বিৰিঞ্চি শইকীয়াৰ কবিতা

এজাক বতা চৰাই

তোমাৰ পৰা মোলৈ
মোৰ পৰা তোমালৈ
বাঢ়ি অহা দুখবোৰ
বিৰিণা ফুলৰ সুগন্ধত
মৰহি গ'ল

সুখৰ কেঁচা নিয়ৰে
তোমাৰ মোৰ
ঢাকি ধৰিলে
কোনেও নেদেখাকৈ
নিবিড়ভাৱে

অহা-যোৱা কৰি থাকিল
মোৰ পৰা তোমালৈ
তোমাৰ পৰা মোলৈ
প্ৰেম-ভালপোৱাৰ
এজাক বতা চৰাই।

«

এয়া যে তাৰেই সময়

এয়া যে তাৰেই সময়
উশাহত সেউজীয়া লোৱাৰ

শাওণৰ পথাৰত
ছটিয়াই দিয়া
সেউজীয়া আবিৰৰ
প্ৰতিটো টোপাল

বেলিৰ ৰঙাখিনিৰে
গভীৰ কৰা
তোমাৰ শীতল আকাশ
এয়া পাহৰি যোৱাৰ সময়
জলফাই পাতৰ
কটুৰ হালধীয়াখিনি

এয়া যে তাৰেই সময়
আহাঁ, ইজনে সিজনে
একাত্ম হওঁ
পি খাওঁ
এই সেউজীয়া সময়।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of