প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা
  • 15 Jul, 2012

কবিতা

মৰি গৈছিল বুকুৰ গছজোপা মোৰ,
খৰাঙত মৰি গৈছিল বুকুৰ দূবৰি বন,
ৰ’দত হঠাৎ অদ্ভুত ৰাতিৰ নিদ্ৰা ভাঙি
সাৰ পাই দেখিলো গছজোপাত
দুখিলা পাত ঠন ধৰি উঠা
দূবৰি বনত দুটোপাল নিয়ৰ জানো,
তুমি বৰষুণ হৈ নামিছিলা জানো,
তুমি নিয়ৰ হৈ সৰিছিলা যোৱা ৰাতি
মোৰ মৃত্যুক ভেটি।

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা | প্ৰণৱ কুমাৰ বৰ্মন

Follow Nilacharai on Facebook