অনাহত অনাদি পাতন

ইজিপ্তত ‘ৰা’ মানে সূর্য
আমাৰ ভাষাত শবদ্
টেম্বুৱনীত তাহানিতে মিলা বুঢ়া লুইতৰ সুঁতি এটিৰ
নামো আছিল বোলে ‘ৰা’
‘এৰা’ গৈ কেনেবাকৈ ‘ৰা’ত ৰ’ল যদি
সেয়া আমাৰ অজানা
এই ‘ৰা’কে ৰুধিবলৈ ডেকাগিৰিৰ ভৰষাৰ থল হ’ল
শান্তী ৰাধিকা

পলত ভৰাই পানী কোনেনো আনিব পাৰে
ডেকাগিৰিয়ে বুজি পায়
অসম্ভৱো সম্ভৱ হ’ব পাৰে তেওঁৰ যোগে
যাৰ মাজত জাগ্ৰত অনন্ত দৃঢ়তা

সূত্ৰধাৰ উচ্চজো হ’ব পাৰে অন্ত্যজো হ’ব পাৰে

হেঙুল-হাইতালেৰে সাত বৈকুণ্ঠৰ পট অঁকা
সাঁচিপাতত তিনিটি ভাষাৰ উধান থপা
এই যে ডেকাগিৰি
সম্পূর্ণ নাম যাৰ শংকৰবৰ গিৰি ভূঞা
মানে আমাৰ গুৰুজনা
এওঁৱেই ভুৰুকাত ভৰাই দিয়া কেৱল গুণমালাখনকে লৈ
আমাৰ মাটিৰ নামঘৰৰ মুকলি বতাহে ভাবিব পৰা হ’ল
জগত ভ্ৰমাৰ কথা

চৰিত পুথিয়ে কি কয় নাজানো
মনাৱদ্ধ বতা চৰাই আকাশত উৰুৱাই দি
মাটি আখৰা কৰোঁতে ভাব হয়
এওঁ যেন মানুহৰে পুত্র

পদশিলাত দেখা পাওঁ ধন্য ভাৰত বৰিষৰ
ধন্যাত্মা পৰিব্ৰাজকৰ গতিময়তা

‘পদুমৰ দৰে হাতৰ তলুৱা
পদুমৰ পাপৰিৰ দৰে নয়ন।
ভবদব দহন গহন বন শয়ন’
মহেন্দ্ৰ কন্দলিয়ে বুজি পায়
কুমলীয়া শিচৰ জীৱনৰ প্ৰথম পদ্যত
অসাধাৰণ আত্মাৰ অনন্য কৃষ্ণময়তা

আমি কবিতা লিখা অভাজনে বুজোঁ
এয়া শাশ্বত আধুনিকতাৰ অনাহত অনাদি পাতন

নতজানু হৈ সেয়ে ভাবোঁ
ধন্য এই কলিকাল ভাল
ধন্য এই নৰতনু ভাল।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

প্ৰয়াগ শইকীয়া

কবি, লেখক।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of