নাগৰিকত্ব সংশোধনী বিধেয়ক: অসমীয়াই কিয় বিৰোধিতা কৰা উচিত

প্ৰকাশ: ১৩ মে, ২০১৮ | অন্তিম সম্পাদনা: ২১ মে, ২০১৮

এটা সমীক্ষা:
১৮৮১ চনত ত্ৰিপুৰাত খিলঞ্জীয়া ত্ৰিপুৰীৰ সংখ্যা ৮৭.০৬ শতাংশ আছিল৷ বিপৰীতে অন্যান্য আৰু বঙালীৰ সংখ্যা আছিল মাত্ৰ ১২.৯৪ শতাংশ৷ কিন্তু বাংলাদেশী হিন্দু বঙালীক নিয়ন্ত্ৰণহীনভাৱে ত্ৰিপুৰাত স্থান দিয়াৰ ফলত বৰ্তমান (২০১১) ত্ৰিপুৰাত খিলঞ্জীয়া ত্ৰিপুৰীৰ সংখ্যা ৩১.৭৮ শতাংশলৈ কমাৰ বিপৰীতে বঙালীৰ সংখ্যা বাঢ়িল ৬৮.২১ শতাশলৈ৷ নিজৰ ভুলৰ বাবেই ১০০ বছৰতে অস্তিত্ব বিপন্ন হোৱাৰ উপক্ৰম ঘটিল ঐতিহাসিক এটা জাতিৰ৷

img
ত্ৰিপুৰাৰ জনসংখ্যাৰ ইতিহাস | Screengrab from tripura.org.in

আন এটা সমীক্ষা:
১৯৯১ চনৰ ভাষা পিয়ল অনুসৰি অসমত অসমীয়াভাষীৰ সংখ্যা ৫৭.৮১ শতাংশ থকাৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল ২১.৬৭ শতাংশ৷ কিন্তু ২০১১ চনৰ পিয়লত অসমীয়াভাষীৰ সংখ্যা কমি হ’ল ৪৮.৮০ শতাংশ আৰু বাংলাভাষীৰ সংখ্যা বাঢ়ি হ’ল ২৭.৫৪ শতাংশ৷

বৰ্তমান বাংলাদেশত হিন্দু বঙালীৰ সংখ্যা হ’ল— ১৭ মিলিয়ন, মানে ১ কোটি ৭০ লাখ৷

| আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত জুবিন গাৰ্গৰ আহ্বান

সংশয় কিয়:
১৯৫৬ চনৰ ‘ষ্টেট ৰি-অৰ্গেনাইজেশ্যন এক্ট’ অনুসৰি ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন হয়৷ এতিয়া যদি বিধেয়কখনৰ সুবিধাত অসমত বাংলাদেশৰ ১৭ মিলিয়ন বঙালী হিন্দুৰো প্ৰৱেশ ঘটে, তেতিয়া অসমীয়া ভাষীৰ সংখ্যাতকৈ বাংলাভাষীৰ সংখ্যা বাঢ়িব৷ আৰু আইনখন অনুসৰিয়েই অসম হৈ পৰিব বাংলাভাষীৰ ৰাজ্যত; যিটো বৰ্তমান ত্ৰিপুৰাত হৈছে৷ ত্ৰিপুৰীৰ দৰেই অস্তিত্বৰ সংকটত পৰিব অসমীয়া জাতিও৷

আৰু পঢ়ক:  গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব নেকি

স্পষ্টীকৰণ:
বিদেশীক ধৰ্মৰ ভিত্তিত বিভক্ত কৰাটো নিবিচাৰোঁ৷ অসমত থকা মুছলমান আৰু হিন্দু বিদেশীক যিদৰে বিতাৰণৰ পোষকতা কৰোঁ, সেইদৰে নতুনকৈ বৈধ বা অবৈধভাৱে যিকোনো ধৰ্মৰ বিদেশীৰ আগমনৰো বিৰোধিতা কৰোঁ৷

| আৰু পঢ়ক: জাতীয়তা ৰক্ষাৰ শিক্ষা, অগপ-বিজেপি-কংগ্ৰেছ, মেঘালয় চৰকাৰ আৰু বিধায়ক অতুল বৰাৰ পত্ৰ

জাতিতকৈ ধৰ্ম ডাঙৰ নহয়৷ অসমীয়াহে আমাৰ আজন্ম পৰিচয়, ধৰ্ম নহয়৷ উদাহৰণ স্বৰূপে, ১০০ বছৰ আগতো ত্ৰিপুৰাত হিন্দুধৰ্মৰ সংকট নাছিল আৰু আজিও নাই৷ অসমতো পূৰ্বতেও হিন্দু সংখ্যাগৰিষ্ঠ আৰু আজিও৷ যদি জনবিস্ফোৰণে সংকট আনিব ভবা হৈছে, তেন্তে হিন্দু-মুছলমানৰ ৰাজনীতি বাদ দি কঠোৰ আইন প্ৰণয়ন কৰি চীন দেশৰ দৰে স্পষ্ট জনসংখ্যা নীতি নিৰ্ধাৰণ কৰক৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে আইনৰ গণ্ডীৰ ভিতৰত ৰাখক৷ আইন ভংগকাৰীক, যি ধৰ্মৰে নহওক, যাবজ্জীৱন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা হওক৷ কিন্তু তাকে নকৰি বিদেশীক ৰঙা দলিচা পাৰি জাতিটোক সংকটলৈ ঠেলি দিয়াৰ যুক্তি ক’ত?

সংকট হিন্দুলৈ নাহিল, আহিল ত্ৰিপুৰীলৈ৷ সংকট হিন্দুলৈ নাহে, আহিব অসমীয়ালৈ!

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts