কোনেও কাৰো কথা নুশুনে

কোনেও কাৰো কথা নুশুনে
  • 23 Mar, 2023

আজিকালি কোনেও কাৰো কথা নুশুনে
আজিকালি কথা শুনিবলৈ কাৰো সময় নাথাকে

এনেকুৱা নহয় যে সকলো মানুহেই ভাল কথক
সকলো মানুহেই ভাল শ্ৰোতা

সকলো মানুহেই ভালদৰে কথা ক’ব নাজানে
নাজানে শ্বাসাঘাত, শব্দৰ লহৰ, উঠা-নমা

ক’ত, কেনেকৈ উশাহ ল’ব লাগে
কেনেকৈ নিশাহ এৰে

‘কথাত বঁটা পায়
কথাত কটা যায়’

ক’ত কেনেকৈ কথা ক’ব লাগে
এই কথা সকলোৱে নাজানে

কথা কোৱা এটা কলা
কথা শুনা এটা কলা
কলা অনুশীলনৰ
কঠিন অভ্যাসৰ

কোনো কাকো দাবী কৰিব নোৱাৰে
কোনো কাকো টানি ক’ব নোৱাৰে
আপুনি মোৰ কথা শুনক
আপুনি মোক কথা কওক
আপুনি কথা কওক

সময় বৰ নিৰ্দয়

কোনে কাক ধৰি ৰাখে বুকুৰ মাজত
আলফুলে

শ্ৰোতাই
দৰ্শকে
কথকে

নে বুকুৰ মানুহে!

❧ | অধিক কবিতা:

কোনেও কাৰো কথা নুশুনে | মণ্টু মৰাণ
Follow Nilacharai on Facebook