ডক্তৰ বেজবৰুৱা ২-ৰ যাদু

ডক্তৰ বেজবৰুৱা ২-ৰ যাদু
  • 16 Feb, 2023

সমীয়া ছবিৰ বৰ্ণিল পৰিক্ৰমাত স্বকীয় আসনেৰে কাললৈ জিলিকি ৰোৱা, আজিও অসমবাসীৰ অন্তৰে অন্তৰে থকা এখন কালজয়ী ছবি হৈছে ১৯৬৯ চনত মুক্তি লাভ কৰা বৰেণ্য পৰিচালক ব্ৰজেন বৰুৱা পৰিচালিত ‘ডক্তৰ বেজবৰুৱা’। ছবিখনে সেই সময়ত ব্যাপক জনপ্ৰিয়তা লাভ কৰাই নহয়, অসমীয়া ছবিজগতত এক নতুন অধ্যায়ৰ পাতনি মেলিছিল। থ্ৰীলাৰধৰ্মী সেই ছবিখনৰ জৰিয়তেই যশস্বী অভিনেতা (প্ৰয়াত) নিপন গোস্বামীদেৱে নায়ক হিচাপে ৰাইজৰ হৃদয়ত স্থান লাভ কৰে। কেৱল নিপন গোস্বামীয়েই নহয়, ছবিখনৰ প্ৰতিগৰাকী অভিনয় শিল্পীয়েই ৰাইজৰ নয়নৰ মণি হৈ পৰিছিল।

সেই ছবিখনৰ আন এটি বিশেষ সফলতা আছিল ইয়াৰ গীতসমূহ। ‘ডক্তৰ বেজবৰুৱা’ৰ প্ৰতিটো গীতেই হৈছিল চুপাৰহিট, চিৰসেউজ— আজিও অসমৰ প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ অন্তৰত নজহা-নপমা স্থান দখল কৰি আছে এই গীতসমূহে। সেই সময়ত ছবিখন ইমানেই জনপ্ৰিয় হৈছিল যে ছবিগৃহ নথকা গ্ৰামাঞ্চলৰ ৰাইজে বাছ ভাড়া কৰি ছবিগৃহলৈ আহিছিল ‘ডক্তৰ বেজবৰুৱা’ চাবলৈ। অসমীয়া বাণিজ্যিক ছবিৰ ধাৰা মুকলি কৰা ছবি ‘ডক্তৰ বেজবৰুৱা’ই ১৯৭০ চনত লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা। অসমীয়া চলচ্চিত্ৰৰ উত্তৰণত নিশ্চিতভাৱে এই ছবিখন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ আছে আৰু থাকিব।

গৰিমামণ্ডিত এই চলচ্চিত্ৰখনৰ ছিকুৱেল হিচাপে ‘ডক্তৰ বেজবৰুৱা ২’ ছবিখনে ইতিমধ্যে অসমৰ ছবিগৃহৰ লগতে দেশৰ কেবাখনো চহৰত মুক্তি লাভ কৰিছে। ‘ডক্তৰ বেজবৰুৱা’ৰ জৰিয়তে অসমবাসীৰ অন্তৰত নিজৰ সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা, অসমবাসীৰ অতি আদৰৰ অভিনেতা নিপন গোস্বামীৰ এটি সপোন আছিল এসময়ৰ ব্লকবাষ্টাৰ এই ছবিখনৰ এখন ছিকুৱেল নিৰ্মাণ কৰা। প্ৰাগ নিউজৰ স্বত্বাধিকাৰী, উদ্যমী ছবি নিৰ্মাতা ড° সঞ্জীৱ নাৰায়ণ আৰু ড° আক্ষাতা নাৰায়ণৰ প্ৰযোজনাত চিৰসেউজ অভিনেতাজনৰ এই সপোনটোৱে বাস্তৱ ৰূপ পোৱাই নহয়, পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি এই ছবিখনো ইতিমধ্যে চুপাৰহিট হিচাপে পৰিগণিত হৈছে। ৰাইজ হিলদল ভাঙি ওলাই আহিছে ছবিখন উপভোগ কৰিবলৈ। ইতিমধ্যে ছবিখনে ব্যৱসায়িকভাৱে প্ৰায় চাৰি কোটিৰো অধিক টকা উপাৰ্জন কৰিছে।

কভিদ-কালীন পৰিস্থিতিয়ে জনজীৱনৰ সমান্তৰালভাৱে অসমীয়া ছবি উদ্যোগলৈ যি দুৰ্যোগ কঢ়িয়াই আনিলে, সিয়ো যেন ‘ডক্তৰ বেজবৰুৱা ২’ৰ জৰিয়তে বহুলাংশে দূৰ হ’ল। আটাইতকৈ সুখবৰটো হৈছে প্ৰতিটো প্ৰজন্মৰ মাজতে ছবিখন জনপ্ৰিয় হৈ পৰিছে। ছবিগৃহৰ ভিতৰত শিশুৰ পৰা বয়োজ্যেষ্ঠ জনলৈ বিভিন্ন বয়সৰ ছবিপ্ৰেমীৰ ভিৰেই প্ৰমাণ কৰিছে ছবিখনৰ জনপ্ৰিয়তা। ৰাইজে বাছ ভাড়া কৰি অসমীয়া চিনেমা চোৱাৰ পৰিৱেশ পুনৰ ঘূৰি আহিছে। নিশ্চিতভাৱে ই এক শুভ লক্ষণ।

ছবিখন উপভোগ কৰাৰ পাছত দৰ্শক হিচাপে একেষাৰেই ক’ব পাৰি যে ছবিখন উন্নত মানৰ শেহতীয়া প্ৰযুক্তি, কলা-কৌশল সমৃদ্ধ পৰিয়ালৰ সকলোৰে উপভোগ্য এখন ভাল ছবি। পূৰ্বৰ দৰেই ‘ডক্তৰ বেজবৰুৱা ২’ৰ কাহিনীতো চাচপেঞ্চ আৰু থ্ৰীলাৰৰ পূৰ্ণ সমাৱেশ ঘটা পৰিলক্ষিত হৈছে। ছবিখন যিহেতু বৰ্তমানেও ছবিঘৰত চলি আছে, সেয়ে ছবিখনৰ স্বাৰ্থত কাহিনীটো বৰ্ণনা কৰাৰ পৰা বিৰত থাকি এটা কথাই কওঁ যে এটি সুন্দৰ পৰিপাটী কাহিনী যুৱ প্ৰজন্মৰ এগৰাকী সুদক্ষ, জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপে আগবঢ়াই নিছে ‘ডক্তৰ বেজবৰুৱা ২’ৰ মাজেৰে। এটা কথা ক’ব লাগিব যে ছবিখনৰ প্ৰথমছোৱা কিছু মন্থৰ গতিৰ যদিও বিৰতিৰ পাছৰ পৰা এই গতিয়ে তীব্ৰতা পাইছে। দৰ্শকৰ কৌতূহল আৰু চাচপেঞ্চ ধৰি ৰখাত কাহিনীয়ে সফলতা দাবী কৰিব পাৰে।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব মুখ্য ভূমিকাত অভিনয় কৰা স্বনামধন্য অভিনেতা আদিল হুছেইনৰ। এগৰাকী অভিনেতা হিচাপে আদিল হুছেইনৰ কৃতিত্বৰ বিষয়ে কোৱাৰ ধৃষ্টতা আমাৰ নাই। তেওঁ অসমৰ সম্পদ। ‘ডক্তৰ বেজবৰুৱা ২’ত আদিল হুছেইনৰ অসামান্য অভিনয় অসমবাসীৰ বহুদিনলৈ মনত ৰৈ যাব। হাৰ্টথ্ৰব জুবিন গাৰ্গে এক কথাত ভাল অভিনয় কৰিছে। প্ৰকৃততে চৰিত্ৰটো সম্পৰ্কত জুবিনে নিজেই বহুকেইটা সাক্ষাৎকাৰত কৈছেই যে তেওঁৰ নিজৰ নিচিনাকৈয়ে চৰিত্ৰটো নিৰ্মাণ কৰা হৈছে। গতিকে ডি এছ পি মহাদেৱ বৰবৰুৱা চৰিত্ৰটো স্বাভাৱিকভাৱেই সুন্দৰ ৰূপত ফুটাই তুলিছে জুবিনে।

নিপন গোস্বামীয়ে ছবিখনত কম সময়ৰ বাবে কৰা অভিনয়ৰ মাধ্যমেৰে পুনৰ দৰ্শকৰ মনত সাঁচ বহুৱালে। যুৱ অধিবক্তা শান্তনুৰ চৰিত্ৰত নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ নিপন গোস্বামী সফল হোৱা বুলিব পাৰি। স্নেহাৰ চৰিত্ৰত কিংকিনী, মামাৰ চৰিত্ৰত অৰুণ হাজৰিকা, শান্তনুৰ মাকৰ চৰিত্ৰত মাধুৰীমা চৌধুৰী আৰু খলনায়ক ৰঞ্জন চৌধুৰীৰ চৰিত্ৰত গৌৰৱ বৰা, পৰিমলৰ চৰিত্ৰত পদ্মৰাগ গোস্বামীয়ে দক্ষতাৰে অভিনয় কৰিছে। অন্যান্য চৰিত্ৰত ৰাজীৱ ক্ৰ’, পাৰ্থসাৰথি মহন্তকে ধৰি সকলোৱে সবল ভূমিকা পালন কৰিছে। অৱশ্যে দুই-এটা চৰিত্ৰৰ অভিনয়ত জথৰতা পৰিলক্ষিত নোহোৱা নহয়।

‘ডক্তৰ বেজবৰুৱা ২’ৰ আটাইকেইটি গীতেই ইতিমধ্যে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে। জিলিকি জিলিকা তৰা আকাশৰে, কি নাম দি মাতিম, মইনা কোন বিধতাই স্ৰজিলে, ফুল ফুল ফুলে মেলিলে পাহি— পূৰ্বৰ বহুল জনপ্ৰিয় এই চাৰিওটি গীত নতুন প্ৰজন্মই আকোঁৱালি ল’ব পৰাকৈ নতুনকৈ সজাই তুলিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে। ৰাইজে পুনৰ পূৰ্বৰ গীতকেইটিৰ দৰেই এই চাৰিওটি গীতকে মৰম দিছে। যুৱ সমাজে আদৰি লৈছে গীতকেইটি। ই ছবিখনৰ আন এটি সফলতা বুলি ক’ব লাগিব।

ডক্তৰ বেজবৰুৱা ২ চিনেমা

ডক্তৰ বেজবৰুৱা ২ চলচ্চিত্ৰৰ পোষ্টাৰ

ছবিখনৰ আটাইতকৈ ভাল লগা দিশটো হৈছে কাৰিকৰী কৌশল, উন্নত প্ৰযুক্তিৰ কেমেৰাৰ ব্যৱহাৰ আৰু পৰিচালকৰ দক্ষতা। বহুকেইটা দৃশ্য, বিশেষকৈ গীতৰ চিত্ৰগ্ৰহণ এক কথাত হিন্দী ছবিৰ সৈতে ফেৰ মাৰিব পৰা ধৰণৰ হৈছে। ছবিখন বাণিজ্যিকভাৱে সফল হোৱাৰ ইও এটা প্ৰধান কাৰক হ’ব পাৰে বুলি আমাৰ ভাৱ হয়। সম্প্ৰতি বিভিন্ন উন্নত প্ৰযুক্তি, থ্ৰী ডি, ফ’ৰ ডি চলচ্চিত্ৰ উপভোগ কৰা অসমীয়া দৰ্শক, বিশেষকৈ যুৱ প্ৰজন্মই যে কেৱল অসমীয়া ছবি হোৱা বাবেই ‘ডক্তৰ বেজবৰুৱা ২’ চাবলৈ গৈছে, সেই কথা নহয়; ছবিখনৰ মান, কাৰিকৰী প্ৰযুক্তি, কেমেৰাৰ ব্যৱহাৰ, কাহিনী, সংলাপ— এইবোৰত বিচৰাখিনি নাপোৱা হ’লে এনেদৰে কেতিয়াও ছবিঘৰলৈ হিলদল ভাঙি নাযায়।

গতিকে ক’ব পাৰি যে এই দিশবোৰ যথেষ্ট ভাল হোৱাৰ বাবেই ছবিখন ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছে। প্ৰকৃতপক্ষে পৰিচালক হিচাপে নিপন গোস্বামীদেৱে এই দিশতো দক্ষতাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে বুলি ক’ব লাগিব।

শেষত এটাই আশা কৰিছোঁ, ‘ডক্তৰ বেজবৰুৱা ২’ ছবিখনে অসমৰ ছবি উদ্যোগটোলৈ যি এক জোৱাৰ আনিলে, আশাৰ বতৰা কঢ়িয়াই আনিলে, সেয়া স্থায়ী হওক। অসমীয়া ছবিৰ ঐতিহাসিক পৰিক্ৰমাত আহিবলগীয়া দিনত বহু নতুন ছবিয়ে এনে নতুন নতুন অভিলেখ গঢ়ক। ভাল দিনবোৰ আকৌ ঘূৰি আহক।

❧ | আৰু পঢ়ক:

ডক্তৰ বেজবৰুৱা ২-ৰ যাদু | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Facebook