তিনিটা স্তৱক

১.
কালি গোটেই ৰাতি
নব্বৈটা শৰালিৰ উচুপনিত
আকাশখন দো খাই আছিল
সিহঁতৰ ভাগীৰথী চকুলোত
আধাপোৰা ঘৰবোৰ জী উঠিব নে?

২.
সোণালী পানীৰ নৈখন
হঠাত্‍ ৰঙচুৱা হ’ল
বতাহৰ পাখিও খহি পৰিল
বুকুত দা ধৰোৱা শিলৰ হেঁচা।

৩.
নেকান্দিবি ককাই,
ফেঁচু চৰাইৰ ডেউকাত বাতৰি পথাবি
একেলগে বান্ধিম পুনৰ
সুখৰ দুখৰ আটোমটোকাৰি ঘৰ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

চন্দন চিৰিং ফুকন

ফোন : +৯১ ৮০১১৩১৪৮৮৫

Leave a Reply

Be the First to Comment!

avatar