একলব্য সাধনা

একলব্য সাধনা
  • 11 Apr, 2021

“অ’ আমাৰ ৰাজৰাণীয়ে হ’বলা মনে মনেটি ভি চাই আছেহি, ইপিনে য’ৰ কাম ত’তে পৰি আছে। মাজনীৰ কাপোৰখিনি ধূলি জানো? পাকঘৰৰ বাচনখিনিও দেখোন বেছিনতে আছে, যা যা তই ভিতৰলৈ যা, কাম কৰগৈ।”

পৰ্দাৰ ফাঁকেৰে একান্তমনে টিভি চেনেলৰ ‘বসন্ত উৎসৱ’ৰ বিহু নাচ চাই থকা পাপৰিক দেখি মিছেচ অঞ্জনা চলিহাই কৈ উঠিল। মালিকনীৰ ধমকি খাই সেমেনা-সেমেনি কৰি পাপৰি আঁতৰি গ’ল।

সৰুৰে পৰা বিহু নাচি, বিহু গাই ভাল পাইছিল পাপৰিয়ে। কিছু জনা হোৱাৰ পৰা চাদৰ-মেখেলা পিন্ধাই দিবলৈ মাকক কম কুটুৰিছিলনে! নিজৰ ঘৰত টেপ ৰেকৰ্ডাৰ নাছিল যদিও সিহঁতৰ কাষৰ ঘৰত বিহুগীত বাজিলেই ভিতৰতে কঁকাল ঘূৰাই ঘূৰাই নাচিছিল। ব’হাগৰ বিহুত লগৰ সমনীয়াৰ লগত বাঁহৰ টকাটো লৈ আমুল স্প্ৰেৰ টেমাৰ ঢোলৰ চেৱে চেৱে গাঁৱৰ ঘৰে ঘৰে পুৱাৰ পৰা আন্ধাৰ হোৱালৈকে বিহু মাৰিছিল। গাত কাপোৰ লোৱাৰ পৰা মাকে যাবলৈ নিদিয়া হ’ল। এতিয়াও ঢোল-পেঁপাৰ মাত শুনিলে তাইৰ গা সাতখন-আঠখন কৰে।

মাজনী অৰ্থাৎ মিছেচ অঞ্জনা চলিহাৰ কন্যা,— এঞ্জেলিনা, পাপৰিতকৈ দুবছৰ-এবছৰ ডাঙৰ হ’লও সৰু নহয়। তথাপি তাইৰ সকলো কাম সময়মতে পাপৰিয়ে কৰিব লাগে। পানী এগিলাচো নিজে লৈ নাখায়। চ’ত সোমোৱাৰ পৰা গাঁৱৰ ডেকা কেইজনমান আহে মাজনীক বিহু শিকাবলৈ। এইবাৰ তাই বিহু প্ৰতিযোগিতাত বিহু নাচিব। পাপৰিৰো বিহু নাচিবলৈ মন যায়। সুবিধা পালেই তাই মাজনীক শিকোৱা মনে মনে চাই থাকে। যোজনা, জাতনাম, যোৰানাম, নাচৰ চেওবোৰ তাইৰহে বেছিকৈ মনত ৰয়। একেখিনি বিহুনাম, নাচৰ চেও সদায় শিকাই যদিও মাজনীয়ে বাৰে বাৰে ভুল কৰে। কঁকাল নাভাগেই। টাইট জিনচ পেণ্ট আৰু পাতল টপ পিন্ধি তাইক নচা দেখিলে বিহুৱেই নাচিছেনে হিন্দী চিনেমাৰ নাচেই নাচিছে ধৰিবলৈ টান। তাই ভুল কৰা দেখিলে পাপৰিৰ নিজৰেই নাচোঁ নাচোঁ লাগি যায়। কেতিয়াবা সুবিধা পালে কাষৰ ৰূমলৈ গৈ তাই মনে মনে নাচিও থাকে।

অঞ্জনা চলিহাৰ ঘৰৰ বনকৰা ছোৱালী পাপৰি। ব্ৰহ্মপুত্ৰৰ পাৰৰ চিনাতলি গাঁৱত সিহঁতৰ ঘৰ আছিল। পিছে এতিয়া সিহঁতৰ গাঁওখন নাই, নৈয়ে খহালে। মানুহবোৰ চেদেলি-ভেদেলি হৈ যেয়ে য’তে পাই মূৰ গুজিলে। পাপৰিহঁতৰ পৰিয়ালটোৱে এতিয়াও বৰনৈৰ মথাউৰিতে সৰুকৈ ঘৰ বান্ধি আছে। বাপেকে দিন হাজিৰা কৰে, মাকে মাটিৰ মলা-কলহ সাজে। এমাডিমা চাৰিটা ল’ৰা-ছোৱালীৰ ভিতৰত পাপৰি ডাঙৰ। চাৰিওটা ল’ৰা-ছোৱালীক পোহপাল দিবলৈ অপাৰগ বাপেকে পাপৰিক ক্লাছ এইটতে স্কুল এৰুৱাই চহৰত থকা দূৰ সম্বন্ধীয় অঞ্জনা চলিহাৰ ঘৰত বনকৰা ছোৱালী হিচাপে ৰাখিছে। চলিহানীয়ে পোনতে তাইক পঢ়ুওৱাৰ দায়িত্ব ল’ব বুলি কথা দিছিল যদিও পাপৰিয়ে পঢ়িবলৈ ইচ্ছা নকৰিলে। কাৰণ, ভাত ৰন্ধা, কাপোৰ ধোৱা, ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি ৰখা, মাজনীৰ প্ৰতিটো কাম— অন্তৰ্বাস ধোৱাৰ পৰা মূৰ ফণিয়াই দিয়ালৈকে সকলো কাম কৰি স্কুললৈ যোৱা তাইৰ পক্ষে সম্ভৱ নহয়। অঞ্জনা চলিহাৰ এজনীয়েই ছোৱালী, তাইৰ ওপৰতে তেওঁৰ সমস্ত আশা-ভৰষা। নিজে একো হ’ব নোৱাৰিলে, পঢ়া-শুনাৰ নামত উচ্চতৰ মাধ্যমিকতে সামৰণি মাৰি নিজৰ ৰূপ-লাবন্যৰ জহতে এতিয়া প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ প্ৰাঞ্জল চলিহাৰ পত্নী। প্ৰাঞ্জল চলিহাৰ সাহিত্য, সংস্কৃতি, খেলা-ধূলাৰ লগত সম্পৰ্ক নাই। টেণ্ডাৰ, ৱৰ্ক অৰ্ডাৰ, মিস্ত্ৰী-মহৰী-বনুৱাৰ মাজতে তেওঁৰ জগতখন সীমাবদ্ধ। চৰকাৰী ঠিকা লৈ মন্ত্ৰী, আমোলা, এচ ডি অ’, ইঞ্জিনীয়াৰক মেনেজ কৰি কেনেকৈ ধনৰ পাহাৰ গঢ়িব পাৰি তাতেই ব্যস্ত থকা মানুহ। ঘৰৰ লগত সম্পৰ্ক কম, আনকি পত্নীকো নিচেই কম সময়হে দিব পাৰে। ঘৰৰ বাহিৰত কামকৰা মানুহৰ অভাৱ নাই, কিন্তু ভিতৰত পাপৰিয়ে অকলেই সকলো চম্ভালিব লাগে। অঞ্জনা চলিহা আকৌ নিজক লৈয়ে ব্যস্ত। নিজৰ শৰীৰত বয়সৰ চাপ নপৰিবলৈ, দেহৰ সৌন্দৰ্য-সূষমা অটুট ৰাখিবলৈ জিমলৈ যোৱা, বিউটি পাৰ্লাৰলৈ যোৱা, ফেচবুকত নিজৰ ধুনীয়া ধুনীয়া ছবি আপলোড কৰা আদিতে নিজকে ব্যস্ত ৰাখে। নিজৰ অপূৰ্ণতাখিনি, সপোনখিনি জীয়েক মাজনী ওৰফে এঞ্জেলিনাৰ যোগেদি সাকাৰ কৰিব বিচাৰে চলিহানীয়ে। নাচ-গান, চুইমিং, মডেলিং, আৰ্ট, পঢ়া-শুনা— সকলোতে জীয়েক আগবাঢ়িব লাগিব। সেয়েহে এঞ্জেলিনাৰ মন থাকক নাথাকক, মাকৰ ইচ্ছা অনুসৰি সকলো দিশতে আগবঢ়াই দিছে। এইবাৰ ব’হাগৰ বিহু প্ৰতিযোগিতাবিলাকত জীয়েকক নচুৱাবৰ বাবে এমাহৰ আগৰ পৰা প্ৰস্তুতি চলাইছে। শকত অংকৰ ধন দিয়াৰ চুক্তিৰে দূৰণিৰ গাঁৱৰ এটা বিহু দলক বন্দৱস্ত কৰা হৈছে। সপ্তাহত তিনিদিন আবেলি আবেলি বিহুৰ আখৰা চলে। অঞ্জনাৰ নিজৰ গাড়ীৰে সেইকেইদিন ল’ৰাখিনিক অনা-নিয়া কৰে।

এদিন অঞ্জনা ঘৰত নাছিল। আনহাতে এঞ্জেলিনাৰো সেইদিনা বিহু নাচিবলৈ মন যোৱা নাছিল। ইপিনে বিহুৱা ল’ৰাখিনিও নিদিষ্ট সময়ত আহি পালেহি। মন নাছিল যদিও মাজনী আখৰা কৰিবলৈ সাজু হ’ল। পিছে আখৰাত মন বহুৱাব নোৱৰাৰ বাবে বাৰে বাৰে তাই পেঁপাৰ চেওটোত ভুল কৰিছিল। পাপৰিয়ে ৰ’ব নোৱাৰি এবাৰ নিজেই উঠি গৈ পেঁপাৰ চেৱত নাচিবলৈ ধৰিলে। পাপৰিৰ নাচ দেখি সকলো অবাক হ’ল। কি নিখুঁত ভঙ্গীমা আৰু পদচালনা! সুন্দৰকৈ কঁকাল ভাঙি, বতাহত বিৰিণাই হালি-জালি থকাৰ দৰে আলাসতে নচা দেখি সকলোৱে বৰ ভাল পালে। সকলোৱে পাপৰিক প্ৰথমৰ পৰা নাচিবলৈ জোৰ কৰিলে। পাপৰিয়ে প্ৰথমে নাচিব খোজা নাছিল, কাৰণ তাই নচাৰ কথা কেনেবাকৈ অঞ্জনা চলিহাই জানিবলৈ পালে তাইক বৰ ভাল ব্যৱহাৰ নকৰিব। মাজনীয়ে কিন্তু ভালেই পালে, কাৰণ এনেয়ো তাইৰ নাচিবলৈ আলপো মন যোৱা নাছিল। সেয়েহে তায়ো পাপৰিক নাচিবলৈ ক’লে। সকলোৰে অনুৰোধ পেলাব নোৱাৰি পাপৰি নাচিবলৈ সন্মত হ’ল। পাপৰিয়ে ঘৰত ফ্ৰক পিন্ধি থাকে, ফ্ৰক পিন্ধি নাচিবলৈ অসুবিধা হ’ব বুলি তাই ভিতৰলৈ গৈ মেখেলা-চাদৰ এযোৰ পিন্ধি আহিল আৰু নাচিবলৈ সাজু হ’ল। মেখেলা-চাদৰ পিন্ধি খোপাটো বান্ধি লোৱাত তাইক একেবাৰে বিহুৱতী গাভৰু যেন লাগিল। আচলতে পাপৰিৰ শৰীৰৰ গঠন, চেহেৰা একেবাৰে গাঁৱলীয়া বিহুৱতী গাভৰুৰ দৰে। মাজনী পাপৰিতকৈ বগা, লাহী আৰু ধুনীয়া যদিও বিহুৱতী বুলিলে যেনে হ’ব লাগে, ঠিক তেনে নালাগে। আধুনিক নৃত্য বা ক্লাছিকেল নৃত্যৰ লগতহে মাজনীৰ চেহেৰা খাপ খাই। পাপৰি মিঠা-বৰণীয়া আৰু শৰীৰ আটিল, মাজনীতকৈ সামান্য শকত।

পাপৰিৰ মাতটো ডাঙৰ আৰু সুৱলা, তাই যোজনা আৰম্ভ কৰাৰৰ লগে লগে ডেকা বিহুৱাখিনিৰ কিৰীলিয়ে ৰজনজনাই গ’ল। ঢুলীয়া, পেঁপুৱা সকলোৱে পাপৰিৰ লগত বিহু নাচি বৰ ভাল পালে। মাজনীয়ে নুশুনাকৈ কেউজনে আলোচনা কৰিলে— এয়াহে আচল বিহু নাচ, পাপৰিক নচুৱাব পাৰিলে বঁটা পোৱাটো খাটাং!

বিহু আহি পালেহি। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত সদৌ অসম ভিত্তিত বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। অঞ্জনা চলিহাৰ বান্ধৱী এগৰাকীয়ে এঞ্জেলিনাকো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবলৈ চলিহানীলৈ ফোন কৰিলে। পিছে প্ৰতিযোগিতাৰ নিয়ম অনুসৰি বৰ বিহুৱতী প্ৰতিযোগিতাত অংশ ল’বলৈ হ’লে প্ৰতিযোগীগৰাকী পূৰ্বে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা প্ৰতিযোগিতাত বিহুৱতীৰ সন্মান পোৱা হ’ব লাগিব অথবা প্ৰথমে বিহুৱতী প্ৰতিযোগিতাত অংশ লৈ স্থান পাবলৈ সক্ষম হ’লে লগে লগে বৰ বিহুৱতী প্ৰতিযোগিতাত অংশ ল’ব পাৰিব। এঞ্জেলিনাক সেয়েহে প্ৰথমে বিহুৱতী প্ৰতিযোগিতাত অংশ লবলৈ বান্ধৱীগৰাকীয়ে পৰামৰ্শ দিলে। এঞ্জেলিনাই আগতে অৱশ্যে নিম্ন শাখাত স্থানীয় বিহুতলীত বিহুৱতীৰ সন্মান পাইছিল, কিন্তু উচ্চ শাখাত এতিয়ালৈকে অংশ লোৱা নাই। অঞ্জনা চলিহাৰ বান্ধৱীৰ পৰামৰ্শ মতেই প্ৰতিযোগিতাত যোগদানৰ সিদ্ধান্ত হ’ল।

পাপৰিৰ নাচ দেখাৰ পৰা বৰ বিহুৱা ৰঞ্জিতৰ মন— তাইক ক’ৰবাত প্ৰতিযোগিতাত নচুৱাবলৈ। পিছে মিছেচ চলিহাৰ লগত হোৱা চুক্তি অনুসৰি বেলেগ কাৰোবাক তেওঁলোকৰ দলটোৱে একেখন প্ৰতিযোগিতাত নচুৱাব নোৱাৰে। ইপিনে পাপৰি মিছেচ চলিহাৰ ঘৰৰ কাম কৰা ছোৱালীহে, গতিকে তেখেতে কেতিয়াও অনুমতি নিদিয়ে যে সেয়া সকলোৱে জানে। গতিকে পাপৰিক পাৰিলে বেলেগ বিহুতলীত নচুৱাবলৈ ৰঞ্জিতে মনতে ভাবি ৰাখিলে।

প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা সৰু বিহুৱতী আৰু বিহুৱতী প্ৰতিযোগিতা আৰু পাছৰ দিনা ৰাতি বৰ বিহুৱতী প্ৰতিযোগিতা। অঞ্জনা চলিহাই বিহুদলসহ শিৱসাগৰলৈ যাত্ৰা কৰিলে। পাপৰিক কিন্তু লগত নিনিলে। তাইক তাইৰ মোমায়েকৰ ঘৰত থৈ গ’ল। পাপৰিৰ মোমায়েকৰ ঘৰ গৌৰীসাগৰত। পাপৰিৰ বিহু চাবৰ বাবে যাবলৈ মন আছিল যদিও লগত যাবলৈ নাপাই মনত বৰ দুখ পালে। তাই মোমায়েকক খাটনি ধৰিলে বিহু প্ৰতিযোগিতা চাবলৈ লগ ধৰি। মোমায়েকেও উপাই নাপাই তাইক লৈ গ’ল।

মাজনীক নচুৱাৰ পাছত চলিহানী যাবলৈ ওলাল। ৰঞ্জিতহ’তে একেবাৰে ৰিজাল্ট লৈহে যাব বুলি জানিবলৈ দিয়াত চলিহানীয়ে বিহুদলটোক এৰি বান্ধৱীৰ ঘৰলৈ গুচি গ’ল।

পাপৰি আৰু মোমায়েক বিহুতলীত উপস্থিত হৈ খবৰ কৰি গম পালে যে ইতিমধ্যে মাজনীয়ে নাচি গ’ল। মোমায়েকৰ লগত বিহু চাই থাকোঁতেই ৰঞ্জিতে পাপৰিক দেখা পাই তাইক লগ কৰিলে আৰু মোমায়েকৰ লগত আলোচনা কৰি পাপৰিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ জোৰ কৰিলে, কাৰণ ৰঞ্জিতৰ মতে, এতিয়ালৈকে যিখিনি ছোৱালীয়ে নাচি গ’ল, সেইখিনিৰ তুলনাত পাপৰিয়ে বহুত ভাল নাচে। ৰঞ্জিতৰ প্ৰস্তাৱত পাপৰি বৰ অপ্ৰস্তুত হ’ল। ৰঞ্জিতক তাই গুৰুৰ দৰে সন্মান কৰে, মনে মনে তাই ৰঞ্জিতক গুৰু হিচাপে লৈছেও। এতিয়া গুৰুৰ কথা পেলাবও নোৱাৰে, ইপিনে তাইৰ কাপোৰ, আ-অলংকাৰো লগত নাই। তাই বিহু চাবলৈহে আহিছিল। কথাতো ৰঞ্জিতক জনোৱাত তেওঁ ক’লে— “সকলো যোগাৰ হৈ যাব। তুমি সাজু হোৱা। ওচৰতে মোৰ বাইদেউৰ ঘৰ। আমি এতিয়া তালৈকে যাম। বাইদেউৰ ওচৰতে কাপোৰ, গহনা-গাথৰি সকলো পাম। তাতে দুবাৰমান আখৰাও কৰি ল’ম। তুমি একো চিন্তা নকৰিবা।”

ৰঞ্জিতে নিজেই যোগদানৰ মাচুল দি পাপৰিৰ নামটো প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰি দিলে। একেবাৰে শেষত যোগ দিয়াৰ বাবে পাপৰিয়েই সেই দিনাৰ অন্তিম প্ৰতিযোগী হ’ল।

পাপৰিৰ ভয় লাগিল, তাই এনেদৰে হঠাতে বিহু নচাৰ কথাতো মিছেছ চলিহাইবা কেনে ধৰণে লয়! তাই ৰঞ্জিতক কথাটো কোৱাত তেওঁ তাইক অভয় দি ক’লে— “মই বাইদেউক মেনেজ কৰিম, তুমি সেইবোৰ চিন্তা এতিয়া মনলৈ নানিবা। তোমাৰ প্ৰতিভাক এনেদৰে মৰহি যাবলৈ দিব নোৱাৰোঁ। আমি শিল্পী, শিল্পীয়ে শিল্পীক আগবঢ়াই নিয়াটো কৰ্তব্য। তোমাক নচুওৱাৰ কাৰণে আমাক আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰে যদি কৰিবলৈ দিয়া।”

মোমায়েকেও তাইক অভয় দিলে— “তোক নচাৰ বাবে যদি তেওঁলোকে কিবা কয়, মই তাৰ উত্তৰ দিম। হয়তো তোক আৰু তেখেতসকলৰ ঘৰলৈ নপঠিয়াবও পাৰোঁ। মই পূৰ্বতেও তোক তেনেকৈ লোকৰ ঘৰলৈ পঠাবলৈ মানা কৰিছিলো। তেওঁলোকে তোক পঢ়ুওৱাৰ দায়িত্ব ল’ব বুলি কোৱাতহে মই মান্তি হৈছিলোঁ।”

সকলোৰে পৰা অভয় পাই পাপৰিয়ে মনত সাহস পালে আৰু দুবাৰমান আখৰা কৰি নাচিবলৈ সাজু হ’ল।

আশা কৰা মতেই পাপৰি শ্ৰেষ্ঠ বিহুৱতী হৈ বৰ বিহুৱতী প্ৰতিযোগিতাত যোগ দানৰ সুযোগ পালে। আনহাতে মাজনী স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

পিছদিনা মিছেছ অঞ্জনা চলিহাই যেতিয়া সকলো গম পালে, খঙত ক’ব নোৱৰা হ’ল। এইবোৰ সকলো ৰঞ্জিতৰেই চক্ৰান্ত বুলি দলটোৰ লগত সকলো চুক্তি বাতিল কৰি ঘৰলৈ উভতি গ’ল, লগতে পাপৰিক তেওঁলোকৰ ঘৰলৈ পুনৰ নাযাবলৈ সকীয়াই দিলে।

পাপৰিয়ে কথাবোৰ গমপোৱাৰ পাছত কান্দি থকা দেখি ৰঞ্জিত আৰু মোমায়েকে তাইক বুজাই-বঢ়াই শান্ত কৰিলে। ৰঞ্জিতৰ বায়েকৰ ঘৰতে পাপৰিক থৈ মোমায়েক পুনৰ সন্ধিয়া আহিব বুলি ঘৰলৈ উভতি গ’ল।

পাপৰিয়ে বৰ বিহুৱতী প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত বিহুৱা দলটোৰ উৎসাহৰ পাৰ ভাঙো যেন হ’ল। সকলোৱে পৰৱৰ্তী প্ৰতিযোগিতা অৰ্থাৎ বৰ বিহুৱতী প্ৰতিযোগিতাত নিজৰ নিজৰ শ্ৰেষ্ঠতাখিনি উজাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে।

বৰ বিহুৱতী প্ৰতিযোগিতালৈ অসমৰ বিভিন্ন ঠাইৰ বছা বছা নাচনী আহিছে। তাৰ ভিতৰত কেইবাগৰাকীয়ে ইতিমধ্যে কোনো কোনো ঠাইত বৰ বিহুৱতীৰ খিতাপ পাবলৈ সক্ষমো হৈছে। পাপৰি এইবাৰেই প্ৰথম প্ৰতিযোগিতাত নামিব। ৰঞ্জিতে তাইক সাহস দি ক’লে— “তুমি বেলেগ একো কৰিব নালাগে, স্বাভাৱিকভাৱেই নাচি যাবা। বিচাৰকৰ সন্মুখত নাচি আছা বুলি মনলৈ নানিবা। নাচি থকাৰ মুহূৰ্তত কেৱল ঢুলীয়া, পেঁপুৱা আৰু লগৰীয়াসকলহে আছে বুলি মনতে ভাবি ল’বা, দৰ্শক-বিচাৰক সন্মুখত আছে বুলি ভাবি নল’বা।”

সকলোৰে পৰা উৎসাহ, অনুপ্ৰেৰণা, সাহস আৰু আশীৰ্বাদ লৈ পাপৰি মঞ্চত উঠিল আৰু ৰঞ্জিত আৰু বিহুৱা দলটোৱে আশা কৰা মতেই বৰ বিহুৱতীৰ স্বীকৃতি পালে।

❧। আৰু পঢ়ক: ড° জয়শ্ৰী গোস্বামী মহন্তৰ গল্প ‘তৰগ ৰস ৰস ইন্দু’

পুৰস্কাৰ গ্ৰহণ কৰাৰ মুহূৰ্তত পাপৰিৰ চকুৰ পৰা চকুলো নিগৰি আহিল। এয়া সপোন নে দিঠক ধৰিবই পৰা নাই তাই। মঞ্চৰ পৰা নামি গৈ পাপৰিয়ে ৰঞ্জিতৰ ভৰি দুটাত সাবটি ধৰি ক’লে— “আপুনি মোক ক’ৰ পৰা ক’লৈ লৈ আহিলে, মোৰ নিজৰেই বিশ্বাস হোৱা নাই!”

ৰঞ্জিতে পাপৰিক সেৱা কৰাৰ পৰা উঠাই দি কপালত এটা চুমা আঁকি দিলে আৰু ক’লে— “এয়া তোমাৰ প্ৰাপ্য। একলব্যৰ দৰে তুমি যি সাধনা কৰিলা, সেই সাধনাৰ তুমি ফল পালা। তুমি আৰু আগবাঢ়ি যাব লাগিব। এয়া আৰম্ভণি।”

একলব্য সাধনা | যাদৱ হাজৰিকা

Follow Nilacharai on Facebook

আৰু পঢ়িব পাৰে: