নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

নৱকান্ত বৰুৱাৰ কবিতা: পলস

নৱকান্ত বৰুৱাৰ কবিতা: পলস

পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ন
বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ
কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ান
কলঙ কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড়।
বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল।

ডাৱৰে কি ক’লে: দিয়া আৰু দিয়া, নিঃশেষকৈ দিয়া
আলিৰ কানত গছপুলি ৰোৱা— এটা হাইস্কুল খোলা
পথিক প্ৰিয় যে সদায় বাটত, কাঢ়া দুটা হুমুনিয়া
উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা
আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুয়ো কূল।

আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সীৰলুত
আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত
জাতিস্মৰৰ হাঁহি উঠা সাধু। সপোন অন্ধ যি গলিত
আমি থাকোঁ, তাৰে নয়ানজুলিত সিহঁতৰ ভৱিষ্যৎ?

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
নৱকান্ত বৰুৱাৰ কবিতা: পলস | নৱকান্ত বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

নাভাবিবা মোক বন্ধু বুলি
  • কবিতা
    • ডা° হেমন্ত কুমাৰ গোস্বামী

নাভাবিবা মোক বন্ধু বুলি

উচ্চতাৰ পদ্য

উচ্চতাৰ পদ্য