বিষ্ণুদা উভতি আহিল

বিষ্ণুদা উভতি আহিল
  • 07 Jun, 2018

কি মান উৎকণ্ঠা, কিমান প্ৰাৰ্থনা, জাউৰিয়ে জাউৰিয়ে চিঠি, আয়োজিত সাংস্কৃতিক সন্ধিয়াত স্বতঃস্ফূৰ্ত দান-বৰঙনি। কিমান কবিতা। অসমৰ সমগ্ৰ জনতাৰ চকুত এক প্ৰতীক্ষা: কমৰেড ৰাভা উভতি আহিব। এজন শিল্পীৰ অসুস্থতাত অসমৰ গণমানসৰ এনে মৰম-সনা অকুতিৰ তোলপাৰ কেতিয়াও দেখা নাই। বিষ্ণুদাক আঁকোৱালি একে উশাহেৰে এই কথাষাৰ ক’লো।

হেমাংগ বিশ্বাস

হেমাংগ বিশ্বাস

ই হল বজ্ৰ শৰ্মাৰ মৃত্যুৰ প্ৰায়শ্চিত্ত। উত্তৰত ক’লে বিষ্ণুদাই। অসমৰ ৰাইজৰ মৰমত অভিভূত বিষ্ণুদাই বজ্ৰ শৰ্মাৰ মৰ্মান্তিক মৃত্যুৰ কথা পাহৰা নাই। অসমৰ লােকনাট্যৰ জনক— বিপ্লৱী বজ্ৰ শৰ্মা গুৱাহাতীৰ হাস্পতালত যেতিয়া ঢুকাইছিল, গুৱাহাটীৰ প্ৰৱহমান জীৱনত সেইদিনা এটা কাউৰীৰ মৃত্যুৰ গুঞ্জনৰ প্ৰতিধ্বনিও উঠা নাছিল। ‘কলা জগত’ৰ কেইজনমান বৰমূৰীয়াই সেই খবৰ পাইও শৱানুগমনৰ সময় উলিয়াব পৰা নাছিল।… বিষ্ণুদাই যেন তেওঁলৈ দেখুওৱা অফুৰন্ত মৰমৰ ফুলেৰে গঁথা মালাডাল সোলাকাই লৈ তেওঁৰ লগৰীয়াৰ বিস্মৃত সমাধিৰ ওপৰত স্থাপন কৰিলে।… এয়া হ’ল ৰাভা। এই ভয়ংকৰ বেমাৰেও তেখেতক আত্মমুখীন কৰিব পৰা নাই। দৃষ্টি তেওঁৰ আগৰ দৰেই দিগন্ত-প্ৰসাৰিত। বলিষ্ঠ দেহা আক্ৰান্ত, কিন্তু এতিয়াও মনটো চিৰন্তন অপৰাজিত আশাবাদী।

… খবৰ পালো বিষ্ণুদা বোম্বেৰ পৰা তেজপুৰলৈ যোৱাৰ পথত কলিকতা আহি পাইছে। আছে শ্ৰীঅম্বিকাপদ চৌধুৰীৰ ঘৰত। বোম্বেৰ পৰা লগত আহিছে নিশিপদ চৌধুৰী। তৎক্ষণাৎ আমি চাৰিজন— জগন্নাথ ভট্টাচাৰ্য, হেম শৰ্মা, নলিনী গগৈ আৰু মই তালৈ ৰাওনা কৰিলো। মনত আশঙ্কা, কি অৱস্থাত গৈ পাম!

… আমাৰ ভয় ভাবনাক ওৰ পেলাই তেওঁ উঠি আহি আমাক আলিঙ্গনাবদ্ধ কৰিলে। কেৱল সমুদ্ৰশঙ্খৰ কণ্ঠত কৰ্কটৰ কামোৰৰ স্পৰ্শ নাপালো।… অসমৰ পৰা কিমান চিঠি— বোম্বেৰ টাটা কেনছাৰ ইনষ্টিউটৰ ডিৰেক্টৰলৈ। ডিৰেক্টৰে মোক সুধিলে, মি: ৰাভা, আপুনি বিদেশলৈ যাব বিচাৰে নেকি? মই ক’লো, এছিয়াৰ শ্ৰেষ্ঠ ইনষ্টিটিউটৰ ডিৰেক্টৰ আপুনি। ইয়াত দেখিছোঁ জাপান, বাৰ্মা, ইন্দোনেছিয়া প্ৰভৃতি দেশৰ পৰা বেমাৰী আহিছে আপোনাৰ ওপৰত আস্থা ৰাখি, আৰু মই ভাৰতীয় হৈ আপোনালৈ অনাস্থা দেখুৱামনে? I am no Anna, I am Rava. সেই উদাৰ হাঁহি। মই আন্নাদুৰাই নহয়, মই ৰাভা। ডিৰেক্টৰে এই কথাত ইমান ৰং পালে যে সকলো ডাক্তৰৰ ওচৰলৈ গৈ অসমৰ গণশিল্পীৰ এই উক্তিক দোহাৰিব ধৰিলে।

বুকুৰ ওপৰত ৰেডিয়মৰ তীব্ৰ দহনৰ দাগ— গাৰ চোলাটো খুলি আমাক দেখুৱালে… হাঁহি হাঁহি। কিন্তু সেই পােৰণিৰ চেকা যেন আমাৰ অন্তৰত লাগিল।… আৰু একমাহ পাছত তেওঁ আকৌ বোম্বেলৈ যাব লাগিব পৰীক্ষা কৰাবলৈ। মই কৈছোঁ, প্ৰয়োজন হ’লে আক্ৰান্ত অঙ্গক কাটি টুকুৰা টুকুৰ কৰিব— মই তথাপি বাচি থাকিম।

এনে এটা ভয়ঙ্কৰ কথা ইমান সহজকৈ বিষ্ণুদাই কৈ গ’ল— কোনো অভিনয়ৰ ভাও তাত নাছিল, যেন এক জীৱনবাদী মানুহৰ গভীৰ বিশ্বাসৰ পৰা ওপজা সহজ প্ৰত্যয়। …

আমাৰ আলোচনা নৰিয়াপাটীৰ পৰিধি ভাঙি ওলাই পৰিল দেশৰ বিবিধ সমস্যাৰ পথাৰলৈ।

কথা বাগৰি আহিন অসমৰ নৱনাট্য আন্দোলনলৈ। সেই আন্দোলনতো চহৰৰ ৰঙ্গমঞ্চ বা ৰবীন্দ্ৰ ভৱনত হোৱা নাই, আন্দোলন হৈছে গাঁৱত। যেতিয়া নাগৰিক-নাট্য, ৰঙ্গমঞ্চৰ ধোঁৱা চাঙত জাহ যাব ধৰিছিল, তেতিয়া নৱনাট্য আন্দোলনৰ ভগীৰথ হিচাপে ওলাল ‘নটৰাজ’, ‘সুৰদেৱী’, ‘পূৰ্বজ্যোতি’ আৰু নতুনকৈ পতা ‘জহৰজ্যোতি’। ইয়েই আচল জাতীয় নাট্য, জাতীয়-নাট্য সৃষ্টি নহ’লে জাতীয় নাট্যশালা হ’ব ৰামহীন ৰামায়ণ। অসমৰ গণনাট্যৰ এজন প্ৰতিষ্ঠাতা হিচাপে মোৰ ওচৰত ই হ’ল আটাইতকৈ ডাঙৰ বাতৰি।… বিষ্ণুদাই উৎসাহেৰে বৰ্ণাইছিল তেওঁক অভিজ্ঞতাৰ পৰা সেইবোৰ ভ্ৰাম্যমাণ মঞ্চৰ কাহিনী, তেওঁলোকৰ অপূৰ্ব মঞ্চ স্থাপনা, ঘূৰ্ণায়মান মঞ্চৰ গতিবেগ, অভিনয়ৰ উৎকৰ্ষ।… আটাইতকৈ লেখেত ল’বগীয়া— নতুন দৰ্শক— গাঁৱৰ আপামৰ জনসাধাৰণ। মই ক’লো, জনবিৰোধী এক প্ৰতিক্ৰিয়াশীল চৰকাৰৰ পৃষ্ঠপোষকতাত বা আৰ্থিক সাহায্যত আজিৰ নাট্য-আন্দোলন হ’ব নোৱাৰে, দুখীয়া ৰাইজৰ অৰ্থেৰে আৰু সমৰ্থনতেই ই কেৱল সম্ভৱ। ‘পূৰ্বজ্যোতি’, ‘সুৰদেৱী’, ‘নটৰাজ’ প্ৰভৃতি থিয়েটাৰেই ই প্ৰমাণ কৰিছে। … কিন্তু এতিয়াও সমস্যা ভাল নাটকৰ— দুখীয়া ৰাইজৰ জীৱন সংগ্ৰামক প্ৰতিফলিত কৰা নাটকৰ। ‘এমুঠি চাউল’-এতো আজিৰ ৰাইজৰ ক্ষুধা পূৰাব নোৱাৰে। মই সুধিলো, ‘ৰঙ্গিয়া বিদ্ৰোহ’ৰ আলম লৈ নাটক ৰচোঁতা এতিয়াও নোলাল কিয়? বিষ্ণুদাৰ অন্তৰৰ বিপ্লৱী ৰূপটি যেন জাগি উঠিল। তেওঁ আৱেগেৰে বৰ্ণাব ধৰিলে ৰঙ্গিয়া বিদ্ৰোহৰ, ফুলগুৰি ধাওয়াৰ, লছমীয়া ধাওয়াৰ ইতিহাস। হয়তোবা তাৰে লগত মিহলি আছিল কিম্বদন্তি। কিন্তু নাটকতো ক্ৰিটিকেল নহয়,— নাটক হ’ল ইতিহাস। কিম্বদন্তি।… এই প্ৰজা বিদ্ৰোহৰ বুৰঞ্জী হ’ব লাগে আজিৰ সমস্যা বা লোকনাট্যৰ প্ৰধান সমল।… ১৭ জানুৱাৰীত আমি কলিকতাত ৰূপকোঁৱৰ দিৱস পাতিছিলো, ৰূপকোঁৱৰে কৈছিল— “আজিৰ যুগ জনযুগ— আজিৰ কাল ক্ৰান্তিকাল— আজিৰ সংস্কৃতি হাতুৰী আৰু হলধৰৰ সংস্কৃতি।” বিষ্ণুদাৰ বাহিৰে আৰু কোনে আজি এই জনসংস্কৃতিৰ নেতৃত্ব দিব পাৰে?

❧। আৰু পঢ়ক: প্ৰাসংগিক বিষ্ণুপ্ৰসাদ

আমি সকলোৱে মিলি বিষ্ণুদাক অনুৰোধ জনালাে, তেওঁৰ স্মৃতিৰ টুকুৰাবোৰ যেন এইবাৰ আমাৰ কাৰণে লিপিবদ্ধ কৰি ৰাখে। এইমাত্ৰ যে প্ৰজাবিদ্ৰোহৰ কাহিনী ক’লে, তাৰ আলম লৈ এখন নাটকৰ স্কেচ কৰি গলেও ডাঙৰ কথা। সদৌ সংগ্ৰাম আৰু জনতাৰ ঘনিষ্ঠ সান্নিধ্যৰ কাৰণে তেওঁ যি লিখি যাব, আমাৰ কাৰণে সি হ’ব আপুৰুগীয়া ধন।… কিন্তু আমাৰ কথাবোৰ যেন শুনাইছিল swan song, বিদায় সঙ্গীতৰ দৰে। … মনত বৰ বেয়া লাগি গ’ল।

এই বছৰ বিষ্ণুদাৰ ৬০তম জন্মতিথি। আমি পয়োভৰে পালন কৰিব লগিব। … বাৰে বাৰে ঘূৰি আহক এই জন্মদিন।

পূৰ্ব প্ৰকাশ: ‘আমাৰ প্রতিনিধি’, ৯ম বছৰ, ৭ম সংখ্যা

বিষ্ণুদা উভতি আহিল | হেমাঙ্গ বিশ্বাস

Follow Nilacharai on Facebook