ভোগালীৰ সুৰ
প্ৰকাশ: ১৩ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ১৪ জানুৱাৰী, ২০১৮
ভোগালী মানেই মনে নমনা কিছু আত্মকথা
এৰি থৈ অহা বহুতো সাধুকথা
ভোগালী মানেই উছৱৰ বতৰ
আকাংক্ষাৰ লহৰ,
মনৰ সুৰত সুৰ মিলাই
সাৰ পাব খোজা চেঁচা প্ৰহৰ।
ভোগালী আহিলেই পুতুকণৰ উলাহ চৰে
আঘোণীৰো মন উৰোঁ উৰোঁ,
বছৰেকত যে পয়েকে এবাৰেই হাঁহে।
ভোগালী মানেই বিধ্বংসী মৰণ-পণ
ভোগেৰেই আৰম্ভণি, ভোগতেই সমৰ্পণ।
ভোগালী মানেই মাজনিশাৰ অস্বস্তি
তেজৰ বানত নিঃশব্দ নব্বৈৰ নলবাৰী।
ভোগালী মানেই আশ্বাস, বিশ্বাস
অসমৰ বুকুত প্ৰতিশ্ৰুতিৰ নিশ্বাস।
ভোগালী মানেই বেদনাৰ অন্ত
অপেক্ষাৰ বন্দনা ইমানতে সমাপ্ত।
ভোগালীতেই আইৰ আঁচল চকুলোৰে তিতিছে
পোনাকণে হাবি এৰি ঘৰলৈ উভতিছে।
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply