ই-বুক ডাউনলোড: অসমীয়া কৃষ্টিৰ চমু আভাস

সৈনিক-শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পাছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। পুস্তিকাখনিত ৰাভাদেৱে অসমীয়া কৃষ্টিৰ ভিন্ন স্বৰূপ উন্মোচন আৰু বিশ্লেষণৰ প্ৰয়াস কৰিছে।

nc-akca-imgৰাভাদেৱৰ  পুস্তিকাখনি ‘নীলা চৰাই’ত ধাৰাবাহিক ৰূপত প্ৰকাশ কৰি অহা হৈছিল। এই প্ৰসংগতে প্ৰণিধানযোগ্য যে বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই; তথাপি জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ‘নীলা চৰাই’ত প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে আমাক জনাবলৈয়ো আহ্বান জনাই থোৱা হৈছিল। অপেছাদাৰী এই প্ৰকল্পত আমি পাঠক ৰাইজৰ পৰা উৎসাহেই লাভ কৰিবলৈ সক্ষম হৈছিলো। সেই সাহসেৰেই পুস্তিকাখনি সকলোৰে হাতৰ ওচৰতে থাকক বুলি ইয়াৰ ই-বুক সংস্কৰণ এটি তৈয়াৰ কৰি আগবঢ়োৱা হ’ল।

‘অসমীয়া কৃষ্টিৰ চমু আভাস’ ই-বুক হিচাপে আমি তিনিটা ফৰ্মেটত উপলব্ধ কৰাইছোঁ— মোবাইল ডিভাইচত পঢ়াৰ উপযোগী কৰি ‘ই-পাব’ (Epub), ‘মবি’ (Mobi) আৰু ডেস্কটপত পঢ়াৰ সুবিধা কৰি ‘পিডিএফ’ (PDF)।

এই ই-বুকখনি ৰাজহুৱা ডাউনলোডৰ পৰিৱৰ্তে বিশেষভাৱে ‘নীলা চৰাই’ৰ চাবস্ক্ৰাইবাৰ (ই-মেইল তালিকাত যোগদানকাৰী)ৰ বাবে আগবঢ়োৱা হৈছে। আপুনি যদি ই-বুকখনি পাব বিচাৰে তেনেহ’লে তলৰ প্ৰপত্ৰখনিত আপোনাৰ ই-মেইল ঠিকনা ভৰ্তি কৰি যোগদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলেই আমি আপোনালৈ ই-বুকখনি প্ৰেৰণ কৰিম।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of