এদিন
প্ৰকাশ: ১৪ এপ্ৰিল, ২০১৩ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১
বিয়লি বেলাৰ সুহুৰি এটা ওঁঠত তুলি লৈ
এদিন তেজাল সূৰ্যটো হেৰাই যাব আন্ধাৰৰ মাজত
দুখৰ অৰণ্যত ফুলা সুখৰ ফুলপাহৰ সুবাসে মতলীয়া কৰা প্ৰেমিক চৰাইটি
এদিন ঘৰমুৱা হৈ উভতি নাহিব
ঠনঠনকৈ ভাগি পৰা সপোনবোৰৰ উহুমা গোন্ধত পাৰ কৰা উজাগৰি ৰাতিবোৰ
এদিন নীৰৱে আন্ধাৰৰ কোলাত শুই পৰিব
আন্ধাৰত বুৰ যোৱা ঘৰটোৰ বন্ধ দুৱাৰত টুকুৰিয়াই
এদিন জোনাকবোৰ উচুপি উচুপি আঁতৰি যাব
হৃদয়ৰ পৰা কেতিয়াও বিচ্ছিন্ন নোহোৱা ভালপোৱাৰ অনুভূতিবোৰ
এদিন সোঁৱৰণিৰ পৃষ্ঠাত আধালিখা কৰুণ কবিতা এটি হৈ জিলিকি ৰ’ব…
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply