চতুৰ্থ স্তম্ভ

চতুৰ্থ স্তম্ভ
  • 16 Nov, 2023

I n the real world, nothing happens at the right place at the right time. It is the job of journalists and historians to correct that. —Mark Twain

কিছুমান কৰ্ম আৰু বৃত্তিত অৰ্থ উপাৰ্জনৰ উদ্দেশ্যৰ উপৰি ত্যাগ আৰু সেৱাৰ মনোভাবো সংপৃক্ত হৈ থাকে। তেনেকুৱা এটা কৰ্ম আৰু বৃত্তি হ’ল— সংবাদপত্ৰ প্ৰকাশ আৰু সাংবাদিকতা। সংবাদ পত্ৰক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বোলা হয়। বাকীকেইটা স্তম্ভ— বিধানসভা, কাৰ্যপালিকা আৰু ন্যায়পালিকা। এটা ঘৰৰ মূল খুঁটা চাৰিটাৰ যিকোনো এটা অকণমান লৰিলেই গোটেই ঘৰটোৱেই যেনেকৈ ভাগি যোৱাৰ সম্ভাবনা থাকে, তেনেকৈ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰো এই স্তম্ভকেইটাৰ যিকোনো এটা নিজৰ কৰ্তব্যৰ পৰা পিছলি গ’লেই গোটেই ৰাষ্ট্ৰখনৰে অস্তিত্ব বিপন্ন হোৱাৰ আশংকা আহি পৰে।

অপ্ৰিয় হ’লেও সত্য, বিধান সভা আৰু কাৰ্যপালিকা— এই দুটা স্তম্ভক দুৰ্নীতি, স্বজন-তোষণ আৰু ক্ষমতালিপ্সাৰ উঁই পোকে খাই কেতিয়াবাই ফোঁপোলা কৰি পেলাইছে। আনকি ন্যায়পালিকাৰ দৰে সম্পূৰ্ণ স্বতন্তৰীয়া, মজবুত স্তম্ভটোৰো কোনো কোনো অংশত উঁই লাগিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এই স্তম্ভটোত বৰ্তমানৰ গণতন্ত্ৰৰ মুখা পিন্ধা, স্বৈৰতান্ত্ৰিক শাসক পক্ষইহে নিজৰ স্বাৰ্থত উঁই লগাইছে। আমাৰ সংবিধানে ৰাষ্ট্ৰযন্ত্ৰক দেধাৰ ক্ষমতা অৰ্পণ কৰিছে। শাসকপক্ষই ইয়াৰে সুযোগ লৈছে— ক্ষমতাৰ অসৎ ব্যৱহাৰ কৰি আছে। অলপ দিনৰ আগলৈকে সংবাদপত্ৰৰূপী চতুৰ্থ স্তম্ভটোৰ পোতন দৃঢ় হৈয়ে আছিল যদিও সাম্প্ৰতিক সময়ত ইয়াৰ কিছুসংখ্যক কাৰিকৰৰ কিছুমান কথা-কাণ্ড দেখি-শুনি-বুজি ভাব হৈছে— এই স্তম্ভটোতো উঁই লাগিবলৈ আৰু সৰহ দিন নাই। সঁচাকৈয়ে যদি এনেকুৱা হ’বলৈ হয়, তেনেহ’লে হাজাৰ হাজাৰ লোকৰ ত্যাগৰ বিনিময়ত নিৰ্মিত আমাৰ গণতন্ত্ৰৰ ঘৰটো তাচপাতৰ ঘৰৰ দৰে অচিৰেই ভাগি পৰিব।

সংবাদপত্ৰ আৰু সাংবাদিক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি— এপিঠি নহ’লে আনপিঠিৰো অস্তিত্ব নাথাকে। সংবাদপত্ৰ প্ৰকাশ কৰাটো মূলতঃ এটা সম্ভ্ৰান্ত ব্যৱসায়। আন ব্যৱসায়ৰ লগত ইয়াৰ প্ৰধান পাৰ্থক্যটো হ’ল— ই গ্ৰাহকৰ ভৌতিক চাহিদা পূৰণ নকৰে, মানসিক আৰু বৌদ্ধিক চাহিদাহে পূৰণ কৰে। অকল ধন উপাৰ্জনৰ কথা চিন্তা কৰা, নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰেম নথকা মানুহ এই ব্যৱসায়ত কেতিয়াও লিপ্ত হ’ব নোৱাৰে। তেনেকৈ সাংবাদিকতা বৃত্তিত নিয়োজিত ব্যক্তিসকলৰো জাতিপ্ৰেম, ভাষাপ্ৰেম সন্দেহাতীত। কিয়নো এই বৃত্তিত যোগদান কৰিবলৈ যোৱাৰ আগতে এওঁলোকে নিশ্চয় নজনাকৈ নাথাকে— এই কামত চৰকাৰী বা আন বহু বেচৰকাৰী প্ৰতিষ্ঠানৰ চাকৰিতকৈ পাৰিশ্ৰমিক আৰু অন্যান্য সা-সুবিধা বহু কম। এনেকুৱা কথা নহয় যে এই বৃত্তিত নিয়োজিত লোকসকলে আন ক্ষেত্ৰত সুবিধা কৰিব নোৱাৰিহে ইয়াত যোগদান কৰে, বৰঞ্চ এই বৃত্তিৰ কাৰণে শিক্ষাগত অৰ্হতাৰ উপৰি আন জ্ঞানৰো— বিশেষকৈ ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ জ্ঞানৰ প্ৰয়োজন হয়। কোনোবা ধন কুবেৰ আৰু ৰাজনীতিজ্ঞেও নিজৰ ক্ষমতা বৃদ্ধিৰ কাৰণে, কু কৰ্ম ঢাকিবৰ কাৰণে, ক’লা টকা বগা কৰিবৰ কাৰণে সংবাদপত্ৰ প্ৰকাশ কৰিছে— সেইটো দোচোৰা কথা।

সংবাদপত্ৰক আমি সৈনিকৰ লগত তুলনা কৰিব পাৰোঁ। সৈনিকে যেনেকৈ দেশৰ ভৌগোলিক স্থিতিক সুৰক্ষা প্ৰদান কৰে, সংবাদপত্ৰই তেনেকৈ সমাজৰ বিবেক, সততা, ন্যায়, নৈতিকতা আদি মানৱীয় গুণসমূহৰ সদাজাগ্ৰত প্ৰহৰী হিচাপে থিয় দি থাকে। অৱশ্যে ই পৰোক্ষভাৱে মানুহৰ ভৌতিক চাহিদাও পূৰণ নকৰাকৈ নাথাকে। সাংবাদিকসকলে যি পাৰিশ্ৰমিক লাভ কৰে, তাৰেইতো তেওঁলোকে সংসাৰ চলায়! আকৌ সংবাদপত্ৰৰ লগত পৰোক্ষভাৱে জড়িত ইয়াৰ এজেণ্ট, বিক্ৰেতা, হকাৰ আদিৰ কথা নক’লোৱেই বা। এই ব্যৱসায়ৰ পথ খুবেই কণ্টকাকীৰ্ণ, অনিশ্চিত আৰু প্ৰত্যাহ্বানপূৰ্ণ। তেনেকৈ ইয়াৰ মূল হোতা সম্পাদক আৰু সাংবাদিকসকলৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। বাতৰি সংগ্ৰহৰ কাৰণে এওঁলোক নানা বিপদসংকুল, আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। যুদ্ধক্ষেত্ৰৰ সাংবাদিকসকলৰতো পদে পদে মৃত্যু-ভয় থাকে। বিপথগামী সংগঠনৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাটোও মহা বিপদৰ কথা। অতুলনীয়, ঈৰ্ষণীয়, অপৰিমেয় প্ৰতিভাৰ অধিকাৰী পৰাগ কুমাৰ দাসে অকালতে প্ৰাণ দিব লগা হৈছিল সত্য-শুদ্ধ-স্পষ্ট সাংবাদিকতাৰ কাৰণেই। সাহসী সাংবাদিক কমলা শইকীয়াৰ ক্ষেত্ৰতো একে ঘটনাই ঘটিছিল। সাম্প্ৰতিক সময়ত সাংবাদিকসকল এচাম ধুৰন্ধৰ, মন্ত্ৰী-বিধায়কৰ আশীৰ্বাদপুষ্ট, অস্ত্ৰ-সস্ত্ৰেৰে বাহুবলী মানুহৰ চিকাৰ হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। এই কথাটোৱে সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা বিপন্ন কৰি তুলিছে। সাংবাদিকসকল অসাধু ব্যৱসায়ী, দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু অত্যাচাৰী শাসকৰ যেন ঘোৰ শত্ৰু হৈ পৰিছে!

সংবাদপত্ৰ সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল ব্যৱসায় যদিও ইয়াক আৰ্থিক দিশত সহায় কৰিবলৈ চৰকাৰীয়েই হওক, বেচৰকাৰীয়েই হওক,— বিজ্ঞাপনৰ যথেষ্ট প্ৰয়োজন। বিশেষকৈ চৰকাৰী বিজ্ঞাপন অবিহনে এখন সংবাদপত্ৰক জীয়াই ৰখাটো খুবেই কঠিন। কিন্তু সেই বুলিয়েই বিজ্ঞাপন লাভ কৰাৰ আশাত কোনো সংবাদপত্ৰই চৰকাৰৰ দোষবোৰ ঢাকি অকল গুণবোৰ বখানি থকা উচিত নহয়। এনে কৰিলে সংবাদপত্ৰৰ প্ৰতি মানুহৰ আস্থা কমি যায়। এই ক্ষেত্ৰত চৰকাৰেও সংবাদপত্ৰলৈ পূৰ্ণ সহযোগিতা আগবঢ়োৱা উচিত। চৰকাৰৰ দোষ, দুৰ্নীতি, ভ্ৰষ্টাচাৰক কঠোৰভাৱে সমালোচনা কৰা সংবাদপত্ৰলৈ শাসকে চৰকাৰী বিজ্ঞাপন কেতিয়াও বন্ধ কৰিব নালাগে। অন্ততঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত চৰকাৰৰ এনেকুৱা মনোভাবে কেতিয়াও শোভা নাপায়।

ইলেক্ট্ৰনিক মাধ্যমৰ বহুল প্ৰচাৰ আৰু শেহতীয়াকৈ কভিদ মহামাৰীয়ে সংবাদপত্ৰৰ প্ৰচলন কিছু পৰিমাণে হ্ৰাস কৰিলেও ইয়াৰ অস্তিত্ব কিন্তু নাশ কৰিব পৰা নাই। আমি নিজে কিছু সংখ্যক হকাৰ, এজেণ্ট আৰু পঢ়ুৱৈক সুধি গম পাইছোঁ, সংবাদপত্ৰৰ প্ৰতি মানুহৰ আগ্ৰহ পুনৰ বৃদ্ধি পাবলৈ লৈছে। সংবাদপত্ৰৰ ইণ্টাৰনেট সংস্কৰণে এই কামত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নৱ প্ৰজন্মৰ মাজত সংবাদপত্ৰৰ প্ৰতি আগ্ৰহ জন্মাবলৈ আমি সাধাৰণ পঢ়ুৱৈসকলেও চেষ্টা চলোৱা উচিত। অভিভাৱকসকলে নিজৰ নিজৰ সন্তানক শৈশৱৰে পৰা বাতৰি কাকত পঢ়িবলৈ অভ্যাস কৰাব লাগে। বৰ্তমান শিশু, কিশোৰ, আনকি ডেকা-গাভৰুৰ মাজতো বৰবিহ হিচাপে শিপাই যোৱা অত্যধিক মোবাইল-প্ৰীতি হ্ৰাস কৰাত ই নিশ্চয় মহৌষধৰ কাম কৰিব।

সংবাদপত্ৰই বিগত দিনবোৰত আৰু বৰ্তমানেও ব্যক্তি, সমাজ আৰু চৰকাৰৰ নানা দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অন্যায়ৰ বিৰুদ্ধে যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে, সেয়া অতুলনীয় আৰু প্ৰশংসনীয়। বিগত দুটামান দশকততো আমাৰ ৰাজ্যত সংবাদপত্ৰই চৰকাৰৰ বিৰোধী পক্ষৰো কাম কৰি আহিছে। এই কথাৰ দ্বাৰা নিশ্চয় প্ৰমাণ হয়— দেশৰ প্ৰতি, সাধাৰণ জনতাৰ প্ৰতি সাংবাদিকসকল অতিকৈ দায়বদ্ধ।

সংবাদপত্ৰ অকল ৰাজনীতি, সমাজ, বাণিজ্য আৰু অৰ্থনীতিৰ প্ৰতিয়েই যে দায়বদ্ধ এনে নহয়; সাহিত্য, কলা-সংস্কৃতি, ক্ৰীড়া আৰু শৈক্ষিক দিশৰ প্ৰতিও ই সমানেই দায়বদ্ধ। ইয়াৰ দেওবৰীয়া বিশেষ পৃষ্ঠাসমূহৰ উপৰি পূজা আৰু বিহুত প্ৰকাশ হোৱা বিশেষ সংখ্যাবোৰত এইবোৰৰ বহুল চৰ্চা হৈ আছে। সংবাদপত্ৰৰ এই শিতানবোৰতে প্ৰথমে চৰ্চা আৰম্ভ কৰি পাছত নিজ নিজ ক্ষেত্ৰত বহু লেখকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিজন শিক্ষিত আৰু সামৰ্থ্যবান মানুহেই এখন হ’লেও সংবাদপত্ৰ কিনি পঢ়া উচিত। আমাৰ বোধেৰে তেতিয়া অলপ হ’লেও নিবনুৱা সমস্যা দূৰ হ’ব। কিয়নো সংবাদপত্ৰৰ প্ৰচলন বৃদ্ধি হোৱাৰ লগে লগে ইয়াত নিয়োজিত কৰ্মীৰ সংখ্যাও বৃদ্ধি পাব। কিন্তু আমি অসমীয়া এনেকুৱা এটা জাতি— মাহটোত সস্তীয়া মনোৰঞ্জন কৰি, হোটেল-ৰেষ্টুৰেণ্টত দেহৰ অপকাৰী খাদ্যৰ জুতি লৈ, মদ-ভাং খাই, জুৱা খেলি হাজাৰ হাজাৰ টকা উৰাই দিওঁ, অথচ দহ টকা এটা খৰচ কৰি বাতৰি কাকত এখন কিনি নপঢ়োঁ। এয়াই আমাৰ জাতীয়তাবোধ! ভাষা প্ৰেম!

জানি আচৰিত হওঁ, সন্তোষ পাওঁ— কেৰালাৰ ‘মালয়ালা মনোৰমা’ (Malayala Manorama) নামৰ সৰ্বাধিক প্ৰচাৰিত সংবাদপত্ৰখনৰ ডিচেম্বৰ ২০২২-ত প্ৰচলন সংখ্যা ১৯,২০,০৯৬। ১০,৮৪,২১৫ কপিৰ প্ৰচলনেৰে ‘মাতৃভূমি’খন আছে দ্বিতীয় স্থানত। আনহাতে অসমৰ আটাইকেইখন দৈনিক সংবাদপত্ৰৰ প্ৰচলন মিলালেও ৩,০০০০০ নহয়। অথচ অসমতকৈ কেৰালাৰ জনসংখ্যা মাত্ৰ ৪০,০০০ বেছি। একমাত্ৰ ‘অসমীয়া প্ৰতিদিন’হে এই ক্ষেত্ৰত অলপ ব্যতিক্ৰম। এইখন সংবাদপত্ৰৰ প্ৰচলনে লাখৰ ঘৰ অতিক্ৰম কৰিছিল যদিও শেহতীয়াকৈ প্ৰচলন ৭৫,১০২লৈ অৱনমিত হৈছে। (আটাইকেইখন কাকতৰ প্ৰচলনৰ সংখ্যা অডিট বুৰ’ অৱ চাৰ্কুলেশ্যনৰ ১১ এপ্ৰিল, ২০২৩ৰ তথ্য [pdf] অনুসৰি)

পৰিতাপৰ কথা, বৰ্তমান একাংশ পাবত গজা, চতুৰ, ধুৰন্ধৰ সাংবাদিকৰ কুকৰ্মৰ কাৰণে সমগ্ৰ সংবাদগোষ্ঠীৰ প্ৰতিয়েই যেন মানুহ বীতশ্ৰদ্ধ হৈ পৰিছে! সাংবাদিকসকলৰ প্ৰতি মানুহৰ বিশ্বাস কমি গৈছে, সম্ভ্ৰম নোহোৱা হৈছে। মানুহে এওঁলোকৰ সততালৈ আঙুলি টোঁৱাবলৈ লৈছে। এইচাম সাংবাদিকৰ দেশৰ প্ৰতি, সাধাৰণ জনতাৰ প্ৰতি, ভাষা-সংস্কৃতিৰ প্ৰতি কোনো দায়ৱদ্ধতা নাই। সাংবাদিকতাক ঢাল হিচাপে লৈ এওঁলোক ব্যস্ত মাথোঁ ধন ঘটাত, ক্ষমতা প্ৰদৰ্শন কৰাত আৰু শাসকপক্ষক তেল মাৰি নানা চৰকাৰী সা-সুবিধা লোৱাত। অভিযোগ শুনা যায়— এইচাম সাংবাদিক হেনো ব্লেক মেইলিং কৰাটো সিদ্ধহস্ত। আজিকালি কিছুমান স্বয়ম্ভূ সাংবাদিকৰো জন্ম হৈছে। হাতত স্মাৰ্ট ফোন এটা থাকিলেই এওঁলোক একেৰাতিতে সাংবাদিক হৈ যায়। এওঁলোকৰ সৰহভাগৰে পৰ্যাপ্ত অধ্যয়ন, দায়ৱদ্ধতা, ভাষাজ্ঞান— একো নাই। অকল গ্লেমাৰ আৰু মানুহৰ মাজত জনাজাত হোৱাৰ আকাংক্ষাতে এওঁলোক সাংবাদিক হ’ব খোজে। এওঁলোকৰ মনোভাব— সাংবাদিক বুলি জানিলে মানুহে এওঁলোকলৈ দৰ কৰিব। এইটো সংবাদপত্ৰ তথা সাংবাদিকতাৰ কাৰণে বৰ ক্ষতিকাৰক কথা। সেয়ে সাংবাদিক নিযুক্তি দিয়াৰ ক্ষেত্ৰত সংবাদ প্ৰতিষ্ঠানসমূহ সাৱধান হোৱা উচিত। এই ক্ষেত্ৰত ‘নাই মোমাইতকৈ কণা মোমায়েই ভাল’ ধৰণৰ মনোভাব কেতিয়াও গ্ৰহণ কৰিব নালাগে।

সংবাদপত্ৰসমূহৰ নিজা সংবাদদাতা বা সাংবাদিকৰ উপৰি ঠায়ে ঠায়ে স্থানীয় সংবাদদাতাও থাকে। এই ব্যক্তিসকলতো একেবাৰে নিঃস্বাৰ্থ মনোভাবেৰেই সাংবাদিকতাৰ লগত জড়িত হয়। কিয়নো এই স্থানীয় সংবাদদাতাসকলৰ পাৰিশ্ৰমিক নিচেই তাকৰ। তাৰে পৰিয়াল চলোৱাটোতো বাদেই, ব্যক্তিজনৰ বাতৰি সংগ্ৰহৰ কাৰণে প্ৰয়োজন হোৱা খৰচখিনিকে বোধহয় নোলায়! সেয়ে অলপ দিনৰ আগলৈকে এই কামটোত মূলতঃ শিক্ষকতা কৰা ব্যক্তিসকলেই জড়িত হৈ থকা দেখা গৈছিল। আমি নিজ চকুৰেই দেখিছিলো— বাতৰি সংগ্ৰহৰ কাৰণে এওঁলোক দিনৰ দিনটো সভা-সমিতি আৰু আন ঘটনা-দুৰ্ঘটনা হোৱা ঠাইলৈ কেনেকৈ বাটকুৰি বাই চাইকেল মাৰি গৈছিল। ডাকত পঠালে পলম হয় কাৰণে ৰাতিপুৱা পেপাৰ বিলাই গুৱাহাটীলৈ উভতি যোৱা গাড়ীবোৰতে এওঁলোকে সৰহভাগ বাতৰি কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল।

এতিয়াও এই স্থানীয় সংবাদদাতাসকল পৰিয়াল পোহপালৰ কাৰণে আন আন বৃত্তিৰ লগত জড়িত হৈ থকা ব্যক্তিয়েই। অৱশ্যে এতিয়া আৰু আগৰ দিন নাই। স্কুটাৰ, বাইক, ফেক্স মেচিন আৰু ইমেইলৰ ব্যৱস্থা সূচল হোৱাত এওঁলোকে বাতৰি সংগ্ৰহ আৰু প্ৰেৰণৰ কাৰণে সিমান কষ্ট কৰিব নালাগে। স্মাৰ্ট ফোনৰ ‘আৱিৰ্ভাৱ’ৰ পাছততো এতিয়া এওঁলোকে ‘নগৈ গড়গাঁৱৰ বাতৰি’ দিব পৰা হৈছে। কথাটো এনেকুৱা— এখন ঠাইত যেনিবা এখন সভা হৈছে, সেই ঠাইখনত যদি চাৰিখন বাতৰি কাকতৰ চাৰিজন স্থানীয় সংবাদদাতা থাকে, সভাখনৰ বাতৰি সংগ্ৰহ কৰিবলৈ আটাইকেইজন সংবাদদাতা নগ’লেও হয়। যিকোনো এজন গৈ বাতৰি আৰু ফটো সংগ্ৰহ কৰি ফোনৰ জৰিয়তে সেইবোৰ বাকীকেইজনক দি দিলেই কামটো সিজি যায়। কিন্তু পৰিতাপৰ কথা— ইমানখিনি সুবিধা হোৱা সত্ত্বেও একাংশ সাংবাদিকে বাতৰি যোগানৰ ক্ষেত্ৰত হেমাহি কৰা, অশুদ্ধ আৰু অসত্য বাতৰি যোগান ধৰা পৰিলক্ষিত হয়। সাংবাদিকৰ এনেকুৱা দায়িত্বহীন কথাই বাতৰিৰ উৎসস্থলীৰ উদ্যোক্তা আৰু সংশ্লিষ্ট সংবাদপত্ৰ উভয়কে বিপদত পেলায়। পাছত উদ্যোক্তাসকল মানুহৰ ওচৰত জবাবদিহি হ’ব লগা হয়, অশুদ্ধ বাতৰি প্ৰকাশ কৰা কাৰণে সংবাদপত্ৰখনৰ প্ৰতি পাঠকৰ আস্থা কমি যায়।

সংবাদপত্ৰৰ পৰ্বতসম ইতিবাচক দিশ থকাৰ পাছত মাত্ৰ কেইজনমান অসৎ, লোভী, স্বাৰ্থপৰ সাংবাদিকৰ কাৰণে যাতে সমগ্ৰ সংবাদপত্ৰসমূহ তথা সাংবাদিকসকল বিপদত নপৰে, কলুষিত নহয়, তাৰ কাৰণে এতিয়াও সততাৰ বাটত খোজ দি থকা, নিঃস্বাৰ্থ, সত্য-শুদ্ধ সাংবাদিকতাকে জীৱনৰ ব্ৰত হিচাপে লোৱা সাংবাদিকসল সচেষ্ট হ’ব লাগিব। এই ক্ষেত্ৰত সংবাদপত্ৰৰ স্বত্বাধিকাৰী আৰু পঢ়ুৱৈসকলৰো দৃঢ় পদক্ষেপৰ প্ৰয়োজন। ধানৰ পৰা পতান জৰাদি এইচাম সাংবাদিকক কৰ্মক্ষেত্ৰৰ পৰা নিলগ কৰি বহিষ্কাৰৰ দাষ্টবিনলৈ নিক্ষেপ কৰিব পাৰিলেহে সংশ্লিষ্ট সংবাদপত্ৰসমূহৰ হৃত গৌৰৱ পুনৰ ঘূৰি আহিব, এইসমূহ পূৰ্বৰ দৰে মহিমামণ্ডিত হৈ থাকিব বুলি আশা কৰিব পাৰি।

❧ | আৰু পঢ়ক:

চতুৰ্থ স্তম্ভ | ধ্ৰুৱজ্যোতি শৰ্মা