ফাগুন নামি আহে মোৰ বুকুয়েদি

ধূলিৰ নিজৰা এটা হৈ
ফাগুন নামি আহিল মোৰ বুকুয়েদি
চকুত চকু থৈ
পিন্ধালে আলফুলে মোৰ দেহত
হালধীয়া সাজ ৷

মইচোন আছিলো সেউজীয়া
ফাগুনৰ পছোৱাত উৰি ফুৰা
হৈ পৰিলো এটি চঞ্চলা
হালধীয়া পখিলা৷

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of