তুমি নীলা চৰাই

[ প্ৰদ্যুৎ জ্যোতি শইকীয়া ]

পাগল এটি ৰাতি
বহিছিল হিয়াতে আহি
চেনেহৰ নীলা চৰাইজনী।
সুৰ এটি আহিছিল ভাহি
ৰুণজুন ৰুণজুন কৰি।

লগতে এটি বাঁহী
সাৰ পাই উঠিছিল ৰাতি
তোমাৰ খিল খিল হাঁহি।
সুৰ এটি আহিছিল ভাহি
ৰুণজুন ৰুণজুন কৰি।

হিয়াৰ আমঠু তুমি
বাজিছে নুপুৰ আজি
যেন বৈছে প্ৰেমৰ নদী।
সুৰ এটি আহিছিল ভাহি
ৰুণজুন ৰুণজুন কৰি।

বলিয়া কৰিলা আহি
নোৱাৰোঁ ল’ব নিজৰ কৰি
হেৰাই যাব মোৰ হাঁহি।
সুৰ এটি আহিছিল ভাহি
ৰুণজুন ৰুণজুন কৰি।


লেখকৰ ঠিকনা: কৰিমগঞ্জ

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of