বিপ্লৱী-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা

অসমীয়া জাতীয় জীৱন আৰু কলা-শিল্প-সংস্কৃতিৰ চিৰপ্রােজ্জ্বল এটি বিৰল ব্যক্তিসত্তা হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণু ৰাভা অসমৰ সকলাে জাতি, সকলাে জনগােষ্ঠী, সকলাে ভাষা-ভাষী লােকৰ বাবেই অতি আদৰৰ নাম— নিজ চকুৰে নেদেখিলেও যেন প্রত্যেকৰে এজন অতি পৰিচিত আপােন মানুহ। সব্যসাচী ৰাভাৰ পৰিচয় মিহলি হৈ আছে বর্ণিল অসমৰ কলা-কৃষ্টি-সংস্কৃতিৰ চহকী পথাৰখনত, অসমৰ ৰসাল মাটিত, নিপীড়িত জনগণৰ মুক্তিৰ স্বপ্নত। অসমৰ বিভিন্ন জনগােষ্ঠী আৰু জাতিসত্তাৰ মাজত ঐক্য-সম্প্রীতি প্রতিষ্ঠা কৰি আকাশৰ দৰে সুবিশাল উদাৰতা আৰু হিমালয়ৰ দৰে সুউচ্চ মানসিকতা লৈ আগবাঢ়ি আহিছিল মহান সংস্কৃতিৱান, আজন্ম বিপ্লৱী, ৰাজনীতি, সমাজনীতি, সংস্কৃতি সকলােতে স্বকীয় ব্যক্তিত্ব আৰু প্রতিভাৰে প্রভূত প্রভাৱ বিস্তাৰ কৰা বিষ্ণুপ্ৰসাদ ৰাভা।

গণশিল্পী বিষ্ণু ৰাভাই সংগ্রাম কৰিছিল সমাজৰ দুৰ্গত জনৰ বাবে। তেওঁৰ অন্তৰাত্মাত প্রবাহিত হৈ আছিল এখন সাম্যবাদী সমাজ প্রতিষ্ঠাৰ সপােন। তেওঁৰ সপােন আছিল হালােৱা-হজুৱা, কৃষক-শ্রমিক, বনুৱা-মজদুৰ শ্রেণীক লৈ এখন নতুন সমাজ প্রতিষ্ঠা কৰা, য’ত মানুহৰ মাজত ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ ভেদাভেদ নাথাকিব আৰু সকলােৱে সম-অধিকাৰৰ মাজেদি জীয়াই থাকিব পাৰিব। এই মহান গণ-শিল্পীগৰাকীয়ে ৰাইজকেই ৰজা পাতি, ৰাইজৰেই অধিকাৰ সাব্যস্ত কৰিবলৈ যি চিন্তা কৰিছিল, যি কর্ম কৰিছিল, সেয়াই মানৱপ্ৰেম আৰু দেশপ্রেমৰ উজ্জ্বল আদর্শ। দলিত জনৰ, নিঃকিন জনৰ সন্মান ঘূৰাই আনিবলৈ গীত-কবিতাৰ মাজেদি গণতান্ত্রিক আদর্শ ব্যক্ত কৰি— “ৰাইজেই ৰজা মােৰ/ প্রজায়েই ৰজা মােৰ/ সুখেৰে পঞ্চায়তীৰাজ” বুলি সত্য আৰু ন্যায়ৰ পক্ষত থিয় হৈ বিষ্ণু ৰাভাই সংগ্রাম অব্যাহত ৰাখিছিল। ৰাভাই দেখিছিল সর্বসাধাৰণ মানুহৰ পূর্ণ স্বাধীনতাৰ সপােন। কিন্তু তেওঁ যি স্বাধীনতাৰ সপােন দেখিছিল, তাক বাস্তৱ ক্ষেত্ৰত বিচাৰি পােৱা নাছিল। সেয়ে ব্রিটিছে এৰি থৈ যােৱা দেশৰ স্বাধীনতা আৰু গণতন্ত্রক সমর্থন নকৰি ১৫ আগষ্টৰ দিনাই টিহুৰ দীঘেলীত ক’লা পতাকা উৰুৱাই ৰাভাই চিঞৰি উঠিছিল— “য়ে আজাদী ঝুথা হ্যায়— এই স্বাধীনতা ভূৱা”। বিষ্ণু ৰাভাৰ এই শ্ল’গান আছিল ৰাইজৰ মুক্তিৰ, ৰাইজৰ প্রকৃত স্বাধীনতাৰ অর্থে এক দুৰন্ত আহ্বান। প্রকৃততে বিষ্ণু ৰাভাই নিজৰ দূৰদৰ্শিতা আৰু অনুভূতিৰ বলত বৃহত্তৰ অসমীয়া জাতিৰ পুনৰ নিৰ্মানৰ দিশত এক গণ জাগৰণৰ সপােন ৰচনা কৰিছিল। সেইটোৱেই আছিল বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপােন, বৃহত্তৰ অসমীয়া জাতি গঠনৰ বাবে কৰা অতুলনীয় অৱদান। এক কথাত ক’ব পাৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদাংক অনুসৰণ কৰি কলাগুৰুৱে গুৰুজনাৰ আধৰুৱা কামখিনিহে যেন সম্পূর্ণ কৰিবলৈ যত্নপৰ হৈ পৰিছিল। বিভিন্ন জাতি-উপজাতিৰ কৃষ্টি-সংস্কৃতিৰ সংমিশ্রণেৰে তেখেতে বিশাল অসমীয়া জাতি গঠনৰ চেষ্টাত আজীৱন প্রচেষ্টা চলাইছিল।

জনতাৰ শিল্পী বিষ্ণু ৰাভাই মর্মে মর্মে উপলদ্ধি কৰিছিল যে জনগণক জাগ্রত কৰিবলৈ হ’লে গণসংস্কৃতিৰ মাধ্যমৰে জনতাৰ প্ৰাণৰ চেতনাক জাগ্রত কৰিব লাগিব। এগৰাকী প্রকৃত শিল্পী, সুন্দৰৰ পূজাৰী, জনসেৱক হিচাপে বিষ্ণু ৰাভাই সর্বসাধাৰণ লােকক কলা-সংস্কৃতিৰ প্রতি আকৃষ্ট কৰি প্রতিজন নাগৰিককে সাংস্কৃতিৱান কৰি তুলিব বিচাৰিছিল। ৰাভাৰ গােটেই জীৱনটোলৈ লক্ষ্য কৰিলে আমি দেখা পাম— গীত আৰু সুৰেৰে সজোৱা এখন হৃদয় আৰু মানৱীয় এটা বহল মন লৈ প্রান্তে প্রান্তে খােজকাঢ়ি, সাঁতুৰি-নাদুৰি, পাহাৰ বগাই, ছদ্মৱেশ ধৰি তেওঁ সর্বসাধাৰণ জনতাৰ একেবাৰে কাষ চাপি গৈছিল, খােৱা-বােৱা কৰিছিল, নৃত্য-গীত-আনন্দ কৰিছিল বা তেজোদ্দীপ্ত ভাষণ দিছিল। গণচেতনাত তেওঁৰ আছিল অগাধ বিশ্বাস। তেওঁ বজ্ৰকণ্ঠে ঘােষণা কৰিছিল— “ৰাইজৰ মৰম-চেনেহেই আমাৰ ৰক্ষাকবচ। ৰাইজৰ আশিসেই আমাৰ পাশুপাট অস্ত্র। এই ৰক্ষাকবচ আৰু পাশুপাট অস্ত্রৰ বলতেই আমি সুস্থ, বলিষ্ঠ আৰু নির্ভীক সৈনিক।” জননেতা বিষ্ণুপ্রসাদ ৰাভাই সােণৰ চামুচ মূখত লৈ জন্মগ্রহণ কৰিও, ডেৰ হাজাৰ বিঘা মাটিৰ মালিকীস্বত্ব লাভ কৰিও এই সকলাে মাটি-সম্পত্তি ত্যাগ কৰি সাধাৰণ মানুহৰ দৰেই জীৱন-নিৰ্বাহ কৰিছিল। ব্যক্তিগত কথালৈ তিলমানাে কাণসাৰ নিদি জনসাধাৰণৰ কাষলৈ গৈ তেওঁলােকক জগাই তুলি কর্তব্য সােৱঁৰাই দিছিল। তেওঁ বিচাৰিছিল জনগণৰ মানৱীয় প্ৰমূল্যৰ উত্তৰণ। এনে মহান লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়েই বিষ্ণু ৰাভাই উছৰ্গা কৰিছিল ওৰেটো জীৱন। তাকে কৰিবলৈ যাওঁতে কাৰােবাৰ দৃষ্টিত ৰাভা হৈ পৰিছিল বিপ্লৱী আৰু কাৰােবাৰ দৃষ্টিত হৈ পৰিছিল বিভীষিকা। বিষ্ণু ৰাভাই ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক ভাষা জানিছিল। তেওঁৰ সংঘাটময় বৈপ্লৱিক জীৱনত গাঁৱে গাঁৱে বিভিন্ন সম্প্রদায় তথা জাতিৰ মানুহৰ মাজত ঘূৰি ফুৰােঁতে, কাম কৰােঁতে এই ভাষা জ্ঞানে যথেষ্ট সহায় কৰিছিল। শিল্পী হিচাপে ৰাভাদেৱৰ কৃতিত্ব তুলনাবিহীন। কৃষক-শ্রমিকক শােষণ বিৰােধী সংগ্ৰামত উদ্বুদ্ধ কৰিবৰ বাবে তেওঁ যি গীত-মাত ৰচনা কৰিছিল, সেই ৰচনাই তথাকথিত ৰক্ষণশীল লােকসকলৰ ভেম মষিমূৰ কৰিবলৈ সক্ষম হৈছিল। সংগ্রামী শিল্পীগৰাকীৰ গীতৰ কথাৰ মহত্ব, সুৰৰ লালিত্য আৰু শব্দৰ সংযােজন সচাঁই অতুলনীয়। ৰাভাৰ গীতত জন-জীৱনৰ দুখ-বেদনা, হতাশা-শােষণ আদিৰ চিত্র সমুজ্জ্বল হৈ আছে। বিষ্ণু ৰাভাই ইংৰাজ শােষকৰ দাসত্বৰ পৰা মুক্তি বিচাৰি হালােৱা-হজুৱা, ডেকা-গাভৰুকে ধৰি শত-সহস্রজনক আকুল আহ্বান জনাইছিল— “ভাং ভাং ভাং/ লােহাৰ শিকলি ভাং/ ছিং ছিং ছিং/ দাসৰ বান্ধোন ছিং…”। গীতৰ মাজেৰে প্ৰেমৰ অনুভূতিৰ গভীৰতম আৱেগ প্রকাশৰ ক্ষেত্ৰতাে ৰাভাদেৱ বিশেষভাৱে সফল হৈছে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত বিষ্ণু ৰাভাই স্বকীয় কথা আৰু সুৰেৰে ‘বিষ্ণু ৰাভা সংগীত’ৰ এটা সম্পূর্ণ ধাৰাৰ জন্ম দিলে।

সংগীতৰ সমান্তৰালভাৱে নৃত্যকলাতাে ৰাভা আছিল এগৰাকী সুদক্ষ শিল্পী। বৰপেটাত কিছুদিন থাকিব লগা হােৱাত সত্ৰীয়া নৃত্য সম্পর্কে বিষদ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। তেওঁ কলকাতাৰ ‘গ্লোব থিয়েটাৰ’ৰ মঞ্চত শিৱৰ তাণ্ডৱ নৃত্য প্রদর্শন কৰি সকলাে দর্শকক চমক খুৱাই দিছিল। ১৯৪০ চনত কাশী বিশ্ববিদ্যালয়ত পৰিৱেশন কৰা নটৰাজ নৃত্যত তদানীন্তন কাশী বিশ্ববিদ্যালয়ৰ উপাচার্য, বিখ্যাত দার্শনিক পণ্ডিত ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণণন মুগ্ধ হৈছিল।

সর্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক নিজৰ পথ-প্রদর্শক হিচাপে গ্রহণ কৰা বিষ্ণু ৰাভাই মার্ক্স, এংগেলছ গভীৰভাৱে অধ্যয়ন কৰিছিল, তথাপি অসমৰ সৰ্বকালৰ সর্বশ্রেষ্ঠ পুৰােধা শংকৰদেৱে দেখুৱাই থৈ যােৱা আদর্শক নির্মলচিত্তে গ্রহণ কৰিছিল। ৰাভাই নিজেই কৈছিল— “কার্ল মার্ক্সৰ সাম্যবাদ আৰু গান্ধীজীৰ সাম্যবাদৰ বহু আগতেই যুগনায়ক শংকৰদেৱে আমাৰ দেশত সাম্যবাদী নীতি প্রচাৰ কৰি থৈ গৈছে।” শংকৰদেৱৰ অতুলনীয় গুণ আৰু বহুমূখী প্রতিভা সার্থকভাৱে উপলব্ধি কৰি গুৰুজনাক ৰাভাদেৱে পৃথিৱীৰ শ্রেষ্ঠ তিনিগৰাকী মহাপুৰুষৰ মাজত স্থান দি থৈ গৈছে। গুৰুজনাৰ লগতে বিষ্ণু ৰাভাৰ দৃষ্টিত শ্রেষ্ঠ আন দুজন মহাপুৰুষ হ’ল— ভাৰতীয় মানসিকতা আৰু ধর্মতত্ত্বত ভগৱান ৰূপে অধিস্থিত শ্রীকৃষ্ণ আৰু ইটালীৰ বিখ্যাত শিল্পী লিঅ’নার্ড ডা ভিন্সি।

ৰাভা আছিল অসমৰ প্রথমগৰাকী সাংস্কৃতিক বিপ্লৱী। এই বিপ্লৱ তেওঁ তিনিটা দিশেৰে আগবঢ়াই নিছিল। এটা আছিল বৃহত্তৰ অসমীয়া সমাজৰ সাংস্কৃতিক উত্তৰণ। দ্বিতীয়তে— জাতীয় জীৱনৰ কৃষ্টি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু তৃতীয়তে— দলিত, নিষ্পেষিতৰ মুক্তিৰ বাবে সাম্যবাদৰ প্রাণ প্রতিষ্ঠা। মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ আন্দোলনৰ মাধ্যমৰে যি সমন্বয় সৃষ্টি কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল, সেই আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ বিষ্ণু ৰাভাই এখন সমন্বিত অসমীয়া সমাজ গঢ়াৰ মানসৰে সাংস্কৃতিক বিপ্লৱৰ পােষকতা কৰিছিল। ৰাভাৰ মতে, সমন্বয়ৰ অর্থ কেৱল অসমীয়া ভাষীৰ ঐতিহ্য-সংস্কৃতিৰ লগত পৰম্পৰাগত অন্য গােষ্ঠীৰ ভাষা-সংস্কৃতিৰ জীণ যােৱাতাে নহয়; তেওঁৰ মতে, বিভিন্ন জনগােষ্ঠীৰ লােকসকলে স্বকীয় সাংস্কৃতিক বিকাশৰ যােগেদি মহিমামণ্ডিত হৈ নিজ নিজ অস্তিত্বৰ সৌন্দর্যৰে জাতীয় সংস্কৃতি চহকী কৰিব লাগিব। সেয়ে ৰাভাদেৱে ক্ষুদ্র জনগােষ্ঠীসমূহৰাে সকলাে কৃষ্টি-সংস্কৃতি অধ্যয়ন কৰি শ্ৰদ্ধাৰে তাক আয়ত্ত কৰিবলৈ চেষ্টা চলাইছিল। তেওঁ অনুভৱ কৰিছিল, অসমৰ জাতীয় জীৱনৰ গৌৰৱময় সাংস্কৃতিক সৌধটোৰ ভিত্তি হ’ল অসমত যুগ যুগ ধৰি বসবাস কৰি অহা বিভিন্ন জাতি-জনগােষ্ঠীৰ সাংস্কৃতিক আহিলাসমূহ। সেয়ে তেওঁ এই জনগােষ্ঠীসমূহক বুজিবৰ বাবে নিৰলস চেষ্টা চলাইছিল। ৰাভাদেৱে কৈছিল— “কৃষ্টি-সংস্কৃতি আৰু সভ্যতা ধনী অসমীয়াৰ হাতত নাই। চফল নগৰীয়াৰ প্ৰাণত নাই। আছে, দুখীয়া-হজুৱা, হালােৱা-বনুৱাৰ দৰে গাঁৱলীয়া অসমীয়াৰ হিয়াৰ কোণত৷” সেয়ে তেওঁ বিপ্লৱৰ লগে লগে সমন্বয়ৰ চোকটোও তীব্র কৰি তুলিছিল। কাৰণ বিষ্ণু ৰাভাই সপােন দেখিছিল এখন বৃহত্তৰ অসম, এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ। তেওঁ কৈছিল— ধনতান্ত্রিক আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাৱঁলীয়া দুখীয়া, হালােৱা-হজুৱা, বনুৱা বাচি নাথাকিব। যদি অসমীয়াৰ দুখীয়া শ্রেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, অসমীয়া কৃষ্টি-সংস্কৃতি, অসমীয়া সভ্যতা সকলাে লয় পাব। অসমীয়াক বচাব পৰা যাব একমাত্র বিপ্লৱৰ মাজেদি। সেয়ে তেওঁ সকলাে হালােৱা-হজুৱা, কৃষক-শ্রমিকক সংগ্ৰামৰ বাবে আহ্বান জনাইছিল।

বিষ্ণু ৰাভা আঁহে-কোঁহে আছিল ৰাইজৰ মানুহ। জনতাৰ লগত তেওঁৰ আছিল আত্মিক সম্পর্ক। তেওঁ কাম কৰিছিল কৃষক, শ্রমিক, সাধাৰণ মানুহৰ মাজত থাকি। কৃষকৰ মাজত কৃষক পঞ্চায়ত গঠনৰ বাবে যিদৰে তেওঁ প্ৰচুৰ চেষ্টা চলাইছিল, সেইদৰে নিপীড়িতা নাৰীসকলকো প্রগতিশীল সংগঠনত ঐক্যবদ্ধ কৰিবৰ বাবে চেষ্টা চলাইছিল। ক’লা চাহাব আৰু বগা চাহাব— দুয়ােটা পক্ষকে নির্মূল কৰি ৰাইজে বিচৰা প্রকৃত জনতাৰ গণতন্ত্র স্থাপনৰ বাবে তেওঁ এহাতে ষ্টেনগান আৰু আনহাতত কলম-তুলিকা লৈ জমগণৰ মাজত সােমাই পৰি জনতাৰ মুক্তিৰ সপােন বাস্তৱত ৰূপায়িত কৰিবলৈ নিৰলস সংগ্রাম চলাই গৈছিল। নিজৰ সকলাে স্বার্থ জনগণৰ মুক্তিৰ স্বাৰ্থত বলি দি অক্লান্তভাৱে কাম কৰি যােৱা ৰাভাদেৱৰ জনপ্রিয়তা এচামৰ বাবে চকুৰ পােৰণি আছিল। সেই সময়ত চৰকাৰে তেওঁৰ মূৰটোৰ বাবে দহ হাজাৰ টকাৰ পুৰস্কাৰাে ঘােষণা কৰিছিল। ইয়াতে ক্ষান্ত নাথাকি ৰাভাৰ বিশাল ভাৱমূর্তি নষ্ট কৰাৰ পৰিকল্পনাৰে স্বাধীনতাৰ বহু বছৰৰ পাছতাে চীনা আক্ৰমণৰ সময়ত তেওঁক হাতে-কঁকালে শিকলি লগাই সুদুৰ বৰহমপুৰ কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছিল। পাছে ৰাভাৰ বিৰাট জনপ্রিয়তাৰ প্রমাণ পাবলৈ ৰজাঘৰৰাে বৰ বেছি দিন নালাগিল। গণনায়ক বিষ্ণু ৰাভা তাৰ মাত্র পাঁচ বছৰৰ পাছতেই ১৯৬৭চনত ডিঙিত ফুলৰ মালা পিন্ধি তেজপুৰীয়া ৰাইজৰ অকৃত্রিম মৰম-চেনেহ আঁকোৱালি বিধান সভাৰ সন্মানীয় সদস্য হৈ অসম বিধানসভা শুৱনি কৰিলেগৈ।

বিষ্ণু ৰাভা আছিল মানুহৰ শিল্পী। পৃথিৱীখন, বিশেষকৈ জন্মভূমি অসমখন তেওঁৰ শিল্পক্ষেত্র আছিল। অসমৰ মাটি-পানী, গ্রাম্য জীৱন আৰু গ্রাম্য লােক-সংস্কৃতিৰ প্রতি তেওঁৰ আছিল সুগভীৰ শ্রদ্ধা, মৰম আৰু অকৃত্রিম ভালপােৱা। সেয়ে তেওঁ অতি কম সময়তে জনসাধাৰণৰ হিয়াৰ আমঠু হ’ব পাৰিছিল তেওঁ কৈছিল— “মানুহে মােক শিল্পী বুলি কয়, যদি মই শিল্পী হওঁ, বিধাতাৰ আশীৰ্বাদত শিল্পী হােৱা নাই, ৰাইজৰ আশীৰ্বাদতহে মই শিল্পী হৈছোঁ।” ৰজাঘৰীয়াৰ কোপদৃষ্টিত পৰি সুদীর্ঘ কাল পলাতক জীৱন কটোৱা ৰাভাই তেওঁৰ এই পলাতক জীৱনৰ কালছােৱাক ‘অজ্ঞাতবাস’ আখ্যা দিছিল। এই সময়ছােৱাতে ৰাইজ আৰু পত্নীৰ অনুপ্ৰেৰণাত ভালেমান গুৰুত্বপূৰ্ণ প্ৰৱন্ধ, গল্প, কবিতা, গীত-মাত, পুথি আদি ৰচনা কৰে। এগৰাকী বিপ্লৱী আৰু সমাজৰ আটাইতকৈ দায়বদ্ধ লেখক হিচাপে জনগণৰ অৱস্থাৰ কথা প্রকাশ কৰাটো যে এটা ডাঙৰ দায়িত্ব, সেই কথা তেখেতে মর্মে মর্মে উপলব্ধি কৰিছিল— “ৰাইজৰ লগত যি ঘনিষ্ঠ সম্পর্ক, নিবিড় সম্বন্ধ, তেওঁলােকৰ জীৱনৰ কথা যদি মই নিলিখােঁ বা প্রকাশ নকৰােঁ, তেন্তে সি মােৰ মহাপাপ হ’ব।”

গোটেই জীৱনজুৰি বিষ্ণু ৰাভাৰ সংগ্রামী সত্তা প্রস্ফুটিত হৈছিল আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াৰ ক্ষেত্ৰত তেওঁ অকৃত্ৰিমভাৱে চিন্তা-চৰ্চা কৰিছিল বাবে তেওঁ গণশিল্পী, যােদ্ধা, অক্লান্ত সৈনিক শিল্পী আৰু পূর্ণ প্রতিভাৰ এগৰাকী যুগনায়ক হ’ব পাৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আলােকযাত্রাৰ মূল সহযাত্রী, চিৰবিপ্লৱী, অশান্ত-অমৰ শিল্পী, কলাগুৰু বিষ্ণু ৰাভাৰ চিন্তা, আদর্শ আৰু দর্শন আজিৰ পুৰুষৰ বাবে প্রকৃত অর্থতেই এক অনুকৰণীয় দৃষ্টান্ত। “মই খুনী নহওঁ, ডকাইতাে নহওঁ। মই বিপ্লৱী… মই শিল্পী। মই ৰাইজৰ সেৱক।” সঁচাই, গণবিপ্লৱৰ জীৱন দর্শনক পদাঘাত কৰি কোনাে প্রকৃত শিল্পী জীয়াই থাকিব নােৱাৰে। এনে মহান মানসিকতাৰ অধিকাৰী বিষ্ণু ৰাভাই দুর্নীতি-ভ্রষ্টাচাৰ-অপসংস্কৃতি আৰু বিজতৰীয়াৰ সভ্যতাৰ কৰাল গ্রাসৰ পৰা জনসাধাৰণক মুক্ত কৰাৰ সপােন ৰচিছিল। পিছে জীৱন কালত এনে মুক্তিকামী সপােনবােৰ ফলিওৱা তেওঁ দেখা নাপালে। দুৰাৰােগ্য কৰ্কট ৰােগত আক্ৰান্ত হৈ ১৯৬৯ চনৰ ২০ জুনৰ দিনটোতেই বিষ্ণুপ্ৰসাদ ৰাভাই ইহলােক এৰি চিৰসুন্দৰৰ দেশলৈ গতি কৰে।

| আৰু পঢ়ক: ৰাভা চেতনাৰ পুনৰ মূল্যায়ন হওক

এইগৰাকীয়েই বিষ্ণু ৰাভা । যাক লৈ গৌৰৱ কৰে অসমীয়া জাতিয়ে। দেখা গৈছে, ২০ জুনৰ দিনা অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে-ভূঞে সর্বত্রে ৰাভাৰ স্মৃতি দিৱস জাক-জমকতাৰে অনুষ্ঠিত কৰা হয়। ৰাভাদেৱৰ কৰ্মৰাজিৰ আলােচনা কৰা হয়, ৰাভাদেৱৰ স্মৃতিত শ্রদ্ধাঞ্জলি জনােৱা হয়। কিন্তু এনেদৰে ৰাভাদেৱেই হওক বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই হওক, এই বৰেণ্য পুৰুষসকলৰ আদৰ্শক, তেখেতসকলৰ কৰ্মক স্থায়ীৰূপ দিবৰ বাবে আমি কি কৰিছাে— কি কৰা উচিত— এই সম্পর্কে চিন্তা-চৰ্চা চৰকাৰী পক্ষতেই হওক অথবা বেচৰকাৰী পক্ষতেই হওক, কিমান হৈছে?

| আৰু পঢ়ক: হেমাংগ বিশ্বাসৰ ‘বিষ্ণুদা উভতি আহিল’

বিষ্ণু ৰাভাই সদায় সমাজৰ নিম্ন শ্রেণীৰ হকে মাত মাতি আহিছিল। বৃহত্তৰ অসমীয়া জাতিৰ সমন্বয় গঢ়াৰ ক্ষেত্ৰত বিষ্ণু ৰাভাৰ অৱদান আছিল অসীম। শাসক শ্রেণীয়ে যেতিয়া দুখীয়া-নিচলাৰ ওপৰত নির্যাতন চলাইছিল, সেই সময়ত বৰ্তমানৰ শিল্পী-সাহিত্যিকসকলৰ দৰে মৌন হৈ থকা নাছিল। দুখীয়া-নিচলাৰ বাবে তেওঁ পৈতৃক সম্পত্তি এশ বিঘা মাটিও দান কৰিছিল। নির্যাতিত শ্ৰমিকৰ হকে মাত মাতিবলৈ গৈ তেওঁ শাসক শ্রেণীৰ ৰােষত পৰিছিল। এইজন মনীষীক স্থায়ীভাৱে জীয়াই ৰাখিবলৈ আমি সকলােৱেই চিন্তা-চৰ্চা কৰা অতিশয় জৰুৰী হৈ পৰিছে। তেতিয়াহে বিষ্ণু ৰাভা প্রকৃতাৰ্থত জীয়াই থাকিব।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
হিমাংশু ৰণ্‌জন ভূঞা

হিমাংশু ৰণ্‌জন ভূঞা

ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ মোবাইল: ৮৪৮৬৪-০০১৫৭, ৭০০২৭-৬৭০১০

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of