হিন্দুত্ববাদ

প্ৰকাশ: ৯ জানুৱাৰী, ২০১৯ | অন্তিম সম্পাদনা: ৮ জানুৱাৰী, ২০১৯

হিন্দুত্ব হয়তো হিন্দুসকলৰ পৰম পাথেয়৷ কিন্তু এজন হিন্দু হিচাপে মোৰ মুছলমান সহপাঠীসকল, খ্ৰীষ্টান বা বৌদ্ধ বন্ধুসকলৰ ক্ষেত্ৰত মোৰ ধাৰণা, মোৰ ভাবনা কেনে হোৱা উচিত? সহনশীল? উগ্ৰ? একেবাৰে চাব নোৱৰা? নে অন্য কিবা?

ককা পুৰোহিত আছিল৷ স্বাভাৱিকতে আমাৰ পৰিয়ালত ৰক্ষণশীলতাৰ প্ৰভাৱ আছিল৷ দেউতা শিক্ষক আছিল৷ বিজ্ঞানৰ শিক্ষক৷ ককাৰ দিনত নাজানো, দেউতাৰ দিনত কিন্তু আমাৰ ঘৰলৈ মুছলমান বেপাৰী ৰেহমত কা আহিছিল৷ তেওঁলোকে চাহ-জলপান খাইছিল যদিও বাচন কেতিয়াও তেওঁলোকক ধুবলৈ দিয়া হোৱা নাছিল৷ আমি সৰু আছিলো, কিন্তু মনটোৱে কথাবোৰ হয়তো আজিৰ দিনটোৰ বাবেই ধৰি ৰাখিছিল৷ ককাহঁত ভুল আছিল? দেউতাহঁত ভুল আছিল? ৰেহমত কাক ঘৰত সোমাবলৈ দিয়াটো ভুল আছিল? বহুতে ক’ব, এয়া হিন্দুত্ববাদৰ পৰিপন্থী৷ কথাবোৰ তেতিয়া স্পষ্ট নাছিল, এতিয়া স্পষ্ট৷

বিহুৰ দিনা গুৱাহাটীত চাকৰি কৰা খুৰাজনৰ ঘৰলৈ আহিবলৈ মনত নপৰিলেও ৰেহমত কাই কিন্তু পাহৰা নাছিল৷ ডিঙিত গামোচা নোলোৱাকৈ থকা তেওঁক আমি দেখা নাছিলো৷ গৰুৰ ব্যৱসায় কৰা ৰেহমত কাই দমৰা পোৱালি কিয় কিনা নাছিল, সেয়া আজিও নাজানিলো৷ পথাৰৰ পৰা চুৰি হোৱা আমাৰ গাইজনী ৪ কিলোমিটাৰ দূৰৰ পৰা উদ্ধাৰ কৰোঁতা কিন্তু ৰেহমত কাই আছিল৷ তেনে উদাহৰণ গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰত আজিও কম নে?

সিদিনা ৰেহমত কাক লগ পালোঁ৷ বয়স হৈছে, অথচ একেই আছে৷ একেই আছে গামোচাখনো৷ সুধিলো, “আজিকালি বিহুত নাহ যে?” তেওঁ যি ক’লে, সেয়াই চাগে আজিৰ হিন্দুত্ববাদ! ধৰ্মৰ ক্ষেত্ৰত বেলেগ হ’লেও ৰেহমত কা আমাৰ মাজৰে এজন৷ তেন্তে কিহৰ বাবে ৰেহমত কা আৰু আমাৰ মাজত ধৰ্মৰ দেৱাল? কিহৰ বাবে হিন্দুত্ব, কিহৰ বাবে ইছলাম?

হাইস্কুলত পঢ়ি থাকোঁতে মইনুলে বকুল গছত উঠি আগলি ডাল কাটি নিদিলে মণ্ডপৰ ডেক’ৰেশ্যন সম্পূৰ্ণ নোহোৱা আমাৰ সৰস্বতী পূজা৷ ক’তা, মইনুলক কেতিয়াও সৰস্বতী পূজাত অনুপস্থিত থকাতো দেখা নাছিলো! আজি আমাৰ বহুতে যি হিন্দুত্ববাদ বিচাৰে, সেই ‘বাদ’ মতে হয়তো মইনুল স্কুল চৌহদৰ ভিতৰতে প্ৰৱেশ-নিষিদ্ধ এজন ছাত্ৰ হ’লহেঁতেন৷ কিন্তু ধৰ্ম বাদ দিলে মইনুল কেতিয়াও আমাৰ পৰা বেলেগ নহ’লহেঁতেন৷ আজিকালি মইনুল আমাৰ ফালে কমকৈ আহে৷

উচ্চতৰ মাধ্যমিকত আব্দুছ ছামাদ আমাৰ চেৱাই খোৱাৰ উৎস আছিল৷ অতি দুখীয়া পৰিয়ালৰ আব্দুছৰ মাকে আমাৰ বাবেই কিমান যে কষ্ট কৰি চেৱাই কিনিছিল! পিছে হিন্দুত্ববাদৰ সপোন, হিন্দুত্ববাদৰ বতাহ আৰু পাৰিপাৰ্শ্বিকতাই সেই মৰম, ভালপোৱা, অকৃত্ৰিমতাবোৰ আঁতৰাই পেলাব নেকি? পাৰিবনে আঁতৰাব?

গুৱাহাটীত যিজনৰ আগত বাংলাদেশী মুছলমানক খোলাখুলিকৈ গালি দিছিলো, সেইজন মুছলমান আছিল৷ যাৰ পৰা কোৰাণৰ মত আৰু মুছলমানৰ কুসংস্কাৰবোৰ জানিছিলো, সেইজন মুছলমান আছিল৷ যিয়ে নিঃসংগ সময়ত কাষত থিয় দিছিল, সেইজন মুছলমান আছিল৷ কামাখ্যালৈ যাব নোখোজা মই নাস্তিকক জোৰ কৰি পূজা কৰোৱাইছিল; উমানন্দ, দৌলগোবিন্দ আৰু কলৈ কলৈ যে লৈ যোৱা নাছিল,- সেইজনো মুছলমানেই আছিল! তেনে এজন মুছলমানৰ সমাধিস্থলীলৈ যোৱাত আমাকচোন কোনেও বাধা দিয়া নাছিল৷ অৱশ্যে আজিকালিৰ কথা বেলেগ৷ মই তেওঁৰ ঘৰলৈ গ’লেই, তেওঁ মোৰ ঘৰলৈ আহিলেই এক সংকোচে আগভেটি ধৰে৷ ধৰ্মৰ পৰ্দা এয়া৷ এতিয়া সময় সলনি হ’ল৷ সলনি হ’ল সময়৷ কিন্তু এই সলনিয়ে সলনি কৰিব পাৰিবনে আমাৰ অতীত?

আৰু পঢ়ক:  পূৰ্ববংগীয় মূলৰ মুছলমান বনাম অখিল গগৈ

আজিও বুজি নাপাওঁ কি এই হিন্দুত্ববাদ। আমি সৰুৰে পৰা দেখি অহা একতাৰ এনাজৰীডাল নে আমি আজি কপালত লোৱা ৰঙা ফোঁটটো? সাংস্কৃতিক সহযোগিতাৰ মাজেৰে আনৰ ধৰ্মক সন্মান জনোৱাৰ মনোভাব নে মন্দিৰ-মচজিদৰ বাবে মতভেদবোৰ?

সহনশীলতা, ধৈৰ্য, আদৰ, যত্ন, ত্যাগ, সেৱা তেন্তে আজিৰ হিন্দুত্ববাদৰ বাদ পৰা অধ্যায় নেকি? কথাবোৰ হিন্দু, ইছলাম, খ্ৰীষ্টান সকলোৰে ক্ষেত্ৰত একেধৰণেই খাটে৷

আমাৰ ক্ষুদ্ৰ মগজুৰে যিখিনি ঢুকি পাওঁ, তাৰে পৰা কওঁ যে ধৰ্মৰ এক নিজস্ব পৰিসৰ থাকে৷ লঘোণত থকা মানুহৰ বাবে ধৰ্ম কেতিয়াও প্ৰাথমিকতা নহয়, হ’ব নোৱাৰে৷ পেটৰ ভোকে ধৰ্মৰ পক্ষত বা বিপক্ষত বুলি কোনো বাচ-বিচাৰ নকৰে৷ সেয়েহে ধৰ্মই সদায় নিম্নবিত্তৰ পৰিসৰৰ বাহিৰতহে প্ৰভাৱ পেলায়৷ ঠিক তেনেকৈ উচ্চবিত্ত বা উচ্চ মধ্যবিত্তৰ ধৰ্মৰ বাবে সময় কম৷ কোনোবা এই শ্ৰেণীৰ মানুহে ধৰ্মৰ প্ৰতি আগ্ৰহ দেখুওৱা মানেই তাত লাভালাভৰ অংক থকাৰ সম্ভাৱনা অধিক৷ ধৰ্ম নিম্ন মধ্যবিত্তৰ বাবে বিলাসৰ উপকৰণ মাত্ৰ৷

হিন্দুত্ববাদৰ প্ৰবক্তাসকলক সুধিবচোন, কিদৰে হিন্দুত্ববাদক প্ৰতিষ্ঠা কৰা সম্ভৱ হ’ব! হয়তো আপুনি বহুত ডাঙৰ ডাঙৰ, মূৰৰ ওপৰেৰে যোৱা উত্তৰ পাব, কিন্তু আপোনাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপাব৷ কিন্তু তেওঁলোকে কেতিয়াও অৰ্থনৈতিক স্বনিৰ্ভৰশীলতা হিন্দুত্ববাদৰ কিতাপখনত অন্তৰ্ভুক্ত কৰা নেদেখিব৷ দীঘল দীঘল ফোঁট লোৱা সকলে কিন্তু মুখত হিন্দুত্ববাদৰ নাম লৈয়ো খাৰুপেটীয়া অথবা কলগাছীয়াৰ মুছলমানসকলে কৰা খেতিকেই বজাৰ কৰি আনিব৷ বজাৰত মাংসৰ বেপাৰীজন, পদূলিত আমাক নমাই থৈ যোৱা ৰিক্সাৱালাজন কোন, তেওঁলোকে মন নকৰে৷ এনে হিন্দুত্ববাদৰ কিবা প্ৰয়োজন আছেনে? এনে ধৰ্মৰ প্ৰয়োজন আছেনে, যিয়ে মনুষ্যত্বক বিসৰ্জন দিয়াই মানুহক মানৱীয় অনুভূতিৰ পৰা নিলগাই ৰাখিব পাৰে?

প্ৰশ্নবোৰ কেৱল হিন্দুত্ববাদৰ ধ্বজাধাৰীসকললৈয়ে নহয়; ইছলাম, খ্ৰীষ্টান ধৰ্মৰ ধৰ্মান্ধসকললৈয়ো৷ লগতে আমি ধ্বজাৰ পিছে পিছে লৰ ধৰা মধ্যবিত্ত-নিম্ন মধ্যবিত্তসকললৈয়ো৷

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts