বসন্তৰ গান

বসন্তৰ গানবোৰ মই এতিয়া পাহৰিলো
আধা মনত আছে, আধা হেৰাল
বিপন্ন স্মৃতিৰ আধা পোহৰ
আধা এন্ধাৰত সিহঁত একাকাৰ হৈ আছে

মই যেতিয়া সৰু আছিলো
বসন্তৰ গানবোৰ গছৰ পাতে পাতে
ডালে ডালে বতাহত ভাহি আছিল
লাগি লাগি আছিল চুলিয়ে চুলিয়ে
জেতুকাৰ দুহাতে

বসন্তৰ গানবোৰ এতিয়া
বসন্তৰ পৰা পলাই আছে
কৰবাত ভাহি আছে
ক’ৰবাত উৰি আছে

বসন্তৰ গান— কি যে মিঠা, সুৰীয়া
একো একোটা গান
সৌন্দৰ্যহীন অদৃশ্যমান, শূন্যতাত ভাসমান
জীৱনৰ গান— সেয়াই বসন্তৰ গান।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

প্ৰথমে আপুনিয়েই মতামত দিয়ক!

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of