বি ভোৰৰ বাঁওহাতৰ মণিবন্ধত পোক এটা পৰিছিল। পোকটো গুবৰুৱাৰ জাতৰ, কিন্তু তাতকৈ যথেষ্ট সৰু। এনেকুৱা পোক সাধাৰণতে ৰাতি লাইটৰ পোহৰতহে আহে। এই দিন দুপৰতে এইটো ক’ৰ পৰা আহিল জানো! পোকটো নিজে আঁতৰি যায় নেকি! বিভোৰে অলপ সময় বাট চালে।

“কি খাব আপুনি?”— বয় এটাই পানী খাবৰ কাৰণে ষ্টীলৰ গিলাচ এটা বিভোৰৰ সমুখৰ মেজখনত খটকৈ শব্দ এটা কৰি থ’লেহি।

বিভোৰে আচলতে আজিৰ পৰাই হাত ধৰি চলা উচিত। কিন্তু সি সেয়া নকৰিলে।

“ছুপাৰ স্পেচিয়েল চাহ একাপ দিয়া।” “লগত খাবলৈ কি দিম?” “গৰম কি আছে?” “চিঙৰা আৰু কচুৰি দুয়োটাই আছে। কি দিম?” “দুয়োটাই দিয়া।”

বয়টোৱে তাৰ দীৰ্ঘ অভিজ্ঞতাৰ পৰা দেখিছে— গ্ৰাহকে সাধাৰণতে চিঙৰা আৰু কচুৰি একেলগে নাখায়। হয় চিঙৰাৰ লগত ৰসগোল্লা খাব, নহয় কচুৰিৰ লগত জেলেপি খাব। বিভোৰৰ এই খাপচাৰা কম্বিনেশ্বনটোত বয়টো অলপ আচৰিত হ’ল। কিন্তু বিভোৰ খোদ মানুহটোৱেই যে অলপ সামঞ্জস্যহীন! জন্মৰ পৰাই তাৰ চুলিখিনি ৰঙা, বাঁও ভৰিখন চুটি আৰু হাতৰ আঙুলি ছটা ছটা।

গিলাচ আৰু মেজৰ সংঘৰ্ষত সৃষ্টি হোৱা ধাতৱ শব্দটো কিম্বা বিভোৰ আৰু বয়টোৰ কথা-বাৰ্তাখিনিয়েও পোকটোক ভয় খুৱাব পৰা নাছিল। যেনিবা সি তপস্যাতহে বহিছে! পোকটো বিষাক্তও হ’ব পাৰে, কিবা কাৰণত তাৰ হাতত সি কামোৰ বহুৱায়ো দিব পাৰে— এনেকুৱা এটা আশংকা কৰি, পোকটো নিজে নিজে উঠি যোৱাৰ কোনো লক্ষণ নেদেখি বিভোৰে কেৰম ব’ৰ্ডৰ গুটিত টোকৰ মৰাদি তাক ছিটিকাই পঠালে। হঠাৎ বিভোৰৰ খেয়াল হ’ল— আজি মালিক পক্ষই তাক এনেকৈয়েতো কামৰ পৰা খেদিলে! অৱশ্যে বিভোৰৰ জীৱনত এনেকুৱা অভিজ্ঞতা বহুত হৈছে। জীৱনৰ বহু কথাত সি বহুতৰ পৰা টোকৰ খাই খাই এনেকৈ য’ত-ত’ত উফৰি পৰিছে।

“চাহ বাকী আছে।”— বয়টোৱে চিঙৰা আৰু কচুৰিৰ প্লেট এখন বিভোৰৰ সমুখত থ’লেহি। বয়টোৰ মুখত খাঁটি অসমীয়া শব্দ এটা শুনি বিভোৰৰ ভাল লাগিল। কিয়নো আজিকালি প্ৰায়ভাগেই ভাত ৰন্ধা, পিঠা ভজা, ঘৰ সজা— সকলোতে ‘বনোৱা’ শব্দটো ব্যৱহাৰ কৰিবলৈ লৈছে।

বিভোৰে টেবুলখনত আগৰে পৰাই থকা টমেট’ চচৰ বটলটোৰ পৰা অলপ প্লেটখনত বাকী ল’লে। ইয়াৰ পাছত সি বেচ তৃপ্তিৰে চিঙৰাত কামোৰ মাৰিলে। তাৰ নিজৰ ওপৰতে পুতৌ জন্মিল। আন কোনোবা হোৱাহেঁতেন চাকৰিৰ পৰা খেদা খোৱাৰ পাছত এনেকৈ নিশ্চিন্ত মনেৰে ৰেষ্টোৰাঁত সোমাই চাহ-চিঙৰাৰ জুতি ল’ব নিশ্চয় নোৱাৰিলেহেঁতেন! অনিশ্চিত ভৱিষ্যতৰ চিন্তাই তেওঁক নিশ্চয় জুৰুলা কৰি পেলালেহেঁতেন। হয়তো তেওঁ সুৰাপানৰ আশ্ৰয় ল’লেহেঁতেন, হতাশাত ভুগি হয়তো আত্মহত্যাৰ কথাও চিন্তা কৰিলেহেঁতেন। সি বাৰু টোকৰ খাই খাই দগধা হৈ গৈছে নেকি?

বিভোৰে প্ৰথম টোকৰটো খাইছিল নিচেই শৈশৱতে। তাৰ মাকৰ আকস্মিক মৃত্যু ঘটাত দেউতাকে দ্বিতীয় বিবাহ কৰাইছিল। কিন্তু মাহীমাকে তাক নিজৰ সন্তান হিচাপে আঁকোৱালি লোৱা নাছিল। তাৰ দেউতাকে সেনা বাহিনীত চাকৰি কৰিছিল। চাকৰিসূত্ৰে তেওঁ ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। বছৰত মাত্ৰ এবাৰহে ঘৰলৈ আহিছিল। দেউতাক ঘৰত থকা কেইদিন মাহীমাকে তাক মৰমেৰে বুৰাই পেলাইছিল। যেন মূৰত থ’লে ওকণিয়ে খাব, মাটিত থ’লে পৰুৱাই পাব! দেউতাকে ঘুণাক্ষৰেও গম পোৱা নাছিল মাহীমাকৰ আচল স্বৰূপটো। কিন্তু দেউতাক ঘৰৰ পৰা ওভোতাৰ পাছতে মাহীমাকৰ তাৰ ওপৰত পৰোক্ষ অত্যাচাৰ আৰম্ভ হৈ গৈছিল। মাহীমাকে তাক ঘৰ-দুৱাৰ সাৰিবলৈ, কাপোৰ-কানি ধুবলৈ, ভাত-পানী ৰান্ধিবলৈ লগাইছিল। দুপৰীয়া ভাত খোৱাৰ পাছত সদায় সি মাহীমাকৰ গা পিটিকি দিব লাগিছিল। ভাতৰ পাতত মাহীমাকে সদায় তাক মাছৰ ফিচাটুকুৰা, মাংসৰ হাড়কেইটুকুৰাহে দিছিল। সি স্কুললৈ যোৱাটো মাহীমাকে একেবাৰে পচন্দ কৰা নাছিল। নিজৰ গা বেয়া হোৱাৰ অজুহাতত তেওঁ তাক প্ৰায়ে স্কুল খতি কৰোৱাইছিল। তাৰ মগজুটো ভাল আছিল গুণেহে সি এটা শ্ৰেণীতো নিজিৰোৱাকৈ পৰীক্ষাবোৰত উত্তীৰ্ণ হৈ গৈছিল। এনেকুৱাতে তাৰ দেউতাকৰ ছত্তিছগড়ত কৰ্মৰত হৈ থকা অৱস্থাত মাওবাদীৰ আক্ৰমণত মৃত্যু হৈছিল। ইয়াৰ পাছৰ পৰা মাহীমাকৰ কাৰণে তাৰ লেকামডাল আৰু জোৰকৈ টানিবলৈ উজু হৈ পৰিছিল। ইতিমধ্যে মাহীমাকৰ ল’ৰা এটা উপজিছিল। ল’ৰাটোক খুওৱা-বুওৱাৰ পৰা আৰম্ভ কৰি তাৰ গু-মূত ধুওৱালৈকে সকলো কাম মাহীমাকে তাৰ ওপৰতে অৰ্পণ কৰিছিল। সি ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ তাক শাৰীৰিকভাৱেও অত্যাচাৰ চলাইছিল। আৰু এদিন এটা সামান্য কথাতে মাহীমাকে তাক ঘৰৰ পৰা খেদি দিছিল। সি অ’ত-ত’ত অলৌ-তলৌকৈ ঘূৰি-ফুৰি অৱশেষত এঘৰ মানুহত আশ্ৰয় লৈছিলগৈ। কিন্তু সি সেই মানুহঘৰতো চাকৰৰ জীৱনেই কটাইছিল। অৱশ্যে সি সেই মানুহঘৰত শাৰীৰিক অত্যাচাৰৰ পৰা ৰক্ষা পৰিছিল, দুবেলা দুসাঁজ পেট পূৰাই খাবলৈ পাইছিল। তাত সি মানসিক খোৰাক এটাও পাইছিল।

বিভোৰে চিঙৰাটো শেষ কৰি কচুৰিটোত হাত দিছিলহে, তেনেতে তাৰ ম’বাইলটো বাজি উঠিল। সি চোলাৰ জেপৰ পৰা ফোনটো উলিয়াই কোনে ফোন কৰিছে চালে। অচিনাকি নম্বৰ। বিভোৰে ফোনটো ৰিচিভ কৰি ‘হেল্ল’ বুলি কোৱাৰ লগে লগে সিফালৰ পৰা ক’লে— “মই হৰ্ষ দাই কৈছোঁ বিভোৰ।” “কিন্তু এইটোতো আপোনাৰ নাম্বাৰ নহয়!” “মোৰ ফোনত বেলেঞ্চ নাই। সেয়ে বেলেগ এজনৰ ফোনৰ পৰা কৰিছোঁ।”

বিভোৰৰ দুখৰ মাজতো হাঁহি উঠিল। এই মানুহটোৰ ফোনত কেতিয়ানো বেলেঞ্চ থাকে! এক নম্বৰৰ বান্ধ কেৰেপ!

“কিয় ফোন কৰিলে কওক।” “তোমাৰ হৈ আমি ইউনিয়নৰ ফালৰ পৰা মাত মাতিম বুলি ভাবিছোঁ।” “কি লাভ হ’ব কওকচোন? মিছা-মিছিকৈ আপোনালোকো মালিকপক্ষৰ অপ্ৰিয়ভাজন হ’বগৈ।” “সেইটো পাছৰ কথা। আমাক চেষ্টা এটাতো কৰি চাবলৈ দিয়া!” “নালাগে হৰ্ষ দা। মই মালিকৰ অনুগ্ৰহ ল’ব নোৱাৰোঁ। ফেক্টৰিত দস্তুৰমত নিষ্ঠাৰে কাম কৰিছিলো আৰু তাৰ বিনিময়তহে দৰমহা লৈছিলো।”

বিভোৰে ফোনটো কাটি দি কচুৰিটো মুখলৈ নিলে। সঁচাকৈয়ে বিভোৰে ফেক্টৰিটোৰ কাৰণে যথেষ্ট কষ্ট কৰিছিল। কামত কোনোদিনেই ফাং-ফুং কৰা নাছিল। সি ইউনিয়নৰ মেম্বাৰ নোহোৱা সত্ত্বেও শ্ৰমিকসকলৰ কাৰণে যথেষ্ট খাটিছিল। তাৰ চেষ্টাৰ বলতে শ্ৰমিকসকলৰ দৰমহা বাঢ়িছিল। তেওঁলোকে কোৱাৰ্টাৰ পাইছিল। মালিক পক্ষই শ্ৰমিকৰ সন্তানৰ কাৰণেও স্কুল বাছৰ ব্যৱস্থা কৰি দিছিল। শ্ৰমিকে চিকিৎসাৰ সা-সুবিধা পাইছিল। পূজা আৰু বিহুত বোনাছ পাইছিল। বিভোৰৰ এই ফেক্টৰিটোত কাম কৰা এঘাৰ বছৰ হৈ গ’ল। সি ইয়াত কাম কৰি ভাল পাইছিল। ভাবিছিল সি আৰু বেলেগ কামত নোসোমায়, ইয়াৰ পৰাই অৱসৰ ল’ব। এই বয়সত কাম সলাই থাকিবলৈ তাৰ দেহেও নকয়, মনেও নকয়। কিয়নো বেলেগ ঠাইত সি এইটো কাম নাপাবও পাৰে। নতুন কাম এটা শিকিবলৈ তাৰ এতিয়া আৰু দেহ-মন একোৰে জোৰ নাই।

বয়টোৱে একাপ গুলপীয়া চাহ বিভোৰৰ সমুখত থ’লেহি। চাহকাপৰ পৰা ইলাচি জাতীয় মচলাৰ ফুৰফুৰীয়া গোন্ধ এটা উৰি আহি তাৰ নাকত লাগিলহি। বিভোৰে বেচ তৃপ্তিৰে চাহকাপত শোহা মাৰিলে। কিন্তু পাছ মুহূৰ্ততে তাৰ উপলব্ধি হ’ল— এনেকুৱা একাপ চাহৰ এগৰাকীয়েইতো তাক আন এটা টোকৰ মাৰিছিল!

বিভোৰৰ সহকৰ্মী অনাথ দাসৰ ভনীয়েক মনালিছাক তাৰ ভাল লাগিছিল। তাইৰ লগত তাৰ চিনাকি হৈছিল আকস্মিকভাৱে। মাহীমাকৰ অত্যাচাৰৰ বাবে সি পঢ়া-শুনা আধাতে সামৰিব লগা হৈছিল যদিও তাৰ মনৰ পৰা পঢ়া-শুনাৰ ধাউতিটো অন্তৰ্হিত হোৱা নাছিল। সি ঘৰৰ পৰা পলাই অহাৰ পাছত প্ৰথম যিঘৰ মানুহত চাকৰ খাটিছিল, তেওঁলোকৰ ডাঙৰ ছোৱালীজনীয়ে যথেষ্ট বাহিৰা কিতাপ-পত্ৰ পঢ়িছিল। আজৰি পৰত সি তাইৰ পৰা খুজি সেই কিতাপবোৰ এখন-দুখনকৈ পঢ়িবলৈ লৈছিল। সেইখিনি অভিজ্ঞতাকে সমল কৰি পাছত সি গল্প লিখিবলৈ লৈছিল। তাৰ গল্পবোৰ কাকত-আলোচনীত অনায়াসে প্ৰকাশ পাইছিল। সেইবোৰ পাঠক-পাঠিকাসকলে ভালো পাইছিল। মনালিছাও তাৰ গল্পৰ এজনী আগ্ৰহী পাঠিকা আছিল। তাই তাৰ ‘বৰ্ষাৰ গান’ নামৰ গল্পটো পঢ়ি ইমানেই ভাল পাইছিল যে এদিন তাই উপযাচিয়েই তাৰ লগত ফোনেৰে চিনাকি হৈছিল। অৱশ্যে মনালিছা যে তাৰ সহকৰ্মী অনাথ দাসৰ ভনীয়েক, সেই কথা সিহঁতৰ ঘৰলৈ যোৱাৰ পাছতহে সি গম পাইছিল। অনাথ দাসৰ লগত সিহঁতৰ ঘৰলৈ যাওঁতে মনালিছাই সদায় তাক এনেকুৱা একাপ চাহেৰেই আপ্যায়ন কৰিছিল। বিভোৰে বহুত ঠাইত বহুত ধৰণৰ চাহ খাই পাইছে, অলপ দিন সি চাহ ফেক্টৰি এটাতো কাম কৰিছিল, কিন্তু মনালিছাৰ হাতৰ চাহকাপৰ যেন তুলনা নাছিল! মনালিছাৰ চেনি-চাহপাত-গাখীৰৰ সংমিশ্ৰণটো সঠিক হোৱা কাৰণেই চাহকাপ অতুলনীয় হৈছিল, নে তাই আগ্ৰহৰ তুলিকাৰে প্ৰেমৰ ৰং সানি বকা কাৰণেই চাহকাপ স্বাদময় হৈছিল, বিভোৰে আজিও বুজিব নোৱাৰিলে— যেনেকৈ বুজিব নোৱাৰিলে তাৰ লগত তিনি বছৰ প্ৰেমৰ সম্পৰ্ক থকা সত্ত্বেও তাই তাক ত্যাগ কৰি বেলেগ এটা ল’ৰাৰ লগত কিয় পলাই গৈছিল! তাই যদি প্ৰথমেই তাৰ প্ৰেমৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলেহেঁতেন, সি তাইক অকণো বেয়া নাপালেহেঁতেন। কিয়নো এক পক্ষীয় প্ৰেম সি নিজেও বিশ্বাস নকৰে। কিন্তু মনালিছাই তাকে নকৰি তাৰ লগত তিনি বছৰ কাল কিয় ধেমালি কৰিছিল? মানুহৰ জীৱনৰ তিনি বছৰ সময় একেবাৰে কম সময় নহয়! তাকো যৌৱন কালৰ! মনালিছাৰ বিশ্বাসঘাতকতাৰ কাৰণেই সি হয়তো আৰু কোনো নাৰীকেই বিশ্বাসত ল’ব নোৱাৰিব। নোৱাৰিব নহয়, নোৱাৰিলে। এই বয়সত এতিয়া আৰু কোনো নাৰীৰ সান্নিধ্য বিচাৰি যোৱাৰ মানসিকতা তাৰ নাই।

বিভোৰে চাহকাপ প্ৰথমে যিমান আগ্ৰহেৰে খাবলৈ লৈছিল, তাতকৈ বহু বেছি বিৰক্তিৰে চাহকাপত শেষ ঢোকাটো মাৰিলে। সি খালী কাপটো এনেকৈ টেবুলখনত থ’লে যেন ইমান সময়ে সি গম নোপোৱাকৈ হাতত কুমজেলেকুৱা এডালহে লৈ আছিল! ৰেষ্টোৰাখনত সিমান ভিৰ নাছিল। তাৰ টেবুলখনৰ লগতে আৰু দুখন টেবুল খালী হৈ আছিল। বিভোৰ আৰু অলপ সময় তাত এনেয়ে বহি থাকিব পাৰিলেহেঁতেন। কিন্তু সি তাত আৰু এক মুহূৰ্তও নৰ’ল। কাউণ্টাৰত চাহৰ পইচাখিনি দি সি ৰেষ্টোৰাঁখনৰ পৰা ওলাই আহিল।

ৰাজপথত ভৰি দিয়েই বিভোৰৰ চিগাৰেট এডাল হুঁপিবলৈ মন গ’ল। কিন্তু ৰাজহুৱা স্থানত চিগাৰেট হোঁপাৰ অভ্যাস তাৰ নাই। সি স্মকিং জ’ন এটা বিচাৰিলে। মানে অলপ মুকলি ঠাই। দুটা বিল্ডিঙৰ মাজত তেনেকুৱা এটুকুৰা ঠাই দেখা পাই সি তালৈকে গ’ল। ঠাইকণতকেইখনমান স্কুটাৰ আৰু মটৰ চাইকেল ৰখাই থোৱা আছিল। বিভোৰে তাৰে এখনত আৰামকৈ বহি লৈ চিগাৰেটডাল জ্বলাই ল’লে। চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলিবোৰ তাৰ ফেক্টৰিৰ ধোঁৱাৰ দৰেই লাগিল। কাইলৈৰ পৰা সি আৰু ফেক্টৰিৰ বৃহৎ চিমনিয়েদি ওলোৱা ধোঁৱাৰ কুণ্ডলিবোৰ দেখিবলৈ নাপায়। চিমনিয়েদি ওলোৱা ধোঁৱাৰ কুণ্ডলিবোৰ সৰ্পৰ দৰে বগাই বগাই আকাশলৈ উৰি যোৱা দৃশ্যটো তাৰ বৰ প্ৰিয় আছিল। অফিচ ছুটীৰ পাছত কেতিয়াবা সি একে ঠাইতে ৰৈ বহু সময় ধৰি সেই দৃশ্য উপভোগ কৰি আছিল। ধোঁৱাবোৰৰ দৰে তাৰো আকাশ চুবলৈ মন গৈছিল। কিন্তু সেয়া দূৰৰে কথা, মালিক পক্ষই তাক একেবাৰে মাটিৰ তললৈহে নিক্ষেপ কৰিলে। আস! সিনো কি ইমান ডাঙৰ জগৰ লগালে যে মালিক পক্ষই তাক একেবাৰে কামৰ পৰাই অব্যাহতি দি দিলে! লকডাউনৰ সময়ত শ্ৰমিকসকলে পাব লগা বকেয়া ধনখিনি তেওঁলোকক সোনকালে আদায় দিবলৈ মালিক পক্ষক সি দাবী জনাইছিল। এয়া জানো অন্যায় আছিল? যিসকল লোকৰ হাড়ভগা পৰিশ্ৰমৰ ফলত মালিক পক্ষৰ বেংক বেলেঞ্চ বৃদ্ধি পায়, তেওঁলোকে এক লাহ-বিলাসৰ জীৱন যাপন কৰিবলৈ পায়, তেওঁলোকৰ সন্তানক বিদেশৰ নামী-দামী স্কুল-কলেজত পঢ়ুৱাবলৈ সমৰ্থ হয়, সেইসকল লোকৰ প্ৰাপ্যখিনি দাবী কৰাটো জানো দূষণীয়? মালিক পক্ষই তেনেকুৱা দহ গুণ ধন দিলেও তেওঁলোকৰ একো হানি নহয়। সাগৰৰ পানী বান্দৰে খাই কিমান ঢুকুৱাব? কিন্তু মালিক পক্ষই তেওঁলোকৰ হাতৰ মলি সদৃশ সেই সামান্য টকাকেইটাও দিবলৈ হোঁহকা-পিছলা কৰি থাকে। আচলতে এইটো এটা অজুহাতহে। ফেক্টৰিত বিভোৰৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাই যোৱাত ইউনিয়নৰ লিডাৰকেইটা আতংকিত হৈ উঠিছিল। সিহঁতে ভাবিছিল— বিভোৰ যদি কেনেবাকৈ ইউনিয়নৰ লিডাৰ হয়, সিহঁতৰ সান্দহ খোৱা বালি তল যাব। কিয়নো ইউনিয়নৰ লিডাৰবোৰে ফেক্টৰিত একো কাম নকৰিলেও চলে। সিহঁতে অকল মেল-মিটিং কৰি ফুৰিলেই হৈ যায়। বিভোৰে ঠিকেই অনুমান কৰিব পাৰিছে— ইউনিয়নৰ লিডাৰকেইটাই মালিক পক্ষক তাৰ বিৰুদ্ধে লগাই লগাই তাৰ প্ৰতি তেওঁলোকৰ মনোভাব বেয়া কৰি পেলাইছিল। অলপ আগতে হৰ্ষ দাই যে তালৈ ফোন কৰিছিল, সেয়া আচলতে তাক ভালৰি বোলাবলৈহে, সি যাতে তেওঁলোকক একো সন্দেহ নকৰে, সেই কথা প্ৰমাণ কৰিবলৈহে।

“আংকল, মোৰ কাম হ’ল। মই যাওঁ।”— এটা বিছ-পঁচিছ বছৰীয়া ডেকাই বিভোৰক আওপকীয়াকৈ বাইকখনৰ পৰা নামিবলৈ ক’লে। “ছৰি ভাই, অলপ আৰাম কৰিলো। বেয়া নাপাবা।”— বিভোৰ লগে লগে বাইকখনৰ পৰা নামি দিলে। “একো নাই। ইটছ অ’কে।”— ল’ৰাটোৱে কপালৰ আগত পৰি থকা চুলিখিনি এক বিশেষ কায়দাৰে পিছলৈ মাৰি পঠিয়ালে। তাৰ পাছত বিভোৰলৈ ধোঁৱা অলপ এৰি তীব্ৰ গতিৰে সেই ঠাইৰ পৰা আঁতৰি গ’ল।

বিভোৰৰ হাতখন আপোনা-আপুনি মূৰৰ ওপৰলৈ উঠিল। মূৰত তিনিভাগৰ এভাগমান চুলিহে ৰৈছেগৈ। ল’ৰাটোৱে এই কাৰণেই চাগৈ তাক আংকল বুলি কৈছে। অৱশ্যে তাৰ বয়সো হৈছে। আঢ়ৈকুৰি একেবাৰে কম বয়স নহয়। এনেকুৱা বয়সত মানুহ অকল খুৰায়ে নহয়, বৰদেউতাও হয়।

টোকৰ অসমীয়া গল্প

সি ফোনটো জেপৰ পৰা উলিয়াই দেখিলে এটা অচিনাকি নম্বৰ…

বিভোৰ সেই ঠাইৰ পৰা আঁতৰি আহিব খোজোঁটেই হঠাৎ তাৰ ফোনটো পুনৰ বাজি উঠিল। সি ফোনটো জেপৰ পৰা উলিয়াই দেখিলে এটা অচিনাকি নম্বৰ। তাৰ এই মুহূৰ্তত কোনোবা অচিনাকি মানুহৰ লগত ফোনত কথা হ’বলৈ একেবাৰে মন নাছিল। সেয়ে বিভোৰে ফোনটো কাটি দিলে। কিন্তু পাছ মুহূৰ্ততে ফোনটো আকৌ বাজি উঠাত সি এইবাৰ ফোনটো নাকাটি ৰিচিভ কৰিলে। বিভোৰে ফোনটো কাণৰ কাষলৈ নি ‘হেল্ল’ বুলি কোৱাৰ লগে লগে সিফালৰ পৰা এটা নাৰীকণ্ঠই ক’লে— “বিভোৰ, মই তোৰ মায়ে কৈছোঁ।”

বিভোৰ আচৰিত হ’ল— মা! তাৰ মাকতো মৰি কেতিয়াবাই ভূত হ’ল! এতিয়া মাক আকৌ ক’ৰ পৰা ওলালহি? নে আজিকালি ভূতেও ফোন কৰিব পাৰে!

“আপোনাৰ ভুল হৈছে নেকি! মোৰ মা নাই। আপুনি নাম্বাৰটো আকৌ এবাৰ ভালকৈ চাই লওক।” “তই বিভোৰেই নহয় জানো?” “হয়।” “তেনেহ’লে মোৰ ভুল হোৱা নাই। তইহে মোক চিনি পোৱা নাই। মই তোৰেই মা— তোৰ সৰু মা।”

বিভোৰে এতিয়াহে ৰহস্যটো বুজি পালে। সি মাহীমাকক ‘সৰু মা’ বুলি মাতিছিল। কিন্তু অত বছৰৰ মূৰত মাহীমাকৰ তালৈ কি মনত পৰিল? তাৰ ফোন নম্বৰটোৱেই বা মাহীমাকে সংগ্ৰহ কৰিলে কেনেকৈ? কিন্তু বিভোৰে এইবোৰ পেনপেনীয়া কথাৰ অৱতাড়না নকৰি মাহীমাকক চিধা সুধিলে— “কিয় ফোন কৰিলা কোৱাচোন।”

“মই এটা ডাঙৰ বিপদত পৰিছোঁ। মোক তোৰ অলপ সহায় লাগে।”— এই বুলি মাহীমাকে বিভোৰক মাজত একো ক’বলৈ সুবিধা নিদি শাওণ মহীয়া বৰষুণৰ দৰে নেৰানেপেৰাকৈ যিখিনি ক’লে, তাৰ সাৰমৰ্ম হ’ল— মাহীমাকৰ পুতেক প্ৰভাতে জুৱাৰ আড্ডাত গাঁৱৰে মানুহ এটাক হত্যা কৰি ইয়াৰে ৰঙাঘৰত সোমাই আছেহি। তেওঁৰ গা ভাল নহয়। আনহাতে গাঁৱৰ কোনো মানুহেই তেওঁলোকক সহায় কৰিব খোজা নাই। সেয়ে সি ভাল উকিল এজন ধৰি প্ৰভাতক জেলৰ পৰা ওলোৱাত সহায় কৰি দিব লাগে। …

মাহীমাকে ইনাই-বিনাই আৰু ঢেৰ কিবা-কিবি বলকি গ’ল যদিও সেইবোৰ একোৱেই তাৰ কাণত নোসোমাল। বিভোৰৰ মনলৈ প্ৰভাতৰ কথাহে আহিবলৈ ধৰিলে। তাৰ নিচেই সৰু অৱস্থাতে বিভোৰে তাক এৰি থৈ আহিছিল। তেতিয়া সি চুঁচৰিবলৈহে শিকিছিল। বিভোৰে ঘৰ ত্যাগ কৰিব লগা কথাটোত পৰোক্ষভাৱে প্ৰভাতো জড়িত আছিল। সেইদিনা মাহীমাকে প্ৰভাতক তাৰ ওচৰত ৰখীয়া থৈ এফালে ওলাই গৈছিল। সি প্ৰভাতক ড্ৰয়িঙৰূমতে পাটী এখনত বহুৱাই লৈ ওমলাই আছিল। তেনেতে তাৰ বৰকৈ শৌচ কৰিব লগাত প্ৰভাতক তাতে এৰি, দুৱাৰখন বাহিৰৰ পৰা খিলি লগাই সি পিছফাললৈ দৌৰ মাৰিছিল। সেই সুযোগতে প্ৰভাতে চুঁচৰি গৈ মাহীমাকে যৌতুকত অনা দামী ফুলদানি এটা ভাঙি পেলাইছিল। আৰু বিভোৰৰ এই ‘অপৰাধ’তে মাহীমাকে তাক ঘৰৰ পৰা খেদি দিছিল। আস! সেই পেন্দুকণা ল’ৰাটো ইমান ডাঙৰ হৈ গ’ল! অকল ডাঙৰ হোৱাই নহয়, মানুহ মাৰিব পৰাও হৈ গ’ল।

মাহীমাকে শেষত তাক ক’লে— “বিভোৰ, তই প্ৰভাতক যেনেতেনে বচাই দে। তোক মই সম্পত্তিৰ আধাভাগ দি দিম।”

“ইচ্ছা কৰিলে দেউতাৰ সম্পত্তিৰ আধাভাগ মই এনেয়ো লৈ ল’ব পাৰোঁ সৰু মা!”— বিভোৰে এই কথাষাৰ পিছে মনতেহে ক’লে। তাৰ মুখেদি এটা বিদ্ৰূপাত্মক হাঁহি বাগৰি গ’ল। বিভোৰে ইমান দিনে বহুত টোকৰ খালে, কিন্তু সি আজিলৈকে কাকো টোকৰ দি পোৱা নাই। কিয় জানো, বিভোৰৰ আজি হঠাৎ টোকৰ এটা দি চাবলৈ মন গ’ল। সি শীতল কণ্ঠেৰে মাহীমাকক ক’লে— “মোৰ এতিয়া নিজৰেই মহাবিপদ সৰু মা। তোমাক এতিয়া মই একো সহায় কৰিব নোৱাৰোঁ।”

বিভোৰে এইবাৰ ফোনটো কাটি দিয়েই ক্ষান্ত নাথাকিল, ফোনৰ ছুইছটোও বন্ধ কৰি দিলে।

❧। অধিক গল্প:

টোকৰ। চুটিগল্প। ধ্ৰুৱজ্যোতি শৰ্মা
Follow Nilacharai on Facebook