যেতিয়া কথাবোৰ গভীৰ হয়

যেতিয়া কথাবোৰ গভীৰ হয়
  • 11 Jan, 2023

ৰাতিবোৰ গভীৰ হয়
যেতিয়া কথাবোৰো গভীৰ হয়

হাবাথুৰি খাই ফুৰোঁ সেই কথাবোৰৰ অৰ্থ বিচাৰি৷

শব্দবোৰত আউল লাগিলে
যতন কৰাৰ হাবিয়াসত
অযুত চিন্তাৰ মালাধাৰি
বুকুত সাবটি বহি থাকিলো

জীৱনৰ তুলনা জীৱনৰ লগত কৰিলো৷

পোৱা-নোপোৱাৰ সন্দেহতো
আপ্ৰাণ চেষ্টা,
সমাজত মইজনী হেৰাই যোৱাৰ ভয়ত
অথবা সমাজখন মোৰ মাজত হেৰাই যোৱাৰ ভয়ত৷

তাকেই, জোনাকেও কয়
তৰাবোৰেও বুজায়—

ৰাতিবোৰ গভীৰ হয়
যেতিয়া কথাবোৰো গভীৰ হয়!

❧ | আৰু পঢ়ক:

যেতিয়া কথাবোৰ গভীৰ হয় | জিম্লী শৰ্মা
Follow Nilacharai on Facebook