নিশা শইকীয়াৰ কবিতা

অপেক্ষা

অমানিশাৰ নিস্তব্ধতাৰ বুকুত
আজিও সাৰে আছোঁ
তুমি অহাৰ অপেক্ষাত।

মোৰ হিয়াৰ বৈতৰণী পাৰত
তুমি যেতিয়া বীণ বজোৱা
উন্মত্ত হৈ যাওঁ
তোমাৰ বীণৰ সুৰত।

হেৰা নাৱৰীয়া,
এবাৰ ভটিয়াই আহাঁচোন
তোমাৰ নাৱত উঠি
এইবাৰ মই বীণ বজাম
তুমি শুনি যাবা !

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of