ফাগুনৰ ভ্ৰমণসূচী
প্ৰকাশ: ১ মাৰ্চ, ২০১৮ | অন্তিম সম্পাদনা: ১ মাৰ্চ, ২০১৮
| প্ৰথম খণ্ড:
বতাহত ধূলিৰ কুঁৱলি এৰি
ফাগুন বহি আছে ক’ত!
কুঁহপাৰৰ ঔটেঙাজোপালৈ
ফাগুন নাযায়
তাত ওপৰ দেৱতা থাকে
চৰাইৰ স’তে ফাগুনে জানো
উমলিব
পশ্চিমৰ দলনিলৈয়ো ফাগুন নাযায়
যোৱাবেলি যোৱা নাই
চাপৰিৰ কণ খুৰাৰ পামলৈ
ফাগুন যাবই নোৱাৰে
কণ খুৰা চুপতি মৰা মানুহেই নহয়
বলিয়া আৰু আড্ডাবাজ ন’হলে ফাগুনতো
কাষলে নাহে
(ফাগুনৰ প্ৰেমিকবোৰে কোৱা কথা)
তেন্তে ফাগুন ক’ত!
সৰাপাতে ভায়’লিন বজাই
চোতালতে কৈ গ’ল
ফাগুন আছেহি হেনো
সৌৰভ শইকীয়াৰ আঙুলিত,
গোপনে
আৰু সৌৰভ শইকীয়াক
আছেহি হেনো কৈ
চিঞাহীত তিয়াবলৈ
ৱাহ, ফাগুনো তিতিব!
কি কথা!
| দ্বিতীয় খণ্ড:
কি কথা!
ফাগুন কথা
এই যে ফাগুন বুলি এটা কবিতাও লিখিব
নোৱাৰোঁ
ই কেনে কথা: ফাগুনৰ শুকান দুখৰ কথা!
তাকেইতো: ধুলি আৰু বালিকে ফাগুন বুলি ভাবি বহি থাকিলে
ফাগুন শুকানেই হৈ ৰ’ব!
শুকানেই হৈ ৰৈছে মোৰ: সৰাপাত হৈ পৰি ৰৈছে
(স্মৃতিৰ কথা কোৱা নাই হে, সাম্প্ৰতিক ফাগুনৰ কথাহে ক’লো)
| তৃতীয় খণ্ড:
ফাগুনক আয়ে কম গালি দিয়ে নে
“এই বলিয়া খন…”
চোতালত সৰাপাত, বাটত বৰষুণৰ অভাব,
শীতেই নে গ্ৰীষ্ম! ইমান পাজল্!
শুকানৰ ভৰত পূৰঠ হ’বই দেখা নাই
সেউজীয়া
| চতুৰ্থ খণ্ড:
ফাগুন মানেই মোৰ এটাই ভাল লাগে
প্ৰাক বৰ্ষা…
চহৰৰ কথা নাজানো
আমাৰ ফালে ফাগুন মানে অলপ বেছিয়েই বলিয়া
তথাপি উন্মাদবোৰ মোৰ প্ৰথম পছন্দ
ফাগুনতো যাবগৈ
নাযায় নেকি!
ক’ৰবাত থাকিব নেকি ৰৈ
ফাগুন বাৰে বাৰে নহয়
ফাগুন আহি থাকে মাজে মাজে
আৰু আমাৰ মাজতে থাকে!
উন্মাদ আৰু বলিয়া সময়বোৰেই মোৰ মতে ফাগুন
ধুমুহা ধুমুহা খেলিবলৈ মন গ’লেই
আমি সকলো হৈ পৰো ফাগুন!
| শেষ খণ্ড:
আকৌ ফাগুনত লিখিম!
এতিয়াই নহয়
ফাগুনৰ সঠিক খবৰবোৰ মোক
কোনোবাই দিব নেকি!
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply