মই পুতলা ৰজা

প্ৰকাশ: ১৩ মে, ২০১৮ | অন্তিম সম্পাদনা: ১৩ মে, ২০১৮

আই, মই পুতলা ৰজা।
উঠ বুলিলেই উঠ, বহ বুলিলেই বহ—
নিৰ্দেশ পালনেৰে মই বহতীয়া ৰজা।

আই, তোৰ বিপদঘন অৱস্থাতো
মই বাট বুলিছোঁ পলায়নৰ ৰাস্তাৰে,
পোহৰৰ সলনি আগবাঢ়িছোঁ আন্ধাৰে আন্ধাৰে।
বিবেক দংশনে মোক ঢুকি পোৱা নাই,
জন্মদাত্ৰীৰ চকুলোৱে মোক তলাব পৰা নাই,
কাৰণ মই ৰজা, পুতলা ৰজা
উঠ বুলিলেই উঠ, বহ বুলিলেই বহ—
নিৰ্দেশ পালনেৰে মই বহতীয়া ৰজা।

“ৰজাই হুকুম দিছে, এদিম চেদিম বা,
কি হুকুম দিছে, এদিম চেদিম বা…”
ল’ৰা-ধেমালি খেলাৰ দিনৰে মোৰ সপোন—
ৰজা হৈ এখন আৰামী চকীত বহা।
তাৰ কাৰণে কত যে কি নকৰিছিলো!
কেতিয়াবা সংগঠন, কেতিয়াবা আন্দোলন
কিমান কষ্ট, ৰজা হোৱা বাটেৰে খোজ কঢ়া!
বহু কষ্টেৰে ৰজা হোৱাৰ বাটেৰে বাট বুলি
আজি মই ৰজা, অসমৰ পুতলা ৰজা
উঠ বুলিলেই উঠ, বহ বুলিলেই বহ—
নিৰ্দেশ পালনেৰে মই বহতীয়া ৰজা।

আই, মই ভবাই নাছিলো
তই ভোগা যাতনাৰ দুখ উপলব্ধিৰেই
ৰজা হ’ব পাৰি, মোৰ সপোনৰ ৰজা!
তই যেতিয়া দুখৰ যাতনাত ছটফটাই আছিলি—
তোৰ পো হৈ কেনেকৈ সহোঁ বুলি
মই প্ৰতিবাদ কৰিছিলো, আইনী প্ৰতিবাদ,
দুখুনী আইৰ দুখ নিৰসনৰ প্ৰতিবাদ।
সেই প্ৰতিবাদৰ বাবেই মই হৈ গ’লো নায়ক,
এক ৰাতিৰ ভিতৰতে মই জাতীয় নায়ক।

আৰু পঢ়ক:  চাওলুং চুকাফা: লুইত-পাটকাই সভ্যতাৰ শ্ৰেষ্ঠ ৰাজনীতিজ্ঞ

আই, আজি মই ৰজা
জাতীয় নায়ক হোৱাৰ সুবাদতেই ৰজা,
অসমৰ পুতলা ৰজা,
উঠ বুলিলে উঠ, বহ বুলিলে বহ—
নিৰ্দেশ পালনেৰে মই বহতীয়া ৰজা।

আই, মই ক’ব নোৱাৰোঁ
পুতলা ৰজা হ’ব লগাৰ কাৰণ।
ভেদ ভাঙিলেই মই হ’ম আনকি তোৰ চকুতো
জাতীয় নায়কৰ পৰিৱৰ্তে খলনায়ক।
আই, মই ৰজা হৈ থাকিব বিচাৰোঁ
জাতীয় নায়কৰ সুবাদৰে অসমৰ ৰজা।

আই, আজি তোৰ অস্তিত্ব বিপদসংকুল,
এনে সন্ধিক্ষণতো মই নিৰুপায়!
মনত যদিও খলনায়ক হোৱাৰ দুৰু দুৰু ভয়
মই অবিচলিত, বিবেক-দংশনমুক্ত।
সেয়ে মই বাট বুলিছোঁ পলায়নৰ ৰাস্তাৰে,
পোহৰৰ পৰিৱৰ্তে আন্ধাৰে আন্ধাৰে।
মই ৰজা হৈ থাকিব বিচাৰোঁ আই,
তোক বিক্ৰী কৰি হ’লেও
মই হৈ থাকিব বিচাৰোঁ ৰজা, অসমৰ ৰজা,
হওক লাগিলে উঠ বুলিলে উঠ, বহ বুলিলে বহ—
নিৰ্দেশ পালনেৰে বহতীয়া ৰজা।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “মই পুতলা ৰজা”

  1. মৃদুলা বৰকটকী Avatar
    মৃদুলা বৰকটকী

    সাম্প্ৰতিক সময়ৰ এখন সঁচা ছবি। লেখকলৈ শুভেচ্চা।

    1. দুলাল চন্দ্ৰ বৰুৱা Avatar
      দুলাল চন্দ্ৰ বৰুৱা

      ধন্যবাদ। আপোনালোকৰ আশিস শিৰত লৈ আমি আমাৰ প্ৰয়াস অব্যাহত ৰাখিম।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts