পূৰ্ববংগীয় মূলৰ মুছলমান বনাম অখিল গগৈ

প্ৰকাশ: ২৭ জুন, ২০১৮ | অন্তিম সম্পাদনা: ২৭ জুন, ২০১৮

পূৰ্ববংগীয় মূলৰ মুছলমানসকলে অখিল গগৈৰ প্ৰতি সদ্ভাৱ ৰখাটোত একাংশ অসমীয়াই শংকা প্ৰকাশ কৰাৰ কাৰণবোৰ অখিল গগৈয়ে এৰাই চলিলে নহ’ব৷ হিন্দু বিদেশীৰ উপৰি আধা কোটিমান মুছলমান বিদেশী অসমত আছে বুলি অসমীয়াৰ মনত পিৰপিৰাই আছে৷ কথাটো মাথোঁ ভিত্তিবৰ্ষৰ নহয়; কথাটো হ’ল ক্ৰমবৰ্দ্ধমান পূৰ্ববংগীয়মূলৰ মুছলমানৰ সংখ্যাবৃদ্ধিত খিলঞ্জীয়া লোকে (খিলঞ্জীয়া কোন, সেয়া বিতৰ্কিত বিষয় বুলি বুলি বহুতে ক’ব খোজে ) অস্তিত্ব হেৰুওৱাৰ শংকা৷ এয়া অকল মনস্তাত্বিক প্ৰশ্নই নহয়, সামাজিক আৰু ৰাজনৈতিক প্ৰশ্নও৷

যোৱা লোকপিয়লত অসমৰ দুখনমান জিলাত বাংলাভাষী মুছলমান লোকৰ সংখ্যা বৃদ্ধিৰ তথ্য পোৱা গৈছে৷ এয়া এক স্পৰ্শকাতৰ প্ৰশ্ন৷ কাৰণ বিগত লোকপিয়লত পূৰ্ববংগীয় মুছলমানে মাতৃভাষা হিচাপে ‘বাংলা’ লিখিব লাগে বুলি একাংশ মুছলমান ৰাজনৈতিক নেতাই প্ৰচাৰ কৰিছিল৷ আমি তেতিয়াই ইয়াৰ সমালোচনা কৰিছিলো৷ আজি এই ইছ্যুটোক লৈ হিন্দুত্ববাদী শক্তিয়ে উদ্দেশ্যপূৰ্ণভাৱে ৰাজনৈতিক প্ৰচাৰ চলাইছে যে হিন্দু বাংলাদেশী নহয়, অসমীয়াৰ ভাষিক অস্তিত্বৰ প্ৰতি ভাবুকি এইসকল পূৰ্ববংগীয় মুছলমানহে৷

| আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক: অসমীয়াই কিয় বিৰোধিতা কৰা উচিত

নামনি অসমৰ মুছলমান অধ্যুষিত অঞ্চলবোৰত অখিল গগৈৰ আন্দোলনৰ অগ্ৰগতি হোৱাৰ লগে লগে বিভাজনকামী মুছলমান নেতৃত্বই খোপনি হেৰুৱাব৷ অসমীয়াৰ বাবে এয়া ইতিবাচক৷ কিন্তু তাৰ লগে লগে খিলঞ্জীয়া অসমীয়াৰ পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ প্ৰশ্নবোৰৰ স্পষ্ট উত্তৰেহে অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰূপণ কৰিব৷

আৰু পঢ়ক:  বাওঁপন্থী জুবিন গাৰ্গ আৰু সোঁপন্থীৰ আচৰণ

| আৰু পঢ়ক: নাগৰিকত্ব (সংশােধনী) বিধেয়ক ২০১৬ সন্দৰ্ভত অসম বিজ্ঞান সমিতিৰ অভিমত

হিন্দুত্ববাদৰ উত্থানৰ ফলত অসমীয়াৰ অস্তিত্বৰ সংকট নামি অহাৰ সময়ত শেহতীয়া যি জাতীয়তাবাদৰ পুনৰোত্থান দেখা গৈছে, তাৰ ধাৰাবাহিকতা ৰাখিবলৈ হ’লে আৰু অসমীয়াৰ জাতীয় নেতা হিচাপে অখিল গগৈয়ে সফলতাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ’লে এইবোৰ দিশ পুংখানুপুংখ আৰু বিশ্বাসযোগ্যতাৰে উপস্থাপন কৰিবই লাগিব ৷

Featured Image courtesy: Akhil Gogoi/Facebook

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts