নৱকান্ত বৰুৱাৰ তিনিটা গীত

জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা

জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা,
নির্জনতাই মনত পেলায় আইৰ কথা,
আইৰ কথাই জ্বলায় মনত দীপৰ শিখা
দীপৰ শিখাত তুলসী তলৰ পৱিত্ৰতা।

কোলাহলৰ চহৰখনত জিলি আহি
দুপৰীয়া বজাই গলি নিজান-বাঁহী,
কোন জনমৰ অৰণ্যখন উঠিল ভাহি
তাৰ বাবে মোৰ আদিম মনৰ ব্যাকুলতা।

অৰণ্যৰেই এটি কোণত আমাৰ পঁজা
পানীপোতাত দুলি আছে পখীৰ সজা
নিমাত নিতাল নিকা চোতাল ঘৰ
জিলিৰ মাতত আইৰ মনৰ আকুলতা।


শুনক: নৱকান্ত বৰুৱাৰ কবিতা ‘ৰাৱণ’ৰ আবৃত্তি

.
সৌ পথাৰৰ কঁহুৱা ফুল

সৌ পথাৰৰ কঁহুৱা ফুল নীল আকাশত কোনে সজালে?
নীল আকাশৰ বগা ডাৱৰ পথাৰলে’ কোনে নমালে?
আহিনে, আহিনে, আহিনে।

ভনটিজনীৰ হাঁহি আৰু চকুপানীত ৰামধেনুখন কোনে জ্বলালে
ৰামধেনুত ভনটিজনীৰ হাঁহি আৰু চকুপানী কোনে মিলালে?
আহিনে, আহিনে, আহিনে।

ফট্‌ফটীয়া বিলৰ পানীত কোনে দিলে বালিচন্দাৰ সাঁচ
ধকধকীয়া জুৰিৰ বালিত কোনে থ’লে হেজাৰ চন্দামাছ?

তোমাৰ বনৰ শেৱালি ফুল মোৰ যে মনত সিঁচি দিলে কোনে
মোৰ যে মনৰ নিয়ৰ কণা তোমাৰ ফুলত সাঁচি থ’লে কোনে?
আহিনে, আহিনে, আহিনে।


বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন

বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন
ওঁঠত কদম ফুলৰ হাঁহি
বিজুলী লতাৰে তোমাৰ কবৰী বন্ধন
হাতত কেতেকী ফুলৰ পাহি।

বর্ষা, তোমাৰ মেঘ ডম্বৰু স্পন্দন
কত কলাপীৰ চপল হৃদয় ৰঞ্জন
কুন্দ কলিত শত মধুপৰ গুঞ্জন
তাৰে সুৰে সুৰে পুৱালি বায়ুৰ বাঁহী।


নৱকান্ত বৰুৱাৰ এমুঠি কবিতা পঢ়ক

.

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of