হীৰুদাৰ কবিতা

হীৰুদাৰ কবিতা
  • 03 Jul, 2021

কবি হীৰেন ভট্টাচাৰ্যৰ কেইটিমান কবিতা ইতিমধ্যে ‘নীলা চৰাই’ৰ পাঠকৰ বাবে আগবঢ়োৱা হৈছিল। ইয়াত তেখেতৰ আন কেইটিমান কবিতা আগবঢ়োৱা হ’ল।

❧ | আৰু পঢ়ক:

শইচৰ সুদৃশ্য বর্ণমালা

মোক চহাই মৈয়াই শইচৰ গুটি সিঁচি দিয়া,
চকুৰ পানীৰে জীপ দিম শিলুৱা বুকুৰ মাটি,
হাড় হিমজুৰ সাৰত
লহপহকৈ বাঢ়ি উঠিব ধান-মাহ-সৰিয়হ—
শইচৰ সুদৃশ্য বর্ণমালা।

তিল কুশ তুলসীৰে শুচি কৰি লোৱা মোক

বিহ্বল মুখত দিয়া সৃজন নিসর্গৰ ভাষা
ধানে-বানে দৃঢ় হওক আবেগ সত্তাৰ নির্জন নির্মাণ।

বুকুৰ তলেৰে মোৰ ৰ’দ-বতাহৰ অদৃশ্য শিপা…

[১৯৯২]

মানুহ-মাটি-তেজ-ঘামৰ পথাৰ

চহাই পেলোৱা চন পৰা এই মানুহ-মাটি
তীখাৰ নিমজ ফালেৰে ফাল ফাল কৰা উদং ৰ’দৰ
তপত পথাৰ
দেহ-দিহিঙৰ বোকা-মাটি খচকি সিঁচি দিয়া ধান।
কলহৰ কানেৰে পানী ঢালা খৰাং মাটিত,
ন-থৈ পানীৰে ভৰি পৰক
ছিৰাল চিটাচিট চ’তৰ শুকান মাটি—

পানী আনা, ভাঙা নদী-নলা-খাল বিল।

ধূলি কৰি মাটি কঠিয়া পাৰা,
ভূঁইতলিৰ একাচেকা লেও লোৱা মাটি
কোন ডৰাত কি ৰুবা
আহু-শালিৰ হেতা-ওপৰা, বাও-আমনা উথপথপ।

চহাই পেলোৱা মানুহ-মাটি-তেজ-ঘামৰ পথাৰখন…

[১৯৯৩]

শস্যমালাৰ ভ্রমণ

মোক টানকৈ ৰ’দাই টোমত ভৰাই থোৱা
ভঁৰালঘৰৰ চোতালখনতে
মৌ-সৰা দি জহি শুকাই সৰিম।
পানী পালে, মাটি পালে, ৰ’দে বৰষুণে
ভুৰভুৰকৈ আকৌ গজি উঠিম…।

শাওণৰ বোকা-মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া
চহ কৰা মাটিৰ সীৰলুত শুই কাণ তাল মৰা মেঘৰ গাজনি শুনিম
বিজুলী চমকত চকু মেলি চাম
ঢৌচিৰা এন্ধাৰ পথাৰখন;

আকাশ ভাঙি হুহুৰকৈ বৰষুণ আহক
আৰম্ভ হওক শস্যমালাৰ ধান-সোণোৱালী ভ্রমণ…

[১৯৯৪]

ধান হওক

ধান হওক। বাঢ়নী পানীৰ লগত ফেৰ মাৰি ধান বাঢ়ক।

শাৰী শাৰী ধানে সেৰা পাতি থাকক মোৰ পথৰুৱা পিঠি।
বাৰখন হালে চহ কৰি থোৱা থৌকিবাথৌ তেজৰ টৌ
ধানৰ ভৰত ভাগিলে ভাগক মোৰ তপতৈয়াৰ কান্ধ কামিহাড়।
ধান হওক। আইৰ মলঙা আঁচল পকাধানৰ গােন্ধত
ফিৰফিৰকৈ উৰক।
ধানৰ পথাৰ গানৰ উজান
ইমানে সিমানে ধানে মোৰ পানীৰ লগত
ফেৰ মাৰি মেলিছে থোৰ।

[১৯৯৪]

❧ | আৰু পঢ়ক: হীৰেন ভট্টাচাৰ্যৰ আৰু এমুঠি কবিতা

ধানবোৰ দাই আনা

মোৰ কলঙ কপিলীৰ কোনোবাখিনিত
ভালপোৱাৰ বোকা-মাটিৰ শিতানে পথানে
হেন্দোলি উঠিছে ধান।

তোমাৰ পদুমী হাতেৰে ধানবোৰ দাই আনা
কাঁটলফুটা ৰ’দে টলবল কৰক তোমাৰ চিকুণ কজলা মুখ।
ধান আনা, ধান বানা, ভৰিৰ চাবত গুমগুমাই থাকক চৌদিশ।

[১৯৯৪]

হীৰুদাৰ কবিতা | হীৰেন ভট্টাচাৰ্য

Follow Nilacharai on Facebook