বিশ্ব সাধুকথা কোৱা দিৱস: সাধু সাধু সাধু, খাই কঁঠালৰ বাদু…

বিশ্ব সাধুকথা কোৱা দিৱস: সাধু সাধু সাধু, খাই কঁঠালৰ বাদু…
  • 16 Mar, 2024
(২০ মাৰ্চৰ ‘বিশ্ব সাধুকথা কোৱা দিৱস’ উপলক্ষে)

সা ধুকথা লোকসাহিত্যৰ এক অবিচ্ছেদ্য অংগ। সাধাৰণ মানুহৰ মুখে মুখে বাগৰি অহা সাহিত্যকে লোক সাহিত্যৰ আখ্যা দিয়ালৈ চাই সাধুকথাৰো যে কোনো নিৰ্দিষ্ট স্থায়ী ৰচয়িতা নাই, এই কথাষাৰত পতিয়ন যাব পাৰি। অতি সাধাৰণভাৱে সন্ত বা সাধুজনে দিয়া উপদেশ বা নীতিশিক্ষাই হ’ল সাধু, যি উপদেশ পোনপটীয়াকৈ নিদি কাহিনীৰ আশ্ৰয়ত দিয়া হয়। এই সাধুকথাই শিশুসকলক বিশেষভাৱে আকৰ্ষিত কৰে এইবাবেই যে সাধুত গছ-বন, পাত-ফুল, জীৱ-জন্তুৱেও মানুহৰ দৰে কথা কয়, কান্দে, হাঁহে। সাধুকথাবোৰ মূলতঃ কল্পনা প্ৰধান। সেই কল্পনাৰ ভেজা লৈয়ে শিশুৱে নিজৰ কল্পনা শক্তিৰ বিকাশ ঘটাই নিজে কাল্পনিক কাহিনী ক’ব পৰা হয়।

২০ মাৰ্চৰ দিনটো প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশত ‘বিশ্ব সাধুকথা কোৱা দিৱস’ (World Storytelling Day) হিচাপে উদযাপিত হৈ আহিছে। প্ৰথমে ১৯৯১-৯২ চনত চুইডেনত কেইজনমান সাধুকথা পঢ়ি ভাল পোৱা লোকে তেওঁলোকৰ দেশত সেই দিনটোতে সাধুকথাৰ এক অনুষ্ঠানৰ আয়োজন কৰিছিল। পাছত ১৯৯৭ চনত অষ্ট্ৰেলিয়াতো পাঁচ সপ্তাহ জুৰি ‘সাধুকথাৰ দিন’ উদযাপন কৰিছিল। মেক্সিকো আৰু দক্ষিণ আমেৰিকাৰ কেইবাখনো দেশেও ২০ মাৰ্চৰ দিনটো সাধুকথাৰ ৰাষ্ট্ৰীয় দিৱস ৰূপে পালন কৰিবলৈ লয়। ২০০২ চনত নৰৱে, ডেনমাৰ্ক, ফিনলেণ্ড আৰু ইষ্ট’নিয়াত ২০মাৰ্চ দিনটো সাধুকথাৰ দিন হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। ২০০৩ চনত কানাডা আৰু আন কেইবাখনো দেশেও এই দিনটোক বিশ্ব সাধুকথাৰ দিন ৰূপে পালন কৰে। ২০০৬ চনৰ ভিতৰত পাঁচখন মহাদেশৰ ২৫খন দেশে ২০ মাৰ্চৰ দিনটো ‘বিশ্ব সাধুকথা কোৱা দিৱস’ হিচাপে পালন কৰা প্ৰথা আৰম্ভ কৰিলে।

বিশ্ব সাধুকথা কোৱা দিৱস

‘বিশ্ব সাধুকথা কোৱা দিৱস’ নামৰ এটা অনুষ্ঠানে বিশেষ আঁচনি হাতত লৈ প্ৰতি বছৰে ২০ মাৰ্চত সমগ্ৰ বিশ্বতে একোটা বিষয় (থীম)ৰ ওপৰত সাধুকথাৰ দিৱস পালন কৰাৰ আনুষ্ঠানিকভাৱে আয়োজন কৰে।

২০০৪ চনত সাধুকথা দিৱসৰ বিষয় আছিল ‘চৰাই’ , ২০০৫ চনত ‘দলং’, ২০০৬ চনত ‘জোনবাই’, ২০০৭ চনত ‘যাদুকৰ’, ২০০৮ চনত ‘সপোন’, ২০০৯ চনত ‘প্ৰতিৱেশী’, ২০১০ চনত ‘ছাঁ আৰু পোহৰ’, ২০১১ চনত ‘পানী’, ২০১২ চনত ‘গছ’, ২০১৩ চনত ‘সৌভাগ্য আৰু ভাগ্য’, ২০১৪ চনত ‘দৈত্য-দানৱ’, ২০১৫ চনত ‘আশা আকাংক্ষা’, ২০১৬ চনত ‘শক্তিৰূপী নাৰী’, ২০১৭ চনত ‘ৰূপান্তৰ’, ২০১৮ চনত ‘জ্ঞানী মূৰ্খ’, ২০১৯ চনত ‘আখ্যান, সাধু আৰু মহাকাব্য’, ২০২০ চনত ‘ভ্ৰমণ’, ২০২১ চনত ‘নিজৰ নিজৰ সাধু কোৱা’, ২০২২ চনত ‘হেৰুওৱা আৰু ঘূৰাই পোৱা’ ২০২৩ চনত ‘লগ লাগি আমি কৰিব পাৰিম’ আৰু এই বৰ্ষৰ অৰ্থাৎ ২০২৪ বৰ্ষৰ বিষয় ভাতৃত্ববোধৰ চিন্তাৰে ‘সেতু বন্ধন’।

অসমীয়া সমাজত সৱাতোকৈ বেছি সমাদৃত হোৱা সাধুকথাৰ কিতাপখন হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ । যোৱা এশ বছৰতকৈও অধিক কাল অসমীয়া সাহিত্যত বৰগছ হৈ থিয় দি থকা, বহু যুগ ধৰি শিশু আনকি ডাঙৰ মানুহৰো মানসিক চাহিদা পূৰ কৰিব পৰা একমাত্ৰ সাধুৰ পুথিখনেই হ’ল ‘বুঢ়ী আইৰ সাধু’। জোনাক নিশা চোতালত বহি সাধু শুনা, তেজীমলাৰ দুখত সমভাগী হৈ চকুপানী টোকা কথাবোৰ প্ৰত্যেক অসমীয়াৰ দিনলিপিৰ একোটা অলিখিত পাঠ। ২০১২ চনৰ পৰা ‘বুঢ়ী আইৰ সাধু’ প্ৰণয়নৰ ১০০ বছৰৰ পাছত অসমতো সাধুকথাৰ বিশেষ চৰ্চা আৰম্ভ হৈছে। ‘মৌচাক’ আলোচনীয়ে এই ক্ষেত্ৰত পূৰ্বৰে পৰা বিশেষ উদ্যোগ লৈ আহিছে।

দেশ-বিদেশ আৰু অসমৰ বহু ঠাইৰ লগতে নগাঁও জিলাতো ‘অকণিৰ সাহিত্য সভা’ৰ উদ্যোগত আৰু সদৌ অসম লেখিকা সন্থাৰ নগাঁও শাখা, জ্যোতি চিত্ৰাংকন বিদ্যালয় আৰু অন্যান্য অনুষ্ঠানৰ সহযোগত প্ৰতি বছৰে ২০ মাৰ্চ তাৰিখৰ পৰা ২৬ মাৰ্চ তাৰিখলৈ সপ্তাহজোৰা ‘বিশ্ব সাধুকথা কোৱা দিৱস’ উদযাপন কৰি অহা হৈছে।

বিশ্ব সাধুকথা কোৱা দিৱসৰ লগো বিশ্ব সাধুকথা কোৱা দিৱসৰ লগো

অসম সাহিত্য সভাইও কুল শইকীয়াৰ সভাপতিত্বৰ কালত সাধু কোৱা বিষয়ত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে। এক্স (পূৰ্বৰ Twitter)ৰ অসমীয়া এখন মঞ্চয়ো যোৱা দুই-এবছৰ ধৰি সাধুকথা কোৱাৰ এক সৰৱ চৰ্চা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। এই বৰ্ষত ‘মৌচাক’ আলোচনীৰ উদ্যোগত, ‘অকণিৰ সাহিত্য সভা’ আৰু নগাঁৱৰ শিশু অনুষ্ঠান ‘জ্যোতিষ্ক’ৰ যুটীয়া সহযোগত বিশ্ব সাধুকথা কোৱা দিৱসটি নগাঁৱৰ ভাস্কৰ মজলীয়া বিদ্যালয়ত উলহমালহেৰে উদযাপন কৰাৰ চিন্তা-চৰ্চা কৰিছে।

এইখিনিতে উল্লেখযোগ্য যে অকণিৰ সাহিত্য সভাই ২০১৩ চনত ইংলেণ্ড, আমেৰিকা আদি দেশৰ পাঠকে পঢ়িব পৰাকৈ বুঢ়ী আইৰ সাধুৰ ইংৰাজী অনুবাদ Burhi Aair Sadhu (য’ত ৩১টা সাধু সন্নিৱিষ্ট কৰা হৈছে) হিচাপে প্ৰকাশ কৰিছে। গ্ৰন্থখনিৰ মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰে আমেৰিকা নিবাসী ড° নীলাক্ষি ফুকন আৰু ড° মণিকা শইকীয়াই। সম্পাদকৰ দায়িত্বত আছে অনন্যা হিলৈদাৰী।

অসমীয়া সাধুকথাৰ পুথিৰ ভঁৰালটো অতি চহকী। কেৱল বুঢ়ী আইৰ সাধু পুথিখনেই নহয়; পঞ্চতন্ত্ৰৰ সাধু, জাতকৰ সাধু, ঈছপৰ সাধু আৰু বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত সাধুবোৰেও অসমীয়া সাধু পুথিৰ চাহিদা পূৰাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ইণ্টাৰনেটৰ জগতত সাধুকথাৰ চাহিদা পূৰাবৰ বাবে অসমীয়া ভাষাত ‘কাণখোৱা’ (kankhowa.in) নামৰ এখন শিশু আলোচনীও মুকলি হৈছে।

বিশ্ব সাধুকথা কোৱা দিৱস কাণখোৱা

কাণখোৱা আলোচনী

বৰ্তমানৰ যুগত সাধুকথাৰ প্ৰাসংগিকতা যেন সৱাতোকৈ বেছি। মোবাইল, লেপটপ আদিৰ ডিজিটেল পৃথিৱীত নিজস্বতা হেৰুৱাই পেলোৱাৰ মুহূৰ্তত অভিভাৱকসকলে নিজৰ সন্তানৰ হাতত তুলি দিয়ক এখন সাধুৰ কিতাপ। “কিতাপ পঢ়িম, জগত জিনিম” বাক্যশাৰী ১০০ শতাংশই সঁচা। ফেচবুক, হোৱাটছএপ, ইউটিউবৰ জৰিয়তে জগত জিনাতকৈ কিতাপৰ জৰিয়তে জগত চিনিলে বা জিনিলে বেছি লাভদায়ক হ’ব। কিতাপ পঢ়াৰ এক আন্দোলন অসমত বৰ্তমান খুবেই প্ৰয়োজন। এখন দেশত এজন ৰজা আছিল, এখন হাবিত এটা বাঘ আছিল,— সেই দেশখন, সেই হাবিখন আকৌ বিচাৰোঁ আহক। সেই অচিন দেশ, অচিন হাবিখন বিচাৰি আকৌ সাধুৰ কিতাপখন মেলি লওঁ আহকচোন।

আমি প্ৰস্তাৱ কৰোঁ— ২০ মাৰ্চৰ বিশ্ব সাধুকথা কোৱা দিৱসৰ পৰা ২৬ মাৰ্চৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিনলৈকে অসমত সপ্তাহজোৰা সাধুকথা সপ্তাহ পালন হওক।

❧ | আৰু পঢ়ক:

বিশ্ব সাধুকথা কোৱা দিৱস: সাধু সাধু সাধু, খাই কঁঠালৰ বাদু… | দ্বীপজ্যোতি বৰা