অশ্বত্থামাৰ বাবে

এটোপাল তেল নাভিত দিবা
এটোপাল তেল মাটিত
কপটীয়া জনক নিদিওঁ বুলি
কোপ নাৰাখিবা
এৰাপৰলীয়া হেন নকৰিবা
কৌটিকলীয়া ৰীতিক

চূড়ামণি নাই
কোনে কৰে ক্ষমা
শয়নকক্ষত সোমোৱা সন্ত্ৰাসবাদীক,
মহাপাপত দণ্ডিত তেওঁ
আছে অনন্তৰ পোৰণিত

জয়-বিজয়ৰো মুক্তি আছে
অশ্বত্থামাৰ নাই

অমৰত্বও অভিশাপৰে অন্য এক ৰায়

এটোপাল তেল নাভিত দিবা
এটোপাল তেল ভূমিত

অলপ হ’লেও শান্তি আছে
মৰণশীল মানুহৰ জুৰণিত

আপোনাৰ আৰু ভাল লাগিব পাৰে:

প্ৰয়াগ শইকীয়া

কবি, লেখক।

Leave a Reply

Be the First to Comment!

avatar