কাব্যধাৰা ৫: চিৰঞ্জিত দত্ত আৰু ত্ৰিদিপ কুমাৰ গোস্বামীৰ কবিতা

দিনলিপি

চিৰঞ্জিত দত্ত

পুনৰ মেলি ল’লো আজি পুৰণি দিনৰ পৃষ্ঠা
ধূলিত পোত খোৱা মোৰ প্ৰাচীন ডায়েৰী

স্মৃতিৰ ওভতনি সোঁতেৰে
পাতবোৰ লুটিয়াই আকৌ চুই চালো
এবাৰ, দুবাৰ…
কেনেবাকৈ উৱলিছে নেকি
শেঁতা পৰা আখৰবোৰত
বিষাদৰ উজ্জ্বলতা?

কাণ উনাই শুনিছোঁ পুনৰ
ৰিণিকি ৰিণিকি আজিও ভাহিছে নেকি
কৰুণ উচুপনিৰ চিনাকি সুৰটি,
ব্যস্ত দৈনন্দিনতাৰ নেপথ্য সংগীত?

চাকি চাব পৰাহেঁতেন ভালেই আছিল
চকুপানীৰে সেমেকা আখৰবোৰৰ সোৱাদ
এতিয়াও কিমান লুণীয়া!

সঠিক উত্তৰ নাপালো যদিও
কিয় জানো মন গ’ল
হঠাৎ আজি আখৰেৰে ভৰাই তুলিলো
এটি নতুন উকা পৃষ্ঠা
পৰিত্যক্ত দস্তাবেজৰ
এটি নিলিখা পাত!

আৰু এয়া কি কথা!
মোৰ নিজৰেই চিনাকি আখৰবোৰে
মোকেই আচৰিত কৰি
আজি দেখোন মিচিকিয়াবলে’ শিকিছে।


সূৰ্যাস্তৰ দিন

ত্ৰিদিপ কুমাৰ গোস্বামী

এটা সান্ধ্য ভ্রমণৰ পৰাই
মই দিনটোৰ আৰম্ভণি কৰোঁ!

সেউজীয়াবোৰ এৰি দি
মই ৰঙীন হ’ব বিচাৰোঁ
মাতাল হ’ব বিচাৰোঁ
কিছু গুলপীয়া ৰঙীন ৰাগীত

চঞ্চলো হৈ পৰোঁ
দুখবোৰৰ জমা-খৰচখনৰ
পাত লুটিয়াই… অতি চঞ্চল…!

কলিজাৰ প্রতিটো কোঠালি
বন্ধ কৰি শুব বিচাৰোঁ
হাই-ৱেৰ কাষৰ ধাবাবোৰত
য’ত কোনো নিৰাভৰণ নাৰীৰ
প্রতিটো অংগই হ’ব
মোৰ নিলাজ হাতৰ খেলাৰ পুতলা

শব্দৰ কেনভাছেৰে
সমাপ্তি ঘটাম
মোৰ হৃদয়ত ঝক ঝক কৰি থকা
ধপ ধপনিবোৰ
আৰু মোৰ সূৰ্যাস্তৰ দিন!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz