জ্যোতিপ্ৰসাদৰ জোনাকী চিনেমাৰ দুৰৱস্থা

জ্যোতিপ্ৰসাদৰ জোনাকী চিনেমাৰ দুৰৱস্থা
  • 16 Jun, 2018

সমৰ সাংস্কৃতিক ৰাজধানী তেজপুৰৰ জোনাকী চিনেমা অসমৰ প্ৰথম চিনেমা গৃহ। ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই এক বিশেষ পৰিস্থিতিত ১৯৩৭ চনত এই চিনেমা হলটো স্থাপন কৰিছিল। ৰূপকোঁৱৰে ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নির্মাণ কৰাৰ পাছত চিনেমাখন প্রদর্শনৰ বাবে অসমত কোনো চিনেমা হল নাছিল। চিনেমা হলৰ অভাৱত ৰাজহুৱা প্রেক্ষাগৃহ, নাট্য মন্দিৰ, বিদ্যালয়, গুদাম ঘৰ আদিতে ‘জয়মতী’ প্রদর্শন কৰিবলগীয়া হৈছিল।

হলৰ অভাৱত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ১৯৩৫ চনৰ ২০ মার্চত চলিচ্চত্ৰখনে মুক্তি লাভ কৰিছিল। ইয়াৰ দহদিন পূর্বে, ১০ মার্চত কলিকতাৰ ৰাওনাক নামৰ চিনেমা হলত ‘জয়মতী’ চলচ্চিত্ৰৰ প্রিমিয়াৰ দর্শনী অনুষ্ঠিত হৈছিল। অসমত চিনেমা হলৰ অভাৱৰ প্রতি লক্ষ্য ৰাখি আজিৰ পৰা ৮১ বছৰ পূর্বে অসমীয়া চিনেমাৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰত ১৯৩৭ চনত জোনাকী চিনেমা স্থাপন কৰি ইতিহাস ৰচনা কৰিছিল।

Image

নিৰ্মীয়মান জোনাকী চিনেমা | Courtesy: Vintage Assam

ঐতিহ্যমণ্ডিত এই জোনাকী চিনেমাৰ লগত মোৰ এক নষ্টালজিক সম্পর্ক আছে। ১৯৪৮ চনৰ পৰা ১৯৬৩ চনলৈ হাইস্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত পঢ়া সময়ছোৱাত প্রায় প্রতিটো গ্রীষ্মবন্ধ আৰু পূজাবন্ধত তেজপুৰৰ ভিনদেউ-বাইদেউৰ ঘৰত কটাইছিলো। সেইখিনি সময়ত এই চিনেমা হলটোত বাইদেউ-ভিনদেউ অথবা ভাগিনকেইটাৰ লগত অসংখ্য চিনেমা চোৱাৰ কথা আজিও মনত আছে।

বিশিষ্ট লেখিকা বাইদেউ চাৰু দেৱী (২০০২) আৰু জনপ্রিয় নাট্যকাৰ, অভিনেতা ভিনদেউ গোপাল শর্মা (১৯৯১) ঢুকোৱাৰ পাছত তেজপুৰলৈ যোৱাটো প্রায় বন্ধ হয়। ভাগিনী দুজনী বৈবাহিক সূত্রে গুৱাহাটীৰ বাসিন্দা হ’ল। ভাগিন নাট্যকাৰ, অভিনেতা ডাঃ দীনেশ শর্মাও সপৰিয়ালে গুৱাহাটীত থাকে। তেজপুৰৰ ঘৰটো ভাড়া দি থৈছে। ১৯৫৭ চনৰ অক্টোবৰত বি এ পঢ়ি থাকোঁতে চিনেমা এখন চোৱাৰ পাছত এতিয়ালৈ জোনাকী হলত চিনেমা চোৱাৰ সুযোগ ঘটা নাছিল।

যোৱা বছৰৰ জুলাই মাহত গুৱাহাটীৰ পৰা গৈ কলিয়াবৰত মোৰ ডাঙৰ ল’ৰা পংকজৰ চৰকাৰী বাসভৱনত আছোঁ। গৰমৰ বন্ধত দুই নাতি আৰু বোৱাৰীও আছে। এখন ভৰা ঘৰ। মোৰ উপস্থিতত দুই নাতিৰ স্ফূৰ্তিৰ সীমা নাই। প্রথম দিনাই শিলঘাটৰ সমবায় মৰাপাট কলটো চালো। চাই ভাল লাগিল। অসমত সমবায় খণ্ডত সফলভাৱে চলি থকা এইটো বোধহয় একমাত্র ঔদ্যোগিক প্রতিষ্ঠান। দেওবাৰে দুপৰীয়ালৈ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ ওপৰত থকা কামাখ্যা মন্দিৰ আৰু তাৰ পৰা গৈ হাতীমূৰাৰ দুৰ্গা আৰু শিৱ মন্দিৰ দৰ্শন কৰিলো।

এই ঠাইবোৰলৈ আগেয়ে যোৱা নাছিলো। গৈ অভিভূত হৈছিলো। কলিয়াবৰ অঞ্চলত চাবলগীয়া ঠাই আৰু আছে যদিও সময়ৰ অভাৱত যাব নোৱাৰিলো। কাজিৰঙাক বাদ দিও কলিয়াবৰ অঞ্চলৰ এই ঠাইবোৰ উপযুক্ত ব্যৱস্থাৰ জৰিয়তে পর্যটকৰ আকর্ষণ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা আছে।

দুই নাতিৰ প্রস্তাৱ মর্মে আবেলি তেজপুৰৰ প্ৰগ্ৰেম। চিনেমাও চোৱা হ’ব। ল’ৰাই টেলিফোনত আগতীয়াকৈ জোনাকী হলত টিকটৰ ব্যৱস্থাও কৰিলে। সাধাৰণতে আমাৰ বয়সৰ লোকে চিনেমা হললৈ গৈ আজিকালিৰ মচলা মার্কা হিন্দী চিনেমা চাই বৰ ভাল নোপোৱাটোৱেই স্বাভাৱিক যদিও জোনাকী চিনেমা হলৰ নামটো শুনাৰ লগে লগে ৬০ বছৰৰ পাছত ঐতিহ্যমণ্ডিত এই চিনেমা হলটোত চিনেমা চোৱাৰ সুযোগ পাম বুলি মনটো ভালেই লাগিল। কলিয়াবৰৰ পৰা তেজপুৰলৈ যোৱা তেনেই উজু। কলিয়াভোমোৰা দলঙৰ আনটো পাৰত তেজপুৰ।

আবেলি প্রায় ৬ বজাত তেজপুৰত উপস্থিত হোৱাৰ লগে লগে নষ্টালজিক হৈ পৰিলো। প্রথমে বাৰহলীয়া লম্বোদৰ বৰা ৰোডত অভিনেতা, শিল্পী, সাংস্কৃতিক কর্মীৰে গিজগিজাই থকা বাইদেউহঁতৰ ঘৰটো তথা মোৰ বাবে অতি চিনাকি মহাভৈৰৱ, মহাভৈৰৱী মন্দিৰ, অগ্নিগড় পাহাৰ, কামৰূপীয়া সনাতন নামঘৰৰ দুর্গা পূজা, প’লো ফিল্ড, পার্ক, চহৰৰ ওচৰৰে ভিনদেউৰ কর্মস্থলী চেঁচা চাহ বাগিচা আদিৰ প্রায় পাঁচ দশকজোৰা স্মৃতিয়ে মন গধুৰ কৰি তুলিলে।

তিনি দশকৰো আগৰ স্মৃতি ৰোমন্থনেৰে বহু আশা কৰি গধূলি সাত বজাত জোনাকী চিনেমা হলত ওপৰ মহলাৰ আসনত বহিলোগৈ। খন্তেক পাছত ‘মুন্না মাইকেল’ নামৰ হিন্দী ছবি আৰম্ভ হ’ব। বহু আশা কৰি গৈছিলো যদিও জোনাকী হলত সোমায়ে কিন্তু মনটো বেয়া লাগি গ’ল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ স্মৃতি বিজড়িত অসমৰ ঐতিহাসিক জোনাকী চিনেমা হলটোৰ দুৰৱস্থা দেখি হতাশ হ’লো।

বাকীবোৰৰ কথা নকওঁ। আমি বহা চিনেমা হলটোৰ আটাইতকৈ দামী আসনবোৰো বহাৰ উপযুক্ত নহয়। আসনবোৰৰ ওপৰভাগ ফাটি-ছিটি উৱলি গৈছে। আসনৰ তলটোও অতি লেতেৰা। বোধহয় বহুদিন ধৰি চাফাই কৰা নাই। তলৰ আসনবোৰৰ অৱস্থা আৰু নিম্নস্তৰৰ। টয়লেটৰ অৱস্থা তথৈৱচ। জেনেৰেটৰৰ ব্যৱস্থা নিম্নমানৰ। প্রথম আধা ঘণ্টাৰ ভিতৰতে তিনিবাৰ বিজুলী যোগান ব্যাহত হয়। প্রতিবাৰতে জেনেৰেটৰেৰে বিজুলী যোগান ধৰাত যথেষ্ট বিলম্ব হৈছিল আৰু প্রতিবাৰতে তলত বহা দর্শকে আন্ধাৰত অতিষ্ঠ হৈ চিঞৰ-বাখৰ কৰিছিল। ময়ো অতিষ্ঠ হৈছিলো। অকলে হোৱা হ’লে আধাতে হলৰ পৰা ওলাই আহিলোহেঁতেন।

জোনাকী চিনেমা হলক অইন চিনেমা হলৰ দৰে কোনোবা ব্যক্তিগত মালিকৰ অধীনস্থ এটা চিনেমা হল ৰূপে গণ্য কৰিলে ভুল হ’ব। ৰূপকোঁৱৰ জ্যোতিপ্রসাদে স্থাপন কৰা অসমৰ প্রথম চিনেমা গৃহ জোনাকী চিনেমা অসমৰ এক জাতীয় সম্পদ। এই ক্ষেত্ৰত অসম চৰকাৰৰো বিশেষ দায়িত্ব আছে। কেইমাহমানৰ আগেয়ে এই ক্ষেত্ৰত চৰকাৰে কিবা কৰিব বুলি পোৱা বাতৰি এটা পঢ়ি ভাল লাগিল। আশা কৰোঁ, ঘোষণা মতে কামটো সোনকালে কৰিব। কলাপ্রেমী সংস্কৃতিৱান তেজপুৰীয়া ৰাইজৰ লগতে অসমৰ সচেতন ৰাইজে এই দিশত সহযোগ কৰিব।

Featured image courtesy: Jonaki Cinema archive/ MR Raja (Tezpur)

জ্যোতিপ্ৰসাদৰ জোনাকী চিনেমাৰ দুৰৱস্থা | প্ৰমোদ চন্দ্ৰ চক্ৰৱৰ্তী

Follow Nilacharai on Facebook