উৎসৱৰ ধামখুমিয়াত হেৰাই যোৱা মূল্যবোধ

উৎসৱৰ ধামখুমিয়াত হেৰাই যোৱা মূল্যবোধ
  • 17 Oct, 2012

য়া শৰতৰ বতৰ। কুঁৱলি-নিয়ৰ সৰাৰ, শেৱালি-কঁহুৱা ফুলাৰ বতৰ; উৎসৱৰ বতৰ। প্ৰাত্যহিক জীৱন সংগ্ৰাম আৰু গতানুগতিকতাৰ পৰা আহৰি উলিয়াই বৈচিত্ৰ্যপ্ৰেমী মানুহে একগোট হৈ উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ জৰিয়তে জীৱনীশক্তি আৰু কৰ্মোদ্যম আহৰণ কৰে। শৰতৰ এই মনোমোহা পৰিৱেশতে উলহ-মালহেৰে পালন কৰা হয় শাৰদীয় দুৰ্গোৎসৱ। শক্তিৰ অধিষ্ঠাত্ৰী আৰু মঙ্গলকাৰিণী মাতৃৰূপে দেৱী দুৰ্গাক পূজা কৰা হয় মহিষাসুৰৰূপী অমঙ্গলক যুগে যুগে নাশ কৰিবলৈ। সমাজত বৰ্তি থকা দুৰ্নীতি, দুৰ্যোগ, হত্যা, সন্ত্ৰাস আদি কু-শক্তিসমূহ ৰোধ কৰিবলৈ দুৰ্গা পূজাৰ এই অন্তৰ্নিহিত উদ্দেশ্যৰ প্ৰাসংগিকতা অনস্বীকাৰ্য যদিও অত্যধিক জাকজমকতা আৰু জনপ্ৰিয়তা অৰ্জনৰ খাতিৰত মেলামুখী কৰি তোলাৰ প্ৰৱণতাই পূজাৰ মূল উপলক্ষ্য বহুলাংশে বিনষ্ট কৰিছে। পৰিৱৰ্তনৰ ঢৌত খৰ মাৰি পূজা সমিতিসমূহেও ব্যয়বহুল মণ্ডপ নিৰ্মাণ বা পোহৰ সজ্জাতে সীমাৱদ্ধ নাথাকি সাংস্কৃতিক সন্ধিয়া বা তেনে কোনো আকৰ্ষণীয় অনুষ্ঠান প্ৰদৰ্শনীৰ প্ৰতিযোগিতাত নামি পৰিছে। এতিয়া কথা হ’ল, তেনে এক সাংস্কৃতিক সন্ধিয়াত ভাগ ল’বলৈ বহুতো দামী-দামী শিল্পীৰ লগতে মঞ্চ উদ্বোধন কৰিবলৈ দেহশ্ৰী প্ৰতিযোগিতাৰ চেম্পিয়নৰ প্ৰয়োজন হোৱাটো পূজা-পাৰ্বণৰ দৰে অনুষ্ঠানৰ লগত মুঠেও সংগতি নোহোৱা আড়ম্বৰ। তেওঁলোকক আপ্যায়ন কৰিবলৈ ইমান বৃহৎ পৰিমাণৰ অৰ্থৰ আমদানি হয় ক’ৰ পৰা? এনেদৰে অপচয় নকৰি সেই ৰাজহুৱা ধন অইন কোনো সামাজিক বা সৃষ্টিশীল কাম-কাজত খৰচ কৰাৰ কথা চিন্তা কৰা নহয় কিয়?

এই শাৰদীয় বতৰতে উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ। যি ‘এক দেৱ এক সেৱ’ মূল মন্ত্ৰেৰে গুৰুজনাই জাতি-বৰ্ণ-নিৰ্বিশেষে বৰ অসমক একতাৰ ডোলেৰে বান্ধিছিল, সেই সম্বন্ধে বহুলভাৱে চিন্তা-চৰ্চা হোৱাটো জাতিটোৰ বাবে আশাৰ বতৰা। গুৰুজনাৰ সৃষ্ট সত্ৰীয়া কলা-কৃষ্টিক বিশ্ব দৰবাৰলৈ নিয়াৰ আশাশুধীয়া প্ৰচেষ্টা নিশ্চয়কৈ আদৰণীয়। কিন্তু সেই সময়তে স্বয়ং ধৰ্মৰ পৃষ্ঠপোষকসকলৰ মাজতে ভাঙোন ধৰাটো অতিশয় পৰিতাপৰ কথা। যি সাম্য-মৈত্ৰীৰ ভাবধাৰাৰে শ্ৰীমন্ত শঙ্কৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল, সেই নামঘৰতেই ৰোপণ হৈছে এতিয়া বিভেদৰ বীজ। নীতি-নিয়ম, আচাৰ-অনুষ্ঠানৰ সমৰ্থন-অসমৰ্থনত ভক্তসকল বিভাজিত হৈছে কেবাটাও খেললৈ। ইয়াৰ উপৰি সস্তীয়া জনপ্ৰিয়তাৰ লোভে এই অনুষ্ঠানকো আকৰ্ষিত কৰিছে লাহে লাহে। সত্ৰীয়া কলা-সংস্কৃতিক অগ্ৰাধিকাৰ দিবলৈ গঢ়ি তোলা মঞ্চত দৃষ্টিকটুভাৱে চিত্ৰজগতৰ তাৰকা, ৰাজনৈতিক নেতা-পালিনেতাৰ ভিৰ পৰিলক্ষিত হৈছে। সংশ্লিষ্ট মহলে ইয়াৰ কি ব্যাখ্যা আগবঢ়াব ?

ব্যক্তিগত অভাৱ-অভিযোগ, অসূয়া-অপ্ৰীতি আঁতৰাই উৎসৱ-পৰ্বই মানুহক আনন্দ প্ৰদানৰ লগতে সুসংহত আৰু শক্তিশালী সমাজ গঢ়াত সহায় কৰে। জাতীয়তা আৰু স্বকীয় বৈশিষ্ট্য ৰক্ষাৰ বাবে প্ৰতিটো জাতিয়ে নিজৰ ভিতৰতে বিৰাজমান অপশক্তিবোৰক চিনাক্ত কৰি সিবোৰৰ প্ৰতিকাৰৰ নিমিত্তে সংঘবদ্ধ হোৱা উচিত। কিন্তু তাৰ সলনি বোমা-বাৰুদ-বন্দুকেৰে সমস্যাৰ সমাধান কৰিবলৈ গ’লে সমস্যাই বেছি জটিল ৰূপহে ল’ব। যিটো সময়ত অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাই আমাক অস্তিত্ব ৰক্ষাৰ সংকটত পেলাইছে, সেই সময়তে থলুৱা প্ৰতিটো গোষ্ঠী-জনগোষ্ঠীয়ে নিজৰ নিজৰ অস্তিত্বৰ শিপা বিচাৰি খোৱা-কামোৰা কৰাটো কোনোপধ্যে শুভবুদ্ধিৰ পৰিচায়ক নহয়। যেতিয়ালৈকে আমি এই আসোঁৱাহসমূহৰ সূক্ষ্ম বিচাৰ-বিশ্লেষণ কৰিবলৈ নিশিকোঁ, তেতিয়ালৈ সাংস্কৃতিক সন্ধিয়া পাতি পূজা-পাতলৰ দৰে মাংগলিক অনুষ্ঠান জাক-জমক কৰাৰ মানসিকতাৰো অভাৱ নহ’ব আৰু গুৰুজনাৰ পৱিত্ৰ জন্মতিথিত সভা শুৱনি কৰিবলৈ চিত্ৰতাৰকাক নিমন্ত্ৰণৰ প্ৰৱণতাৰো অভাৱ নহ’ব। আৰু তেতিয়ালৈ এখন সুস্থ আৰু নিকা সমাজ গঢ়িবলৈ কৰা সকলো প্ৰচেষ্টা প্ৰহসনত পৰিণত হ’ব মাথোঁ।

উৎসৱৰ ধামখুমিয়াত হেৰাই যোৱা মূল্যবোধ | ডিম্পল কাকতি

Follow Nilacharai on Facebook