ব্যৰ্থ প্ৰেম

ব্যৰ্থ প্ৰেম
  • 11 Mar, 2022

ব্যৰ্থ প্ৰেম
মূল (বাংলা): সুনীল গঙ্গোপাধ্যায়
অনুবাদ: তপোবন মিশ্ৰ

প্ৰতি ব্যৰ্থ প্ৰেমেই মোক নতুন অহংকাৰ দিয়ে
মানুহ হিচাপে মই অকণমান ওখ হৈ উঠোঁ
দুখ মোৰ চুলিৰ পৰা ভৰিৰ আঙুলিলৈকে
বিয়পি যায়
সকলো মানুহৰ পৰা মই বেলেগ হৈ এক
অচিনাকি ৰাস্তাৰে লাহে লাহে
বাট বুলি যাওঁ
সফল মানুহবোৰৰ ‘আৰু-লাগে’ মুখ মোৰ সহ্য নহয়
মই বাটৰ কুকুৰক বিস্কুট কিনি দিওঁ
ৰিক্সাৱালাক দিওঁ চিগাৰেট
অন্ধ মানুহৰ উকা লাখুটি মোৰ ভৰিৰ কাষত
খহি পৰে
মোৰ দুহাতত সীমাহীন দয়া, মোক কোনোবাই
ঘূৰাই দিছে বুলি গোটেই ব্ৰহ্মাণ্ডখনকে
বৰ আপোন যেন লাগে
ধুই থোৱা পেণ্ট ছাৰ্ট পিন্ধি মই ঘৰৰ পৰা ওলাওঁ
মোৰ সদ্য দাড়ি খুৰুওৱা কোমল মুখখনক
মই নিজেই আদৰ কৰোঁ
খুব সংগোপনে
মই এজন বৰ পৰিচ্ছন্ন মানুহ
মোৰ গোটেই গাৰ ক’তো
অকণো মলি নাই
অহংকাৰৰ প্ৰতিভা জ্যোতিৰ্বলয় হৈ থাকে মোৰ
মূৰৰ পিছফালে
অন্য কোনোবাই দেখক বা নেদেখক
মই ঠিকেই গম পাওঁ
অভিমানে মোৰ ওঁঠলৈ আনে স্মিত হাঁহি
মই এনেকৈ খোজ পেলাওঁ যাতে মাটিৰ বুকুতো
আঘাত নালাগে
মোৰতো কাৰোকে দুখ দিয়াৰ কথা নাই।

📚 | আৰু পঢ়ক: সুনীল গঙ্গোপাধ্যায়ৰ কবিতা: ভালপাওঁ, ভালপাওঁ 💕

সুনীল গঙ্গোপাধ্যায়

সুনীল গঙ্গোপাধ্যায়

প্ৰসিদ্ধ আৰু জনপ্ৰিয় বাঙালী কবি, গল্পকাৰ, ঔপন্যাসিক সুনীল গঙ্গোপাধ্যায়ৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৭ ছেপ্তেম্বৰ তাৰিখে তদানীন্তন বৃটিছ ভাৰতৰ মাদাৰীপুৰ জিলাৰ মাইজপাড়া গাঁৱত (বৰ্তমানৰ ঢাকা, বাংলাদেশ)। পৰৱৰ্তী সময়ত কলকাতাত বসবাস কৰিবলৈ লোৱা সুনীল গঙ্গোপাধ্যায়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সাং কৰে। ১৯৫৮ চনত তেখেতৰ প্ৰথম কাব্য সংকলন ‘একা এবং কয়েকজন’ আৰু ১৯৬৬ চনত প্ৰথম উপন্যাস ‘আত্মপ্ৰকাশ’ প্ৰকাশ পায়।

সুনীল গঙ্গোপাধ্যায়ৰ প্ৰসিদ্ধ গ্ৰন্থসমূহৰ ভিতৰত আছে— আমি কী ৰকম ভাবে বেঁচে আছি, হঠাৎ নীৰাৰ জন্য, শ্যামবাজাৰেৰ মোড়েৰ আড্ডা, অৰ্ধেক জীবন, পূৰ্ব পশ্চিম, অৰণ্যেৰ দিনৰাত্ৰি, প্ৰথম আলো, সেই সময় আদি। সুনীল গঙ্গোপাধ্যায়ে নীললোহিত, সনাতন পাঠক, নীল উপাধ্যায় ছদ্মনাম ব্যৱহাৰ কৰিও অনেক সাহিত্য ৰচনা কৰিছিল। তেখেতৰ কেইবাটিও সাহিত্যকৃতিক অৱলম্বন কৰি চলচ্চিত্ৰ নিৰ্মাণ হৈছিল। তাৰ ভিতৰত সত্যজিৎ ৰায় পৰিচালিত অৰণ্যেৰ দিনৰাত্ৰি আৰু প্ৰতিদ্বন্দ্বী উল্লেখনীয়।
১৯৭২ আৰু ১৯৮৯ চনত সুনীল গঙ্গোপাধ্যায়ে আনন্দ পুৰস্কাৰ আৰু ১৯৮৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

২০১২ চনৰ ২৩ অক্টোবৰত সুনীল গঙ্গোপাধ্যায়ৰ কলকাতাত মৃত্যু হয়। মৃত্যুৰ সময়লৈকে তেখেতে ভাৰতৰ সাহিত্য অকাডেমি আৰু পশ্চিমবংগ শিশু-কিশোৰ অকাডেমিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

📚 | আৰু পঢ়ক:

ব্যৰ্থ প্ৰেম | কবিতা | সুনীল গঙ্গোপাধ্যায়
Follow Nilacharai on Instagsram