থিয়েটাৰ সূৰ্য্যলৈ যুৱ অভিনেতা অমৰেন্দ্ৰ অলম্যান

প্ৰকাশ: ২৭ জুলাই, ২০১৮ | অন্তিম সম্পাদনা: ২৭ জুলাই, ২০১৮

চাৰি বছৰমান আগতে যেতিয়া যুৱকজনে বৰভাগৰ শ্যামৰায় নাট্যগোষ্ঠীৰ মঞ্চত অভিনয় কৰিছিল, কিছু বয়সীয়াল দৰ্শকে আলোচনা কৰা শুনা গৈছিল— এওঁ যদি ভালকৈ প্ৰশিক্ষণ লয়, খুব কম দিনৰ ভিতৰতে অসমৰ নাট্য জগতত ভাল নাম কৰিব পাৰিব। চাৰি বছৰৰ পাছত এই কথা সঁচা প্ৰমাণিত হোৱাৰ দিশত।

নাট্যকাৰ-পৰিচালক গুণাকৰ দেৱ গোস্বামী আৰু কবি-নাট্যকাৰ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন এছ ডি), নতুন দিল্লীৰ স্নাতক হিমাংশু প্ৰসাদ দাসৰ তীক্ষ্ণ তত্ত্বাৱধানত অভিনয় শিকি অমৰেন্দ্ৰ অলম্যানে সচেতন দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ইতিমধ্যেই সক্ষম হৈছে।

img
ছবি: অনুপ ৰাভা ফটোগ্ৰাফী

অমৰেন্দ্ৰ অলম্যানে ‘পাপ’, ‘ভোক’, ‘বাৰুদৰ ধোঁৱা’ আদি অপেছাদাৰী নাটকত অভিনয় কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হোৱা ‘তীৰ্থযাত্ৰা’, ‘মাটি’ আদি ধাৰাবাহিকত অভিনয় কৰাৰ পাছত পোনপ্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণৰ মঞ্চত পদাৰ্পণ কৰে পৃথ্বিৰাজ থিয়েটাৰৰ যোগেদি। পৃথ্বিৰাজৰ মঞ্চত বলিষ্ঠ অভিনয় কৰি দৰ্শকৰ মাজত চৰ্চিত হৈ পৰা অমৰেন্দ্ৰ এইবেলি (২০১৮) চুক্তিবদ্ধ হৈছে ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ সূৰ্য্যৰ সৈতে।

| আৰু পঢ়ক: ইতিহাস ৰচনা কৰি ফিনলেণ্ডত অসমকন্যা হীমা দাসৰ স্বৰ্ণ জয়

প্ৰশ্ন হয়, থিয়েটাৰ সূৰ্য্যৰ মঞ্চত বলিষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা, উৎপল দাস, ভাস্কৰ বৰ্মনৰ বিপৰীতে উৎকৃষ্ট প্ৰদর্শন দাঙি ধৰিব পাৰিবনে অমৰেন্দ্ৰই? তাৰ বাবে অপেক্ষা কৰিব লাগিব থিয়েটাৰ সূৰ্যৰ মঞ্চাভিনয় আৰম্ভ হোৱালৈ। অৱশ্যে শুভেচ্ছা জ্ঞাপনৰ বাবে অপেক্ষা নিষ্প্ৰয়োজন,— অমৰেন্দ্ৰলৈ যাঁচিছো আমাৰ শুভেচ্ছা।

আৰু পঢ়ক:  গৰীয়সীৰ প্রচ্ছদ কাহিনী— ই-জোনাকী যুগ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts