পোষ্ট মডাৰ্ন: এটা গল্প অথবা অগল্প

ফেড ইন
কংকণৰ অসমীয়াত এম এ কৰা পাঁচবছৰ হ’ল। একো সংস্থাপন হোৱা নাই। ঘৰতে বহি আছে দেউতাকৰ অবিৰাম খেচখেচনি হজম কৰি কৰি। নিবনুৱা হৈ থকাৰ বাবে যেন অকল সিয়েই দায়ী! দেউতাক অৱসৰপ্ৰাপ্ত স্কুলশিক্ষক। মাক ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত। এজনী বিবাহযোগ্যা ভনীয়েক। স্নাতক শ্ৰেণীত অধ্যয়নৰত এটা ভায়েক। ঘৰৰ নানা আহুকাল আৰু দায়িত্বৰ হেঁচাত দেউতাক হায়ৰাণ, লবেজান, খিংখিঙীয়া। চাকৰিৰ বাবে কিমান চেষ্টা চলালে সি—অৰণ্যৰোদন মাত্ৰ। খং, ক্ষোভ আৰু হতাশাত ফাটি পৰিব খোজে সি। ঘৰখনৰ কথা ভাবি একো কৰিব নোৱাৰে। গোটেই চিষ্টেমটোৰ ওপৰত এক অদমনীয় খং উঠে তাৰ।

অভাৱী আৰু অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি প্ৰায়ে তাৰ টোপনি নাহে। উৰ্মিৰ কথা ভাবিও সি পাৰ নাপায়। তাইৰ মুখতো ডুবিব খোজা বেলি। তাৰ বাবেই তাই ৰৈ আছে সুদীৰ্ঘ ছবছৰ ধৰি। সি নিজকে বৰ দোষী আৰু সৰু অনুভৱ কৰে। দুশ্চিন্তা আৰু মনৰ দুখত কেতিয়াবা সি সুৰাপানো কৰে। সেইদিনা ঘৰলৈ নাহে, দোকানী বন্ধু কমলৰ লগতে শুই থাকে।

কংকণৰ সহপাঠী সমৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ। শুনা মতে, কেইবা লাখ ঘোচ দি চাকৰি পাইছে সি। প্ৰবালৰ কিবা চিণ্ডিকেটৰ ব্যৱসায়, অলপতে সি আই-টুৱেণ্টি কিনিছে। তথাকথিত ‘প্ৰপাৰ চেনেল’ আৰু কেইলাখমান টকাৰ অভাৱত সি প্ৰতিভাৱান হৈও ‘হ’পলেছ’ বেকাৰ। সেইবোৰ দেখি-শুনি দেউতাকৰ অনৰ্গল বকনি— “হেৰৌ, লগৰবোৰ সব গজগজীয়া হ’ল। কিবা এটা কৰ। মই আৰু কিমান চম্ভালিম ঘৰ-সংসাৰ!”

জাম্প-কাট
“পল, কি লিখি আছা?” মোৰ ৰুমলৈ প্ৰবালিকা সোমাই আহিল। তাই মোৰ অন্তৰংগ বান্ধৱী। “চাওঁ মই।” আমি দুয়ো সৰুৰে পৰা একেলগে খেলি-ধূলি, পঢ়ি-শুনি ডাঙৰ হৈছোঁ।
“বাঃ! নতুন গল্প যেন পাইছোঁ— এজন নিবনুৱা যুৱকৰ কাহিনী।” তাই উচ্ছ্বসিতভাৱে ক’লে।
“তেনেকুৱাই।” মই লাহেকৈ ক’লো। তাইৰ আগত মুখ বেছি নচলোৱাই ভাল। ছোৱালীৰ লগত কথা-বাৰ্তাত অলপ বেছি সাৱধান হোৱা ভাল; অভিজ্ঞতাৰ পৰা শিকিছোঁ।
“কোৱাচোন প্লটটোৰ বিষয়ে অলপ।” তাই আগ্ৰহেৰে সুধিলে।
“এতিয়াই ক’ব নোৱাৰি, পিছত গম পাবাই।” মই অলপ নাটকীয়ভাৱে ক’লো। আচলতে মই এক সুনিৰ্দিষ্ট আৰু পৰিকল্পিত শৈলীত নিলিখোঁ। প্লটটোক এক স্বাধীন গতিত আগবাঢ়িবলৈ দিওঁ।
“ঠিক আছে, এতিয়া নালাগে ক’ব; কিন্তু প্ৰথমে মই পঢ়িম।’’ তাই দৃঢ়তাৰে ক’লে।
“হ’ব, তুমিয়েই পঢ়িবা বাৰু।” মই বিষয়টোৰ মোখনি মাৰিলো।

জুম ফ্ৰিজ
“ভণ্টি, টকা পাঁচশ হ’ব নেকি?” কংকণে ভনীয়েকক নিম্ন স্বৰত সুধিলে। দেউতাকে কেনেবাকৈ শুনিলে আৰম্ভ কৰি দিব গালিৰ ধাৰাসাৰ বৰষুণ,— দেউতাক বৰ শহাকণীয়া।
“কি কৰিবলৈ লাগে? মই ভাল ম’বাইল এটা কিনিম বুলি…।” ভনীয়েক দাং খাই উঠিল। সি ভনীয়েকক লাহেকৈ ক’বলৈ ঈঙ্গিত দিলে।
“চিঞৰিছ কিয়? মাৰিবি মোক…।” তাৰ কণ্ঠত চেপা আংশকা।
“দি দে তাক,পাৰিলে হেজাৰেই দি দে। পাণ-চিগাৰেটৰ শৰাধ পাতিবগৈ লাগিব নহয়! নিজে দুপইচা কমোৱাৰ ধাণ্ডা নাই, ভনীয়েকৰ টিউছন কৰি পোৱা টকাকেইটাত তাৰ চকু। লাজ নাই! কেতিয়ানো সুমতি হ’ব ল’ৰাটোৰ। হে হৰি!” বাৰান্দাত থকা ছাতিটো নিবলৈ অহা দেউতাকে কথাবোৰ শুনিলেই নহয়।
’টেট’ৰ ফৰ্ম ফিল-আপৰ বাবে ভনীয়েকৰ ওচৰত টকা বিচাৰিছিল। সেইটো  দেউতাকক বুজাবলৈ গৈ লাভ নাই; কোদোৰ বাহত জুই দিয়াৰ নিচিনাহে হ’বগৈ। অগত্যা সি প্ৰস্থান কৰাই শ্ৰেয় বিবেচনা কৰিলে।
“ঘৰত কূটা এগছ ইফালৰ পৰা সিফাল নকৰ। নিকম্মা!” দেউতাকৰ তীব্ৰ বাক্যবাণ আওকাণ কৰি সি ঘৰৰ বাহিৰ ওলাল। ক্ষোভ, দুখ আৰু হতাশাত সি গেটখন জোৰকৈয়ে টানি দিলে। সমস্ত উত্তেজনা যেন গেটখনতে জাৰি দিলে। খৰ খোজেৰে সি আঁতৰি গ’ল; যেন সি এটা পলৰীয়া— জীৱনৰ তীব্ৰ ভ্ৰূকুটি আৰু হেয় দৃষ্টিৰ পৰা সি আঁতৰি পলাইছে!

জাম্প-কাট
“ইমান উত্তেজিত হৈ নায়ক ক’লৈ ওলাই গৈছে” প্ৰবালিকৰ কণ্ঠত চিন্তাৰ সুৰ। তাইৰ কথাষাৰত এনে লাগিল যেন চকুৰ আগেদি গল্পৰ নায়ক ওলাই গ’ল।
“মই নাজানো দেই।” নিৰুদ্বেগচিত্তে ক’লো। তাই অলপ চটফটীয়া যদিও বৰ অনুভূতিপ্ৰৱণ।
“তুমি কাহিনীকাৰ, আৰু তুমি কৈছা নাজানা…।” তাই যথেষ্ট ক্ষোভেৰে ক’লে।
“মই কাহিনীকাৰ হ’লো, তাতে কি হ’ল? মানুহৰ জীৱনত ঘটা ঘটনাবোৰত কাৰো হাত নাথাকে কেতিয়াবা। জীৱন নিজৰ ধৰণে আগুৱাই যায়। তাকেই চাগে নিয়তি বুলি কয়।” মই শান্তভাৱে ক’লো। তাই অলপ সময় নিশ্চুপ হৈ ৰ’ল আৰু কিছু সময়ৰ পিছত নীৰৱতা ভঙ্গ কৰিলে— “ব’লা, নদীৰ পাৰত অলপ খোজ কাঢ়ি আহোঁ।”

ডলি-ইন
“মা, মই গুৱাহাটীলৈ যাওঁ, এসপ্তাহৰ বাবে।” চাহ দিবলৈ অহা মাকক কংকণে জনালে।
“হঠাতে! কি কাম ওলালনো?” মাক অলপ আচৰিত হ’ল।
“অলপ দিন আগতে এন জি অ’ এটাত এপ্লাই কৰিছিলো। তাৰে ইণ্টাৰভিউ আছে।”
মাকৰ মুখখন অলপ পোহৰ হ’ল। আশাৰ এক লহৰ চিকমিকাই উঠিল। মাকৰ মুখৰ এই পোহৰৰ লহৰ ধৰি ৰাখিবলৈ সি বদ্ধপৰিকৰ।
“যা, ভালকৈ দিবিগৈ। প্ৰভুৱে কৃপা কৰিলেই হয়।” মাকে গোসাঁইঘৰৰ ফালে মূৰ দোৱাই সেৱা এটা কৰিলে।

ৱাইপ ইন
তেনেই সাধাৰণ ইণ্টাৰভিউ। অলাগতিয়াল কথাৰ মহলা। সি বুজিলে— এইবাৰো নহ’ব। কমলৰ পৰা ধাৰলৈ অনা টকা দুহেজাৰ পানীত পৰিল। আকৌ এটা নতুন ‘টেনছন’— কমলৰ টকাকেইটা ঘূৰাব লাগিব। কি যে পুতৌ ওপজা তাৰ নিঃস্ব জীৱন! বাছ আস্থানত উৰ্মিয়ে কোৱা কথাষাৰ মনত পৰিল— “এয়া তোমাৰ ‘লাষ্ট চান্স’ বুলি ধৰা। মই আৰু ঘৰৰ প্ৰেছাৰ সহ্য কৰিব নোৱৰা হৈছোঁ। কথাটো বুজিছা নহয়?” সি কথাবোৰ ভালকৈয়ে বুজে। নুবুজে তাৰ দেউতাকে, ঘৰখনে, চাকৰি দিব পৰা মানুহবোৰে। এজন ব্যক্তিয়ে আছে এই সংসাৰত, যি তাক বুজে— উৰ্মি। কিন্তু তায়ো কিমান দিনলৈ কথাবোৰ বুজি থাকিব? তাইক মুক্ত কৰি দিয়াই ভাল হ’ব— কথাষাৰ ভাবি বুকুখন মোচৰ খাই গ’ল তাৰ। এখন ধাৰাল চুৰিয়ে যেন কলিজা ভেদি গ’ল।

কথাবোৰ ভাবি ভাবি সি হোটেলখনৰ কৰিডৰেদি গৈ আছিল। হঠাৎ তাক ‘দাদা’ বুলি কোনোবাই মতাত ঘূৰি চালে। হোটেল বয়টোৱে তাক ক’লে— “অৰোৰা চাৰে আপোনাক ৰুম নং ১৬৭ত লগ পাব বিচাৰিছে।”

অৰোৰা চাৰ ইণ্টাৰভিউ ব’ৰ্ডত বহিছিল, তাৰ মনত পৰিল। সেই মানুহজনে তাক বিচৰাত সি অলপ আচৰিত হ’ল। বয়টোৱে দেখুৱাই দিয়া ৰুমটোত সি প্ৰৱেশ কৰিলে।

“ৱেলকাম ইয়ং বয়, বহাঁ।” অৰোৰাই তাক এক ৰহস্যময় আগ্ৰহেৰে আদৰিলে। সি কোনো কথা নোকোৱাকৈ প্ৰশ্নবোধক চাৱনিৰে তেওঁলৈ চালে। পোনপটীয়াকৈয়ে মানুহজনে ক’লে— “গোটেইখিনি কেণ্ডিদেটৰ ভিতৰত তুমিয়েই মষ্ট এলিজিবল। তোমাৰ ফিজিক, বায়’ডাটা আৰু পাৰফৰ্মেন্স— সব বঢ়িয়া। তথাপিও তুমি জবটো নোপোৱা। ভিতৰুৱা ফেক্টৰ আছে। কিন্তু মই তোমাক হেল্প কৰিব পাৰোঁ, যদি তুমিও মোক হেল্প কৰা…।” অৰোৰাই তালৈ এটা সৰু খাম আগবঢ়াই দিলে। “ইয়াত এটা সৰু নোট আৰু মোৰ কাৰ্ড আছে। চাবা আৰু অ’কে হ’লে মোক কনটেক্ট কৰিবা। নাও, ইউ কেন লিভ।” মানুহজনে গহীন ভাবত ক’লে।

কৰিডৰলৈ ওলাই আহি কংকণে নোটটো পঢ়িলে— My daughter is in need of sperm . If you are ready, donate your sperm and get the job. You have half an hour to decide.”

প্ৰথমতে সি চক খালে। তাৰ শৰীৰেদি বিদ্যুতৰ এক প্ৰাণঘাতী সোঁত যেন বৈ গ’ল হঠাৎ। কিছু ক্ষণৰ পাছত সি নোটটো আকৌ এবাৰ পঢ়িলে। তাৰ চকুৰ আগেদি চিনেমাৰ ৰীলৰ দৰে মাকৰ সৰল মুখখন, দেউতাকৰ দুশ্চিন্তাত থুপ খোৱা কপালখন, ভাই-ভনীয়েকৰ নিষ্পাপ মুখ দুখন আৰু তাৰ বাবে সুদীৰ্ঘ দিন ৰৈ থকা উৰ্মিৰ আকুতিভৰা মুখখন পাৰ হৈ গ’ল। বহুত বেছি নাভাবি অৰোৰাৰ পোষ্ট ম’ডাৰ্ন প্ৰস্তাৱটোত সিও পোষ্ট মডাৰ্ন সিদ্ধান্ত এটা লৈ পেলালে। জেপৰ পৰা ম’বাইলটো উলিয়াই সি অৰোৰাৰ নম্বৰটো ডায়েল কৰিলে।

ফেড ইন
“প্ৰবালিকা, ইমান ভাৱবিভোৰ হৈ কি চাই আছা?”  একেথৰে নৈখনলৈ চাই থকা প্ৰবালিকাক মই হেঁচুকি দিলো। তাই মোলৈ ঘূৰি চালে,— এক কৰুণ, কাতৰ দৃষ্টি তাইৰ চকুত। তাই মোক খুব লাহে লাহে ক’লে— “আমাৰ ঘৰলৈ ল’ৰা এটাৰ প্ৰ্স্তাৱ আহিছে মোৰ বাবে। ভাল, প্ৰতিষ্ঠিত ল’ৰা।”
“বাঃ, সঁচানে? খুব ভাল কথা। গ’ ফৰ ইট।” যথেষ্ট উচ্ছ্বাসেৰে মই ক’লো। তাইৰ মাক-দেউতাকে মোৰ আগত প্ৰায়ে চিন্তা ব্যক্ত কৰে তাইৰ বিয়াৰ কথা লৈ। তাই সদায় ইয়াৰ পৰা আঁতৰি ফুৰে। এই প্ৰথম তাই কোনোবা ল’ৰাৰ কথা কোৱা শুনিলো।
মোৰ কথা শুনি তাই একো নক’লে। মই ভাবিছিলো, তাই জকজকাই উঠিব। কেতিয়াবা ছোৱালীবোৰক বুজিবলৈ বৰ টান হৈ পৰে। আনকি সিহঁতৰ মন পঢ়াটোও সাংঘাটিক দুৰূহ হয়। প্ৰবালিকাৰ এই কেইটামান মুহূৰ্তৰ ৰূপ আৰু অভিব্যক্তি ঠিক তেনেকুৱাই লাগিল।
“যি কি নহওক, অৱশেষত তোমাৰ গল্পৰ নায়কে চাকৰি এটা পালে। হেপি এণ্ডিং, নহয়নে?” তাই লাহেকৈ মুখ খুলিলে। ক্ষীণ হাঁহিৰ এটা আভাস তাইৰ মুখৰ অভিব্যক্তিত। প্ৰশ্নটো সুধি তাই পূৰ্ণ দৃষ্টিৰে মোলৈ চালে।

মই তাইক কেইটামান কথা ক’ব খুজিছিলো। কিবা এটা ভাবি নক’লো। নৈখনৰ সিপাৰে দিগন্তত বেলিটো তেতিয়া বুৰিবলৈ ধৰিছিল। আবেলিৰ বেলিৰ আভাৰে নৈৰ বুকু ৰাঙলী হৈ পৰিছিল।

(গল্পটোত অধ্যায় বিভাজনৰ বাবে চলচ্চিত্ৰত ব্যৱহাৰ কৰা কিছু কৌশলৰ পৰিভাষা ব্যৱহাৰ কৰা হৈছে। পৰিভাষাসমূহৰ ব্যাখ্যাৰ বাবে এই ৱেবচাইট চাব পাৰে: http://www.filmsite.org/filmterms9.html)

আপোনাৰ আৰু ভাল লাগিব পাৰে:
Avatar

লিখন নীল কোঁৱৰ

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্মচাৰী চাবুৱা

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of