ধোঁৱাচাঙৰ গীত

নঙলাডাল খুলি ৰখা বহুবছৰ হ’ল
আবেলিবোৰৰ আঁত হেৰুৱাই
বাটৰুৱাজন আজিকালি নাহে,
সময়ৰ ৰ’দত শুকাই থকা হেঁপাহবোৰ
এতিয়া তেওঁৰ বাবে অবাস্তৱ!
নিজেই পান কৰে নিজান নিশাৰ মদিৰা।

তেওঁৰ এখন ঘৰ আছিল, বোধহয় কাগজৰ।
সকলোৱে তাক এখন জাহাজ বুলি জোকাইছিল।
তেওঁ কৈছিল, বন্দৰত ৰৈ থকাবোৰে নুবুজে
জাহাজ আৰু সমুদ্ৰৰ জঘন্যতাৰ সম্পৰ্ক।
সম্পৰ্কবোৰ এনেকুৱাই, নিৰ্মম ঋতুৰে আঘাতপ্ৰাপ্ত।

মৰিশালিৰ পৰা ওভতা মানুহজাকেও বুজিছিল,
সকলো শেষ হ’লেও অপেক্ষাবোৰ সদায়েই থাকি যায়।
ক’লা আকাশত বাটৰুৱাজনক আকৌ এবাৰ দেখে তেওঁ
পুৰণি ঠিকনাবোৰ হেনো সলনি হ’ল।
এতিয়া দীঘল ৰাতিবোৰৰো আমনি নালাগে
তেওঁতো শুই আছে
কোনোবা অঘৰীৰ শেষ আশাৰ স্মশানত
ধোঁৱাচাঙৰ গীত হৈ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar