মৃত্যু

মৃত্যু
  • 19 Feb, 2024

Night, sleep, death and the stars.
—WALT WHITMAN

এন্ধাৰে আহি সাবটি ধৰাত
উন্মোচিত হ’ল নিশা

ৰহস্য খামুচি চিঞৰি উঠে
শিপাই যোৱা পোহৰৰ ছায়ামূৰ্তিবোৰে

নীল এন্ধাৰৰ চিয়াঁহীৰে মৃত্যুৰ শৰীৰে লিখে
প্ৰেমৰ স্তৱক

বতাহত সুহুৰি বাজিল
মোৰ বেদনাৰ ক্ষীণ অস্পষ্ট প্ৰতিবিম্বৰ

এন্ধাৰৰ কঠিন পৰিধিয়ে আৱৰা
হে প্ৰাচীন নিশাৰ মৃত্যু,
কঢ়িয়াই আনা অপাৰ্থিৱ আনন্দৰ ঐকতান সংগীত

❧ | আৰু পঢ়ক:

মৃত্যু | কৌশিক কুমাৰ দাস