পাধানি ধানিচা

পাধানি ধানিচা
  • 14 Aug, 2012

ইমান সৰু ঘৰ। একোৱেই নাটে।
চোৱা, ভাৰ বান্ধি যে ভালপোৱা আনিলা ইমানবোৰ
ক’ত থওঁ এতিয়া।

সকলোৱেই ডাঙৰ ডাঙৰ ঘৰত থাকে ভাই
মোৰ ঘৰটোহে সৰু
সকলো হাঁহি-মাতি থাকে ভোজে-ভাতে খাই
কাণখোৱাৰহে নজ্বলে চৰু।

ঘৰটো তেনেই উদং
তাতো নবলে বা। উধৰ পৰা মূধলৈ একো নাই,
তাতো নোজোৰে গা।
হুটা সুৰে গান জোৰে তাতে
ভৰে নিশা পৰে পৰে চা চা-ৰে-গা-মা-পা-ধা-নি-চা

কাণখোৱাৰ পা-ধা-নি
কাণখোৱাৰ ধা-নি-চা
কি কাণ্ড দেখিছা…
কি কাণ্ড দেখিছা…

পাধানি ধানিচা | সমুদ্ৰ কাজল শইকীয়া

Follow Nilacharai on Facebook