আপোনাৰ সন্তানটিক কেনেদৰে গঢ়ি তুলিব

আপোনাৰ সন্তানটিক কেনেদৰে গঢ়ি তুলিব
  • 25 Jun, 2023

প্ৰ তি গৰাকী পিতৃ-মাতৃয়েই নিজ নিজ সন্তানক ভৱিষ্যতে এগৰাকী সু-নাগৰিক হিচাপে উজলি উঠাটো আশা কৰে। এই উদ্দেশ্যৰেই সকলো পিতৃ-মাতৃয়েই নিজৰ জীৱনত সফল, সুখী আৰু শান্তি লাভৰ বাবে সন্তানক তিনি-চাৰি বছৰ বয়সৰ পাছৰ পৰাই জ্ঞান লাভৰ কাৰণে বিদ্যালয়লৈ পঠিয়াবলৈ আৰম্ভ কৰে, কষ্ট কৰে, গধুৰ কিতাপ-বহীৰ বোজা কণমানি শিশুটোৰ পিঠিত উঠাই দিবলৈ কুণ্ঠাবোধ নকৰে। যেন এক অঘোষিত প্ৰতিযোগিতাত নামি পৰে। পুৱা শুই উঠিয়েই শিশুটিৰ বাবে টিফিন সজোৱা, পানীৰ বটল যোগোৱা, স্কুলীয়া পোছাক, জোতা-টাই পিন্ধোৱাত ব্যস্ত হৈ পৰা এনে পিতৃ-মাতৃৰ লগত সেই সময়ত কথা পতাটোৱেই এক জটিল বিষয়ত পৰিণত হয়। এয়া সাম্প্ৰতিক সময়ৰ অধিকাংশ পৰিয়ালৰে এখন বাস্তৱ ছবি।

হয়, শিশুসকলেই হ’ল আমাৰ ভৱিষ্যত সমাজৰ গুৰি ধৰোঁতা। প্ৰতিজন শিশুকে এক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তোলাটো সকলো সুস্থ লোকৰে যে নিতান্ত কৰ্তব্য, তাত দ্বিমত থাকিব নোৱাৰে। কিন্তু প্ৰশ্ন হয়, একমাত্ৰ পিঠিত কিতাপ-বহীৰ গধুৰ বোজা জাপি দি বিদ্যালয়লৈ পঠিয়াই দিলেই শিশুজনে প্ৰকৃত শিক্ষা লাভ কৰি নিজকে গঢ়ি তুলিব পাৰিবনে? নিশ্চয় নোৱাৰে। প্ৰকৃতপক্ষে শিশুৰ শিক্ষাৰ কঠিয়াতলীখন হ’ল নিজৰ ঘৰখন। ঘৰখনতেই জন্মৰে পৰা শিশুৱে শিক্ষা লাভ কৰে নৈতিকতাৰ, শিক্ষা লাভ কৰে পৰিৱেশ ৰক্ষাৰ, মাত-কথাৰ, ব্যৱহাৰ পাতিৰ, চাল-চলনৰ আৰু নীতি-শিক্ষাৰ। এই দিশত আমি পিতৃ-মাতৃসকল কিমান সচেতন, সেই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

এক কথাত, প্ৰতিজন শিশুৰে চাৰিত্ৰিক দিশৰ বিকাশত বিদ্যালয়তকৈও প্ৰধান ভূমিকা থাকে ওপজা ঘৰখনৰ। ঘৰখনত জন্মৰে পৰা শিশুটোৱে যি পৰিৱেশ পায়, সেয়া অনুকৰণ কৰে আৰু সময়ত সিয়েই শিশুটোৰ মানসিকতাত প্ৰতিফলিত হয়। বিশেষকৈ পিতৃ-মাতৃ, ককাক-আইতাক, ঘৰৰ অন্যান্য জ্যেষ্ঠসকলৰ পৰা পোৱা ঘৰুৱা শিক্ষাই শিশুক যথেষ্ট প্ৰভাৱিত কৰে। কিন্তু আজিৰ অৱস্থাত শিশুৱে ঘৰখনত কেনে পৰিৱেশত থাকি ডাঙৰ-দীঘল হৈছে, সেয়া সকলোৱে প্ৰত্যক্ষ কৰি আছে। অধিকাংশ পৰিয়ালত স্বচ্চল পিতৃ-মাতৃয়েই নিজৰ সন্তানক ডাঙৰ-দীঘল কৰা দেখা গৈছে এক যান্ত্ৰিক পৰিৱেশত। জন্মৰ পৰা দুই-তিনি বছৰলৈ মাটিৰ স্পৰ্শ নোপোৱাকৈ ৰাখি ৰ’দ-বতাহ-বৰষুণৰ পৰা আঁতৰাই ৰাখি একমাত্ৰ হোমৱৰ্ক, ভিডিঅ’ গেম, টিভি আদিৰ জগতত সুমুৱাই ৰাখি, ইটো নাপায়-সিটো নাপায়কৈ কাষৰ ঘৰখনৰ লোকসকলৰ সংস্পৰ্শলৈও যাব নিদিয়াকৈ এক অস্বাভাৱিক পৰিৱেশত ডাঙৰ-দীঘল কৰি তেওঁলোকৰ ফুল-কুমলীয়া মন আৰু অন্তৰত ব্যক্তিকেন্দ্ৰিকতা, স্বাৰ্থপৰতা আদি প্ৰবৃত্তিসমূহ সুমুৱাই দিবলৈহে যত্ন কৰা দেখা গৈছে। ফলত শিশুসকলে চাল-চলন, ব্যৱহাৰ-পাতি, কথা-বতৰা, মান সন্মান ৰক্ষা আদি গুণসমূহৰ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ কেৱল ‘পাপা-মামী’ৰ লগতে দিন অতিবাহিত কৰি ডাঙৰ-দীঘল হ’ব লগাত পৰিছে, যাৰ ফলত শিশুসকলে সাধাৰণ শিষ্টাচাৰখিনিও নজনাকৈ ডাঙৰ-দীঘল হ’ব লগা হৈছে।

আমি সকলোৱেই অনুভৱ কৰি আহিছোঁ যে অতীতৰ সেই সোণসেৰীয়া সাধুকথাবোৰ, চোতালৰ জুহালখন, ককাক-আইতাকক খুন্দনাত নাতিয়েকে খুন্দি খাবলৈ দিয়া তামোলখন, সন্ধিয়া গোঁসাই ঠাইখনত চাকি এগছ জ্বলাই নাতি-নাতিনীক লগত লৈ গোৱা প্ৰাৰ্থনাভাগৰ দৃশ্য নোহোৱা হৈ পৰিল। জুহালখনৰ উম লৈ আইতাক-ককাকৰ কোলাত মূৰ গুজি ‘সাধু এটা কোৱানা’ বুলি আবদাৰ কৰা সেই সুন্দৰ-সুমধুৰ দৃশ্যৰ কথা আজিৰ সন্তানে কল্পনা কৰিব পাৰিবনে? ‘এখন দেশত এজন খৰিকটীয়াই নদীৰ পাৰলৈ গৈ…’— এনে ধৰণৰে সুন্দৰ সুন্দৰ সাধুৰ মাজেদি নীতিকথা, আচাৰ-ব্যৱহাৰ আদিৰ প্ৰশিক্ষণ দিয়াৰ পদ্ধতি, লাচিত বৰফুকন, ধাত্ৰী পান্না, বীৰ চিলাৰায়, কনকলতা, জয়মতী আদি বীৰ-বীৰাঙ্গনাৰ ত্যাগৰ কাহিনী সাধুকথাৰ দ্বাৰা শিশুৰ কোমল অন্তৰত সাঁচ বহুৱাব পৰাকৈ কোৱা কাহিনীবিলাকৰ পৰা আজিৰ সন্তান বাৰুকৈয়ে বঞ্চিত। সাধুকথা জাতীয় সাহিত্যৰ আপুৰুগীয়া সম্পদ। এই সম্পদৰ লগত চিনাকি হ’লেহে ডাঙৰ হৈ শিশুটিয়ে নিজকে সংস্কৃতিবান হিচাপে চিনাকি দিয়াৰ পথ বিচাৰি পাব। কিন্তু কাৰ্যতঃ তেওঁলোক এই সমূহৰ পৰা বাৰুকৈয়ে বঞ্চিত হৈ আছে।

এটা কথা স্বীকাৰ্য যে প্ৰত্যেক শিশুৱেই যাতে স্ব-প্ৰতিভাৰে মহিমামণ্ডিত হৈ সৎ চিন্তা আৰু সৎ কাৰ্যৰ দ্বাৰা দেশ, জাতি আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াব পাৰে, তাৰ বাবে শিশু অৱস্থাৰ পৰাই প্ৰকৃত সাঁচত গঢ় দিয়াৰ দায়িত্ব প্ৰকৃতিগতভাৱেই অৰ্পিত হৈ আছে পিতৃ-মাতৃ আৰু অভিভাৱকৰ ওপৰত। বিশেষকৈ মাতৃগৰাকীৰ ওপৰত বহুলাংশে নিৰ্ভৰ হৈ থাকে শিশুৰ মাজত অংকুৰণৰ বাবে অন্তৰ্নিহিত হৈ থকা সমস্ত সম্ভাৱনা। মাতৃৰ হাতৰ মমতাময় পৰশৰ দ্বাৰাহে শিশুৱে গঢ় লৈ সমাজ আৰু জাতিৰ বাবে দায়বদ্ধ প্ৰতিভাৰে জিলিকি উঠিব পাৰে। এক কথাত, মাতৃগৰাকীয়েই হ’ল প্ৰকৃত শিক্ষয়িত্ৰী, প্ৰকৃত শিপিনী। পিতৃৰ তদাৰকত মাতৃৰ পৰা পোৱা শিক্ষাই শিশুক যথেষ্ট প্ৰভাৱিত কৰে। স্বাভাৱিকতে শিশু অনুকৰণপ্ৰিয়। কোনো কোনো ক্ষেত্ৰত শিশুসকলে সাধাৰণতে তেওঁলোকৰ সমনীয়াসকলক অনুকৰণ কৰি পিতৃ-মাতৃ বা অভিভাৱকক কিছুমান দাবী কৰে। সমনীয়া শিশুৱে যি কৰে, যি লয়, তেওঁকো সেইটোকে ল’বলৈ বা কৰিবলৈ লাগে। শিশুৰ ক্ষেত্ৰত এয়া স্বাভাৱিক প্ৰবৃত্তি। গতিকে শিশুসকলে দাবী কৰি খোজা বস্তুবোৰৰ ক্ষেত্ৰত অৱহেলা কৰাটো যুক্তিসংগত নহয় আৰু সিহঁতৰ কথাত গুৰুত্ব দি সমাধান কৰাৰ চেষ্টা চলালেহে শিশু আনন্দিত তথা সন্তুষ্ট হ’ব আৰু পিতৃ-মাতৃ বা অভিভাৱকৰ প্ৰতি আকৰ্ষিত হ’ব।

শিশু হ’ল পৰিয়ালটোৰ উত্তৰাধিকাৰী। স্থায়ী সম্পত্তি। গতিকে প্ৰতিগৰাকী পিতৃ-মাতৃয়েই শিশু বুজা হোৱাৰ পৰাই দিনটোৰ কিছু সময় সন্তানৰ লগত কটোৱাটো সৱাতোতকৈ দৰকাৰী বিষয়। ইয়াৰ লগে লগে শিশুক শিক্ষা দিব লাগে ইতিবাচক চিন্তাৰ। ইতিবাচক চিন্তাই সকলো ভাল গুণৰ অধিকাৰী হোৱাত সকলো ব্যক্তিকে সহায় কৰে। ইতিবাচক চিন্তাই সমাজত সু-প্ৰভাৱ বিস্তাৰ কৰে, আনৰ প্ৰিয়ভাজন হয়, ব্যক্তিত্ব গঢ়ি উঠে। সৰ্বোপৰি সকলো ধৰণৰ দুৰ্ভাৱনা আৰু বিৰক্তিৰ পৰা নিজকে আঁতৰাই ৰাখি সুখী ব্যক্তি হিচাপে জীৱন অতিবাহিত কৰিব পাৰে, কোনো বিৰূপ চিন্তা-চৰ্চাই গ্ৰাস কৰিব নোৱাৰে, এখন সন্মানীয় আসন সকলোতে লাভ কৰে। সেয়ে সৰুৰ পৰাই শিশুক সদায় ইতিবাচক চিন্তাৰ প্ৰতি আগ্ৰহশীল কৰাৰ লগতে শিশুৰ সন্মুখত পৰ-সমালোচনা বা কোনোধৰণৰ নেতিবাচক আলোচনা কৰাৰ পৰা বিৰত থাকিব লাগে।

আমি সকলোৱেই জানো যে সুখ মানৱ জীৱনৰ আপুৰুগীয়া সম্পদ। সমগ্ৰ জীৱন কোনো মানুহেই সুখী হৈ থাকিব নোৱাৰে। জীৱনলৈ অহা ঘাত-প্ৰতিঘাত, দুখ-দুৰ্দশা আদি হাঁহি মুখেৰে গ্ৰহণ কৰি তাৰ মাজেৰে মসৃণ পথৰ আৱিষ্কাৰ কৰি আগবাঢ়িব পৰাজনেই সময়ত সুখী জীৱন যাপন কৰাৰ সুবিধা লাভ কৰিব পাৰে। সেয়ে শিশুটিকো একমাত্ৰ সুখতেই আৱদ্ধ কৰি ৰখাৰ কথা চিন্তা কৰিলে সময়ত তেওঁৰ জীৱনলৈ অহা দুখ-হতাশাসমূহৰ মুখামুখি হ’ব নোৱাৰি হাবুডুবু খাই অথাই সাগৰত পৰাৰ সম্ভাৱনাহে অধিক।

প্ৰাৰ্থনা হ’ল শিশুৰ ব্যক্তিত্ব গঠনৰ এক অপৰিহাৰ্য অংগ। প্ৰাৰ্থনাই মানুহৰ মন-দেহ আদি প্ৰশান্ত কৰি ৰাখে। জীৱনত দেখা দিয়া বিভিন্ন সমস্যা, হতাশা, উত্তেজনা, নেতিবাচক চিন্তা আদি প্ৰাৰ্থনাৰ জৰিয়তে আঁতৰাই অনাবিল আনন্দ উপভোগ কৰাৰ লগতে মন মুকলি হৈ অন্তৰত সাহসৰ উদ্ৰেক কৰে। মন মুকলি হয়। সুন্দৰ আৰু সৎ চিন্তাই মনত ভুমুকি মাৰে। সেয়ে প্ৰত্যেক শিশুক বুজা হোৱাৰ পাছৰে পৰা নিজ নিজ ৰীতি-নীতিৰ মাজেদি প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰোৱাটো শিশুৰ চাৰিত্ৰিক গঠনৰ অন্যতম প্ৰধান উপাদান হিচাপে স্বীকৃত হৈ আহিছে।

নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ জৰিয়তেও শিশুক অধিক কৃতকাৰ্য ৰূপত গঢ় দিব পৰা যায়। তাহানিৰ দিন বৰ্তমান আধুনিক যুগত ভাৱিব নোৱৰা কথা। সময় সলনি হোৱাৰ লগে লগে মানুহৰ জীৱন যাত্ৰা সলনি হৈছে। ব্যস্ততাৰ সীমা নোহোৱা হৈছে। পশ্চিমীয়া ৰীতি-নীতি মানি চলিবলগীয়া হৈছে। তথাপিতো প্ৰত্যেক পিতৃ-মাতৃয়ে কিছুমান নীতিশিক্ষা প্ৰদানৰ জৰিয়তে শিশুক এটা সুন্দৰ পথৰ সন্ধান নিশ্চয়কৈ দিব পাৰে। দয়া, মায়া, মমতা, ক্ষমা আদি গুণসমূহৰ অধিকাৰী কৰিবৰ বাবে যত্ন কৰাটো প্ৰত্যেক পিতৃ-মাতৃৰ নিতান্ত কৰ্তব্য হোৱা উচিত। ডাঙৰক সন্মান কৰা, আচাৰ-ব্যৱহাৰ, শিষ্টাচাৰ, চাল-চলন আদিবোৰৰ শিক্ষা ঘৰখনতেই শিশুক দিব লাগিব।

আগৰ কালত জুইৰ কাষত বহি শুনা সাধুকথাবিলাক আছিল নীতিশিক্ষাৰে পৰিপূৰ্ণ একো একোটা পাঠ। যথাৰ্থতে সাধুকথাই শিশুসকলক মনোৰঞ্জন আৰু আমোদ দিয়াৰ লগতে নৈতিকতা আৰু আধ্যাত্মিকতাৰ শিক্ষা প্ৰদান কৰে। ভাল-বেয়া, পাপ-পুণ্য, ন্যায়-অন্যায় আদি বিচাৰ কৰাৰ শক্তিকণ শিশুৱে এই সাধুকথাবিলাকৰ পৰাই আহৰণ কৰে। সম্প্ৰতি সেই দিন নাই। সাধু কাক কয় আজিকালিৰ শিশুৱে নেজানে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। চোতালত খেলা চেংগুটি, বৌ-গুদু, তামোলৰ ঢকুৱাত চোঁচৰাই নিয়া খেল, বিৰিংগুটিৰ খেল, চোতালত বা গোহালি ঘৰত তামোলৰ ঢকুৱা, নাৰিকলৰ পাতৰে মুকুট সাজি কৰা ভাওনা, ভাত-ধেমালি আদিৰ মাজেদি লগ-সমনীয়া শিশুসকলৰ মৰম-চেনেহ, আন্তৰিকতাৰ বান্ধোন, এঘৰৰ শিশুৰ ওপৰত কাষৰ ঘৰৰ লোকসকলৰ দায়বদ্ধতাৰ বহিৰ্প্ৰকাশ আদিৰ দৰে সোণালী শৈশৱৰ দিনবোৰ এতিয়া মাথোন সাধুকথাতহে পৰিণত হৈ পৰিছে।

অপৰাধ প্ৰৱণতাইও শিশুসকলক কোনো কোনো ক্ষেত্ৰত ক্ৰিয়া কৰা দেখা যায়। শিশুৰ মনত অপৰাধ প্ৰৱণতা গঢ়ি উঠাৰ মূলতে হ’ল ঘৰৰ আৰু আশেপাশে থকা অসুস্থ সামাজিক পৰিৱেশ, টিভি, মোবাইল আদিৰ অপব্যৱহাৰ। সেয়ে কোনো ধৰণৰ অপৰাধ প্ৰৱণতাৰ বলি যাতে শিশুসকল হ’ব নোৱাৰে, তাৰ প্ৰতি চকু দিয়াটো প্ৰত্যেক পিতৃ-মাতৃৰ একান্ত কৰ্তব্য হোৱা উচিত। এই দিশত এটা কথা লক্ষ্য কৰা উচিত যে দেহৰ সুস্থ বিকাশৰ বাবে যেনেদৰে সুষম আহাৰৰ প্ৰয়োজন, ঠিক তেনেদৰে সুস্থ মানসিক বিকাশৰ বাবে শিশুক পৰ্যাপ্তভাৱে মানসিক আহাৰ যোগান ধৰাটোও প্ৰয়োজন। এই ক্ষেত্ৰত পিতৃ-মাতৃ আৰু অভিভাৱকসকলৰ দায়িত্বও যথেষ্ট বেছি। অতিপাত মৰম, কঠোৰ শাসন আৰু ৰঙা চকুৱে শিশুৰ অনিষ্টহে কৰে। অপ্ৰয়োজনীয় বস্তুৰ যোগানৰ ফলত শিশু অধিক ক্ষেত্ৰত অনুশাসন নমনা, উদণ্ড হৈ পৰাহে দেখা যায়। মৰম-চেনেহ আৰু সহমৰ্মিতাৰ জৰিয়তেহে শিশুক প্ৰকৃত পথৰ সন্ধান যে দিব পাৰি, সু-চৰিত্ৰবান কৰিব পাৰি, সেই কথা সৰ্বজন সমৰ্থিত। শিশুৱে কৰা যিকোনো ধৰণৰ দোষত শিশুক শাস্তি প্ৰদান কৰাতকৈ মৰমৰে দোষখিনি দেখুৱাই দি তেনে কামে যে ক্ষতি কৰে, সেইটো বুজাই দিব পাৰিলে সকলো শিশুৱেই সন্তুষ্ট হ’ব। কিন্তু বিপৰীতে ৰঙা চকু দেখুৱাই শাস্তি প্ৰদান কৰিলে শিশু জেদী হৈ পৰে, সেয়া সকলোৱে জনা কথা। শিশু হ’লেও সকলোৰে আত্ম-সন্মান থাকে, আত্ম-সন্মানত আঘাত হ’লে শিশু হ’লেও তেওঁলোক অপমানিত হয়, খঙাল হয়, জেদী হয়, দুখ পায়। গতিকে শিশুৰ কোমল অন্তৰত যাতে কোনোধৰণৰ আঘাত নপৰে, এটা সুস্থ পৰিৱেশত মৰম-চেনেহৰ মাজত যাতে শিশুটি ডাঙৰ-দীঘল হ’ব পাৰে, সেই সম্পৰ্কে সচেতন হোৱাহে অতীব প্ৰয়োজনীয় কথা।

অনুসন্ধিৎসু মন হ’ল শিশুসকলৰ এটা সাধাৰণ প্ৰৱণতা। শিশু ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ চকুৰ সন্মুখত থকা বিভিন্ন সামগ্ৰী, বিভিন্ন ঘটনা আদিৰ বিষয়ে বা কোনোবাই কথা পতা বিষয়বস্তুৰ বিষয়ে জানিবৰ কাৰণে হেঁপাহ জন্মে। এনে বিষয়ে সততে শিশুক আকৰ্ষণ কৰে, অনুকৰণ কৰাৰ মন কৰে। গতিকে শিশুৱে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে, চুই চাবলৈ মন কৰে। নাচাবা, নযাবা, নকৰিবা আদি হাক-বচনসমূহক গুৰুত্ব নিদি বিপৰীতে যোৱাৰ মন কৰে। প্ৰশ্নৰ ওপৰত প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে। এয়াই হ’ল শিশুৰ সহজাত প্ৰবৃত্তি। এনে কৌতুহল প্ৰৱণতাই শিশুৰ মানসিক বিকাশত আৰু শিক্ষালাভত যথেষ্ট সহায় কৰে। সেয়ে সকলো পিতৃ-মাতৃয়েই শিশুৰ এই অনুসন্ধিৎসু স্বভাৱক গুৰুত্ব দি, সন্মান জনাই উপযুক্তভাৱে সকলো কথা বুজাব পাৰিলে শিশু সন্তুষ্ট হয় আৰু মানসিক বিকাশত বিশেষভাৱে সহায়ক হয়।

সম্প্ৰতি আমাৰ আধুনিক জীৱন যাত্ৰাত ভোগবাদী আৰু বস্তুবাদী চিন্তাধাৰাই আগুৰি ধৰি সমাজখনক উশৃংখল কৰি তুলিছে। অপৰাধ প্ৰৱণতাই এনেদৰে গা কৰি উঠিছে যে আমাৰ যুৱপ্ৰজন্ম ইয়াৰ দ্বাৰা বেয়াকৈ আক্ৰান্ত হৈছে। আমি অশেষ আশাৰে, অশেষ সাধনা আৰু পৰিশ্ৰমৰে এখন সংসাৰ গঢ়ি তুলি নৱপ্ৰজন্মৰ সৃষ্টি কৰিছোঁ, জীৱনৰ সমষ্ট কষ্ট সেই নৱপ্ৰজন্মৰ নামত উৎসৰ্গা কৰিছোঁ, আমি সকলোৱেই সপোন ৰচোঁ— আমাৰ দ্বাৰা সৃষ্ট এই নৱপ্ৰজন্মই তেওঁলোকৰ জ্ঞানৰ জ্যোতিৰে সমাজখন আলোকিত কৰক। পিতৃ-মাতৃ হিচাপে সকলোৰে সাৰ্থকতা তাতেই। কিন্তু সেই সপোন দিঠকত পৰিণত হ’বৰ বাবে পিতৃ-মাতৃ বা অভিভাৱক হিচাপে যি কৰ্তব্য পালন কৰিব লাগে, সেই কৰ্তব্যৰ প্ৰতি যদি আমি সজাগ নহওঁ, তেতিয়া স্বাভাৱিকতেই লহপহীয়াকৈ বাঢ়ি অহা শিশুটি সময়ত ভোগবাদী, বস্তুবাদী চিন্তাধাৰাৰ সোঁতত বিলীন হৈ নিজৰ শিপাডালক পাহৰি যাবলৈ বেছি সময় নালাগিব।

আমি পাহৰি যাব নালাগিব, সম্প্ৰতি বেয়াকৈ গা কৰি উঠা যুৱ প্ৰজন্ম তথা সমাজখনৰ ক্ষয়িষ্ণু ৰূপটোৰ বাবে আমি প্ৰধানকৈ যুৱচামক জগৰীয়া কৰোঁ যদিও আচলতে পিতৃ-মাতৃ অথবা অভিভাৱকে নিজে পালন কৰিব লগা দায়িত্ববোধৰ কথাখিনিহে অধিক চিন্তা কৰিবলগা হিচাপে ভবাটো উচিত। এক কথাত, প্ৰত্যেক পৰিয়ালৰ প্ৰতিগৰাকী পিতৃ-মাতৃ আৰু অভিভাৱকেই কিছু ত্যাগ, আদৰ্শ আৰু সংযম বজাই ৰাখি নিজ নিজ সন্তানক উপযুক্ত সংস্কাৰৰে আদৰ্শবান কৰি গঢ়ি তুলিলে যথাৰ্থতে এখন সুস্থ-সবল সমাজ সৃষ্টি কৰিব পৰা যাব। সেয়ে নিৰ্ভেজাল মৰম-চেনেহ, গঠনমূলক দিহা-পৰামৰ্শ, সুস্থ কথা-বতৰা, চাল-চলন আদিৰে সন্তানৰ লগত এক আৱেগ মধুৰ সম্পৰ্ক ৰক্ষা কৰিব পাৰিলেই আমি এক সৎ, নিৰ্ভেজাল উত্তৰাধিকাৰী সৃষ্টি কৰিব পাৰিম; যিসকল উত্তৰাধিকাৰীৰ মৰম-চেনেহৰ মাজত আৱদ্ধ হৈ বৃদ্ধ বয়সত পিতৃ-মাতৃৰ শেষ আশ্ৰয়স্থল ‘বৃদ্ধাশ্ৰম’লৈ গতি কৰিব লগা অৱস্থাৰ পৰা অন্ততঃ পৰিত্ৰাণ পাব পাৰিম।

❧ | আৰু পঢ়ক:

আপোনাৰ সন্তানটিক কেনেদৰে গঢ়ি তুলিব | হিমাংশু ৰণ্‌জন ভূঞা