি আমালৈ পঠাব পাৰে, কিন্তু পঠোৱাটো বাধ্যতামূলক নহয়। এটা কথা মন কৰিব, কোনো পৰিস্থিতিতে ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰা ছবি আমালৈ নপঠাব।

মোৰ লেখা প্ৰকাশ হ’বই বুলি নিশ্চিত হ’ব পাৰোঁনে?

দুঃখিত, আপোনাৰ লেখা নেদেখালৈকে প্ৰকাশৰ নিশ্চয়তা আমি দিব নোৱাৰোঁ। কোনো এটা লেখা আমাৰ ওচৰ পোৱাৰ পাছত প্ৰকাশৰ উপযোগী বুলি আমাৰ সম্পাদনা সমিতিয়ে বিবেচনা কৰাৰ পাছত প্ৰয়োজন অনুসৰি সম্পাদনা কৰাৰ পাছতহে লেখা প্ৰকাশ হয়।

প্ৰকাশৰ উপযোগী বুলি বিবেচিত হ’লে লেখা পঠোৱাৰ পৰা কিমান দিনৰ ভিতৰত প্ৰকাশ হয়?

প্ৰকাশ হোৱাৰ সময়টো বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যদিও সাধাৰণতে এসপ্তাহ সময়ৰ প্ৰয়োজন হয়। পূৰ্ব নিৰ্ধাৰিত সূচী আৰু লেখা এটাত কৰিবলগীয়া সম্পাদনাৰ ওপৰত নিৰ্ভৰ কৰি এই সময় কম-বেছি হ’ব পাৰে। সুলিখিত লেখা, কম বৰ্ণাশুদ্ধি, কম কাৰিকৰী অশুদ্ধি আদিয়ে প্ৰকাশৰ সময় চমু কৰিব পাৰে।

নীলা চৰাই কোনে প্ৰকাশ কৰে?

নীলা চৰাই এটি অপেছাদাৰী প্ৰকল্প। ইয়াক এটি সাহিত্য-সাংস্কৃতিক অনুষ্ঠান ‘ইত্যাদি’ৰ উদ্যোগত প্ৰকাশ কৰি থকা হৈছে।

নীলা চৰাই প্ৰকাশৰ বাবে পুঁজিৰ যোগান কোনে ধৰে?

এতিয়ালৈকে ‘নীলা চৰাই’ ৱেবচাইটটো প্ৰতিষ্ঠাপক সম্পাদকৰ গাঁঠিৰ ধনেৰেই চলাই থকা হৈছে। দুই-এক শুভাকাংক্ষীৰ আৰ্থিক হাত-উজানে মাজে-সময়ে আমাক সহায় কৰিছে।

নীলা চৰাই-এ লেখকক মাননি দিয়ে নেকি?

এই মুহূৰ্তলৈকে ‘নীলা চৰাই’ৰ পৰা আমাৰ কোনো ধৰণৰ আৰ্থিক আমদানি নোহোৱাৰ পৰিপ্ৰেক্ষিতত ইচ্ছা থাকিলেও আমি লেখকক মাননি দিব পৰা হোৱাগৈ নাই।

কিন্তু ‘নীলা চৰাই’ত গুগলৰ বিজ্ঞাপন দেখা পাওঁ? বিজ্ঞাপনৰ পৰা আপোনালোকৰ আমদানি হোৱা নাই নেকি?

এতিয়ালৈকে নাই হোৱা। গুগলৰ নিয়ম অনুসৰি ধন পাব পৰা অৱস্থাত ‘নীলা চৰাই’ এতিয়াও উপনীত হোৱাগৈ নাই।

মাজে মাজে নীলা চৰাইত গুগলৰ পৰা অলপ আপত্তিজনক বিজ্ঞাপন দেখা পাওঁ। এয়া বন্ধ কৰিব নোৱাৰিনে?

গুগলে কি বিজ্ঞাপন দেখুৱাব, সেয়া ‘নীলা চৰাই’ৰ ওপৰত নিৰ্ভৰ নকৰে। সাধাৰণতে ব্যৱহাৰকাৰী এজনে ইণ্টাৰনেটত কেনে ধৰণৰ ৱেবচাইট চায়, কি কিনা-বেচা কৰে, তাৰ ওপৰত নিৰ্ভৰ কৰি গুগলে ব্যক্তিজনক লক্ষ্য কৰি বিজ্ঞাপন (targeted ad) প্ৰকাশ কৰে।

নীলা চৰাইৰ বাবে মই অলপ বৰঙনি দিব খোজোঁ, কেনেকৈ দিম?

অনুগ্ৰহ কৰি আপোনাৰ ইচ্ছা প্ৰকাশ কৰি আমালৈ [email protected] ঠিকনাত এটা ই-মেইল পঠাওক, আমি বৰঙনি দিয়াৰ বিভিন্ন উপায়ৰ বিষয়ে আপোনাক জনাবলৈ পালে সুখী হ’ম।

নীলা চৰাইৰ বাবে মোৰ কেইটামান পৰামৰ্শ আছে, কেনেকৈ জনাম?

অনুগ্ৰহ কৰি আমালৈ [email protected] ঠিকনাত ই-মেইল কৰি আপোনাৰ পৰামৰ্শ জনাওক। ইয়াৰ উপৰি আমাৰ যোগাযোগ পৃষ্ঠাৰ জৰিয়তেও পৰামৰ্শ জনাব পাৰে।

নীলা চৰাইত মই বিজ্ঞাপন প্ৰকাশ কৰিব বিচাৰোঁ, কেনেকৈ আগবাঢ়িম?

অনুগ্ৰহ কৰি আমালৈ [email protected] ঠিকনাত ই-মেইল কৰি আপোনাৰ ইচ্ছাৰ বিষয়ে জনাওক।

Last update: 1st of Jan 2019