ঢকুৱাখনাৰ ফাটবিহু আৰু পৰিৱৰ্তনৰ নিয়তি

ঢকুৱাখনাৰ ফাটবিহু আৰু পৰিৱৰ্তনৰ নিয়তি
  • 27 Apr, 2017

ফা টবিহু ঢকুৱাখনীয়া ৰাইজৰ সৃষ্ট একক আৰু অনন্য কৃষ্টি। ব’হাগ বিহুৰ উৰ্বৰা ভূমিত কৰ্ষণ কৰি সোণালী শইচ লহপহীয়া কৰাৰ বিমল সন্তুষ্টি এই ফাটবিহুৰ কৃষ্টিতো মিহলি হৈ আছে। বিহুত প্ৰকৃতিৰ বুকুত সৰ্বত্ৰে নৱজীৱন আৰু যৌৱনৰ লহৰ উঠে। পল্লৱিত হয় উদ্ভিদ জগত আৰু প্ৰাণী জগত। সুবাসত আমোলমোলায় চৌদিশ। চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা প্ৰকৃতিয়ে ঢকুৱাখনীয়াৰ বুকুৱে বুকুৱে জগাই তোলে বসন্তৰ অফুৰন্ত আবেগ আৰু অনুৰাগ।

প্ৰায় ষোল্ল শতিকাৰ পৰাই ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ ‘ফাট’— ম’হঘূলি চাপৰিত ফাটবিহু অনুষ্ঠিত হৈ আহিছে। চাৰিকড়ীয়া নৈৰ পানীফাট বা ঘাটতেই সাতবিহু যোৱাৰ পাছত ঢকুৱাখনা (পূৰ্বতে হাবুঙ)ৰ কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ বিহু মাৰিছিল। ফাটত অনুষ্ঠিত হোৱা বাবেই এই বিহুক ‘ফাটবিহু’ বোলা হয়। চাৰিকড়ীয়াৰ ফাটৰ মোহনীয় প্ৰাকৃতিক পৰিৱেশ আৰু নৈসৰ্গিক সৌন্দৰ্যৰ মাজত একো একোজন বিহুবলীয়া প্ৰেমিকে বিচাৰি পায় জীৱন-যৌৱনৰ স্পন্দন।

ঢকুৱাখনাৰ ফাটবিহুৰ বৈশিষ্ট্য সম্পৰ্কত বিশিষ্ট বিহু গৱেষক ভৰত সন্দিকৈয়ে আগবঢ়োৱা বিশ্লেষণৰ সৈতে আমি একমত। তেখেতৰ মতে, বৰ্তমান ঢকুৱাখনালৈ দৃষ্টি নিক্ষেপ কৰিলে সহজে অনুমান কৰিব পাৰি যে অতীততে চাৰিকড়ীয়া নৈৰ পাৰত, য’ত ফাটবিহু অনুষ্ঠিত হৈছিল; তাত জনবসতি বিশেষ নাছিল। গাঁওবোৰ কিছু দূৰত আছিল। ধান-মাহৰ খেতি পথাৰৰ লগতে ছন পৰি থকা চাপৰিবোৰত থকা গছৰ তলত আৰু মুকলি পথাৰত বিহু মাৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা ডেকা-গাভৰুৰ দল আহিছিল। ভাগ ভাগ হৈ বিহু মাৰিছিল শত শত বিহুদলে। কাৰো কালৈকো চাবলৈ সময়েই নাই। শত-সহস্ৰ ঢোল-তাল, পেঁপা-গগণাৰ মাতত আৰু বিহুনামৰ ধ্বনিত মুখৰিত হৈ পৰিছিল আকাশ আৰু চাৰিকড়ীয়া নৈৰ দুয়োপাৰ। সময় উৰি গৈছিল, কিন্তু তাৰ প্ৰতি কোৰো ভ্ৰূক্ষেপ নাছিল। লানি নিছিগা দৰ্শকৰ ভীৰত গোটেই অঞ্চলটোত বিৰ দি বাট পাবলৈ নোহোৱা হৈছিল। বিহুৰ এনে অনুপম আকৰ্ষণ বা জনপ্ৰিয়তাৰ কাৰণ হ’ল— মানুহৰ আদিম প্ৰবৃত্তি ৰক্ষা আৰু বংশবৃদ্ধিৰ আকাংক্ষা নিবিড়ভাৱে জড়িত হৈ থকা। বিহুগীতসমূহ নাৰীদেহৰ ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়ভোগ্য ৰূপৰ বৰ্ণনাৰে নাৰী দেহৰ বন্দনাৰ এটি মাধ্যম। বুজন সংখ্যক বিহুগীত ৰচনা হৈছিল আদিম সমাজত অবাধ যৌন সম্পৰ্ক প্ৰচলন থকা কালতেই।

ড° চন্দ্ৰধৰ চমুৱাই ফাটবিহু সম্পৰ্কীয় এখন আলেখ্যত এই সম্পৰ্কত কৈছে, “লুইতপৰীয়া মিছিং ডেকা-গাভৰুসকলে ৰং-বিৰঙৰ পোছাকেৰে ফাটবিহুলৈ ভাগি-ভুঁহৰি আহিছিল আৰু দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি-ম’হঘূলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল। পশ্চিমীয়া, বিশেষকৈ বঙ্গীয় সংস্কৃতিৰ প্ৰভাৱত আঢ্যৱন্ত বা সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহুৰ নৃত্য-গীতক অৱজ্ঞাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা-গাভৰু ওলাই যোৱাটোক ‘বিহু জুপিবলৈ যোৱা’ বুলি কোৱা হৈছিল। পিছে অনুন্নত সম্প্ৰদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য আৰু ঢকুৱাখনাৰ ফাটবিহুৰ প্ৰাণকেন্দ্ৰই আছিল কৈৱৰ্ত্য আৰু মিচিং সম্প্ৰদায়ৰ লোক।” সু-সাহিত্যক তথা সাংবাদিক হোমেন বৰগোহাঞিয়ে এই সম্পৰ্কত লিখিছে, “ফাটবিহু ঢকুৱাখনাৰ এটা নিজস্ব উত্সৱ। ঢকুৱাখনাৰ চাৰিওফালে অসংখ্য মিচিং গাঁও আছে। প্ৰতি বছৰে ব’হাগ বিহুৰ সময়ত বিহু বলীয়া মিচিং ডেকা-গাভৰুৱে দল বান্ধি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত বিহু মাৰিবলৈ আহে। এই বিহু চাবলৈ গাঁও-ভুঁই ভাহি-ভুঁহৰি আহি হাজাৰ হাজাৰ মানুহ ঢকুৱাখনাত জমা হয়। ঠাইখন লোকে লোকাৰণ্য হয়। সাত দিন সাত ৰাতি এই বিহু চলে। কেৱল যে মিচিংসকলেই এই বিহু উত্সৱত অংশ লয়, এনে নহয়; ঢকুৱাখনাৰ আহোম, চুতীয়া, কৈৱৰ্ত্য আদি সকলো সম্প্ৰদায়ৰ মানুহেই আনন্দৰ এই বলিয়া বানত নিজক উটুৱাই দিয়ে।”

ঢকুৱাখনাৰ ফাটবিহু

পূৰ্বতে ফাটবিহু কেৱল চাৰিকড়ীয়া নৈৰ পাৰৰ গছতলতহে হৈছিল। সংস্কাৰৰ নামত ফাটবিহৱে এখন মঞ্চ পালে। তাৰ পাছত মঞ্চৰ আনুষংগিক উপাদান— প্ৰতিযোগিতামূলক হুঁচৰি বিহু, টকা বিহু আদিৰ লগে লগে বিভিন্ন জনগোষ্ঠীয় বিহুসমূহ মঞ্চত পৰিৱেশিত হ’বলৈ ধৰিলে। বৰ্তমান তিনিদিনীয়া ফাটবিহুৰ অন্তিম দিনা ফাটবিহুৰ বাকৰি ম’হঘূলি চাপৰিৰ শিশুগছৰ তলত মুকলি বিহু অনুষ্ঠিত হয় যদিও দুৰ্ভাগ্যজনকভাৱে এই মুকলি বিহুও প্ৰতিযোগিতাৰ মেৰপেছত বান্ধ খালে। তদুপৰি বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবে কোনোবাটো বছৰত মুকলি বিহু কাৰ্যসূচীৰ পৰা বাতিল কৰিবলগীয়াও হৈছে। ইফালে, যি শিশুগছৰ তলত বিহুদলসমূহে হিয়া উজাৰি বিহু কৰিছিল, সেই ম’হঘূলি চাপৰিৰ শিশুগছৰ সংখ্যা বৰ্তমান দুখজনকভাৱে কমি অহা দেখা গৈছে।

ফাটবিহুৰ মূল আকৰ্ষণীয় বিশেষত্ব— ‘মুকলি বিহু’ বা ‘গছতলৰ বিহু’। যদিওবা বিভিন্নজন বিহু গৱেষকৰ মতে, জেংবিহু কেৱল মহিলাৰ বিহুহে আৰু ইয়াত পুৰুষৰ স্থান নাই, তথাপি ঢকুৱাখনাৰ ফাটবিহুৰ মুকলি বিহুৰ লগত আমি জেংবিহুৰ কিছু সাদৃশ্য দেখা পাওঁ। এই মুকলি বিহুত কিন্তু অসমীয়া ডেকা-গাভৰুৱে একেলগে বিহু কৰে গছৰ তলত। সৰুৰে পৰা ফাটবিহুৰ মুকলি বিহু দেখি জেংবিহু সম্পৰ্কত আমাৰ ব্যক্তিগত অভিমত এনেধৰণৰ— জেংবিহু গছৰ তলত ডেকা-গাভৰুৱে কৰা বিহু। কোনোবা ডেকাই হাল বাই থাকোঁতে অথবা পথাৰত কাম কৰি থাকোঁতে ঢোলৰ মাত শুনি দৌৰি আহিছিল বিহুতলীলৈ। গাভৰুহঁতে পথাৰলৈ নিয়া জা-জলপানসহ, পথাৰৰ বোকা-পানীৰে লেতি লৈয়েই বিহুতলিলৈ আহে। আনহাতে কেতিয়াবা বিহুৱতীসকলে মাছলৈ জাকৈ-খালৈ লৈ যোৱাৰ ভাগেই ঢোলৰ চাপৰ শুনি মতলীয়া হৈ বিহলৈ ঢাপলি মেলে। পথাৰতে নাঙল-যুঁৱলি পেলাই থৈ আহি চেনেহীয়ে দিয়া বৰফুলৰ গামোচাখন মূৰত মেৰিয়াই মেঘৰ গৰ্জন সদৃশ ঢোলত চাপৰ মাৰি আনন্দত মতলীয়া হয় ঢকুৱাখনীয়া পাহোৱাল ডেকা। গভৰুসকলে বিহুতলিৰ গছৰ তলত অথবা মুকলি পথাৰত শস্য বন্দনা কৰি বিহু নাচে। নাচোনৰ গিৰিপনিত কঁপি উঠে ম’হঘূলি চাপৰি। ডেকা-বুঢ়া তথা জীয়ৰী-বোৱাৰীসবে এই বিহু কৰিছিল ম’হঘূলি চাপৰিৰ শিশু, সোণাৰু, এজাৰ আদি গছৰ তলত। এইবোৰৰ পৰাই বুজা যায় যে ফাটবিহুতলিত ঢোলৰ মাত শুনিলে বিহুবলীয়া জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলোৱে নিজ নিজ কৰ্ম এৰি পোনে পোনেই বিহুতলিলৈ ঢাপলি মেলে। বিহুৱাসকলে মাটিত বাগৰি, গছ আৰু পথাৰৰ চাংঘৰত উঠাৰ ভংগী কৰি, ম’হৰ পিঠিত উঠাৰ মুদ্ৰা দেখুৱাই পেঁপা বজোৱাৰ দৃশ্য ফাটবিহুৰ মুকলি বিহুত দেখিবলৈ পোৱা যায়। আনহাতে, গাভৰুসকলে নাচোঁতে বতাহত গছৰ পাত কঁপাৰ দৰে, চিত্ পখিলা উৰাৰ দৰে উৰিব খুজি যি মুদ্ৰা সৃষ্টি কৰে সেয়াও ফাটবিহুৰ নাচনীৰ অন্যতম বিশেষত্ব।

অসমৰ প্ৰখ্যাত বিহু গৱেষক ইছমাইল হোছেইনৰ মতে, “জেংবিহুৰ উত্স সন্ধান কৰিলে দেখা যায় যে প্ৰাচীন কালৰে পৰা এই জেংবিহু অসমৰ কৃষি জীৱনৰ সৈতে জড়িত হৈ আছে, বিশেষকৈ কৃষি জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত মহিলা আৰু গাভৰুসকলে এই বিহুটোক অনন্য পৰিৱেশন কলাৰে জীয়াই ৰাখিছে। এই বিহুত মহিলা বা গাভৰুসকলে প্ৰেম আৰু যৌনতামূলক গীত-মাত পৰিৱেশন কৰিছিল। এই গীতৰ মাজেৰে নাৰী জীৱনৰ বেদনা, সংঘাত আৰু দৰিদ্ৰতাৰ ছবিও প্ৰকাশ পাইছিল।” জেংবিহুৰ সম্পৰ্কত বিভিন্নজন বিহু গৱেষকে বিভিন্ন মতামত আগবঢ়াইছে। তীৰ্থ ফুকনৰ মতে, “জেংবিহু হ’ল কেৱল গাভৰু ছোৱালীৰ বিহু। ইয়াত পুৰুষৰ প্ৰৱেশ নিষেধ। অৱশ্যে দূৰৰ পৰা চোৱাত বাধা নাই। তথাপিও নিজৰ গাঁৱৰ ডেকাই নিজৰ গাঁৱৰ জেংবিহু নাচায়, কাৰণ— গাভৰুবোৰ আত্মীয়— ভনী, বাইদেউ আদি। জেংবিহুত ঢোল-পেঁপা নাই। বাঁহৰ টকা আৰু গগণাই এই বিহুৰ বাদ্যযন্ত্ৰ। য’ত বিহু নাচে তাৰ চাৰিওফালে জেং অৰ্থাৎ কাঠ-বাঁহৰ আগ পুতি লোৱা হয়।” আনহাতে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে, জেংবিহু পাহাৰীয়া জনজাতি মূলৰ বহুৱা বিহুৰ এটা ৰূপ।

জেং শব্দটোৰ অভিধানিক অৰ্থ ‘যিকোনো গছৰ পাত নথকা ঠাল-ঠেঙুলি’। অৰ্থাৎ জেঙৰ তলত কৰা বিহুকেই জেংবিহু বুলিব পাৰোঁ। ঢকুৱাখনাৰ ফাটবিহুত আমি প্ৰত্যক্ষ কৰি আহিছোঁ যে অসমীয়া, মিচিং, দেউৰী, চাহ জনগোষ্ঠী আদি জাতি-জনগোষ্ঠীৰ বিহুৱা-বিহুৱতীয়ে ম’হঘুলি চাপৰিত গছৰ তলত দিন-ৰাতি একাকাৰ কৰি বিহু মাৰি থাকে। ইফালে ইয়াত মহিলাসকলেও গোট পাতি গছৰ তলত বিহু মাৰি দিন-ৰাতি আনন্দত মতলীয়া হৈ থাকে। একেটা চাপৰিতে প্ৰায় ৫০টাৰো অধিক বিহুদলে এনেদৰে মুকলিকৈ গছৰ তলত দিন-ৰাতি একাকাৰ কৰি বিহু কৰা উদাহৰণ ঢকুৱাখনাৰ ফাটবিহুৰ বাহিৰে আন ক’ৰবাত যে নাই সেই কথা ইতিমধ্যেই পৰিষ্কাৰ হৈছে। এই বিহুত বিশেষকৈ অসমীয়া বিহুৱা-বিহুৱতীসকলৰ মাজত লক্ষ্য কৰিছোঁ যে তেওঁলোকে কোনোৱে মাছুৱৈ সাজেৰে, কোনোৱে পথৰুৱা সাজেৰে, আন কোনোৱে সম্পূৰ্ণ বিহুৰ সাজত আহি বিহুতলীত বিহু কৰিছেহি। ইফালে অন্যান্য জনগোষ্ঠীসমূহে নিজ-নিজ জাতীয় সাজপাৰেৰে আহি বিহু কৰে। এই বিহুৰ মাজেৰে তেওঁলোকে তেওঁলোকৰ জাতীয় জীৱনৰ সমূহ ৰীতি-পৰম্পৰা আৰু কৰ্মৰ ছবি গীত আৰু নাচোনৰ মাজেৰে ঢোল-মৃদঙৰ তালে তালে প্ৰকাশ কৰে। এই যে গছৰ তলত জেঙে-জাবৰে যেনেকৈ যি কৰ্মত ব্যস্ত আছিল তেনেকৈয়ে আহি বিহু কৰাৰ এটা প্ৰতীকি চিহ্ন প্ৰকাশ কৰা দেখিছোঁ, সেইবাবেই আমি ঢকুৱাখনাৰ ফাটবিহুৰ এই বিহুক জেংবিহুৰ লগত ৰিজাইছোঁ।

ফাটবিহু ৰং-ৰহইচেৰে পৰিপূৰ্ণ প্ৰাণোচ্ছল প্ৰীতি আৰু সংস্কৃতিৰ প্ৰতীক আছিল। নৈৰ পাৰৰ গছ তলৰ ফাটবিহু ১৯৯৫ চনৰ পৰা মঞ্চৰ ওপৰত প্ৰতিযোগিতাৰ নিয়মেৰে বান্ধ খালেহি। এই প্ৰতিযোগিতামূলক মনোভাবৰ বাবেও ফাটবিহুৱে স্বকীয়তা হেৰুৱাইছে। ইয়াৰ অন্য উপায়ো নাই। প্ৰতিযোগিতাত আকৰ্ষণীয় পেকেজ নাথাকিলে বিহুদলসমূহেও আহিবলৈ মন নকৰে। বোধকৰোঁ বৰ্তমান প্ৰচলিত পুৰস্কাৰৰ পেকেজক লৈয়ো বিহুদলসমুহ সন্তুষ্ট নহয় আৰু সেইবাবেই যোৱা কেইটামান বৰ্ষত বিহুদলসমূহৰ আগমণো সেৰেঙা হোৱা পৰিলক্ষিত হৈছে। অন্যহাতে, ফাটবিহুৰ প্ৰতিযোগিতাত যোগদান কৰিবলৈ অহা বিহুদলৰ সংখ্যা কমি গৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বিহুদলৰ অংশগ্ৰহণহে বেছিকৈ হৈছে, ই নিশ্চয় সন্তোষজনক নহয়।

ফাটবিহুৰ অভাৱনীয় পৰিৱৰ্তন আৰু ভৱিষ্যতৰ দুৰৱস্থাৰ প্ৰসংগত সততে এটা কথা শুনিবলৈ পাওঁ যে ‘সংস্কৃতি পৰিবৰ্তনশীল, সময়ৰ গতিত সংস্কৃতিয়ে বাট সলায়। ইয়াৰ পৰা ফাটবিহুও বাদ পৰা নাই। সেয়ে এনে পৰিৱৰ্তনসমূহ ফাটবিহুত পৰিলক্ষিত হৈছে।’ এতিয়া কথা হ’ল, এই পৰিৱৰ্তনশীল সংস্কৃতি ইতিহাস আৰু ভৱিষ্যতৰ বাবে কিমান গ্ৰহণযোগ্য? সকলো সংস্কৃতিৰ কেন্দ্ৰবিন্দু হ’ল গাঁওসমূহ৷ গাঁৱৰ সহজ-সৰল মানুহখিনিৰ মাজতে জীপাল হৈ থাকে উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আৰু বিভিন্ন লোকসাংস্কৃতিক সমলসমূহ৷ কিন্তু বিভিন্ন কাৰণত মানুহ নগৰমুখী হোৱাৰে পৰা নগৰৰ বহু মানুহে সংস্কৃতি ৰক্ষাৰ নামত বৰ্তমান সংস্কৃতিৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছে। এটা কথা সঁচা যে মানুহৰ অভিজ্ঞতা, জ্ঞান, প্ৰয়োজন আদিয়েই সংস্কৃতিৰ জন্ম দিয়ে৷ সেই বুলি বিহুৰ দৰে সাংস্কৃতিক অনুষ্ঠানত প্ৰয়োজনীয়তাৰ স্বাৰ্থত অশ্লীল হিন্দী গীত-নৃত্য, বিহু বুলি অত্যধিক মদ্যপান কৰি বিহুখোলাত অশ্লীলতা প্ৰদৰ্শন কৰাৰ লগতে হাই-কাজিয়া আদিবোৰ জানো গ্ৰহণীয় হয়? সংস্কৃতিৰ স্বৰূপ নিৰ্ণয়ৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদে কিছু বাস্তৱ দৃষ্টিভংগীৰে চিন্তা-চৰ্চা কৰিছিল৷ তেওঁৰ মতে, “আমি বাস্তৱিক জীৱনৰ সকলো আহিলাতে সৌন্দৰ্য প্ৰয়োগ কৰাৰ লগে লগে আমাৰ মন আৰু হৃদয়ৰ গুণতো সৌন্দৰ্য প্ৰয়োগ কৰোঁ৷ এই বাহিৰ আৰু ভিতৰ দুয়োৰে উৎকৰ্ষণ আৰু তাত সৌন্দৰ্য প্ৰয়োগ হ’লেই মানুহৰ সংস্কৃতিয়ে পূৰ্ণ ৰূপ পায়৷ এজন মানুহ যদি সুকুমাৰ কলাৰ সৃষ্টিত অভিনৱ সৌন্দৰ্য সৃষ্টি কৰিব পৰা হৈয়ো মানুহৰ সৈতে ব্যৱহাৰত আৰু সম্বন্ধত মানসিক গুণবোৰ প্ৰকাশ কৰিব নোৱাৰে, তেন্তে সেই মানুহজনৰ সংস্কৃতি নিশ্চয় অসম্পূৰ্ণ বুলিব লাগিব৷” এইক্ষেত্ৰত জ্যোতিপ্ৰসাদে সংস্কৃতিৰ দুটা দিশৰ কথা কৈছে৷ অন্তৰ্ভাগ আৰু বহিৰ্ভাগ৷ ইয়াৰে অন্তৰ ভাগত প্ৰকাশ পায় আধ্যাত্মিক উপলব্ধিৰ মানসিক উৎকৰ্ষ৷ আনহাতে বহিৰ্ভাগত প্ৰকাশ পায় বাস্তৱ জীৱনৰ চিন্তা আৰু কৰ্মৰাজি৷ বৰ্তমান সময়ত সততে আন্তঃসংস্কৃতিৰ অভাৱ দেখা যায়৷ যাৰ বাবে বহু সময়ত একোজন ব্যক্তি বা একোটা পৰিয়াল ঘৰ-দুৱাৰ, আচবাব, শিক্ষা-দীক্ষা আদি সকলো ফালৰ পৰাই সংস্কৃতিবান যেন লাগিলেও তেওঁৰ সান্নিধ্যলৈ যোৱাৰ পাছত বা তেওঁৰ লগত কথা পতাৰ পাছত দেখা যায় যে তেওঁৰ বাহ্যিক আৱৰণটো সংস্কৃতিৰ বৈশিষ্ট্যৰে ভৰপূৰ হোৱাৰ পৰিৱৰ্তে ভিতৰখন অন্তঃসাৰশূন্য আৰু দুস্কৃতিৰ কদৰ্যৰে ভৰা৷ এইখিনিতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপিকা তথা সু-লেখিকা ড° কৰবী ডেকা হাজৰিকাৰ সৈতে হোৱা এক সাক্ষাত্কাৰত বাইদেৱে কোৱা এষাৰ কথা উল্লেখ কৰিব খুজিছোঁ। বাইদেৱে কৈছিল, “আমাৰ নতুনৰ একাংশই অসমীয়া নপঢ়ে আৰু অসমীয়া ল’ৰাই অসমীয়া ক’ব নাজানে তথা অসমীয়া বুজি নাপায়। এইপ্ৰসংগত শিক্ষাৰ মাধ্যমৰ গুৰুত্ব আছে। ছাত্ৰ-ছাত্ৰীসকল ইংৰাজী মাধ্যমৰ হোৱাৰ লগে লগে মনৰ ফালৰ পৰাও ভাষা-সংস্কৃতিৰ পৰা আঁতৰি পাশ্চাত্যক অনুসৰণ আৰু অনুকৰণ কৰিছে। আমাৰ সুস্থিৰ সমাজত যাৰ বাবে যুৱ উচ্ছৃংখলতাই দেখা দিছে। ইয়াৰ বাবে আমাৰ অভিভাৱকসকলেই দায়ী। বৰ্তমান সমাজত সতি-সন্ততিৰ বিজতৰীয়া সংস্কৃতি দেখি অন্ধমুনিৰ ভাও ধৰি সেই সংস্কৃতিক লৈ গৰ্ব কৰা অভিভাৱকো নথকা নহয়।”

সাধাৰণ অৰ্থত সংস্কৃতিসম্পন্ন ব্যক্তি বুলিলে যিজন ব্যক্তি প্ৰকৃততেই আভ্যন্তৰীণ সংস্কৃতিৰ সুষমাৰে ভৰা তেওঁকেই ক’ব লাগিব৷ এনে ব্যক্তিসকলে খং, ক্ষোভ, দুখ, বেদনা, হতাশাৰ মুহূৰ্ততো আত্মনিয়ন্ত্ৰণৰ মাজেৰে নিজৰ মানৱীয় গুণখিনি আনৰ আগত প্ৰকাশ কৰা উচিত। উল্লেখ্য যে যিদৰে সকলো সভ্য মানুহকে সংস্কৃতিসম্পন্ন বুলিব নোৱাৰি, সেইদৰে সকলো সংস্কৃতিসম্পন্ন লোকেই সুসভ্য নহয়৷ মানসিক উৎকৰ্ষইহে একো একোজন মানুহক সভ্য আৰু সংস্কৃতিবান কৰি তুলিব পাৰে৷

বৰ্তমান শিক্ষানীতিৰ সময়সূচীয়েও ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত সংস্কৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰিছে৷ বৰ্তমান গাঁও অঞ্চলৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই উচ্চ শিক্ষাৰ বাবে চহৰৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰে৷ দেখা যায় যে বন্ধৰ তালিকা প্ৰস্তুত আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তালিকা প্ৰস্তুত কৰা ব্যক্তিসকলে অসমীয়া জাতিৰ সংস্কৃতিৰ কথা একেবাৰে নাভাবে৷ ব’হাগ বিহুৰ এদিন বা দুদিনৰ পাছতে বহুতো পৰীক্ষা অনুষ্ঠিত কৰে; যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ যাব নোৱাৰে বা গ’লেও স্বতঃস্ফূৰ্তভাৱে আনন্দত মতলীয়া হ’ব নোৱাৰে৷ এনেবোৰ কাৰকে আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ ক্ষেত্ৰত অভাৱনীয় পৰিবৰ্তন আনিছে।

নৈৰ পাৰৰ শিশুগছৰ তলত জুম বান্ধি বান্ধি আজিকালিৰ ডেকা-গাভৰুৱে স্বতঃস্ফূৰ্তভাৱে বিহু নামাৰে। আজিৰ ডেকাই দ’লনিত ম’হ চৰাই নাথাকে, বনৰীয়া নামো নোজোৰে। তাঁতশালত ভমকাফুলীয়া ফুল বাছি নাথাকে আজিৰ গাভৰুৱে আৰু ম’হঘূলি চাপৰিত ঢোলৰ চাপৰ শুনি চেনাইক লগ পাবলৈয়ো উজুটিত যঁতৰ ভাঙি নাহে। সেই দিনো এতিয়া নাই, সেই বিহুৱা-বিহুৱতীও নাই, সেই বিহুতলিও নাই! চৌদিশে আছে মাথোঁ প্ৰতিযোগিতাৰ ঢৌ। মঞ্চত প্ৰতিযোগিতাৰ নিয়মেৰে বন্ধা বিহুৰ বিশেষ ৰস আস্বাদন কৰিব পাৰি বুলি আমাৰ মনে নধৰে।

বিহুৱে স্বকীয়তা হেৰুৱাইছে। আধুনিকতাৰ কবলত পৰিয়েই হওক বা বিশ্বায়নৰ ফলতেই হওক মুঠৰ ওপৰত বিহু সংস্কৃতিৰ কোনো কোনো অংশত ঘূণ পোকে ধৰাটো অমূলক কথা নহয়। বিহুৰ বিকৃতকৰণ ৰোধ কৰিবলৈ ঢকুৱাখনাৰ ফাটবিহুৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচ্চিত। ঢকুৱাখনাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ফাটবিহু সমিতিয়ে বিহু বিষয়ক কৰ্মশালা, আলোচনা-চক্ৰ আদি অনুষ্ঠিত কৰি বিহুৰ বিকৃতকৰণ ৰোধ কৰিবলৈ অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে বিহু সংস্কৃতিলৈ ব্যাপক সংকট আহিব আৰু এই সংকটে ফাটবিহুৰ ঐতিহ্য ধুলিস্যাৎ কৰি পেলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

ঢকুৱাখনাৰ ফাটবিহু

পৰিৱৰ্তন লাগে আমাক, কিন্তু যি পৰিৱৰ্তনৰ ফলত নিজস্বতা হেৰুৱাব লগা হয়, সেই পৰিৱৰ্তন গ্ৰহণীয় নহয়। পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি বিহু সংস্কৃতিয়ে পূৰ্বৰ সেই জনপ্ৰিয়তাকো আজি অতিক্ৰম কৰিছে। সেয়েহে আজি গছৰ ডালত বহি কুলিয়ে নামাতিলেও, মাজনিশা কেতেকীয়ে নিবিনালেও, কপৌ-নাহৰ-কেতেকীফুল নুফুলিলেও আমি লাগি পৰিছোঁ ব’হাগৰ আগতীয়া আয়োজনত, ‘(টিভি) চেনেল বিহু’ উপভোগত!

পূৰ্বতে চ’ত মাহ সোমোৱাৰ লগে লগে মানুহৰ ব্যস্ততাৰ অন্ত নোহোৱা হৈছিল বিহুক আদৰিবলে। খদমদম্ লাগে গাঁও-ভূঁই সকলোতে। চিৰা, সান্দহ আদি খুন্দাৰ ঢেঁকীৰ চাবৰ শব্দই গাঁও-ভূঁই ৰজনজনাই থাকি বিহু অহাৰ বাতৰি দিছিল। বিহুৰ দিনাখন অসমীয়া মহিলাই বয়োজ্যেষ্ঠজনক, নিজৰ আপোনজনক গামোচা এখন দি সেৱা কৰি আশীৰ্বাদ লোৱাটো প্ৰচলিত নিয়ম আছিল। সেয়ে বিহুৱানখন বিহুৰ আগতে বৈ-কাটি উলিয়াবলৈ আবেলিৰ পৰাই তাঁতশালত দোৰপতিৰ খটখটাই থকা শব্দই বিহু অহাৰ বাতৰি দিছিল। এতিয়া বিহু আহে বিভিন্ন কোম্পানীৰ বিজ্ঞাপনৰ পথেৰে। অতি চকুত লগা ৰঙচঙীয়া হ’ৰডিং, ফ্লেক্স, বেনাৰ আদিৰ উপৰি ইলেক্ট্ৰনিক মাধ্যমৰ নানান বিহু সম্পৰ্কীয় অনুষ্ঠান আদিৰ পথেৰে। মুঠতে বিহুক আজি বিজ্ঞাপনে ছানি ধৰিছে। আগৰ গাওঁ-ভূঁইবিলাকত বিহু অহা বুলিলে ডেকা-গাভৰু, বুঢ়া-মেথাৰ মাজত যি উথপথপ পৰিৱেশৰ সৃষ্টি হৈছিল, এতিয়া সেই পৰিৱেশ নাই। এতিয়া কোনো বিহুৱাই গৃহস্থৰ চোতালে চোতালে গৈ হুঁচৰি মাৰিবলৈ নাযায়। তাহানি ধনী-দুখীয়া নিৰ্বিচাৰে গৃহস্থৰ চোতালত অকৃত্ৰিম হুঁচৰি মাৰি গৃহস্থক কুশলে থাকিবলৈ আশীৰ্বাদ দিছিল আৰু হুঁচৰিৰ বিহুনাম আৰু নাচবোৰো আছিল স্বতঃস্ফূৰ্ত। তাৰ পৰিৱৰ্তে আজিৰ হুঁচৰি দলে ধনী মানুহৰ ঘৰতহে হুঁচৰি গায়, শকত ধনৰ টোপোলাৰ আশাত। যান্ত্ৰিক সভ্যতাই গছতলৰ বিহুক, গৃহস্থৰ চোতালৰ হুঁচৰিক মঞ্চলৈ স্থানান্তৰিত কৰিলে।

মঞ্চবিহুৰ ক্ষেত্ৰত জাতীয় মৰ্যাদা আৰু সন্মান যাতে অক্ষুণ্ণ থাকে, তাৰ বাবে বিহু সমিতিসমূহ সচেতন হোৱা প্ৰয়োজন। বৰ্তমান সময়ত দেখা দিয়া বিভিন্ন বিসংগতিয়ে আমাৰ সংস্কৃতিৰ ভেটি থৰক-বৰক কৰি তুলিছে৷ নিজৰ জাতি, ভাষা, সাহিত্য, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আদিৰ প্ৰতি কোনো ধৰণৰ শ্ৰদ্ধা নথকাকৈ কেৱল ভোগবাদী মানসিকতাৰে ‘সংস্কৃতি কৰা’ মানুহৰ সংখ্যা বৃদ্ধি পাব লাগিছে; যিটোৱে আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত গভীৰ সংকটৰ সৃষ্টি কৰিছে৷

(শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘বৰ্হমথুৰি’ আৰু অন্যান্য লেখাৰ সহায় লৈ)
ছবি: আকাশ প্ৰিয়ম

ঢকুৱাখনাৰ ফাটবিহু আৰু পৰিৱৰ্তনৰ নিয়তি | আকাশ প্ৰিয়ম

Follow Nilacharai on Facebook